ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০০ পৃষ্ঠা ৮
  • আপুনি ৰাজ্যৰ বাৰ্ত্তাক নিয়মিতৰূপে ঘোষণা কৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ৰাজ্যৰ বাৰ্ত্তাক নিয়মিতৰূপে ঘোষণা কৰেনে?
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি সঠিককৈ প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিয়েনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০০ পৃষ্ঠা ৮

আপুনি ৰাজ্যৰ বাৰ্ত্তাক নিয়মিতৰূপে ঘোষণা কৰেনে?

১ ভাৰতত ১৯৯৯ চনৰ আগষ্ট মাহত ২১,২১২ জন প্ৰচাৰকে ৰিপৰ্ট দিয়ে, যি ৰিপৰ্টৰ সংখ্যা এতিয়ালৈকে পোৱা ৰিপৰ্টতকৈ অধিক আছিল। এই বৃদ্ধি হোৱা ৰিপৰ্ট দেখি আমি কিমান যে উল্লাসিত হৈছিলোঁ। সচাঁকৈ এই কাৰ্য্যৰ বাবে সকলোৱে একতাবদ্ধ আৰু দৃঢ়সঙ্কল্পৰে প্ৰচেষ্টা কৰিছিল! কিন্তু যেনেকৈ সময় অতিক্ৰম কৰিব ধৰিলে প্ৰচাৰকৰ ৰিপৰ্টৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিল। উদাহৰণস্বৰূপে, ঠিক সেই মাহৰ পাছতেই প্ৰচাৰকৰ ৰিপৰ্টৰ সংখ্যা হৈছিল ২০,০৯৫ জন। এই ৰিপৰ্টৰ দ্বাৰা এইটো জানিব পাৰি যে ১৯ জনৰ ভিতৰত এজন প্ৰচাৰকে প্ৰত্যেক মাহত প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ ব্যৰ্থ হৈছে। আমাৰ বিশ্বাস যে তলত দিয়া পৰামৰ্শসমূহে এনে অৱস্থাক ঠিক কৰিবলৈ সহায় কৰিব পাৰে।

২ বিশেষ অধিকাৰক মূল্যাঙ্কন কৰক: ৰাজ্যৰ শুভৱাৰ্ত্তাক অন্যৰ আগত প্ৰচাৰ কৰিবলৈ আমাক দিয়া বিশেষ অধিকাৰৰ বাবে গভীৰ মূল্যাঙ্কন দেখুওঁৱা আৱশ্যক। এই কাৰ্য্যই যিহোৱাৰ হৃদয়ক আনন্দিত কৰে আৰু নম্ৰ মনৰ ব্যক্তিসকলক জীৱনৰ উদ্দেশ্যৰ বিষয়ে শিকিবলৈ সহায় কৰে। (হিতো. ২৭:১১; ১ তীম. ৪:১৬) নিয়মিতৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা আমি অধিক অভিজ্ঞতা লাভ কৰিব পাৰিম আৰু তাৰ ফলস্বৰূপে আনন্দিত হৈ অধিকৈ সেই কাৰ্য্য সম্পন্ন কৰিব পাৰিম।

৩ প্ৰচাৰ ক্ষেত্ৰত ব্যয় কৰা সময়বোৰৰ ৰিপৰ্ট কৰক: কিছুমান প্ৰচাৰকে নিজৰ প্ৰচাৰ কাৰ্য্যত ব্যয় কৰা সময়বোৰৰ ৰিপৰ্ট কৰিবলৈ উপেক্ষা কৰে। আমি কৰা প্ৰচেষ্টাৰ ৰিপৰ্ট কৰাটো কেতিয়াও অযোগ্য বুলি ভাবিব নালাগে। (মাৰ্ক ১২:৪১-৪৪ তুলনা কৰক।) আমি প্ৰচাৰ কাৰ্য্যত যিমানেই সময় অতিবাহিত নকৰোঁ কিয় তাক যিকোনো প্ৰকাৰে ৰিপৰ্ট কৰাটো আৱশ্যক! যদি কেলেণ্ডাৰ ব্যৱহাৰ কৰি প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰা সময়খিনি লিখি ৰাখোঁ তেতিয়াহʼলে মাহৰ শেষত ৰিপৰ্ট দিবলৈ সহজ হʼব।

৪ যাক সহায়ৰ আৱশ্যক তেওঁক সহায় কৰক: একেৰাহে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব বিচৰা ভাই-ভনীসকলক সহায় কৰিবলৈ স্থানীয় ব্যৱস্থাক উন্নত কৰা আৱশ্যক। সেইবাবে মণ্ডলীৰ চেক্ৰেটাৰী আৰু পুস্তক অধ্যয়নৰ পৰিচালকে অনুভৱী ভাইসকলৰ যোগেদি ব্যৱস্থা কৰিব পাৰে। আপোনাৰ বাইবেল বিদ্যাৰ্থী আৰু লʼৰা-ছোৱালী অৰ্থাৎ যিসকল বাপ্তিষ্মা নোলোৱা প্ৰচাৰক, তেওঁলোকক প্ৰত্যেক মাহত প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ শিকোৱা আৱশ্যক।

৫ প্ৰহৰীদুৰ্গ অক্টোবৰ ১, ১৯৯৭ চনত দিয়া “যিহোৱাৰ সেৱাত দীঘলীয়া জীৱন অতিবাহিত কৰাৰ বাবে কৃতজ্ঞ হোৱা” জীৱনিটোৰ কথা স্মৰণ কৰক। নৰʼৱেত থকা অটেলেই মিডলেন্ডন নামৰ এগৰাকী ভনীয়ে ১৯২১ চনত বাপ্তিষ্মা লোৱাৰ পাছত শুভবাৰ্ত্তাক প্ৰথম স্থান দি নিয়মিত অগ্ৰগামীৰূপে সেৱা আৰম্ভ কৰে। ছয়সত্তৰ বছৰৰ পাছত, ৯৯ বছৰ বয়সত তাই কয়: “মই এতিয়াও এগৰাকী নিয়মিতৰূপে প্ৰচাৰ কাৰ্য্য কৰিবলৈ সম্ভৱ হোৱাৰ বাবে সুখী হৈছোঁ।” এনে মনোবৃত্তি ৰখা আৰ্হিক অনুকৰণ কৰাটো যিহোৱাৰ সেৱকসকলৰ বাবে কিমান যে অতুলনীয়!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক