আপুনি পুনৰ সাক্ষাৎ কৰিবলৈ নিশ্চিত কৰক!
১ “কিযে আনন্দদায়ক আলোচনা! সেই ব্যক্তিজনৰ সৈতে পুনৰ সাক্ষাৎ কৰিবলৈ মনত ৰখা আৱশ্যক।” আপুনি কেতিয়াবা এনেধৰণৰ কথা কৈ পাহৰি গৈছেনে, যেনে, ব্যক্তিজনৰ ঘৰ কʼত, তেওঁ কি কৰে? যদি তেনেদৰে আপোনাৰ ক্ষেত্ৰত হৈছে, তেনেহʼলে নিশ্চিতৰূপে পুনৰ সাক্ষাৎ কৰিবলৈ লিখি ৰখা আৱশ্যক।
২ ঠিকনাবোৰ সঠিকভাৱে লিখি ৰাখক: যেতিয়া এজন আগ্ৰহী ব্যক্তিৰ লগত কথা বতৰা হয় তাক পাহৰি নাযাবলৈ উপযুক্ত ঠিকনা লিখি ৰাখক যাতে আপুনি সেই ব্যক্তিজনক পুনৰ সাক্ষাৎ কৰিব পাৰে। ব্যক্তিজনৰ নাম আৰু তেওঁক আপুনি কেনেকৈ চিনাক্ত কৰিব তাক লিখি ৰাখক। কিন্তু, তেওঁৰ বিষয়ে অনুমান কৰাৰ পৰিৱৰ্ত্তে নিশ্চিত হওঁক যে আপুনি সকলোবোৰ ঠিকনা সঠিকভাৱে লিখি ৰাখে। বিশেষকৈ এই বিষবোৰৰ সম্পৰ্কে, যেনে, তেওঁৰ সৈতে কোন বিষয়ত কথা-বতৰা হৈছিল, তেওঁৰ সৈতে পঢ়া শাস্ত্ৰীয় পদবোৰ, যি আলোচনী আপুনি তেওঁক দিছে, ইত্যাদি।
৩ যদি আপুনি ব্যক্তিজনৰ ওচৰত পুনৰ সাক্ষাৎ কৰাৰ সময়ত উত্তৰৰ বাবে কোনো প্ৰশ্ন এৰি আহিছে, তাকো লিখি ৰাখক। আপুনি সেই ব্যক্তিজন, তেওঁৰ পৰিয়াল বা তেওঁৰ ধৰ্ম্মৰ বিষয়ে কিছু জ্ঞান আয়ত্ত কৰিলেনে? সেইবোৰো লিখি ৰাখক। তাৰ পাছত, যেতিয়া আপুনি পুনৰ সাক্ষাৎ কৰিব তেওঁক জনাওঁক যে আপুনি তেওঁ বা তেওঁৰ পৰিয়ালত থকা আন সদস্যসকলৰ প্ৰতিও ব্যক্তিগতৰূপে আগ্ৰহী। শেষত আপুনি তেওঁক পুনৰ সাক্ষাৎ কৰাৰ দিন আৰু সময়ৰ বিষয়ে জনাওঁক। এইদৰে ঠিকনাসমূহ ভালকৈ লিপিবদ্ধ কৰি ৰখাৰ দ্বাৰা আপুনি সঠিকৰূপে মনত ৰাখিব পাৰে আৰু পুনৰ সাক্ষাৎ কৰা কাৰ্য্যক পাহৰি যোৱাটো কম সম্ভৱনা থাকে।—১ তীম. ১:১২.
৪ আপুনি ভালকৈ লিপিবদ্ধ কৰাৰ পাছত, টোকাবহীখন প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰা বেগত ৰাখক। তাৰ উপৰিও লগত বাইবেল, ৰীজনিং কিতাপ আৰু আন আন আলোচনীবোৰো ৰাখক যাতে সহজতে আপুনি সেইবোৰ বিচাৰি পাব পাৰে। প্ৰচাৰ ক্ষেত্ৰত লগ নোপোৱা ব্যক্তিসকলৰ ঘৰৰ ঠিকনাসমূহ টোকাবহীত লিপিবদ্ধ কৰি ৰখা পৰিৱৰ্তে নট-এট-হোম ৰেকৰ্ড পত্ৰত লিখি ৰখাটো উত্তম হʼব। এই সকলোবোৰ ব্যৱস্থা কৰাৰ উপৰিও আৱশ্যকীয় কাৰ্য্য হৈছে আপুনি পুনৰ সাক্ষাৎ কৰিবলৈ নিশ্চিত কৰক!
৫ ব্যক্তিজনৰ বিষয়ে চিন্তা কৰক: প্ৰচাৰৰ বাবে নিজকে তৈয়াৰ কৰাৰ সময়ত টোকাবহীৰ পৰা পুনৰ সাক্ষাতৰ বাবে লিখি ৰখা ঠিকনাসমূহক নিৰীক্ষণ কৰক। প্ৰত্যেক ব্যক্তিৰ সৈতে কিদৰে কথা-বাৰ্ত্তা হʼলে ফলদায়ক হʼব তাক চিন্তা কৰক। ব্যক্তিজনে কিদৰে অধিক আগ্ৰহী হৈ গৃহ বাইবেল অধ্যয়ন কৰিবলৈ আগবাঢ়িব তাৰ প্ৰতি গুৰুত্ব দিয়ক। এনেধৰণৰ আচঁনিয়ে শুভবাৰ্ত্তাৰ প্ৰচাৰকৰূপে আপোনাৰ কাৰ্য্যক উন্নতি কৰিব আৰু ব্যক্তিগত আনন্দ কঢ়িয়াই আনিব।—হিতো. ২১:৫ক.
৬ এইদৰে আপুনি পুনৰ সাক্ষাৎ কৰাৰ দ্বাৰা হৃদয়েৰে শুভবাৰ্ত্তাক গ্ৰহণ কৰোঁতাসকলক বিচাৰি পাব। আপুনি কেতিয়াও নাভবিব যে পুনৰ সাক্ষাতৰ বাবে মনত ৰখাটো সহজ কথা। তাৰ পৰিবৰ্ত্তে টোকাবহীখনত লিপিবদ্ধ কৰি ৰখা ঠিকনাসমূহক নিৰীক্ষণ কৰক, ব্যক্তিজনৰ বিষয়ে চিন্তা কৰক আৰু তাৰ পাছত আপুনি পুনৰ সাক্ষাৎ কৰিবলৈ নিশ্চিত কৰক!