‘পৰ দি থকা’
১ এই জগতৰ শেষৰ বিষয়ে কোৱা গুৰুত্বপূৰ্ণ ঘটনাবোৰ বৰ্ণনা কৰাৰ পাছত যীচুৱে তেওঁৰ শিষ্যসকলক সাৱধান কৰি এইদৰে কৈছিল, “পৰ দি . . . থকা।” (মাৰ্ক ১৩:৩৩) আজিৰ সময়ত সত্য খ্ৰীষ্টানসকলেও পৰ দি থকা আৱশ্যকনে? নিশ্চয় আৱশ্যক! কিয়নো আমি মানৱ ইতিহাসৰ একেবাৰে বিপদজনক অৱস্থাত জীয়াই আছোঁ। সেইবাবে আমি কেতিয়াও আধ্যাত্মিকৰূপে টোপনি যোৱাৰ কথা বিবেচনা কৰিবই নোৱাৰোঁ। কিয়নো তেনে কৰিলে, যিহোৱাই আমাক কৰিবলৈ দিয়া কাৰ্য্যৰ প্ৰতি অৱহেলা কৰা হʼব। তেওঁ আমাক কি কাৰ্য্য কৰিবলৈ দায়িত্ব দিছে?
২ যিহোৱাই গোটেই পৃথিৱীত ঘোষণা কৰিবলৈ তেওঁৰ লোকসকলক ৰাজ্যৰ শুভবাৰ্ত্তা দিছে। একমাত্ৰ এই বাৰ্ত্তাই মানৱজাতিলৈ শান্তিৰ আশা কঢ়িয়াই আনিব। আমি সত্য খ্ৰীষ্টানৰূপে ঈশ্বৰৰ পাৰ্থিৱ সংগঠনৰ সৈতে ঘনিষ্ঠতা বজাই সময়ৰ মূল্য বুজি আনক “অনন্ত জীৱনৰ কথা” শুনাত সহায় কৰা আৱশ্যক। (যোহ. ৬:৬৮) গতিকে আহঁক আমি উৎসাহিত হৈ ঈশ্বৰৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্য্যত ভাগ লৈ আধ্যাত্মিকৰূপে পৰ দি থাকোঁহঁক।
৩ প্ৰচাৰ কাৰ্য্য কৰিবলৈ পৰিচালিত হোৱা: আমি যিহোৱাৰ সাক্ষী হোৱাৰ বাবে পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি ৰখা আৱশ্যক। ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ ব্যক্তিগতভাৱে পৰিচালিত কৰে। (১ কৰি. ৯:১৬, ১৭) এই প্ৰচাৰ কাৰ্য্যৰ যোগেদি আমি নিজকে আৰু যিসকলে আমাৰ বাৰ্ত্তা গ্ৰহণ কৰিব তেওঁলোককো পৰিত্ৰাণ কৰিব পাৰিম। (১ তীম. ৪:১৬) আহঁক আমি সকলোৱে ঈশ্বৰৰ ৰাজ্য অৰ্থাৎ এক উত্তম চৰকাৰৰ বিষয়ে ঘোষণা কৰিবলৈ প্ৰচাৰ কাৰ্য্যত নিয়মীয়াকৈ ভাগ লৈ যিমান সম্ভৱ হয় অধিক সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁহঁক!
৪ আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি থকা গুৰুত্বই আমাক এক বাস্তৱিক ঘটনালৈ পৰিচালিত কৰিব। সেই বাস্তৱিক ঘটনা হৈছে, মহা-ক্লেশ যি প্ৰচাৰ কাৰ্য্য চলি থকাৰ সময়ত আহিব। যিহেতু আমি সেই মহা-ক্লেশৰ দিন, বাৰ, সময়, আদিৰ বিষয়ে একো নাজানো, সেইবাবে আমি সকলো সময়তে পৰ দি থাকিবলৈ যিহোৱাৰ ওচৰত প্ৰাৰ্থনাপূৰ্বক ভৰসা কৰা আৱশ্যক। (ইফি. ৬:১৮) এই সকলো কথা মনত ৰাখি আমি একেৰাহে প্ৰচাৰ কাৰ্য্যত লাগি থকা উচিত। কিয়নো মানৱজাতিলৈ সাক্ষী দিয়া এই মহান কাৰ্য্য এদিন হঠাতে চৰম বিন্দুত উপনীত হʼব।
৫ গতিকে আমি সকলোৱে ‘পৰ দি থকা’ যীচুৰ এই আজ্ঞা অনুসৰি চলি থকা আৱশ্যক। কিয়নো বৰ্তমান জগতৰ অৱস্থা আগতকৈও অধিক বেয়া হৈ আহিছে। আহঁক আমি সকলো সময়তে আধ্যাত্মিকৰূপে সুবিবেচক, সতৰ্ক আৰু সক্ৰিয় হৈ যিহোৱাৰ সেৱা কৰোঁহঁক। এই হেতুকে আমি “পৰ দি চেতনে থাকোঁহঁক।”—১ থিচ. ৫:৬.