সময়ৰ গুৰুত্বতাৰ প্ৰতি সতৰ্কতা বজাই ৰাখক!
১ যীচুৱে জানিছিল যে এই পৃথিৱীত স্বৰ্গীয় পিতৃৰ কাৰ্য্য সম্পন্ন কৰিবলৈ তেওঁৰ ওচৰত কেৱল সীমিত সময় আছিল। (যোহ. ৯:৪) সেয়েহে তেওঁ সময়ৰ গুৰুত্বতাক বুজি পৰিচৰ্য্যা কাৰ্য্য বহন আৰু নিজৰ শিষ্যসকলকো একেইদৰে কৰিবলৈ প্ৰশিক্ষণ দিছিল। (লূক ৪:৪২-৪৪; ৮:১; ১০:২-৪) তেওঁ ভৌতিক আৱশ্যকতাবোৰক দ্বিতীয় স্থান দিছিল। (মথি ৮:২০) গতিকে যীচুৱে যিহোৱা ঈশ্বৰে দিয়া কাৰ্য্যক সম্পূৰ্ণ কৰিবলৈ পাৰিলে।—যোহ. ১৭:৪.
২ সীমিত সময়: “গোটেই জগততে” শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যৰ সময় সীমিত। (মথি ২৪:১৪) বাইবেলৰ ভৱিষ্যতবাণীসমূহে দেখুৱাইছে যে আমি জগতৰ একেবাৰে ধ্বংসৰ সময়ত জীয়াই আছোঁ। অতি শীঘ্ৰেই “ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।” (২ থিচ. ১:৬-৯) সেই ন্যায় বিচাৰৰ সময় হঠাতে উপস্থিত হʼব। (লূক ২১:৩৪, ৩৫; ১ থিচ. ৫:২, ৩) লোকসকলে বিপদজনক অৱস্থাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকক অৱশ্যেই সজাগ কৰা আৱশ্যক। গতিকে সময় থাকোঁতেই লোকসকলে ঈশ্বৰৰ অনুমোদন পোৱাত সহায় কৰাটো হৈছে আমাৰ কৰ্তব্য।—চফ. ২:২, ৩.
৩ যি সম্ভৱ সকলোকে কৰা: “সেই কাল চুটি কৰা” বুলি জানি ঈশ্বৰৰ উপাসকসকলে প্ৰচাৰ কাৰ্য্যক তেওঁলোকৰ জীৱনত প্ৰথম স্থান দিছে। (১ কৰি. ৭:২৯-৩১; মথি ৬:৩৩) সেয়েহে কিছুমানে আৰ্থিক অৱস্থা টনকিয়াল কৰি তুলা সুযোগ বা আন ব্যক্তিগত লক্ষ্যবোৰক ত্যাগ কৰি পৰিচৰ্য্যা কাৰ্য্যত সম্পূৰ্ণকৈ ভাগ লৈছে। (মাৰ্ক ১০:২৯, ৩০) আনসকলে বিভিন্ন পৰীক্ষাৰ সম্মুখীন হোৱাৰ স্বত্বেও “প্ৰভুৰ কাৰ্য্যত সদায় উপচি” পৰিছে। (১ কৰি. ১৫:৫৮) বহুতে বিশ্বাসত দৃঢ় হৈ একেৰাহে বছৰ বছৰ ধৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ৰাজহুৱাভাৱে প্ৰচাৰ কৰি আহিছে। (ইব্ৰী ১০:২৩) যিহোৱা ঈশ্বৰে তেওঁৰ ৰাজ্যৰ কাৰ্য্যৰ বাবে কৰা তেনে পৰিত্যাগক অধিককৈ মূল্যাঙ্কন কৰে।—ইব্ৰী ৬:১০.
৪ আমাৰ জীৱনত প্ৰচাৰ কাৰ্য্যৰ সৈতে যিহোৱাৰ উপাসনাই তেওঁৰ সেই ন্যায়-বিচাৰৰ দিনৰ বিষয়ে অধিককৈ সময়ৰ গুৰুত্বতাক বুজিবলৈ সহায় কৰে। ইয়ে আমাক চয়তানৰ জগতৰ প্ৰতি বিচলিত নহʼবলৈ ৰক্ষা আৰু পবিত্ৰ আচাৰ-ব্যৱহাৰক একেৰাহে দৃঢ়ভাৱে বজাই ৰাখিবলৈ সহায় কৰে। (২ পিত. ৩:১১-১৪) দৰাচলতে সময়ৰ গুৰুত্বতা বুজি জীৱনৰক্ষক পৰিচৰ্য্যা কাৰ্য্যক বহন কৰাৰ দ্বাৰা আমি কেৱল আমাৰ বাৰ্ত্তা শুনি পালন কৰা সকলৰেই নহয় কিন্তু নিজৰো পৰিত্ৰাণ কৰিম।—১ তীম. ৪:১৬.