আমাৰ পৰিচৰ্য্যাই কি সম্পন্ন কৰে
১ যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলক তেওঁৰ সেৱাত উল্লাসেৰে বিজয়যাত্ৰা কৰা বুলি বৰ্ণনা কৰিছে। (২ কৰি. ২:১৪-১৬) ঈশ্বৰৰ জ্ঞানৰ সৈতে অৱগত হৈ আমি আগবঢ়োৱা সেৱাত তেওঁ যেন সুগন্ধি ধূপৰ গোন্ধ লোৱাৰ দৰে সন্তুষ্টি হয়। কিছুমানে শুভবাৰ্ত্তাৰ মিঠা গোন্ধৰ প্ৰতি আকৰ্ষিত হৈছে; ইয়াৰ বিপৰীতে আনসকলে ইয়াক শুনিবলৈ অগ্ৰাহ্য কৰে। কিন্তু অধিক সংখ্যক লোকে দেখুৱা নেতিবাচক মনোবৃত্তিৰ অৰ্থ এইটো নহয় যে, আমাৰ কাৰ্য্য সফল হোৱা নাই। আমাৰ পৰিচৰ্য্যাই কি সম্পন্ন কৰিছে, সেই বিষয়ে বিবেচনা কৰক।
২ যিহোৱাক মহিমা কৰা: চয়তানে অপবাদ দি কৈছিল যে মানুহে বিনা কোনো স্বাৰ্থৰে যিহোৱাৰ উপাসনা নকৰে। (ইয়ো. ১:৯-১১) খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যই আমাক ঈশ্বৰৰ প্ৰতি আন্তৰিক ভক্তি দেখুৱাবলৈ সুবিধা প্ৰদান কৰে। বহুতো প্ৰকাশকে কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও বিস্বাসী হৈ প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা আজ্ঞাক পালন কৰিছে। তেনেদৰে বিস্বাসী হৈ ধৈৰ্য্য ধৰা দেখি যিহোৱাৰ মন আনন্দিত নহয়নে বাৰু!—হিতো. ২৭:১১.
৩ তদুপৰি যিহোৱাৰ উদ্দেশ্যক পূৰ্ণ কৰাটো আমাৰ পৰিচৰ্য্যা কাৰ্য্যই এক বিশেষ ভূমিকা আদায় কৰে। চয়তানৰ এই দুষ্ট জগতখনলৈ আহিবলগীয়া আগন্তুক ধ্বংসৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “মই যে যিহোৱা . . . তাক জাতিবিলাকে জানিব।” (যিহি. ৩৯:৭) সকলো জাতিয়ে ঈশ্বৰৰ নাম জনাটো অতি আৱশ্যক আৰু সেয়েহে তেওঁৰ উপাসকসকলে একেৰাহে তেওঁৰ নাম আৰু উদ্দেশ্যৰ বিষয়ে “সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত প্ৰচাৰ” কৰিছে।—প্ৰকা. ১৪:৬, ৭.
৪ ন্যায়-বিচাৰৰ আধাৰ: শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যই ন্যায়-বিচাৰৰ আধাৰ হিচাপেও কাৰ্য্য কৰে। পাঁচনি পৌলে বৰ্ণনা কৰি কৈছিল যে, ‘ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰক’ যীচুৱে প্ৰতিকাৰ সাধিব। (২ থিচ. ১:৬-৭) লোকসকলে শুভবাৰ্ত্তাৰ প্ৰতি কি ধৰণে প্ৰতিক্ৰিয়া দেখুৱাইছে, তাৰ আধাৰিত কৰি তেওঁবিলাকক ন্যায় কৰা হʼব। গতিকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো তেওঁৰ উপাসকসকলৰ বাবে এক গুৰুত্বৰ দায়িত্ব নহয়নে বাৰু! আমি লোকসকলৰ ৰক্তপাতৰ দায়ী নহʼবলৈ একেৰাহে ঈশ্বৰৰ ৰাজ্যৰ জীৱন-ৰক্ষক বাৰ্ত্তা প্ৰচাৰ কৰা উচিত।—পাঁচ. ২০:২৬, ২৭.
৫ আমাৰ চুবুৰীয়াসকলক ঈশ্বৰৰ অনুমোদন পাবলৈ একেৰাহে সহায় কৰাটো হৈছে যিহোৱা ঈশ্বৰৰ এক দয়াৰ অভিব্যক্তি। (১ তীম. ২:৩, ৪) লোকসকলত হোৱা পৰিৱৰ্তনৰ বিষয়ে জানি আমি সময় থাকোঁতেই তেওঁলোকৰ ওচৰলৈ বাৰে বাৰে গৈ যিহোৱাক বিচাৰিবলৈ আগ্ৰহ কৰা আৱশ্যক। এনেদৰে কৰাৰ দ্বাৰা আমি “বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত” হোৱাসকললৈ ‘ঈশ্বৰ যে দয়ালু চিত্তৰ,’ সেই বিষয়ে প্ৰকাশ কৰোঁ।—২ পিত. ৩:৯; লূক ১:৭৮.
৬ নিজে লাভৱান হোৱা: যিহোৱাৰ কাৰ্য্যত ব্যস্ত থকাৰ দ্বাৰা আমি নিৰাপত্তা লাভ কৰোঁ। কিয়নো ইয়ে আমাক “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা” কৰি এই দুষ্ট ৰীতি-ব্যৱস্থাত নিজকে দুষিত কৰাৰ পৰা ৰক্ষা কৰে। (২ পিত. ৩:১১-১৪; তীত ২:১১, ১২) এতেকে আঁহক আমি খ্ৰীষ্টান পৰিচৰ্য্যাত কৰা আমাৰ পৰিশ্ৰম অথলে নাযায় বুলি জানি, “থিৰ আৰু অলৰ হৈ, প্ৰভুৰ কাৰ্য্যত সদায় উপচি” পৰোঁহঁক।—১ কৰি. ১৫:৫৮.
[Study Questions]
১. যিহোৱা ঈশ্বৰে আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি কেনে দৃষ্টি কৰে আৰু ইয়াৰ প্ৰতি মানৱে কেনে মনোবৃত্তি প্ৰকাশ কৰিছে?
২. আমাৰ পৰিচৰ্য্যা কাৰ্য্যই আমাক কি কৰিবলৈ সুযোগ প্ৰদান কৰে?
৩. আমি ঈশ্বৰৰ নাম আৰু উদ্দেশ্যৰ বিষয়ে একেৰাহে ঘোষণা কৰাটো কিয় আৱশ্যক?
৪. প্ৰচাৰ কাৰ্য্য কেনেকৈ ন্যায়-বিচাৰৰ আধাৰ?
৫. ঈশ্বৰ যে দয়ালু, সেই বিষয়ে আমাৰ পৰিচৰ্য্যা কাৰ্য্যত কেনেকৈ প্ৰকাশ পায়?
৬. যিহোৱাৰ সেৱাত ব্যস্ত থাকি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?