যেনেকৈ শেষ ওচৰ চাপিছেহি সাক্ষী দিয়া কাৰ্য্য প্ৰবল হৈ উঠিছে
১ শস্যচপোৱা কাল হৈছে এটা আনন্দদায়ক সময়। ইয়াত কঠোৰ পৰিশ্ৰম কৰাও আৱশ্যক। শস্য চপাবলৈ মাত্ৰ এটা সীমিত সময় আছে। কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মস্থলত অবাবতে সময় নষ্ট নকৰে।
২ লাক্ষণিকভাৱে কওঁতে, যীচুৱে “এই ৰীতি-ব্যৱস্থাৰ শেষক” শস্যচপোৱা সময়ৰ সৈতে তুলনা কৰিছিল। (মথি ১৩:৩৯, NW) আমি এই ৰীতি-ব্যৱস্থা শেষত জীয়াই আছোঁ আৰু “গোটেই জগততে ঘোষণা” কৰিবলৈ এটা সীমিত সময়হে বাকী আছে। (মথি ২৪:১৪) যেনেকৈ শেষ-সময় ওচৰ চাপি আহিছেহি, আমি এই পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাত প্ৰবল হোৱা আৱশ্যক। কিয়? যীচুৱে বৰ্ণনা কৰিছিল: “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।”—মথি ৯:৩৭, ৩৮; ৰোম. ১২:১১.
৩ ইয়াৰ আৱশ্যকতা বুজি অতি শীঘ্ৰে কৰা: যেতিয়া যীচুৱে তেওঁৰ মহান প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিছিল, ইয়াক সম্পন্ন কৰিবলৈ তেওঁৰ ওচৰত মাত্ৰ চাৰে তিনি বছৰ আছিল যিটো কৰিবলৈ তেওঁক নিযুক্ত কৰা হৈছিল। তেওঁ ইয়াৰ আৱশ্যকতা বুজি প্ৰচাৰ কৰিছিল, তেওঁ কৈছিল: “মই . . . ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে; কিয়নো সেই নিমিত্তে মোক পঠোৱা হল।”—লূক ৪:৪৩.
৪ যীচুয়ে সেই একেদৰে তেওঁৰ শিষ্যসকলক আৱশ্যকতাৰ মূল্যক বুজাই দিছিল। (মাৰ্ক ১৩:৩২-৩৭) সেইবাবে “তেওঁলোকে নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট্ বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।” (পাঁচ. ৫:৪২) তেওঁলোকে কম গুৰুত্ব থকা কাৰ্য্যবোৰক নিজৰ জীৱনত শ্ৰেষ্ঠতা দিয়া নাছিল। যদিও তেওঁলোক সংখ্যাত তাকৰ আছিল, তেওঁলোক “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত” প্ৰচাৰ কৰিবলৈ সফল হৈছিল।—কল. ১:২৩.
৫ যেনেকৈ “সকলোৰে শেষ ওচৰ চাপিছে,” সেই একেদৰে আৱশ্যকতা বুজি কাৰ্য্য কৰা ইচ্ছাক জাগৃত কৰিবলৈ আমাৰ ওচৰত তাতকৈ ডাঙৰ কাৰণ আছে। (১ পিত. ৪:৭) যিহোৱাই এই ৰীতি-ব্যৱস্থাৰ শেষৰ বাবে এটা দিন আৰু ঘন্টা নিৰ্দ্দিষ্ট কৰি ৰাখিছে। (মথি ২৪:৩৬) ভৱিষ্যতবাণী কৰা হৈছিল যে সেই সময়ত প্ৰচাৰৰ কাৰ্য্য শেষ হব যিটো এতিয়াও চলি আছে। সেইবাবে আমি অধিক লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আমাৰ চেষ্টাক উন্নত কৰা উচিত।
৬ যিদৰে শেষ ওচৰ চাপিছেহি আমি সাক্ষী দিয়া কাৰ্য্যত ভাগ লোৱাত প্ৰবল হোৱাৰ দ্বাৰা আমি যিহোৱাক সন্তুষ্টিৰে কম, যেনেকৈ যীচুৱে কৈছিল: ‘আপুনি আমাক যি কাৰ্য্য দিছিল, আমি তাক সিদ্ধ কৰিলোঁ।’—যোহ. ১৭:৪.