ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/৯৯ পৃষ্ঠা ১
  • উৎসাহেৰে শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উৎসাহেৰে শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰচাৰ কৰি সম্পূৰ্ণকৈ সাক্ষী দিয়া
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/৯৯ পৃষ্ঠা ১

উৎসাহেৰে শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰক

১ পাঁচনি পৌলে ৰোমত থকা ভাইসকললৈ পত্ৰ লিখোতে নিজৰ বিষয়ে এইদৰে প্ৰকাশ কৰিছিল: “মই তোমালোকক চাবলৈ বৰ ইচ্ছা কৰিছোঁ। . . . তোমালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।” পৌলে তেওঁলোকক লগ ধৰিবলৈ কিয় ইমান উৎসুক আছিল? তেওঁ কৈছিল: “তোমালোকৰ মাজতো তেনেকৈ কোনো ফল পাবৰ আশায়েৰে, . . . কিয়নো শুভবাৰ্ত্তাত মই লাজ নাপাওঁ; কাৰণ প্ৰথমে যিহূদী, পাছে গ্ৰীক লোকলৈ, বিশ্বাস কৰা প্ৰত্যেক জনলৈ, সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।”​—⁠ৰোম. ১:​১১-১৬.

২ ইফিচীয়াত থকা বৃদ্ধ লোকৰ সৈতে কথা-বতৰা হওঁতে পৌলে সেই একেদৰে উৎসাহ প্ৰকাশ কৰিছিল। তেওঁ তেওঁলোকক স্মৰণ কৰাই দিছিল: “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা তোমালোকৰ লগত সকলো সময়ত থাকি, . . . ঘৰে ঘৰে তোমালোকক উপদেশ দিবলৈ পাছ নুহুঁহকিলোঁ, . . . বিশ্বাস কৰাৰ বিষয়ে যিহূদী আৰু গ্ৰীকবিলাকৰ আগত সাক্ষ্য দিলোঁ।” (পাঁচ. ২০:​১৮-২১) তেওঁ নিযুক্তি থকা সকলোবোৰ কাৰ্য্য ক্ষেত্ৰত, পৌলে উদ্ধাৰৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ উদ্যোগী হৈছিল আৰু ৰাজ্যৰ ফল প্ৰাপ্ত কৰিছিল। অনুকৰণ কৰিবলৈ কিযে এক উত্তম আত্মা!

৩ আমি নিজকে সুধিব পাৰোঁ: ‘মোৰ সমাজত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ মই সেই একেদৰে উৎসাহ দেখুৱাওঁ নে? প্ৰচাৰ কাৰ্য্যক মাত্ৰ এটা কৰ্তব্য বুলি দৃষ্টি নকৰি তাৰ পৰিবৰ্তে, যিমান সম্ভৱ সিমান লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ উৎসাহী নে? মই কেতিয়াবা মোৰ ব্যক্তিগত পৰিস্থিতিবোৰৰ সম্পৰ্কে প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰিছো নে? আমাৰ প্ৰচাৰ ক্ষেত্ৰ, যেনে ঘৰে ঘৰে, ৰাস্তাত, বেহা-বেপাৰ ঠাইবোৰত, টেলিফোনৰ দ্বাৰা আৰু অনিয়মিয়াকৈ কৰা প্ৰচাৰ কাৰ্য্যত থকা এই সকলোবোৰ সম্ভৱনাক মই সাৱধানৰে বিবেচনা কৰিছোঁনে?’

৪ এপ্ৰিল মাহত উৎসাহেৰে অংশ গ্ৰহণ কৰক: প্ৰচাৰ কাৰ্য্যত আমি ব্যক্তিগতভাৱে অংশ গ্ৰহণ কৰিবলৈ এপ্ৰিল মাহত উত্তম সময় আছে। প্ৰয়োজনীয় ঘন্টাক হ্ৰাস কৰাৰ বাবে বেছিভাগ লোকে সহযোগী অগ্ৰগামী কৰিবলৈ চেষ্টা কৰা উচিত। হয়তো আপোনাৰ পৰিস্থিতিয়ে আপোনাক এপ্ৰিল আৰু মে’ মাহত এজন সহযোগী অগ্ৰগামী হিচাবে সেৱা কৰিবলৈ অনুমতি দিব। বা প্ৰয়োজনীয় ঘন্টাৰ আৱশ্যকীয় কথা মনত ৰাখি হয়তো আপুনি এজন নিয়মিত অগ্ৰগামী হিচাবে নাম ভৰ্ত্তি কৰিব পাৰে। যদি আপুনি এজন মণ্ডলীৰ প্ৰচাৰক, তেনেহʼলে যিসকল অগ্ৰগামী হবলৈ সক্ষম হৈছে তেওঁলোকক সহায় কৰিবলৈ, এই মাহত আৰু অহা মাহত পৰিচৰ্য্যাত আপুনি আন সময়তকৈ অধিকৈ সময় অতিবাহিত কৰিবনে? ইয়াৰ দ্বাৰা যিহোৱাৰ হৃদয় আনন্দিত হব!

৫ সকলো ৰাজ্যৰ প্ৰচাৰকসকলে, পৌলৰ দৰে প্ৰচাৰ কাৰ্য্যত সকলোকে প্ৰচাৰ কৰিবলৈ একেৰাহে উৎসাহ প্ৰকাশ কৰা উচিত। পৰিচৰ্য্যাত এই সকলোবোৰ কৰাৰ দ্বাৰা আমি নিজলৈ প্ৰকৃত আনন্দ কঢ়িয়াই আনিব পাৰোঁ। পৌলে তেওঁৰ পবিত্ৰ সেৱাত সেই আনন্দ প্ৰাপ্ত কৰিছিল। তেওঁৰ উত্তম উদাহৰণক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁহঁক।​—⁠ৰোম. ১১:১৩; ১ কৰি. ৪:⁠১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক