‘বাক্য ঘোষণা কৰিবলৈ . . . উৎসাহী হোৱা।’
১ যদি আপোনাক বহুত জৰুৰী আৰু গুৰুত্বপূৰ্ণ কাম দিয়া হয় তেনেহʼলে তাক আপুনি কিদৰে কৰিব? আপুনি সম্পূৰ্ণ উৎসাহ আৰু শীঘ্ৰেই তাক নকৰিবনে? পৌলে কৈছে ‘বাক্য ঘোষণা কৰিবলৈ . . . উৎসাহী হোৱা।’ (২ তীম. ৪:১, ২) যিহেতু ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাটো অতি জৰুৰী আৰু গুৰুত্বপূৰ্ণ কাৰ্য্য, সেইকাৰণে আমি ইয়াক উৎসাহেৰে আৰু কোনো পলম নকৰাকৈ কৰিবলৈ প্ৰস্তুত নহমনে?
২ পৌলে হয়তো জানিব পাইছিল যে কিছুমান খ্ৰীষ্টান ভাইসকলে প্ৰচাৰ কাৰ্য্যত “এলেহুৱা” হৈ পৰিছে। (ৰোমী. ১২:১১) ফলস্বৰূপে প্ৰচাৰ কাৰ্য্যত কোনো উন্নতি হোৱা নাছিল আৰু তেওঁলোকে আনন্দ লাভ কৰিব পৰা নাছিল।
৩ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি যীচুৰ দৃষ্টিভঙ্গী: যীচুৱে প্ৰচাৰ কাৰ্য্যত কিযে আনন্দ লাভ কৰিছিল! তেওঁ কৈছিল: “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।” তেওঁৰ এই উত্তম উদাহৰণে শিষ্যসকলক প্ৰভাৱিত কৰিছিল। এই কাৰ্য্য যে কিমান জৰুৰী আৰু গুৰুত্বপূৰ্ণ আছিল তাক বুজিবলৈ তেওঁ তেওঁলোকক কৈছিল “পথাৰলৈ চোৱা, এতিয়াও দাবলৈ বগা হৈছে।” (যোহ. ৪:৩৪, ৩৫) তেওঁ সকলো সময়তে প্ৰচাৰ কাৰ্য্যক অধিক গুৰুত্ব আৰু প্ৰধান্য দিছিল। ইয়াৰ প্ৰমাণস্বৰূপে যেতিয়া তেওঁ নিজৰ শিষ্যসকলক কৈছিল “এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।” (মথি ৯:৩৮) যীচুৱে প্ৰচাৰ কৰা নিজ দায়ীত্বক সম্পূৰ্ণৰূপে পূৰ্ণ কৰিবলৈ কোনো বিষয়কে বাধা হʼবলৈ নিদিলে।
৪ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আমাৰ দৃষ্টিভঙ্গী কি? আজিৰ সময়ত প্ৰচাৰ কাৰ্য্য আগতকৈ অধিক জৰুৰী আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে। পৃথিৱীৰ বহুতো দেশত শস্যবোৰ পকিছে আৰু দাবলৈ সময় হʼল। যদিও কিছুমান দেশত সম্পূৰ্ণৰূপে প্ৰচাৰ কাৰ্য্য পূৰ্ণ হোৱা যেন লাগিছে তথাপিও তেনেবোৰ দেশত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লোকে বাপ্তিস্মা লৈছে। এতিয়া এই দুষ্ট জগতখনৰ শেষ একেবাৰে ওচৰ পালেহি, সেইকাৰণে “প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰা” আৱশ্যক। (১ কৰি. ১৫:৫৮) বৰ্তমান সময়ত আনক ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পৰিশ্ৰম কৰাটো আগতকৈও অধিক জৰুৰী হৈ পৰিছে।
৫ সেইবাবে আহঁক আমি ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ ওপৰিও যʼতে লোকসকলক লগ পাওঁ সেই সকলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰাত সম্পূৰ্ণ উৎসাহেৰে লাগি থাকোঁ হওঁক। পৰাপক্ষত যদি আমি প্ৰচাৰ কাৰ্য্যত লাগি থাকোঁ তেনেহʼলে আমাৰ কাৰ্য্যই এইটো প্ৰকাশ কৰিব যে আমি নিজৰ জীৱনত যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিছোঁ। (মথি ৬:৩৩) সময়ৰ মূল্য বুজি যদি আমি নিজৰ দায়ীত্বক বিশ্বাসেৰে পূৰ্ণ কৰোঁ তেনেহʼলে আমি আনন্দ লাভ কৰিম আৰু ইয়াৰ বাবে প্ৰতিফলো পাম।