আপুনি এজন মুছলমান ব্যক্তিৰ সৈতে কেনেদৰে কথা-বতৰা হʼব?
১ আপুনি কোনো মুছলমান ব্যক্তিক শুভবাৰ্ত্তা প্ৰচাৰ কৰিছেনে? যদি কৰিছে তেনেহʼলে নিশ্চয় আপুনি জানে যে মুছলমানসকল ঈশ্বৰৰ প্ৰতি আগ্ৰহী। কিন্তু পৃথিৱীত আহিবলগীয়া সেই পৰমদেশৰ (ফিৰদৌচৰ) বিষয়ে তেওঁলোকে নাজানে যাৰ সম্বন্ধে যিহোৱাৰ ভৱিষ্যতবক্তাই কৈছিল। সেইবাবে আমি তেওঁলোকক এই বিষয়ে কওঁ আৰু আশা প্ৰদান কৰোঁ। (১ তীম. ২:৩, ৪) তলত দিয়া বিৱৰণিয়ে আপোনাক মুছলমানসকলক উত্তমৰূপে সাক্ষী দিবলৈ সহায় কৰিব।
২ মুছলমানসকলে ঈশ্বৰক আল্লা বুলি কয় আৰু এইটোও বিশ্বাস কৰে যে মহম্মদ ঈশ্বৰৰ ভৱিষ্যতবক্তা (নবী) হয়। তেওঁলোকৰ পৱিত্ৰ গ্ৰন্থ হৈছে কোৰাণ আৰু তেওঁলোকৰ ধৰ্ম্মক ইছলাম ধৰ্ম্ম বুলি কোৱা হয়। ইছলাম শব্দৰ অৰ্থ হৈছে “আজ্ঞাধীন।” কোৰাণৰ মতে মিছা কোৱা আৰু মূৰ্ত্তিপূজা (বুটপৰস্তিচ) কৰাটো ভূল। কোৰাণত এইটোও কোৱা আছে যে ঈশ্বৰ এজনা, তেওঁ কোনো ত্ৰিমূৰ্ত্তি নহয়। ইয়াত বৰ্ণনা কৰিছে যে মানুহৰ এক অমৰত্ব আত্মা (নাফানি ৰূহ) আছে। কোৰাণত নৰক (দোজখ) আৰু স্বৰ্গীয় পৰমদেশৰ (জন্নত/বেহেষ্ট) সম্পৰ্কেও উল্লেখ কৰিছে। মুছলমানসকলে বাইবেলক (কিতাবুল মোকদ্দস) ঈশ্বৰৰ বাক্য (আল্লাৰ কালাম) বুলি স্বীকাৰ কৰে কিন্তু তেওঁলোকে ভাৱে যে ইয়াত সাল-সলনি কৰা হৈছে। কিন্তু তেওঁলোকে বিশ্বাস কৰে যে কোৰাণত কোনো সাল-সালনি কৰা হোৱা নাই, ইয়াক এতিয়াও মূল ভাষাত পোৱা যায়।
৩ ভাৱি-চিন্তি, প্ৰেম আৰু মৃদুভাৱে কথা-বতৰা হওঁক: আপুনি যেতিয়া কোনো মুছলমান ব্যক্তিক লগ কৰে তেতিয়া ভাৱি-চিন্তি, প্ৰেম আৰু মৃদুভাৱে কথা-বতৰা হওঁক। (হিতো. ২৫:১৫) তেনে কৰোঁতে আমি এই কথা মনত ৰখা উচিত যে মুছলমানসকলে সৰুৰে পৰাই তেওঁলোকৰ ধৰ্ম্ম শিক্ষা মুখস্ত কৰি শিকে। সেই শিক্ষাই তেওঁলোকত দৃঢ়ভাৱে শিপা ধৰি আছে। সেইকাৰণে তেওঁলোকে কেতিয়াও তেওঁলোকৰ ধৰ্ম্মক পৰিক্ষা কৰি চাবলৈ আৰু বুজি পাবলৈ নিশিকিলে। (ৰোমী. ১২:২) মুছলমান ধৰ্ম্মৰ ব্যক্তিসকলক সাক্ষী দিবলৈ আমাক বুজা-পৰা আৰু ধৈৰ্য্য ধৰাৰ দৰকাৰ।—১ কৰি. ৯:১৯-২৩.
৪ আমি তেনে কোনো কথা কʼব নালাগে যাৰ বাবে মুছলমানসকলে আমাক খ্ৰীষ্টীয়জগতৰ ব্যক্তি বুলি ভাৱিব পাৰে। তেওঁলোকক স্পষ্টকৈ বুজাই দিয়ক যে আপুনি কেথলিক বা প্ৰটেষ্টান্ট ফালৰ পৰা অহা নাই আৰু আপুনি তেওঁলোকৰ পৰা সম্পূৰ্ণ বেলেগ। যেতিয়াই আপুনি বাইবেলৰ বিষয়ে কয় তেতিয়া সদায় বাইবেলক ঈশ্বৰৰ বাক্য বুলি কওঁক। যেতিয়া যীচুৰ বিষয়ে কয় তেওঁক এজন নবী (ভৱিষ্যতবক্তা) বা পেগাম্বৰ (বাৰ্ত্তাবাহক) বুলি কওঁক। কেতিয়াও তেওঁক “ঈশ্বৰৰ পুত্ৰ” বুলি নোকোৱাটোৱে ভাল হʼব, কিয়নো তেওঁলোকে আল্লাৰ কোনো পুত্ৰ হʼব নোৱাৰে বুলি বিশ্বাস কৰে। আমি এই বিষয়ে তেওঁলোকৰ সৈতে তেতিয়াহে আলোচনা কৰিব পাৰোঁ যেতিয়া তেওঁলোকে আধ্যাত্মিকত উন্নতি কৰিব। তৰ্ক-বিতৰ্কৰ পৰা আতঁৰি থাকক। যদি আপুনি দেখিছে যে ব্যক্তিজনে বিৰক্ত হৈছে তেতিয়া শান্তভাৱে সেই ঠাইৰ পৰা গুচি অহাটোৱে ভাল হʼব।
৫ মুছলমানসকলৰ সৈতে সমূহীয়াকৈ কথা-বতৰা নাপাতি এজন ব্যক্তিৰ সৈতে কথা-বতৰা পাতিলে ভাল হʼব। যদি ভনীসকলে মুছলমান মহিলাৰ সৈতে আৰু ভাইসকলে মুছলমান পুৰুষৰ সৈতে কথা-বতৰা পাতে তেতিয়াও ভাল হʼব। যদিও সদায়ে তেনে কৰাটো প্ৰয়োজন নাই তথাপিও তেনে ক্ষেত্ৰত আমি সাৱধান হোৱা আৱশ্যক। বহুতো মুছলমানে মহিলাসকলে পিন্ধা চুটি স্কাৰ্ট-ব্লাউজ বা তেনে ধৰণৰ সাজ-পোছাকক পছন্দ নকৰে। সেইবাবে ভনীসকলে এই বিষয়ে মনত ৰখা ভাল হʼব।—১ কৰি. ১০:৩১-৩৩.
৬ আলোচনা কৰিবলগীয়া বিষয়বিলাক: ঈশ্বৰৰ মহানতা আৰু তেওঁৰ প্ৰেমৰ বিষয়ে কওঁক। তেওঁক কওঁক যে আপুনিও আল্লাত (ঈশ্বৰ) ঈমান (বিশ্বাস) ৰাখে আৰু আপুনিও বিশ্বাস কৰে যে মূৰ্ত্তি পূজা কৰাটো ভূল আৰু আল্লা এজনা তেওঁ কোনো ত্ৰিমূৰ্ত্তিৰ ভাগ নহয়। আজিৰ সময়ত হোৱা দূষ্ট পৰিস্থিতিৰ বিষয়ে কথা-বতৰা হʼব পাৰে, যেনে যুদ্ধ, সমাজিক বেমেজালি, জাতিগত ঘৃণা, আৰু বহুতো ধৰ্ম্মত পোৱা কপটাচৰণ।
৭ আল্লাৰ হিদায়তেই হৈছে—আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা, এই ব্ৰচাৰখনত এনে বহুতো বিষয় দিয়া আছে যাৰ দ্বাৰা আপুনি মুছলমানসকলৰ সৈতে আলোচনা কৰিব পাৰে। এই ব্ৰচাৰখন সেই সকলৰ বাবে বিষেশকৈ প্ৰস্তুত কৰা হৈছে যিসকলে বাইবেল অধ্যয়ন কৰিবলৈ বিচাৰে আৰু তেওঁলোকৰ সমাজৰ পৰা কোনো বাধা নাথাকে।
৮ উপস্থাপন কৰোঁতে আপুনি এইদৰে কʼব পাৰে:
▪ “মই আজি মুছলমানসকলৰ সৈতে কথা-বতৰা হৈছোঁ। মই আপোনাৰ মজহবৰ (ধৰ্ম্মৰ) বিষয়ে অধ্যয়ন কৰি জানিব পাৰিছোঁ যে মুছলমানসকলে মাথোন এজন সত্য আল্লা আছে বুলি স্বীকাৰ কৰে আৰু সকলো পেগাম্বৰত ঈমান ৰাখে। এইটো সচাঁনে? [উত্তৰৰ বাবে ৰওঁক।] মই আপোনাক প্ৰাচীন সময়ত কৰা এক ভৱিষ্যতবাণী বিষয়ে কিছু কবলৈ বিচাৰিছোঁ যʼত কোৱা হৈছে যে এই দুনিয়াখন বেহেষ্টলৈ (ফিৰদৌচ) সলনি হʼব। সেই পেগাম্বৰজনে কি লিখিছিল তাৰ বিষয়ে পঢ়ি শুনাব পাৰোঁনে? [যিচয়া ১১:৬-৯ পদ পঢ়ক।] এই ভৱিষ্যতবাণীয়ে, মোক কোৰাণত দিয়া এটা পদৰ বিষয়ে মনত পেলায়। আল্লাৰ হিদায়তেই ব্ৰচাৰখনৰ ৯ পৃষ্ঠা খোলক আৰু ডাঠ আখৰত ছপা কৰা পদটো পঢ়ক, যʼত কোৱা হৈছে, নেক বান্দা, দুনিয়াৰ ৱাৰিচ হʼব। যদি ব্যক্তিজনে আগ্ৰহী হয় তেনেহʼলে তাৰ বিপৰীত পৃষ্ঠাত থকা অনুচ্ছেদ ৭-৯ লৈ আলোচনা কৰক। সেই ব্ৰচাৰখন তেওঁক দিয়ক আৰু পুনৰ সাক্ষ্যাতৰ বাবে ব্যৱস্থা কৰক। আন উপস্থাপন বাবে ফেব্ৰুৱাৰী ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, পৃষ্ঠা ৬, অনুচ্ছেদ ২৩ চাওঁক।
৯ যেতিয়া কোনো এজনৰ সৈতে আল্লাৰ হিদায়তেই ব্ৰচাৰখনৰ পৰা আলোচনা কৰে সেই সময়ত ইয়াক বাইবেল অধ্যয়ন বুলি উল্লেখ নকৰি আলোচনা বুলি কোৱাটো ভাল হʼব। যেতিয়া ব্যক্তিজনৰ সৈতে ব্ৰচাৰখনৰ অধ্যয়ন শেষ হʼব, তাৰ পাছত বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপ পৰা অধ্যয়ন আৰম্ভ কৰিব পাৰে। মুছলমানসকলৰ বাবে ফিৰদৌচৰ ৰাস্তা কেনেকৈ তালাচ কৰিব ট্ৰেক্ট আৰু এয়াই সময় হৈছে ঈশ্বৰলৈ প্ৰকৃতৰূপে আজ্ঞাধীন (ইংৰাজী), পুস্তিকাখন বিশেষভাৱে তৈয়াৰ কৰা হৈছে।
১০ আমি মুছলমানসকলৰ বিশ্বাস আৰু তেওঁলোকে পছন্দ নকৰা বিষয়বিলাকৰ জ্ঞান লব পাৰোঁ। সেই জ্ঞানে আমাক তেওঁলোকৰ সৈতে কিদৰে কথা-বতৰা হʼব লাগে আৰু কেনেধৰণৰ আলোচনী দিব লাগে সেই বিষয়ে সহায় কৰিব। সেইদৰে আমি তেওঁলোকক ভাল সাক্ষী দিব পাৰোঁ। আৰু এনে কৰাৰ দ্বাৰা আমি সকলো লোকক, যিহোৱাৰ নাম জানি পৰিত্ৰাণ পাবলৈ সহায় কৰিব পাৰোঁ আৰু যিহোৱাই নিশ্চয় আমাক আশীৰ্ব্বাদ কৰিব।—পাঁচ. ২:২১.