ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০০ পৃষ্ঠা ৭
  • প্ৰতিদিনে যিহোৱাৰ বাক্যক বিবেচনা কৰক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰতিদিনে যিহোৱাৰ বাক্যক বিবেচনা কৰক!
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • দৈনিক পাঠৰ পৰিয়াল তালিকা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সমস্যাৰ সত্ত্বেও আমি যিহোৱাৰ সহায়ত আনন্দত থাকিব পাৰোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপখনৰপৰা আপুনি উপকৃত হৈছে নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • যিহোৱাই আমাক চাই থাকে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০০ পৃষ্ঠা ৭

প্ৰতিদিনে যিহোৱাৰ বাক্যক বিবেচনা কৰক!

১ প্ৰত্যেক দিনা আপুনি নিজৰ বিশ্বাসৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। উদাহৰণস্বৰূপে, সত্যত নথকা এজন ব্যক্তিয়ে যিজনে আপোনাক ভাল পাই তেওঁৰ সৈতে সময় ব্যয় কৰিবলৈ আপোনাক জোৰ দিয়ে বা শিক্ষকে হয়তো আপুনি উচ্চ শিক্ষা লাভ কৰি ভাল চাকৰিৰ দ্বাৰা অধিক টকা গোটাবলৈ হেচাঁ দিয়ে নাইবা আপোনাৰ মেনেজাৰে অতিৰিক্ত সময়লৈকে কাম কৰিবলৈ কয় অথবা আপোনাৰ কোনো ডাঙৰ বেমাৰ হৈছে। যদিও আপুনি যিকোনো সময়ত এনেধৰণৰ পৰিক্ষাবোৰৰ সন্মূখীন হৈছে, আপুনি অকলশৰীয়া নহয়। কিয়নো এনেবোৰ হেচাঁৰ সৈতে যুজ কৰিবৰ বাবে আপোনাক বিবেচক বুদ্ধি দিবলৈ যিহোৱাই সকলো সময়তে প্ৰস্তুত থাকে। ইয়াৰে এটা সাধন হৈছে প্ৰতিদিনে শাস্ত্ৰপদক পৰিক্ষা কৰা এই পুস্তিকাত দিয়া বাইবেলৰ পদসমূহ বিবেচনা কৰক আৰু তাৰ ওপৰত মন্তব্য দিয়ক, যাৰ দ্বাৰাই নিয়মিতৰূপে আপুনি ঈশ্বৰৰ বাক্যৰ জ্ঞান আহৰণ কৰিব পাৰে। আপুনি প্ৰতিদিনে শাস্ত্ৰপদক বিবেচনা কৰাৰ সুযোগ গ্ৰহণ কৰিছেনে?

২ সহায় পাব পৰা পথসমূহ: যিচয়া ৩০:২০ পদত কৈছে যে যিহোৱা এজন ‘মহান শিক্ষক’ আৰু সেইবাবে আমি তেওঁৰ পৰা সহায় বিচাৰিব পাৰোঁ। আপোনাৰ বিশ্বাসৰ বাবে সন্মুখীন হʼবলগীয়া সমস্যাবোৰক কিদৰে সমাধান কৰিব লাগে, সেই অনুসৰি যিহোৱাই আপোনাক সহায় কৰে। কেনেকৈ কৰে? কিয়নো যিচয়া ৩০:২১ পদত বৰ্ণনা কৰিছে: “তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এয়ে পথ, এয়েদি চলা।” বৰ্তমান সময়তো যিহোৱাই সেই সহায় নিজৰ বাক্য, বাইবেল আৰু “বিশ্বাসী দাসে” প্ৰৱন্ধ কৰা সাহিত্যবোৰৰ যোগেদি দিছে। (মথি ২৪:৪৫) প্ৰহৰীদূৰ্গ-ৰ বিষয়বোৰত বহুতো উত্তম বুদ্ধিৰ সম্পদ দিয়া আছে যʼত খ্ৰীষ্টান জীৱনৰ দিশবোৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। প্ৰতিদিনে শাস্ত্ৰপদক পৰিক্ষা কৰা পুস্তিকাত উল্লেখ থকা বিষয়বোৰ পুনৰ আলোচনা কৰাৰ দ্বাৰাই আপোনাক নিজৰ জ্ঞান বৃদ্ধি কৰিবলৈ সহায় কৰিব। সেই জ্ঞানৰ যোগেদি আপোনালৈ অহা সকলোবোৰ পৰিক্ষাত সন্মূখীন হʼব পাৰিব।—যিচ. ৪৮:১৭.

৩ ইয়াৰ বাবে সময় উলিয়াওঁক: যদিও এগৰাকী মাতৃয়ে প্ৰত্যেক ৰাতিপুৱা এক ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিছিল, তথাপিও তেওঁ নিজৰ পুত্ৰৰ সৈতে ৰাতিপূৱা জলপান কৰাৰ সময়ত অন্ততঃ এটা শাস্ত্ৰপদ বিবেচনা কৰি মন্তব্য দিবলৈ সময় ওলিয়াইছিল। সেইবাবে তেওঁৰ পুতেকে স্কুল যোৱাৰ পূৰ্ব্বেই আলোচনা হোৱা শাস্ত্ৰপদ আৰু প্ৰাৰ্থনাত কোৱা সকলোবোৰ কথা মনত ৰাখিছিল। এইবোৰে তেওঁক ক্লাচৰ ছোৱালীবিলাকৰ পৰা অহা অনৈতিক হেচাঁবোৰক প্ৰতিৰোধ কৰিবলৈ, ৰাষ্ট্ৰীয় সঙ্গীত গোৱা, জাতিয় পতাকাক ‘চেলুট’ কৰা আদি সমস্যাত সঠিক পদক্ষেপ লবলৈ সহায় কৰিছিল। তাৰ ওপৰিও তেওঁ শিক্ষক আৰু বিদ্যাৰ্থীসকলক নিৰ্ভীকভাৱে সাক্ষী দিছিল। যদিও তেওঁ স্কুলত একমাত্ৰ সাক্ষী ছাত্ৰ আছিল তেওঁ কেতিয়াও অকলশৰীয়া অনুভৱ কৰা নাছিল।

৪ সমস্যাক সমাধান কৰি সত্যৰ পথত চলি থাকিবলৈ আপুনি যিহোৱা আৰু তেওঁৰ বাক্যৰ পৰা শিক্ষা গ্ৰহণ কৰক। যদি আপুনি সেইদৰে কৰে, তেনেহʼলে দুজন নলে-গলে লগা বন্ধুৰ দৰে যিহোৱাৰ সৈতে আপোনাৰ এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব। প্ৰতিদিনে ঈশ্বৰৰ বাক্য বিবেচনা কৰক! পৃথিৱীজুৰি সেই লাখ লাখ লোকৰ সৈতে আপুনিও নিজৰ ‘চকুৱে আপোনাৰ মহান শিক্ষকবিলাকক দেখিবলৈ পাব’ যিসকলে প্ৰতিদিনে ঈশ্বৰৰ বাক্যক বিবেচনা কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক