অধ্যয়নৰ লেখ ৩৩
যিহোৱাই আমাক চাই থাকে
‘যিবিলাকে যিহোৱালৈ ভয় ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁবিলাকৰ ওপৰত থাকে।’—গীত. ৩৩:১৮, ১৯.
গীত ৪ “যিহোৱা মোৰ ৰক্ষক”
লেখৰ এক আভাসa
১. যীচুৱে নিজৰ শিষ্যসকলৰ চোৱা-চিতা কৰিবলৈ যিহোৱাক কিয় মিনতি কৰিলে?
যীচুৱে নিজৰ মৃত্যুৰ আগদিনাখন ৰাতি এটা বিশেষ কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (যোহ. ১৭:১৫, ২০) তেওঁ নিজৰ শিষ্যসকলৰ চোৱা-চিতা কৰিবলৈ যিহোৱাক মিনতি কৰিছিল। যীচুৱে জানিছিল যে যিহোৱাই নিজৰ সেৱকসকলৰ বিষয়ে চিন্তা কৰে আৰু তেওঁলোকক ৰক্ষা কৰে। কিন্তু আগলৈ চয়তানে তেওঁৰ শিষ্যসকলৰ ওপৰত বহুতো অত্যাচাৰ কৰিব। সেইবাবে, যীচুৱে নিজৰ শিষ্যসকলৰ বাবে যিহোৱালৈ মিনতি কৰিছিল। কিয়নো তেওঁ ভালদৰে জানিছিল যে শিষ্যসকলে যিহোৱাৰ সহায়তহে চয়তানৰ অত্যাচাৰবোৰ সন্মুখীন হʼব পাৰিব।
২. গীতমালা ৩৩:১৮-২০ পদৰ অনুসৰি সমস্যা আহিলে আমি কিয় ভয় কৰাৰ প্ৰয়োজন নাই?
২ চয়তানৰ এই জগতত আজি আমি বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। ইয়াৰ বাবে কেতিয়াবা আমি নিৰাশ হৈ পৰোঁ আৰু কেতিয়াবা যিহোৱাৰ বিশ্বাসী হৈ থকাটো আমাৰ বাবে কঠিন হৈ পৰে। কিন্তু এই লেখত আমি শিকিম যে এনে পৰিস্থিতিত আমি ভয় কৰাৰ প্ৰয়োজন নাই। কিয়নো যিহোৱাই আমাক চাই আছে, আমি কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈছোঁ, তাৰ বিষয়ে তেওঁ ভালদৰে জানে আৰু আমাক সহায় কৰিবলৈ তেওঁ সদায় সাজোঁ থাকে। আমি বাইবেলত উল্লেখ থকা এনে দুজন ব্যক্তিৰ বিষয়ে মন কৰিম, যিসকলৰ পৰা আমাৰ বিশ্বাস বাঢ়িব যে ‘যিবিলাকে যিহোৱালৈ ভয় ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁবিলাকৰ ওপৰত থাকে।’—গীতমালা ৩৩:১৮-২০ পঢ়ক।
আপুনি অকলশৰীয়া অনুভৱ কৰাৰ সময়ত
৩. আমি হয়তো কেতিয়া অকলশৰীয়া অনুভৱ কৰোঁ?
৩ আমাৰ মণ্ডলীত বহুতো ভাই-ভনী আছে, তথাপি কেতিয়াবা কেতিয়াবা আমি অকলশৰীয়া অনুভৱ কৰিব পাৰোঁ। যেনে, কিশোৰ-কিশোৰীসকলক যেতিয়া স্কুলত সকলোৰে আগত নিজৰ বিশ্বাসৰ বিষয়ে কʼবলগীয়া হয়, তেতিয়া তেওঁলোকে ভয় কৰিব পাৰে আৰু অকলশৰীয়া অনুভৱ কৰিব পাৰে। নতুন মণ্ডলীলৈ যোৱাৰ সময়তো তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও নিৰাশাৰ মাজেৰে পাৰ হোৱাৰ সময়তো আমি অকলশৰীয়া অনুভৱ কৰিব পাৰোঁ। আমি হয়তো ভাবিব পাৰোঁ যে এই ভাবনাৰ বিৰুদ্ধে আমি অকলেই যুঁজিব লাগিব। আমি আনৰ লগত নিজৰ ভাবনাৰ বিষয়ে কথা পাতিবলৈ সংকোচ কৰিব পাৰোঁ, কিয়নো আমি ভাবিব পাৰোঁ যে আমি কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈছোঁ, সেয়া তেওঁলোকে বুজি নাপাব। আমি হয়তো এয়াও ভাবিব পাৰোঁ যে কোনেও আমাৰ বিষয়ে চিন্তা নকৰে। এইবোৰৰ বিষয়ে ভাবি আমি চিন্তিত হৈ পৰিব পাৰোঁ আৰু ভাবিব পাৰোঁ যে কোনেও আমাক সহায় কৰিব নোৱাৰে। আমি এইদৰে ভবাটো যিহোৱাই নিবিচাৰে। কিয় বাৰু? আহক চাওঁ।
৪. ভৱিষ্যতবক্তা এলিয়াই ‘কেৱল মইহে বাচি আছো’ বুলি কিয় কৈছিল?
৪ ভৱিষ্যতবক্তা এলিয়াৰ উদাহৰণলৈ মন কৰক। ৰাণী ঈজেবেলে শপত খাইছিল যে তেওঁ এলিয়াক হত্যা কৰিবই। এলিয়াই নিজৰ জীৱন বচাই ৪০ দিনলৈকে পলাবলগীয়া হৈছিল। (১ ৰাজা. ১৯:১-৯) তেওঁ গুহাত লুকাই যায় আৰু চিন্তিত হৈ যিহোৱাক এইদৰে কয়, ‘কেৱল মইহে বাচি আছো।’ (১ ৰাজা. ১৯:১০) সেই সময়ত ইস্ৰায়েলত কোনো ভৱিষ্যতবক্তা নাছিল, এনে নহয়। ওবদিয়াই ১০০ জন ভৱিষ্যতবক্তাক ঈজেবেলৰ পৰা বচাইছিল। (১ ৰাজা. ১৮:৭, ১৩) তেনেহʼলে এলিয়াই কেৱল তেৱেঁ বাচি আছে বুলি কিয় ভাবিছিল? কিয়নো তেওঁ হয়তো ভাবিছিল যে ওবদিয়াই বচোৱা ভাববাদীসকলৰ মৃত্যু হʼল। অথবা তেওঁ হয়তো এয়াও ভাবি আছিল ‘যিহোৱাই দেখোন কৰ্মিল পৰ্বতত প্ৰমাণ কৰিছিল যে তেওঁ সত্য ঈশ্বৰ হয় আৰু বাল দেৱতা মিছা। তথাপি লোকসকলে কিয় এতিয়ালৈকে মোৰ লগত যিহোৱাৰ উপাসনা কৰা নাই?’ অথবা এলিয়াই হয়তো ভাবিছিল যে তেওঁ কেনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, তাৰ বিষয়ে কোনেও নাজানে। অথবা তেওঁ জীয়াই আছে নে নাই, তাৰ বিষয়ে কোনেও চিন্তা কৰা নাই। আমি স্পষ্টকৈ নাজানোঁ যে সেই সময়ত এলিয়াই মনতে কি ভাবিছিল। কিন্তু তাৰ বিষয়ে যিহোৱাই ভালদৰে জানিছিল আৰু সেই সময়ত যিহোৱাই তেওঁৰ যত্ন লʼলে।
যেতিয়া এলিয়াই অকলশৰীয়া অনুভৱ কৰিছিল, তেতিয়া যিহোৱাই তেওঁক কি কৰিবলৈ কৈছিল? আজি আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ? (অনুচ্ছেদ ৫-৬ চাওক)
৫. এলিয়া অকলশৰীয়া নহয় বুলি যিহোৱাই তেওঁক কেনেকৈ আশ্বাস দিলে?
৫ যিহোৱাই বহুতো উপায়েৰে এলিয়াক সহায় কৰিলে। এলিয়াই তেওঁৰ লগত কথা পতাটো যিহোৱাই বিচাৰিছিল। সেইবাবে, তেওঁ এলিয়াক দুবাৰ এইদৰে সুধিছিল, “তুমি ইয়াত কি কৰিছা?” (১ ৰাজা. ১৯:৯, ১৩) এলিয়াই নিজৰ মনৰ কথা যিহোৱাক জনোৱাৰ সময়ত তেওঁ মনোযোগেৰে শুনিলে। তাৰ পাছত তেওঁ এলিয়াক প্ৰচণ্ড বতাহ, ভূমিকম্প আৰু অগ্নিৰ যোগেদি নিজৰ শক্তিৰ বিষয়ে কʼলে আৰু আশ্বাস দিলে যে তেওঁ এলিয়াৰ লগত থাকিব। যিহোৱাই এয়াও কʼলে যে তেওঁ অকলশৰীয়া নহয় আৰু এনে বহুতো লোক আছে, যিসকলে যিহোৱাৰ উপাসনা কৰি আছে। (১ ৰাজা. ১৯:১১, ১২, ১৮) যিহোৱাক নিজৰ মনৰ কথা কৈ আৰু তেওঁৰ কথা শুনি এলিয়াই হয়তো বহুত শান্ত্বনা পালে। ইয়াৰ পাছত যিহোৱাই এলিয়াক কিছুমান দায়িত্ব দিলে। হজায়েলক অৰামৰ ওপৰত ৰজা পাতিবলৈ, যেহূক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিবলৈ আৰু ইলীচাক ভৱিষ্যতবক্তা হিচাপে অভিষেক কৰিবলৈ যিহোৱাই এলিয়াক কʼলে। (১ ৰাজা. ১৯:১৫, ১৬) যিহোৱাই যেতিয়া এলিয়াক এই কামবোৰ কৰিবলৈ দিলে, তেতিয়া তেওঁ ভাল কথাবোৰৰ ওপৰত মন দিব পাৰিলে। যিহোৱাই এলিয়াক এজন ভাল বন্ধু দিলে। সেই সময়ত তেওঁ অকলশৰীয়া নাছিল, ইলীচা তেওঁৰ লগত আছিল। আপুনিও অকলশৰীয়া অনুভৱ কৰিলে, যিহোৱাই আপোনাক সহায় কৰিব পাৰে। কিন্তু ইয়াৰ বাবে আপুনি কিছুমান কাম কৰিব লাগিব।
৬. আপুনি অকলশৰীয়া অনুভৱ কৰাৰ সময়ত কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰে? (গীতমালা ৬২:৮)
৬ আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। আমি কি কি সমস্যাৰ মাজেদি পাৰ হৈছোঁ, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে আৰু আমি যিকোনো সময়তে প্ৰাৰ্থনা কৰিলে, তেওঁ শুনিম বুলি কৈছে। (১ থিচ. ৫:১৭) সেইবাবে, যেতিয়া আমি তেওঁলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁৰ বৰ ভাল লাগে। (হিতো. ১৫:৮) যেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰে, তেতিয়া কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰে? আপুনি এলিয়াৰ দৰে নিজৰ মনৰ সকলো কথা যিহোৱাক জনাব পাৰে। (গীতমালা ৬২:৮ পঢ়ক।) আপুনি কেনে অনুভৱ কৰিছে আৰু কি কথাক লৈ চিন্তিত হৈছে, তাৰ বিষয়ে স্পষ্টকৈ যিহোৱাক জনাওক। তাৰ পাছত সেই ভাবনাৰ বিৰুদ্ধে যুঁজিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। যেনে, যদি আপোনাক স্কুলত নিজৰ ক্লাচৰ লʼৰা-ছোৱালীক নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ ভয় লাগে, তেনেহʼলে সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। আপুনি বুদ্ধি বিচাৰিও যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে, যাতে আপুনি তেওঁলোকক ভালদৰে বুজাব পাৰে আৰু তেওঁলোককো বেয়া নালাগিব। (লূক ২১:১৪, ১৫) যদি আপুনি কোনো এটা কথাৰ বাবে বৰ দুখত আছে, তেনেহʼলে সেই কথাৰ বিষয়ে পৰিপক্ক ভাই বা ভনীৰ লগত কথা পাতিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। আপুনি সেই ভাই বা ভনীৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰে, যাতে তেওঁলোকে আপোনাৰ কথা ভালদৰে বুজি পায়। যেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰে, তেতিয়া মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। ইয়াৰ উপৰিও যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে, তালৈ ধ্যান দিয়ক আৰু আনৰ লগত কথা পাতক।
আপুনি আনৰ লগত মিলি বেছিকৈ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব পাৰিবনে? (অনুচ্ছেদ ৭ চাওক)
৭. মৰীচিঅʼৰ পৰা আপুনি কি শিকিলে?
৭ যিহোৱাই আমাক সকলোকে কিবা নহয় কিবা দায়িত্ব দিছে। তেওঁ আমাক প্ৰচাৰ কৰিবলৈ দায়িত্ব দিছে, কিছুমানক মণ্ডলীত দায়িত্ব লʼবলগীয়া হয় আৰু আমি মাজে-সময়ে সভাত ভাগ আগবঢ়াবলগীয়া হয়। (গীত. ১১০:৩) বিশ্বাস কৰক যে যেতিয়া আপুনি এই দায়িত্ববোৰ পালন কৰিবলৈ পৰিশ্ৰম কৰে, তেতিয়া এইবোৰ যিহোৱাই চাই থাকে আৰু আপোনাৰ পৰিশ্ৰম দেখি তেওঁ আনন্দিত হয়। যদি আপুনি এই কামবোৰত ব্যস্ত হৈ থাকে, তেনেহʼলে আপুনি অকলশৰীয়া অনুভৱ নকৰিব। মৰীচিঅʼৰb উদাহৰণলৈ মন কৰক। বাপ্তিষ্মা লোৱাৰ অলপ পাছতেই তেওঁৰ এজন ভাল বন্ধুৱে যিহোৱাৰ পৰা আঁতৰি যাবলৈ ধৰিলে। মৰীচিঅʼই এইদৰে কৈছে, “সেই সময়ত মই ভাবিছিলোঁ যে মই যিহোৱাক যি প্ৰতিজ্ঞা কৰিছোঁ, সেয়া পূৰ কৰিব পাৰিম নে নোৱাৰিম? নে ময়ো তেওঁৰ দৰে লাহে লাহে যিহোৱাৰ পৰা আঁতৰি যাম? সেই সময়ত মই বহুত অকলশৰীয়া অনুভৱ কৰিছিলোঁ আৰু ভাবিছিলোঁ যে মই কেনে অনুভৱ কৰিছোঁ, তাৰ বিষয়ে কোনেও বুজি নাপাব।” সেই সময়ত মৰীচিঅʼই কি কৰিলে? তেওঁ এইদৰে কৈছে, “মই বেছিকৈ প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। এনে কৰাৰ বাবে মই নিজৰ বিষয়ে চিন্তা কৰা আৰু দুখত থকাৰ পৰিৱৰ্তে ভাল কথাবোৰলৈ ধ্যান দিব পাৰিলোঁ। যেতিয়া মই আনৰ লগত প্ৰচাৰ কৰিছিলোঁ, তেতিয়া মই অকলশৰীয়া অনুভৱ কৰা নাছিলোঁ আৰু আনন্দিত আছিলোঁ।” আমিও এইদৰে কৰিব পাৰোঁ। যদিও আমি ভাই-ভনীসকলৰ লগত মিলি ঘৰে-ঘৰে প্ৰচাৰ কৰিব নোৱাৰোঁ, কিন্তু আমি চিঠি লিখি আৰু ফোনৰ যোগেদি তেওঁলোকৰ লগত প্ৰচাৰ কৰিব পাৰোঁ। মৰীচিঅʼই আৰু কিছুমান কাম কৰিছিল। তেওঁ এইদৰে কৈছে, “মই মণ্ডলীৰ আৰু কিছুমান কাম কৰিবলৈ ধৰিলোঁ। যেনে, সভাত মোক যিয়ে ভাগ দিয়া হৈছিল, তাৰ বাবে মই ভালদৰে প্ৰস্তুতি কৰিছিলোঁ। পাছত সভাত যেতিয়া মই নিজৰ ভাগ আগবঢ়াইছিলোঁ, তেতিয়া ভাই-ভনীসকলক বহুত ভাল লাগিছিল আৰু মই জানিছিলোঁ যে যিহোৱাও মোৰ পৰা আনন্দিত হʼব।”
ডাঙৰ ডাঙৰ সমস্যা অহাৰ সময়ত
৮. আমাৰ ওপৰত বহুতো সমস্যা আহি পৰিলে আমি কেনে অনুভৱ কৰোঁ?
৮ আমি জানোঁ যে শেষ-কালত আমাৰ ওপৰত বহুতো সমস্যা আহিব। (২ তীম. ৩:১) কিন্তু কেতিয়াবা হঠাতে কিবা ডাঙৰ সমস্যা আহিব পাৰে বা আমাৰ লগত এনে ঘটনা ঘটিব পাৰে, যাৰ বিষয়ে আমি ভবাই নাছিলোঁ। যেনে, আমাৰ হয়তো টকা-পইচাৰ অভাৱ বা কিবা ডাঙৰ বেমাৰ হʼব পাৰে অথবা আমাৰ পৰিয়ালৰ লোক বা বন্ধুৰ মৃত্যু হʼব পাৰে। কেতিয়াবা আমাৰ ওপৰত এটাৰ পাছত এটা সমস্যা আহে বা কেতিয়াবা একেলগে বহুতো সমস্যা আহি পৰে। এনে পৰিস্থিতিত আমি নিৰাশ হৈ ভাঙি পৰিব পাৰোঁ। তেতিয়া আমি ভাবিব পাৰোঁ যে আমি আৰু সহ্য কৰিব নোৱাৰিম। কিন্তু বিশ্বাস ৰাখক যে আপুনি কেনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে আৰু মনত ৰাখক যে যিহোৱাই আমাক চাই আছে। তেওঁৰ সহায়ত আপুনি প্ৰতিটো সমস্যা ভালদৰে সন্মুখীন হʼব পাৰিব।
৯. ইয়োবৰ ওপৰত কি কি সমস্যা আহিছিল?
৯ ইয়োবৰ লগত কি কি ঘটনা ঘটিছিল, তালৈ মন কৰকচোন। তেওঁৰ ওপৰত এটাৰ পাছত এটা বহুতো ডাঙৰ ডাঙৰ সমস্যা আহিছিল। একে দিনাই তেওঁ সকলো হেৰুৱাইছিল। যেনে, তেওঁৰ ঘৰচীয়া জীৱ-জন্তুবোৰ কাঢ়ি নিয়া হৈছিল আৰু কিছুমানক মাৰি পেলোৱা হৈছিল। তেওঁৰ কিছুমান দাসকো হত্যা কৰা হৈছিল। ইয়াৰ উপৰিও এটা দুৰ্ঘটনাত তেওঁৰ সকলো লʼৰা-ছোৱালীৰ একেলগতে মৃত্যু হʼল। (ইয়ো. ১:১৩-১৯) ইমানবোৰ সমস্যা তেওঁৰ ওপৰত একেলগতে আহি পৰিছিল। এইবোৰ সমস্যা শেষ হোৱাই নাছিল, তেওঁৰ ওপৰত আৰু এটা সমস্যা আহি পৰিল। তেওঁৰ এটা মাৰাত্মক বেমাৰ হʼল। (ইয়ো. ২:৭) তেওঁ একেবাৰে ভাঙি পৰিছিল, সেইবাবে তেওঁ এইদৰে কৈছিল, “জীৱনত মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ।”—ইয়ো. ৭:১৬.
যিহোৱাই ইয়োবৰ বিশ্বাস জন্মাব বিচাৰে যে তেওঁ ইয়োবক প্ৰেম কৰে আৰু তেওঁৰ যত্ন লয়, সেইবাবে যিহোৱাই বেলেগ বেলেগ উদাহৰণ দি তেওঁৰ মনত পেলাই দিলে যে যিহোৱাই নিজৰ সৃষ্টিৰ বহুত যত্ন লয় (অনুচ্ছেদ ১০ চাওক)
১০. ইয়োবক সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাই কেনেকৈ সহায় কৰিলে?
১০ ইয়োবৰ লগত কি কি ঘটনা ঘটিছিল, সেই সকলোবোৰ যিহোৱাই চাই আছিল। যিহোৱাই ইয়োবক প্ৰেম কৰিছিল, সেইবাবে তেওঁ বহুতো উপায়েৰে ইয়োবক সহায় কৰিলে। তেওঁ ইয়োবৰ লগত কথা পাতিলে। বিভিন্ন জীৱ-জন্তুৰ বিষয়ে কৈ তেওঁ ইয়োবক অনুভৱ কৰালে যে তেওঁ কিমান বুদ্ধিমান আৰু শক্তিশালী হয় আৰু তেওঁ নিজৰ সৃষ্টিৰ বিষয়ে কিমান চিন্তা কৰে। (ইয়ো. ৩৮:১, ২; ৩৯:৯, ১৩, ১৯, ২৭; ৪০:১৫; ৪১:১, ২) তাৰ পাছত যিহোৱাই ইলীহূ নামৰ এজন ডেকাৰ যোগেদি ইয়োবক শান্ত্বনা দিলে আৰু তেওঁৰ সাহসো বঢ়ালে। ইয়াৰ পাছত ইলীহূয়ে ইয়োবক আশ্বাস দিলে যে যিসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকে, যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিয়ে। ইয়াৰ পাছত ইলীহূয়ে ইয়োবৰ চিন্তাধাৰাও শুধৰণি কৰিলে আৰু তেওঁক কʼলে যে তেওঁ কেৱল নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁ মনত ৰখা উচিত যে গোটেই বিশ্বৰ সৃষ্টিকৰ্তাৰ ওচৰত তেওঁ কিমান সৰু। (ইয়ো. ৩৭:১৪) যিহোৱাই ইয়োবক আৰু এটা কামো দিলে। যিহোৱাই ইয়োবক তেওঁৰ তিনিজন বন্ধুৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কʼলে। (ইয়ো. ৪২:৮-১০) বৰ্তমান সময়ত যেতিয়া আমাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া যিহোৱাই আমাক কেনেকৈ সহায় কৰে?
১১. সমস্যা অহাৰ সময়ত আমি কেনেকৈ বাইবেলৰ পৰা শান্ত্বনা লাভ কৰিব পাৰোঁ?
১১ যিহোৱাই ইয়োবৰ লগত কথা পতাৰ দৰে আজি আমাৰ লগত কথা নাপাতে। কিন্তু তেওঁ বাইবেলৰ যোগেদি আমাৰ লগত কথা পাতে। (ৰোম. ১৫:৪) তেওঁ বাইবেলত এনে কিছুমান কথা লিখুৱাইছে, যিবোৰ পঢ়ি আমি সমস্যাৰ সময়ত শান্ত্বনা লাভ কৰোঁ। তেওঁ আমাক আশ্বাস দিছে যে যিমানেই ডাঙৰ সমস্যা নহওক কিয়, সেইবোৰে ঈশ্বৰৰ প্ৰেমৰ পৰা “আমাক বিচ্ছিন্ন [আঁতৰ] কৰিব নোৱাৰে।” (ৰোম. ৮:৩৮, ৩৯) তেওঁ প্ৰতিজ্ঞা কৰিছে যে ‘যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ।’ (গীত. ১৪৫:১৮) যদি আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰোঁ, তেনেহʼলে আমি যিকোনো সমস্যাৰ সন্মুখীন হʼব পাৰিম আৰু সমস্যাৰ মাজতো আনন্দত থাকিব পাৰিম। (১ কৰি. ১০:১৩; যাকো. ১:২, ১২) বাইবেলত কোৱা হৈছে যে ভৱিষ্যতে আমি অনন্ত জীৱন জীয়াই থাকিম আৰু ইয়াৰ তুলনাত আজি আমি যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছোঁ, সেইবোৰ অলপদিনীয়া। (২ কৰি. ৪:১৬-১৮) যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে অতি সোনকালে তেওঁ চয়তান আৰু তাক সহযোগ কৰা সকলোকে ধ্বংস কৰিব। (গীত. ৩৭:১০) ভৱিষ্যতৰ এই প্ৰতিজ্ঞাবোৰৰ বিষয়ে চিন্তা কৰিলে আমাৰ বৰ ভাল লাগে আৰু আমি শান্ত্বনা লাভ কৰোঁ। বাইবেলত আৰু এনে বহুতো পদ লিখা আছে, যিবোৰ পঢ়িলে আমি শান্ত্বনা লাভ কৰোঁ। আপুনি এনে ধৰণৰ বাইবেলৰ কিছুমান পদ মুখস্থ কৰিছেনে?
১২. সমস্যাৰ সন্মুখীন হʼবলৈ আমি আৰু কি কৰিব লাগিব?
১২ আমি বাইবেল পঢ়িবলৈ আৰু ধ্যান কৰিবলৈ বেলেগকৈ সময় উলিওৱাটো যিহোৱাই বিচাৰে। শিকা কথাবোৰ যেতিয়া আমি পালন কৰিম, তেতিয়া আমাৰ বিশ্বাস বাঢ়িব আৰু আমি যিহোৱাৰ কাষ চাপিব পাৰিম। এনে কৰাৰ বাবে আমি সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰিম। যদি আমি বাইবেল পঢ়োঁ আৰু তাৰ অনুসৰি কাম কৰোঁ, তেনেহʼলে যিহোৱাই আমাক পবিত্ৰ আত্মাও দিব। তেওঁ আমাক এনে ‘শক্তি’ দিব, যি সাধাৰণ মানুহৰ শক্তিতকৈ অধিক, যাতে ইয়াৰ সহায়ত আমি সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰোঁ।—২ কৰি. ৪:৭-১০.
১৩. ‘বিশ্বাসী বুদ্ধিমান দাসে’ কৰা ব্যৱস্থাৰ পৰা আমি সমস্যাৰ সন্মুখীন হʼবলৈ কেনেকৈ সহায় লাভ কৰোঁ?
১৩ ‘বিশ্বাসী বুদ্ধিমান দাসে’ যিহোৱাৰ সহায়ত বহুতো লেখ, ভিডিঅʼ আৰু গানবোৰ উলিয়াইছে। (মথি ২৪:৪৫) এইবোৰৰ সহায়ত আমাৰ বিশ্বাস বাঢ়ে আৰু আমি যিহোৱাৰ কাষত অনুভৱ কৰোঁ। এই ব্যৱস্থাৰ পৰা লাভৱান হʼবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিব পাৰোঁ। আমেৰিকাৰ এজনী ভনীয়ে এই ব্যৱস্থাবোৰৰ পৰা বৰ লাভৱান হৈছিল। তেওঁ এইদৰে কৈছে, “মই ৪০ বছৰ ধৰি যিহোৱাৰ সেৱা কৰি আছোঁ আৰু এই সময়ছোৱাত মোৰ জীৱনলৈ এনে বহুতো সমস্যা আহিছিল, যাৰ বাবে মই যিহোৱাৰ বিশ্বাসী হৈ থকাটো মোৰ বাবে বৰ কঠিন হৈছিল।” ভনীগৰাকীয়ে বহুতো সমস্যাৰ সন্মুখীন হʼল। যেনে, এবাৰ এজন মদাহীয়ে তেওঁৰ ককাকৰ গাড়ীখন খুন্দা মাৰিলে সেই দুৰ্ঘটনাত তেওঁৰ ককাজনৰ মৃত্যু হʼল। ইয়াৰ পাছত তেওঁৰ মাক-দেউতাকৰ এটা ডাঙৰ বেমাৰ হৈছিল, যাৰ বাবে তেওঁলোকৰ মৃত্যু হʼল। ইয়াৰ পাছত ভনীগৰাকীৰো দুবাৰ কেন্সাৰ বেমাৰ হৈছিল। তেওঁ এইবোৰ কেনেকৈ সহ্য কৰিব পাৰিলে? তেওঁ এইদৰে কৈছে, “যিহোৱাই মোক বহুত সহায় কৰিলে। বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি যিহোৱাই যিবোৰ ব্যৱস্থা কৰিছে, তাৰ পৰা মই বহুত সহায় পালোঁ। মই ইয়োবৰ দৰে থিৰাং কৰিছোঁ যে ‘মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।’”—ইয়ো. ২৭:৫.
আমি মণ্ডলীৰ ভাই-ভনীসকলক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ? (অনুচ্ছেদ ১৪ চাওক)
১৪. সমস্যা অহাৰ সময়ত যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আমাক কেনেকৈ সহায় কৰে? (১ থিচলনীকীয়া ৪:৯)
১৪ যিহোৱাই নিজৰ লোকসকলক সমস্যাৰ সময়ত এজনে-আনজনক প্ৰেম কৰিবলৈ আৰু শান্ত্বনা দিবলৈ শিকাইছে। (২ কৰি. ১:৩, ৪; ১ থিচলনীকীয়া ৪:৯ পঢ়ক।) যিদৰে ইলীহূয়ে ইয়োবক সহায় কৰিলে, ঠিক সেইদৰে আমাৰ ভাই-ভনীসকলেও সমস্যাৰ সময়ত আমাক যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰে। (পাঁচ. ১৪:২২) ভনী ডীয়েনৰ লগতো এইদৰেই হৈছিল। তেওঁৰ স্বামীৰ এটা ডাঙৰ বেমাৰ হৈছিল। সেই সময়ছোৱাত মণ্ডলীৰ ভাই-ভনীসকলে তেওঁলোকৰ বহুত যত্ন লʼলে আৰু যিহোৱাৰ কাষত থাকিবলৈ তেওঁলোকক সহায় কৰিলে। তেওঁ এইদৰে কৈছে, “সেই সময়ত মোৰ এনে লাগিছিল যেন যিহোৱাই মোক সাৱটি ধৰিছে। সেই সময়ছোৱাত মণ্ডলীৰ ভাই-ভনীসকলে আমাৰ বাবে বহুতো কাম কৰিলে। তেওঁলোকে আমাক ফোন কৰিলে, কিছুমানে আমাক ঘৰত লগ কৰিবলৈ আহিলে আৰু আমাক সাৱটি ধৰিছিল। ইয়াৰ পৰা মই বৰ শান্ত্বনা লাভ কৰিলোঁ। মই গাড়ী চলাব নাজানোঁ। সেইবাবে সভা বা প্ৰচাৰত যাবলৈ কোনোবা নহয় কোনোবা ভাই বা ভনীয়ে মোক নিবলৈ আহিছিল।” সঁচাকৈ আমাৰ ওচৰত এনে ভাই-ভনীসকল আছে, যিসকলে আমাক বহুত প্ৰেম কৰে। তেওঁলোক আমাৰ বাবে এটা ডাঙৰ আশীৰ্বাদ হয়।
যিহোৱাই আমাৰ যত্ন লোৱাৰ বাবে আমি কৃতজ্ঞ
১৫. আমি সমস্যাবোৰ ধৈৰ্য্যেৰে সন্মুখীন হʼব পাৰিম বুলি কিয় বিশ্বাস কৰিব পাৰোঁ?
১৫ আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা সমস্যাৰ সন্মুখীন হʼবই লাগিব। কিন্তু এই লেখত আমি শিকিলোঁ যে আমি অকলশৰীয়া নহয়, যিহোৱা আমাৰ লগত আছে। যিদৰে এজন মৰমীয়াল পিতৃয়ে নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে আৰু তেওঁলোকক চাই থাকে। ঠিক সেইদৰে যিহোৱাও আমাক বহুত প্ৰেম কৰে আৰু আমাক চাই থাকে। যেতিয়া আমি তেওঁলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ আমাৰ প্ৰাৰ্থনা শুনে আৰু আমাক সহায় কৰিবলৈ সদায় সাজু থাকে। (যিচ. ৪৩:২) যিহোৱাই আমাক সহায় কৰিবলৈ বহুতো ব্যৱস্থা কৰিছে। যেনে, তেওঁ আমাক প্ৰাৰ্থনা কৰিবলৈ সুযোগ দিছে, বাইবেল দিছে, বাইবেল আধাৰিত প্ৰকাশন আৰু ভিডিঅʼবোৰ দিছে। ইয়াৰ উপৰিও তেওঁ আমাক এনে ভাই-ভনীসকলক দিছে, যিসকলে আমাক বহুত প্ৰেম কৰে। এইবোৰৰ সহায়ত আমি সমস্যাবোৰ ধৈৰ্য্যেৰে সন্মুখীন হʼব পাৰোঁ।
১৬. যিহোৱাই আমাৰ যত্ন লোৱাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?
১৬ যিহোৱাই আমাক সহায় কৰিবলৈ সদায় আমাক চাই থাকে, তাৰ বাবেও আমি তেওঁৰ প্ৰতি কৃতজ্ঞ। আমাক ভাবিয়েই ভাল লাগে যে তেওঁ আমাক চাই থাকে। (গীত. ৩৩:২১) যিহোৱাই আমাৰ যত্ন লোৱাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি কিছুমান কাম কৰিব লাগিব। তেওঁ আমাক সহায় কৰিবলৈ যিবোৰ ব্যৱস্থা কৰিছে, সেইবোৰৰ পৰা লাভৱান হʼবলৈ আমি পদক্ষেপ লʼব লাগিব। ইয়াৰ উপৰিও তেওঁ আমাক যিবোৰ শিকাইছে, তাৰ অনুসৰি আমি জীৱন-যাপন কৰিব লাগিব আৰু তেওঁৰ ওপৰত ভৰসা কৰিব লাগিব। তেতিয়াহে তেওঁ আমাক চাই থাকিব আৰু আমাক সহায় কৰিব।—১ পিত. ৩:১২.
গীত ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু
a আজি আমি সকলোৱে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয় আৰু এই সমস্যাবোৰ আমি অকলে সন্মুখীন হʼব নোৱাৰোঁ। ইয়াৰ বাবে আমাক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে। এই লেখৰ পৰা আমাৰ বিশ্বাস বাঢ়িব যে যিহোৱাই আমাক চাই থাকে আৰু তেওঁ আমাৰ বিষয়ে চিন্তা কৰে। যিহোৱাই ভালদৰে জানে আমি কেনেধৰণৰ সমস্যাৰ মাজেদি পাৰ হৈছোঁ আৰু তেওঁ আমাক সেই সমস্যাবোৰ সন্মুখীন হʼবলৈ সহায় কৰে।
b কিছুমান নাম সলনি কৰা হৈছে।