৭
তুমি কেতিয়াবা অকলশৰীয়া আৰু ভয় অনুভৱ কৰিছানে?
ছবিখনত থকা সৰু লʼৰাটোলৈ চোৱাচোন। তেওঁ অকলশৰীয়া আৰু ভয় খোৱা যেন লগা নাইনে? তোমাৰ কেতিয়াবা এনে অনুভৱ হয়নে?— আমি সকলোৱে কেতিয়াবা কেতিয়াবা এনে অনুভৱ কৰোঁ। যিহোৱা ঈশ্বৰৰ লগত বন্ধুত্ব থকা এনে বহুতো লোকৰ বিষয়ে বাইবেলত উল্লেখ আছে, যিসকলে অকলশৰীয়া আৰু ভয় অনুভৱ কৰিছিল। তাৰে ভিতৰত এজন হৈছে এলিয়া। আহাঁ আমি এতিয়া এলিয়াৰ বিষয়ে কিছু কথা শিকোঁ।
ঈজেবলে এলিয়াক বধ কৰিব বিচাৰিছিল
যীচু খ্ৰীষ্টৰ জন্ম হোৱাৰ বহুবছৰৰ আগতে এলিয়া ইস্ৰায়েল দেশত বাস কৰিছিল। এই দেশৰ ৰজা আছিল আহাব। তেওঁ যিহোৱা ঈশ্বৰক উপাসনা নকৰিছিল। আহাব আৰু তেওঁৰ পত্নী ঈজেবলে মিছা দেৱতা, বালক উপাসনা কৰিছিল। সেইবাবে, ইস্ৰায়েলৰ বেছিভাগ লোকে বাল দেৱতাক উপাসনা কৰিবলৈ আৰম্ভ কৰিছিল। ৰাণী ঈজেবল বৰ অত্যাচাৰী আছিল। তাই যিহোৱা ঈশ্বৰৰ সকলো উপাসকৰ লগতে এলিয়াকো বধ কৰিব বিচাৰিছিল। তুমি জানানে, এলিয়াই কি কৰিলে?—
এলিয়া পলাই গʼল। তেওঁ বহুদূৰলৈ গৈ এখন জনশূন্য ঠাইৰ এটা গুহাত লুকাই থাকিল। তুমি কি ভাবা, তেওঁ এইদৰে কিয় কৰিলে?— এলিয়াই ভয় কৰিছিল। কিন্তু এলিয়াক ভয় কৰাৰ প্ৰয়োজন নাছিল। কিয় জানানে? কিয়নো যিহোৱা ঈশ্বৰে সহায় কৰিব বুলি এলিয়াই জানিছিল। ইয়াৰ আগতেও যিহোৱা ঈশ্বৰে নিজৰ শক্তি এলিয়াক দেখুৱাইছিল। এবাৰ যিহোৱা ঈশ্বৰে আকাশৰপৰা জুই পেলাই এলিয়াৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল। নি:সন্দেহ, এতিয়াও যিহোৱা ঈশ্বৰে এলিয়াক সহায় কৰিব।
যিহোৱা ঈশ্বৰে কেনেকৈ এলিয়াক সহায় কৰিছিল?
এলিয়াই গুহাত থকাৰ সময়ত, যিহোৱা ঈশ্বৰে তেওঁৰ লগত কথা-বতৰা হয়। যিহোৱা ঈশ্বৰে তেওঁক সুধিলে: ‘হে এলিয়া, তুমি ইয়াত কি কৰিছা?’ এলিয়াই উত্তৰ দিলে: ‘কেৱল আপোনাক উপাসনা কৰা মইহে অৱশিষ্ট আছোঁ, আৰু সিহঁতে মোৰো প্ৰাণ লʼব বিচাৰিছে।’ এলিয়াই ভাবিছিল যে ঈজেবলে যিহোৱা ঈশ্বৰৰ সকলো উপাসকক বধ কৰিলে। কিন্তু যিহোৱা ঈশ্বৰে এলিয়াক কʼলে: ‘সেয়া সত্য নহয়। মোক উপাসনা কৰা ৭,০০০ লোক এতিয়াও জীৱিত আছে। তুমি সাহসী হোৱা। তোমাৰ কৰিবলগীয়া আৰু বহুতো কাম আছে।’ তুমি কি ভাবা, এই কথা শুনি এলিয়াই আনন্দিত হৈছিলনে?—
এলিয়াৰ কাহিনীৰপৰা তুমি কি শিকিলা?— তুমি কেতিয়াও অকলশৰীয়া আৰু ভয় অনুভৱ নকৰিবা। যিহোৱা ঈশ্বৰ আৰু তোমাক ভালপোৱা এনে বহুতো বন্ধু আছে। ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰৰ অসীম শক্তি আছে আৰু তেওঁ সদায় তোমাক সহায় কৰিব। যিহোৱা ঈশ্বৰে সদায় তোমাক সহায় কৰিব বুলি জানি তুমি আনন্দিত নোহোৱানে?—
তোমাৰ বাইবেলৰপৰা পঢ়া
১ ৰাজাৱলি ১৯:৩-১৮
গীতমালা ১৪৫:১৮