পাঠ ৪৭
যিহোৱাই এলিয়াৰ সাহস বঢ়ালে
ঈজেবলে যেতিয়া শুনিলে যে বালৰ ভৱিষ্যবক্তাসকলক হত্যা কৰা হʼল, তেতিয়া তেওঁৰ বহুত খং উঠিল। তেওঁ এলিয়াৰ ওচৰলৈ এই খবৰ পঠিয়ালে, ‘তোমাকো কাইলৈ বালৰ ভৱিষ্যবক্তাসকলৰ দৰে হত্যা কৰা হʼব।’ এই কথা শুনি এলিয়াৰ বহুত ভয় লাগিল আৰু তেওঁ অৰণ্যলৈ পলাই গʼল। তেওঁ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, মই আৰু সহিব নোৱাৰোঁ। মই মৰি যাব বিচাৰোঁ।’ এলিয়া বহুত ভাগৰি গৈছিল। সেইবাবে, তেওঁ এজোপা গছৰ তলত গৈ শুই গʼল।
এজন স্বৰ্গদূতে এলিয়াক জগালে আৰু মৰমেৰে কʼলে, ‘উঠা আৰু কিবা খাই লোৱা।’ এলিয়াই দেখিলে যে গৰম শিলত এখন ৰুটি থোৱা আছে আৰু পানীৰ পাত্ৰও আছে। তেওঁ খোৱা-বোৱা কৰি আকৌ শুই গʼল। স্বৰ্গদূতজনে আকৌ এবাৰ তেওঁক জগালে আৰু কʼলে, ‘কিবা খাই লোৱা। তোমাক যাত্ৰা কৰিবলৈ শক্তি লাগিব।’ সেইবাবে, এলিয়াই উঠি খাই লʼলে। ইয়াৰ পাছত এলিয়াই ৪০ দিন ৪০ ৰাতি খোজকাঢ়ি হোৰেব পাহাৰৰ ওচৰলৈ পালেগৈ। তাত তেওঁ শুবলৈ গুহাৰ ভিতৰলৈ গʼল। কিন্তু যিহোৱাই তেওঁৰ লগত কথা পাতিলে। তেওঁ কʼলে, ‘এলিয়া, তুমি ইয়াত কি কৰি আছা?’ এলিয়াই কʼলে, ‘ইস্ৰায়েলীসকলে তোমাৰ লগত যি প্ৰতিজ্ঞা কৰিছিল, সেয়া ভাঙি দিলে। তেওঁলোকে তোমাৰ বেদী নষ্ট কৰি দিলে আৰু তোমাৰ ভৱিষ্যবক্তাসকলক মাৰি পেলালে। তেওঁলোকে এতিয়া মোকো মাৰি পেলাব বিচাৰিছে।’
যিহোৱাই তেওঁক কʼলে, ‘গৈ পাহাৰৰ ওপৰত থিয় হৈ যোৱা।’ প্ৰথমে গুহাৰ সন্মুখত এটা ডাঙৰ ধুমুহা বতাহ হʼল। তাৰ পাছত ভূমিকম্প হʼল, ইয়াৰ পাছত তেওঁ একুৰা ডাঙৰ জুই দেখিবলৈ পালে। শেষত এলিয়াই এটা মিহি আৰু কোমল মাত শুনিবলৈ পালে। তেওঁ নিজৰ চেহেৰা কাপোৰেৰে ঢাকি লʼলে আৰু তেওঁ গুহাৰ বাহিৰত থিয় হৈ গʼল। তেতিয়া তেওঁ কিয় পলাই আছে বুলি যিহোৱাই তেওঁক সুধিলে। এলিয়াই কʼলে, ‘মই অকলে বাচি আছোঁ।’ কিন্তু যিহোৱাই তেওঁক কʼলে, ‘তুমি অকলে বাচি থকা নাই। ইস্ৰায়েলত ৭,০০০ লোক আছে, যিসকলে এতিয়াও মোৰ উপাসনা কৰে। তুমি গৈ ইলীচাক বাছনি কৰা যাতে তেওঁ তোমাৰ ঠাইত ভৱিষ্যবক্তা হʼব পাৰে।’ এলিয়াই গৈ ঠিক সেইদৰে কৰিলে। তুমি কি ভাবা, যদি তুমি যিহোৱাৰ কথা শুনা, তেনেহʼলে তেওঁ তোমাক সহায় কৰিব নে? নিশ্চয় কৰিব। আহা খৰাং বতৰত হোৱা এটা ঘটনালৈ মন কৰোঁ।
“কোনো বিষয়ক লৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়ত প্ৰাৰ্থনা আৰু মিনতি আৰু ধন্যবাদেৰে সৈতে ঈশ্বৰলৈ নিবেদন কৰা।”—ফিলিপীয়া ৪:৬