পাঠ ৪৬
কৰ্মিল পাহাৰত এটা পৰীক্ষা
দহ গোষ্ঠী ইস্ৰায়েল ৰাজ্যত বহুতো বেয়া ৰজাই শাসন কৰিছিল। কিন্তু তেওঁলোকৰ ভিতৰত আটাইতকৈ বেয়া আছিল আহাব। আহাবে এজনী বেয়া তিৰোতাক বিয়া কৰিছিল, যিজনীয়ে বাল দেৱতাৰ পূজা কৰিছিল আৰু তেওঁ নাম আছিল ঈজেবল। আহাব আৰু ঈজেবলে গোটেই দেশত বাল দেৱতাৰ পূজা বিয়পাই দিলে আৰু যিহোৱাৰ ভৱিষ্যবক্তাসকলক মাৰি পেলালে। তেতিয়া যিহোৱাই কি কৰিলে? তেওঁ আহাবক এটা খবৰ দিবলৈ ভৱিষ্যবক্তা এলিয়াক পঠিয়ালে।
এলিয়াই আহাবক কʼলে যে তেওঁ যি বেয়া কাম কৰিলে, সেইবোৰৰ কাৰণে ইস্ৰায়েল দেশত বৰষুণ নহʼব। তিনি বছৰতকৈ বেছি সময় সেই দেশত শস্য নহʼল আৰু লোকসকল ভোকত থাকিল। পাছত যিহোৱাই এলিয়াক আকৌ আহাবৰ ওচৰলৈ পঠিয়ালে। ৰজাই এলিয়াক কʼলে, ‘তোমাৰ কাৰণেই এই সকলো সমস্যা হৈ আছে।’ কিন্তু এলিয়াই কʼলে, ‘এই খৰাং মোৰ কাৰণে হোৱা নাই, ইয়াৰ পৰিৱৰ্তে আপুনি বাল দেৱতাৰ পূজা কৰাৰ কাৰণে হৈছে। সত্য ঈশ্বৰ কোন হয়, আহক পৰীক্ষা কৰি চাওঁ। গোটেই দেশৰ লোকসকলক আৰু বাল দেৱতাৰ ভৱিষ্যবক্তাসকলক কৰ্মিল পাহাৰৰ ওপৰত একগোট কৰক।’
সকলোৱে পাহাৰৰ ওপৰত একগোট হʼল। এলিয়াই তেওঁলোকক কʼলে, ‘তোমালোকে নিৰ্ণয় কৰি লোৱা যে তোমালোকে কাক মানিবা। যদি যিহোৱা সত্য ঈশ্বৰে হয়, তেনেহʼলে তেওঁক মানা। আৰু যদি বাল সত্য ঈশ্বৰ হয়, তেনেহʼলে তাক মানা। সত্য ঈশ্বৰ কোন হয়, ইয়াৰ এটা পৰীক্ষা কৰি চাওঁ। বালৰ ৪৫০ জন ভৱিষ্যবক্তাই এটা বলিদান প্ৰস্তুত কৰক আৰু নিজৰ দেৱতাক মাতক। তাৰ পাছত মই এটা বলিদান প্ৰস্তুত কৰিম আৰু যিহোৱাক মাতিম। যিজনে জুই পঠিয়াই উত্তৰ দিব, তেৱেঁই সত্য ঈশ্বৰ।’ লোকসকল মান্তি হʼল।
বালৰ ভৱিষ্যবক্তাসকলে এটা বলিদান প্ৰস্তুত কৰিলে। তাৰ পাছত গোটেই দিন তেওঁলোকে নিজৰ দেৱতাক মাতি থাকিল, ‘হে বাল, আমাৰ শুনক!’ কিন্তু বালে একো উত্তৰ নিদিলে। তেতিয়া এলিয়াই তেওঁলোকক ঠাট্টা কৰিবলৈ ধৰিলে আৰু তেওঁলোকক কʼলে, ‘আৰু জোৰকৈ চিঞৰা, তেওঁ হয়তো শুই আছে আৰু কোনোবাই হয়তো গৈ তেওঁ জগাব লাগিব।’ বালৰ ভৱিষ্যবক্তাসকলে গধূলিলৈকে চিঞৰি থাকিল। কিন্তু একো উত্তৰ নাপালে।
ইয়াৰ পাছত এলিয়াই নিজৰ বলিদান বেদীৰ ওপৰত ৰাখিলে আৰু তাৰ ওপৰত বহুত পানী ঢালিলে। তাৰ পাছত তেওঁ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, এই লোকসকলক দেখুৱাই দিয়া যে তুমিয়েই সত্য ঈশ্বৰ হয়।’ তেতিয়া যিহোৱাই লগে লগে স্বৰ্গৰ পৰা জুই পঠিয়ালে, যাৰ বাবে বলিদানটো জ্বলি গʼল, তেতিয়া লোকসকলে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, ‘যিহোৱাই সত্য ঈশ্বৰ হয়!’ এলিয়াই কʼলে, ‘বালৰ ভৱিষ্যবক্তাসকলক পলাই যাবলৈ নিদিবা!’ সেই দিনা বালৰ ৪৫০ জন ভৱিষ্যবক্তাক মাৰি পেলোৱা হʼল।
যেতিয়া সমুদ্ৰত এডোখৰ ডাৱৰ দেখিবলৈ পোৱা গʼল, তেতিয়া এলিয়াই আহাবক কʼলে, ‘ধুমুহা বতাহ আহিবলগীয়া আছে। আপুনি নিজৰ ৰথত উঠি ঘৰলৈ গুচি যাওক।’ আকাশখন কʼলা ডাৱৰে ঢাকি ধৰিলে, তাৰ পাছত জোৰেৰে বতাহ বলিবলৈ ধৰিলে আৰু বৰষুণ হʼবলৈ ধৰিলে। শেষত খৰাং বতৰ শেষ হʼল। আহাবে নিজৰ ৰথ অতি বেগেৰে দৌৰাবলৈ ধৰিলে, কিন্তু এলিয়াই যিহোৱাৰ সহায়ত ৰথতকৈও অতি বেগেৰে দৌৰিবলৈ ধৰিলে! এতিয়া এলিয়াৰ সকলো সমস্যা শেষ হৈ গʼল নে? আহক চাওঁ।
“তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিৱীৰ ওপৰত সৰ্ব্বোপৰি জনা।”—গীতমালা ৮৩:১৮