ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৭
  • প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপখনৰপৰা আপুনি উপকৃত হৈছে নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপখনৰপৰা আপুনি উপকৃত হৈছে নে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • দৈনিক পাঠৰ পৰিয়াল তালিকা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়ালৰ মুখিয়ালসকল, এক উত্তম আধ্যাত্মিক তালিকা বজাই ৰাখক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়াল অধ্যয়নৰ বাবে এক ব্যৱহাৰিক তালিকা বনাওক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰতিদিনে যিহোৱাৰ বাক্যক বিবেচনা কৰক!
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপখনৰপৰা আপুনি উপকৃত হৈছে নে?

যিহোৱাৰ কাষ চাপিবলৈ আপুনি নিশ্চয় প্ৰতিদিনে কিবা নহয় কিবা কৰে। প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক নামৰ কিতাপখন পঢ়েনে? যদি এতিয়ালৈকে আপুনি পঢ়া নাই, তেনেহʼলে আজিৰপৰা এইদৰে কৰিব পাৰেনে? বহুতোলোকে ৰাতিপুৱাতে এই পাঠৰ বিষয়ে ধ্যান কৰে, যাতে তেওঁলোকৰ দৈনন্দিন কাম-কাজত সেইবোৰ ধ্যান কৰিব পাৰে। (যিহো ১:৮; গীত ১১৯:৯৭) আপুনি শাস্ত্ৰপদটোৰপৰা আৰু বেছিকৈ কেনেকৈ লাভৱান হʼব পাৰিব? ঘটনাটো বুজিবলৈ বাইবেল পদটোৰ আগে-পিছে থকা পদবোৰ পঢ়ক। বাইবেল পদটোত দিয়া সিদ্ধান্তটো বুজিবলৈ বাইবেলৰ কোনো এটা ঘটনাৰ বিষয়ে চিন্তা কৰক। তাৰ পাছত নিজৰ জীৱনত সিদ্ধান্তটো পালন কৰক। ঈশ্বৰৰ বাক্যৰ অনুসৰি নিৰ্ণয় কৰিলে, আপুনি ঈশ্বৰৰ নিৰ্দেশনাত চলাৰ দৰে হʼব আৰু ইয়াৰপৰা আপুনি সঁচাকৈ উপকৃত হʼব।—গীত ১১৯:১০৫.

গোটেই পৃথিৱীত থকা বেথেল পৰিয়ালে ৰাতিপুৱাৰ সময়ত প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপখনৰপৰা আলোচনা কৰে। বিগত বছৰবোৰত, ইয়াৰ বহুতো আলোচনা JW ব্ৰডকাষ্টিঙৰ প্ৰʼগ্ৰাম আৰু ঘটনা ভাগত যোগ কৰা হৈছে। আপুনি কেতিয়া এই কাৰ্য্যক্ৰমবোৰ চাইছিল? হয়তো এই কাৰ্য্যক্ৰমত এনে কিছুমান বিষয় আছে, যি আপোনাক সঁচাকৈ সহায় কৰিছিল। উদাহৰণস্বৰূপে, নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত আপুনি লোটৰ ঘটনাৰপৰা কি শিকিব পাৰে?

জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব (১যোহ ২:১৫) নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ৰাতিপুৱাৰ উপাসনাত ভাইজনে বাইবেলৰ কোনটো সিদ্ধান্তৰ ওপৰত আলোচনা কৰিছিল?

  • জগতক আৰু ইয়াৰ বস্তুবোৰ প্ৰেম কৰাৰ কি পৰিণাম হʼব পাৰে, তাক লোটৰ ঘটনাই কেনেকৈ তুলি ধৰে?—আদি ১৩:১২; ১৪:১২; ১৯:৩, ১২, ১৩, ২৪-২৬

  • আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি জগত বা ইয়াৰ বস্তুবোৰ নহয়, কিন্তু যিহোৱাক প্ৰেম কৰোঁ?

ছবি: এজন ভায়ে গোটেই দিনটো দৈনিক পাঠ আৰু টিপ্পনীৰপৰা প্ৰভাৱিত হৈছে। ১. পঢ়াৰ সময়ত স্বৰ্গদূতে লোট আৰু তেওঁৰ পৰিয়ালক হাতত ধৰি চদোমৰপৰা উলিয়াই লৈ অনা দৃশ্যটো কল্পনা কৰিছে। ২. কৰ্ম্মক্ষেত্ৰত দুপৰীয়াৰ আহাৰৰ সময়ত ৰাতিপুৱা পঢ়া কথাবোৰ কল্পনা কৰিছে। ৩. ঘৰত ৰাতিৰ সময়ত পুনৰ ৰাতিপুৱা পঢ়া কথাবোৰ কল্পনা কৰিছে।

মই গোটেই দিনটোত কেনেকৈ দেখুৱাব পাৰোঁ যে মই যিহোৱাৰ বাক্যক মূল্যৱান বুলি গণ্য কৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক