দৈনিক পাঠৰ পৰিয়াল তালিকা
১ নিজৰ লʼৰা-ছোৱালীৰ বাবে উত্তম খাদ্যৰ প্ৰবন্ধ কৰিবলৈ প্ৰেমময় পিতৃ-মাতৃয়ে বহু পৰিশ্ৰম কৰে। তেওঁলোকক ঈশ্বৰৰ বাক্যৰ পৰা পোৱা আধ্যাত্মিক পুষ্টিকতা প্ৰদান কৰাটো শাৰীৰিক আহাৰতকৈও অধিক গুৰুত্ব। (মথি ৪:৪) লʼৰা-ছোৱালীৰ আধ্যাত্মিক ৰুচি আৰু “পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি” পোৱাৰ এটা পদ্ধতি হৈছে, প্ৰত্যেক দিনা পৰিয়ালৰ সকলোৱে একেলগ হৈ দৈনিক পাঠ আলোচনা কৰি মন্তব্য দিয়া। (১ পিত. ২:২, ৩) আপুনি দৈনিক পাঠ বিবেচনা কৰাটো পৰিয়াল তালিকাৰ কোনটো সময়ত নিৰ্দ্ধাৰিত কৰিব পাৰে?
২ আহাৰ কৰাৰ সময়ত: আপুনি দিনটোৰ আৰম্ভণিতে দৈনিক পাঠৰ আলোচনা কৰাৰ দ্বাৰা গোটেই দিনটো পৰিয়ালৰ সদস্যসকলে যিহোৱাৰ ভাৱধাৰাৰ বিষয়ে মনত ৰাখাত সহায় কৰিব। (গীত ১৬:৮) এগৰাকী মাকে নিজৰ পুতেকে প্ৰত্যেক ৰাতিপুৱা জলপান কৰাৰ সময়ত দৈনিক পাঠ আলোচনা কৰি মন্তব্য দিবলৈ নিৰ্দ্ধাৰিত কৰিছিল আৰু প্ৰাৰ্থনাৰ পিছত পুতেকে স্কুললৈ গৈছিল। এনে কৰাৰ বাবে সি জাতীয়তাবাদ বিষয়, অনৈতিক কাৰ্য্যবোৰৰ অহিতে বিশ্বাসত দৃঢ় হৈ থাকিল আৰু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক সাহসেৰে সাক্ষী দিব পাৰিলে। স্কুলখনত তাইৰ পুতেকে যদিও একমাত্ৰ যিহোৱাৰ সাক্ষী আছিল, তথাপিও সি কেতিয়াও নিজকে অকলশৰীয়া বুলি অনুভৱ কৰা নাছিল।
৩ দৈনিক পাঠ আলোচনা কৰিবলৈ যদি ৰাতিপুৱাৰ সময়ত সুবিধা নহয়, তেনেহʼলে আপুনি দিনটোৰ পিছৰভাগত অৰ্থাৎ নিশাৰ আহাৰ কৰাৰ সময়ত পৰিয়ালৰ সৈতে একেলগে দৈনিক পাঠ আলোচনা কৰিবলৈ ব্যৱস্থা কৰিব পাৰে। তদুপৰি কিছুমানে প্ৰচাৰ কাৰ্য্যত হোৱা অভিজ্ঞতা আৰু বৰ্তমান সময়ত তেওঁলোকে বাইবেল পাঠ কৰি পোৱা কোনো বিষয়ৰ সম্পৰ্কে আলোচনা কৰে। পৰিয়ালৰ সকলোৱে একেলগে বহি আহাৰ কৰাৰ সময়ছোৱাত অতিবাহিত কৰা সময়খিনিক সুঁৱৰি বহুতে আনন্দৰ সময় বুলি উল্লেখ কৰে।
৪ নিশাৰ সময়ছোৱাত: কিছুমান পৰিয়ালৰ বাবে নিশা শুবলৈ যোৱাৰ পূৰ্বে দৈনিক পাঠ আলোচনা কৰিবলৈ সুবিধাজনক হয়। তদুপৰি এই সময়ছোৱাত পৰিয়ালৰ সকলোৱে একেলগে প্ৰাৰ্থনা কৰাৰ উত্তম সুবিধা পায়। লʼৰা-ছোৱালীয়ে যিহোৱা ঈশ্বৰৰ বিষয়ে কোৱা আপোনাৰ কথা-বতৰা আৰু প্ৰাৰ্থনা শুনি, তেওঁলোকৰ বাবেও যিহোৱা এজন বাস্তৱিক ব্যক্তি হৈ পৰিব।
৫ আপুনি লʼৰা-ছোৱালীৰ হৃদয়ত প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক সৰু কিতাপখনত পোৱা সত্যতাক প্ৰবিষ্ট কৰিবলৈ কৰা প্ৰচেষ্টাত সফল হʼবলৈ যিহোৱা ঈশ্বৰে অৱশ্যেই আপোনাক আশীৰ্ব্বাদ কৰিব।