পৰিয়ালৰ মুখিয়ালসকল, এক উত্তম আধ্যাত্মিক তালিকা বজাই ৰাখক
১ দানিয়েলে বহু বছৰ ধৰি বাবিলৰ মূৰ্ত্তিপূজা আৰু ভ্ৰষ্টাচাৰৰ মাজত বাস কৰাৰ স্বত্ত্বেও তেওঁ যিহোৱাক ‘সদায় সেৱা কৰা’ বুলি প্ৰখ্যাত হৈছিল। (দানি. ৬:১৬, ২০) তেওঁ কেনেকৈ আধ্যাত্মিকতাক বজাই ৰাখিছিল? বাইবেলে বৰ্ণনা কৰিছে যে সত্য উপাসনাৰ সৈতে সম্বন্ধ থকা সকলো কাৰ্য্যক সম্পন্ন কৰিবলৈ তেওঁৰ এক সুশৃঙ্খলাবদ্ধ তালিকা আছিল। উদাহৰণস্বৰূপে, নিয়ম অনুসাৰে তেওঁ দিনত তিনিবাৰকৈ নিজৰ ঘৰৰ ওপৰৰ কোঠালীত আঁঠু পাৰি প্ৰাৰ্থনা কৰিছিল। (দানি. ৬:১০) নিঃসন্দেহ, ঈশ্বৰৰ ব্যৱস্থাক পাঠ কৰা আৰু আন আন আধ্যাত্মিক কাৰ্য্যৰ প্ৰতিও তেওঁ এক উত্তম আৰ্হি ৰাখিলে। সেয়েহে তেওঁ মৰণৰূপী পৰীক্ষাৰ সন্মুখীন হৈছিল যদিও যিহোৱাৰ প্ৰতি থকা তেওঁৰ ভক্তি দৃঢ় হৈ থাকিল আৰু ঈশ্বৰে তেওঁক আচৰিতৰূপে উদ্ধাৰ কৰিলে।—দানি. ৬:৪-২২.
২ একেইদৰে আজি আমি “পৰ দি, সম্পূৰ্ণ ধৈৰ্য্য আৰু নিবেদনত লাগি” থাকিবলৈ কঠিন পৰিশ্ৰম কৰা উচিত। (ইফি. ৬:১৮) কিয়নো আমি বাস কৰা জগতখন “পাপ-আত্মাৰ অধীনত” আছে। (১ যোহ. ৫:১৯) সেয়েহে যি কোনো মুহূৰ্ত্ততে আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে। মহা-ক্লেশৰ সময়ত ঈশ্বৰৰ সেৱকসকলক গোগ দেশৰ মাগোগে সকলো ফালৰ পৰা আক্ৰমণ কৰিব, যাৰ পৰা উদ্ধাৰ পোৱাৰ কোনো পথ নাই যেন বোধ হʼব পাৰে। ইয়াৰ বাবে আমি সম্পূৰ্ণকৈ যিহোৱাৰ ওপৰত ভাৰসা কৰা আৱশ্যক।—যিহি. ৩৮:১৪-১৬.
৩ সেয়েহে ১৯৯৮ চনৰ জিলা অধিৱেশনত প্ৰদৰ্শন কৰা “পৰিয়ালে—নিয়মিতৰূপে বাইবেল পঢ়াটো আপোনাৰ জীৱনৰ পথ কৰি লওক!” নাটকখনত বৰ্ণনা কৰা হৈছিল যে “কাৰ্য্যকাৰী পৰিয়ালৰ বাইবেল পাঠ, অধ্যয়ন আৰু আলোচনাৰ মুখ্য কাৰণ হৈছে জীৱনৰ পথ।” আগলৈ সেই নাটকত এইদৰে কোৱা হৈছিল: “যেতিয়া পৰিয়ালে বাইবেলখন এনেধৰণৰ কাৰ্য্যক্ৰমৰ অনুসাৰে জীৱন্ত ৰূপ দি নিয়মীয়াকৈ পাঠ কৰে তেতিয়া বাইবেল আধাৰিত তালিকাই পৰিয়ালটোক গভীৰভাৱে প্ৰভাৱিত কৰে। ইয়ে আমাৰ জ্ঞান বৃদ্ধি, বিশ্বাস শক্তিশালী আৰু আমাৰ বাবে এনে লোকবিলাক অৰ্থাৎ প্ৰাচীন সময়ৰ বিশ্বাসী পুৰুষ আৰু স্ত্ৰীৰ আৰ্হি দাঙি ধৰে যিয়ে সত্যতাৰ পক্ষে দৃঢ়ভাৱে থিয় দিবলৈ অনুপ্ৰেৰিত কৰে। যেনেকৈ আমি ইয়াত উত্তম আধ্যাত্মিক তালিকাৰ কিছুমান দিশৰ বিষয়ে আলোচনা কৰিম, পৰিয়ালৰ মুখিয়ালসকলে তেওঁলোকৰ পৰিয়ালৰ আধ্যাত্মিক কাৰ্য্যক্ৰমক অধিক উন্নত কৰাৰ এটা বা দুটা পথ দেখিবলৈ পাব।
৪ নিতৌ ঈশ্বৰৰ বাক্য বিবেচনা কৰক: প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—২০০১ নামৰ পুস্তিকাখনৰ ছেপ্টেম্বৰ ১১ তাৰিখৰ অন্তৰ্গত দিয়া শাস্ত্ৰ পদৰ মন্তব্যত এইদৰে বৰ্ণনা কৰা হৈছিল “যেতিয়া কোনো বিৰোধিতা নোহোৱাকৈ ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼব তেতিয়া তেওঁৰ উদ্দেশ্যৰ অনুসাৰে যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীখনকো দুষ্ট লোক আনকি হিস্ৰ জীৱ-জন্তুৰ পৰা মুক্ত কৰিব, যʼত ‘কোনেও কাকো হিংসা বা বিনষ্ট নকৰিব।’ (যিচ. ১১:৯; মথি ৬:৯, ১০)” এই স্মৰণীয় বাক্যশাৰী কিমান যে শান্ত্বনাদায়ক প্ৰমাণিত হʼল! এজন পৰিয়ালৰ মুখিয়াল হিচাবে আপুনি নিজৰ পৰিয়ালৰ সৈতে নিতৌ বাইবেল পদসমূহ আলোচনা কৰাটোক অভ্যাসত পৰিণত কৰিছেনে? কিয়নো ইয়েই হৈছে আটাইতকৈ লাভজনক। যদি ৰাতিপূৱা বিভিন্ন কাৰণৰ বাবে সকলোৱে একত্ৰিত হʼব নোৱাৰে তেনেহʼলে আপুনি হয়তো দিনটোৰ আন এটা সময়ত পৰিয়ালৰ সকলোৱে একত্ৰিত হৈ আলোচনা কৰিব পাৰে। এজন পিতৃয়ে এইদৰে কয়: “আমাৰ বাবে নিশা আহাৰ কৰাৰ সময়ছোৱা হৈছে বাইবেল পদৰ পৰা আলোচনা কৰাটো উপযুক্ত সময়।”
৫ যদি আপোনাৰ ওচৰত শাস্ত্ৰ পদসমূহৰ পৰা আলোচনা কৰাৰ এক উত্তম তালিকা আছে তেন্তে তাৰ বাবে আপুনি সঁচাকৈ প্ৰশংসাৰ যোগ্য। সম্ভৱতঃ একেই সময়ত আপুনি হয়তো বাইবেল পাঠ কৰিও অধিক উন্নতি কৰিব পাৰে। দিনটোৰ বাবে দিয়া শাস্ত্ৰ পদৰ সম্পূৰ্ণ অধ্যায়ৰ পাঠ কৰাৰো কিছুমানৰ অভ্যাস আছে। আনসকলে বাইবেলৰ কোনো নিৰ্ব্বাচিত কিতাপক আৰম্ভ কৰি আনুক্ৰমিক অনুসাৰে পাঠ কৰে। নিতৌ বাইবেল পাঠ কৰাৰ দ্বাৰা আপোনাৰ পৰিয়ালে যিহোৱাৰ প্ৰতি স্ফূৰ্তিদায়ক ভয় বিকাশিত আৰু তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ অধিক আগ্ৰহী হোৱাত সহায় লাভ কৰিব।—দ্বিতী. ১৭:১৮-২০.
৬ আপোনাৰ পৰিয়ালে বাইবেল অধ্যয়ন আৰু নিতৌ শাস্ত্ৰ পদ বিবেচনা কৰাৰ পৰা অধিক লাভবান হʼবলৈ বিষয়বস্তুবোৰৰ ব্যৱহাৰিক সংবাদসমূহত ধ্যান কৰা উচিত। এই বিষয়ে পৰিচৰ্য্যা স্কুল পাঠ্যপুস্তকৰ ৬০ পৃষ্ঠাত এইদৰে পৰামৰ্শ আগবঢ়াইছে: “আপুনি হয়তো সপ্তাহিক বাইবেল পাঠৰ তালিকাত দিয়া কিছুমান পদ . . . বাছনি কৰি তাৰ অৰ্থ বিবেচনা কৰক আৰু নিজকে এই প্ৰশ্নসমূহ সোধক: ‘ই আমাৰ বাবে কেনে মাৰ্গদৰ্শন আগবঢ়াই? আমি এই পদটোক প্ৰচাৰ কাৰ্য্যত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ? এই পদটোৱে যিহোৱা আৰু তেওঁৰ কাৰ্য্য কৰা প্ৰণালীৰ বিষয়ে কি প্ৰকাশ কৰে। তদুপৰি এই পদটোৱে তেওঁৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতাক কেনেকৈ বৃদ্ধি কৰে?’” এনেধৰণৰ আধ্যাত্মিক কথোপকথনে আপোনাৰ পৰিয়ালটোক “[যিহোৱাৰ, NW] ইচ্ছা কি তাক জ্ঞাত” হʼবলৈ সহায় কৰিব।—ইফি. ৫:১৬-১৭.
৭ পৰিয়াল অধ্যয়ন: প্ৰত্যেক সপ্তাহে নিয়মীয়াকৈ কৰা পৰিয়াল অধ্যয়নৰ বাবে পৰিয়ালৰ মুখিয়ালে নিজৰ লʼৰা-ছোৱালীক আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি প্ৰথম স্থান দিয়াৰ বিষয়ে বুজাবলৈ সহায় কৰে। এই বিষয়ে এজন ডেকা ব্যক্তিয়ে এইদৰে কৈছিল: “কেতিয়াবা মোৰ দেউতাই চাকৰিৰ পৰা ক্লান্ত হৈ ঘৰলৈ আহে, তথাপিও তেওঁ নিয়মীয়াকৈ পৰিয়াল অধ্যয়ন কৰিছিল আৰু এনে কৰাৰ বাবে আমি ইয়াৰ গুৰুত্বতাক বুজিব পাৰিছিলোঁ।” এই ব্যৱস্থাক সফল কৰি তুলিবলৈ লʼৰা-ছোৱালীবিলাকেও সহযোগ কৰিব পাৰে। নজনীয়া এটা পৰিয়ালৰ সদস্যসকলে দিনটোৰ আন ভাগত অসুবিধা হোৱাৰ বাবে প্ৰত্যেকে পূৱা ৫ বজাত উঠি তেওঁলোকৰ পৰিয়াল অধ্যয়ন কৰিছিল।
৮ পৰিয়াল অধ্যয়নক কাৰ্য্যকাৰী কৰি তুলিবলৈ পৰিয়ালৰ মুখিয়ালে ‘নিজৰ শিক্ষাদান কৰাৰ বিষয়ে সাৱধান হোৱা’ উচিত। (১ তীম. ৪:১৬) পৰিচৰ্য্যা স্কুল পাঠ্যপুস্তকৰ ৩২ পৃষ্ঠাত এইদৰে কোৱা হৈছে: “পৰিয়ালৰ আধ্যাত্মিক আৱশ্যকতাৰ অনুসাৰে অধ্যয়ন কৰাকে কাৰ্য্যকাৰী পৰিয়াল অধ্যয়ন বুলি কʼব পাৰি। আপোনাৰ পৰিয়ালৰ সদস্যসকলে কেনেকৈ আধ্যাত্মিকৰূপে উন্নতি কৰিছে? . . . লʼৰা-ছোৱালীয়ে আপোনাৰ সৈতে প্ৰচাৰ ক্ষেত্ৰত ভাগ লওঁতে নিজৰ সহপাঠীসকলৰ আগত নিজকে যিহোৱাৰ সাক্ষী বুলি পৰিচয় দিবলৈ সহজ অনুভৱ কৰেনে? তেওঁলোকে পৰিয়াল অধ্যয়ন কাৰ্য্যক্ৰমত বাইবেল পাঠ আৰু অধ্যয়ন কৰি আনন্দিত হয়নে? তেওঁলোকে বাস্তৱতে যিহোৱাৰ অনুসাৰে জীৱনৰ পথত চলিছেনে? পৰিয়ালৰ মুখিয়ালৰূপে আপুনি পৰিয়ালৰ সদস্যসকলৰ আধ্যাত্মিক গুণসমূহক বৃদ্ধি কৰিবলৈ তেওঁলোকৰ আৱশ্যকতাক ভালদৰে নিৰীক্ষণ কৰক।”
৯ মণ্ডলীৰ সভাসমূহ: মণ্ডলীত উপস্থিত হোৱাৰ পূৰ্বে তাৰ বাবে প্ৰস্তুত কৰাটো সপ্তাহিক তালিকাৰ এটা মুখ্য ভাগ হোৱা উচিত। (ইব্ৰী ১০:২৪, ২৫) কোনো সময়ত হয়তো আপুনি পৰিয়ালৰ সৈতে সভাৰ বাবে প্ৰস্তুত কৰিব পাৰে। শেষ পৰ্য্যন্তলৈকে ৰৈ থকাৰ পৰিৱৰ্তে আপুনি আগতীয়াকৈ প্ৰস্তুতি কৰিব নোৱাৰেনে? এই সম্বন্ধে এখন নিয়মীয়া তালিকাই আপোনাৰ প্ৰস্তুতি কৰাৰ গুণ আৰু সভাৰ পৰা অধিক লাভবান হʼবলৈ সহায় কৰিব।—হিতো. ২১:৫.
১০ গুণগত বৈশিষ্ট্য আৰু দৃঢ়তা হৈছে এখন কাৰ্য্যকাৰী তালিকাৰ অভিলক্ষণ। যদি পৰিস্থিয়ে সভাৰ বাবে প্ৰস্তুতি কৰাত বাধা উৎপন্ন কৰে তেনে অৱস্থাত কি কৰিব পাৰি? পৰিচৰ্য্যা স্কুল পাঠ্যপুস্তকৰ ৩১ পৃষ্ঠাত এইদৰে পৰামৰ্শ দিয়া হৈছে: “আপুনি সকলোকে কৰিব নোৱাৰাৰ বাবে খৰখেদাকৈ সম্পূৰ্ণ বিষয়বস্তুক কেৱল তৈয়াৰ কৰাৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰা বা অধ্যয়ন কৰাৰ পৰা বিৰত থাকক। ইয়াৰ পৰিৱৰ্তে আপুনি কিমানখিনি অধ্যয়ন কৰিব পাৰিব তাক নিৰ্ণয় লৈ ভালকৈ তৈয়াৰ কৰক। প্ৰত্যেক সপ্তাহে তেনে কৰক। এটা সময়ত আপুনি আন সভাবোৰৰ বাবেও তৈয়াৰ কৰিব পাৰিব।
১১ পৰিয়ালে সভাত সোনকালে উপস্থিত হোৱাৰ দ্বাৰা যিহোৱাৰ স্তুতি কৰাত সঠিক মনোবৃত্তি ৰাখিব আৰু তাত আগবঢ়োৱা নিৰ্দ্দেশনাৰ যোগেদি লাভবান হʼব। আপোনাৰ পৰিয়ালে সভাত সোনকালে উপস্থিত হোৱাৰ অভ্যাস আছেনে? ইয়াৰ বাবে ভাল পৰিকল্পনা আৰু পৰিয়ালৰ সকলো সদস্যৰ সহযোগৰ আৱশ্যক। যদি আপুনি জানিব পাৰিছে যে আপোনাৰ পৰিয়ালে সভাত উপস্থিত হʼবলৈ সদায়ে খৰখেদা আৰু কঠিন অনুভৱ কৰে তেনেহʼলে আপোনাৰ তালিকাত অলপ সাল-সলনি কৰিব পাৰেনে? এনেবোৰ কাৰ্য্য আছেনে যাক আগতিয়াকৈ কৰিব পাৰি? যদি এজন পৰিয়ালৰ সদস্যই অধিক ঘৰুৱা কাম বা আন কামত ব্যস্ত হৈ পৰিছে, তেন্তে পৰিয়ালৰ আন সদস্যসকলে তেওঁক বা তাইক সহায় কৰিব পাৰিবনে? যদি পৰিয়ালৰ সকলো সদস্যই অলপ সময়ৰ পূৰ্বে সভালৈ যায় তেন্তে ইয়ে হেঁচাৰ হ্ৰাস কৰিব নে? উত্তম পৰিকল্পনাই পৰিয়াল আৰু মণ্ডলী এই উভয়তে এক শান্তিৰ মনোবৃত্তি গঢ়ি তুলে।—১ কৰি. ১৪:৩৩, ৪০.
১২ প্ৰচাৰ কাৰ্য্য: পৰিচৰ্য্যা কাৰ্য্যত ভাগ লবলৈ আছুতিয়াকৈ সময় ৰখাটোৱেই হৈছে উত্তম পৰিকল্পনাৰ আন এটা মুখ্য ভাগ। জেচন্ নামৰ এজন ডেকা ব্যক্তিয়ে এইদৰে কয়: “মোৰ পৰিয়ালে প্ৰত্যেক শনিবাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লয়। মোৰ বাবে এইটো অতি উত্তম ব্যৱস্থা আছিল, কিয়নো যিমানবাৰ মই প্ৰচাৰলৈ ওলাই গৈছিলোঁ, সিমানবাৰ মই সফলতা লাভ কৰি আনন্দিত হৈছিলোঁ।” খ্ৰীষ্টান পৰিয়ালত ডাঙৰ-দীঘল হোৱা বহুতে এইদৰে অনুভৱী হৈছে যে প্ৰত্যেক সপ্তাহৰ এটা নিৰ্দ্দিষ্ট সময়ত পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈ তেওঁলোকে খ্ৰীষ্টান পৰিচৰ্য্যাত উন্নতি কৰাত সহায় লাভ কৰিছে।
১৩ তদুপৰি এখন ভাল তালিকাই আপোনাৰ পৰিয়ালৰ সদস্যসকলক অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰি সফলতা লাভ কৰিবলৈ সহায় কৰিব পাৰে। এইটো কেনেকৈ কৰিব পাৰি? এই বিষয়ে জুলাই ১, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ, ২১ পৃষ্ঠাত এইদৰে পৰামৰ্শ দিয়া হৈছে: “আপুনি সপ্তাহিক প্ৰচাৰ কাৰ্য্যৰ বাবে প্ৰস্তুত কৰিবলৈ পৰিয়ালৰ অধ্যয়নৰ সময়ত মাজে মাজে পৰিয়ালৰ সদস্যসকলক সহায় কৰেনে? এইদৰে কাৰাৰ দ্বাৰা আপুনি অধিক লাভবান হʼব। (২ তীমথিয় ২:১৫) ইয়ে প্ৰচাৰ কাৰ্য্যক অধিক অৰ্থপূৰ্ণ আৰু কাৰ্য্যকাৰী কৰি তুলিবলৈ তেওঁলোকক সহায় কৰিব। মাজে সময়ে আপুনি পৰিয়াল অধ্যয়নৰ পৰা সময় উলিয়াই তেনেদৰে তৈয়াৰ কৰিব পাৰে। আপুনি পৰিয়াল অধ্যয়নত বা সপ্তাহৰ আন এটা দিনত পৰিচৰ্য্যা কাৰ্য্যৰ বাবে চমুকৈ সঘনাই আলোচনা কৰিব পাৰে।” আপোনাৰ পৰিয়ালে এনেদৰে কৰিবলৈ চেষ্টা কৰিছেনে?
১৪ একেৰাহে উন্নতি কৰা: এই আলোচনাৰ বিষয়ে মনত ৰাখি আপোনাৰ পৰিয়ালে কেনেবোৰ দিশত উত্তমৰূপে উন্নতি কৰিছে তাক আপুনি লক্ষ্য কৰিছেনে? তাৰবাবে তেওঁলোকক প্ৰশংসা কৰক আৰু সেই দিশবোৰত অধিক উন্নতি কৰাত চেষ্টা কৰিবলৈ উৎসাহিত কৰক। যদি আপুনি উন্নতি কৰাৰ আৱশ্যকতাক দেখিছে, তেনেহʼলে সৰ্বপ্ৰথমে তাৰে এটা বা দুটাক বাছনি কৰি তাৰ ওপৰত কাৰ্য্য কৰক। যেতিয়া সেইবোৰ আপোনাৰ আধ্যাত্মিক তালিকাৰ ভাগ হৈ পৰে তেতিয়া আন এটা বা দুটাত কাৰ্য্য কৰক। ইয়াৰ বাবে যথাৰ্থতা আৰু যুক্তিসঙ্গত হওক। (ফিলি. ৪:৪, ৫) আপোনাৰ পৰিয়ালৰ বাবে এখন উত্তম আধ্যাত্মিক তালিকা তৈয়াৰ কৰিবলৈ যদিও অধিক পৰিশ্ৰম কৰা আৱশ্যক, কিন্তু সেইটো বহুমূল্য আৰু এইবাবে যিহোৱাই এইদৰে আশ্বাস দিছে: “যি মানুহে নিজ পথ ঠিক কৰে, মই তাক ঈশ্বৰৰ পৰিত্ৰাণ ভোগ কৰাম।”—গীত. ৫০:২৩.