কেনেকৈ পৰিয়ালৰ সদস্যসকলে—বাইবেল অধ্যয়নত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াব
১ সত্যই পৰিয়াল জীৱনৰ প্ৰকৃত উদ্দেশ্য আৰু অৰ্থ বুজিবলৈ সহায় কৰে, কিন্তু যিহোৱাৰ সেৱাত সফলতা আপোনা-আপুনি নাহে। এখন ঘৰ বা গৃহস্থালীক, আধ্যাত্মিকত শক্তিশালীৰূপে গঢ়ি তুলিবলৈ সময় আৰু চেষ্টাৰ আৱশ্যক। ইয়াৰ বাবে পৰিয়ালৰ সকলোৱে একগোট হৈ কাৰ্য্য কৰাত প্ৰচেষ্টা কৰা আৱশ্যক। তিনিটা ভাগত বিভক্ত কৰা এই প্ৰথম প্ৰবন্ধই কেনেকৈ পৰিয়ালে ভাল অধ্যয়নৰ অভ্যাস বৃদ্ধি কৰাত সহযোগিতা দিব পাৰে এই সম্পৰ্কে ধ্যান কেন্দ্ৰীত কৰা হব।
২ দৈনন্দিন বাইবেল পঢ়াৰ দ্বাৰা: হিতোপদেশ ২৪:৫ পদত কৈছে যে “বুদ্ধিমান লোকে পৰাক্ৰমত বৃদ্ধি পায়।” ঈশ্বৰৰ বাক্য নিয়মিতৰূপে পঢ়াৰ দ্বাৰা প্ৰাপ্ত কৰা জ্ঞানে এজন ব্যক্তিক আধ্যাত্মিকৰ ওপৰত কৰা চয়তানৰ আক্ৰমণক প্ৰতিৰোধ কৰিবলৈ ভিতৰুৱা শক্তি প্ৰদান কৰে। (গীত. ১:১, ২) আপুনি পৰিয়ালৰূপে একগোট হয় নিতৌ বাইবেল পঢ়েনে? বছৰৰ প্ৰত্যেক সপ্তাহৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকাত এটা “অতিৰিক্ত বাইবেল-পাঠৰ তালিকা”-ৰ পৰিলেখ থাকে। প্ৰত্যেক দিনে পৰিয়ালে ইয়াক অনুকৰণ কৰিবলৈ মাত্ৰ দহ মিনিট সময়ৰ প্ৰয়োজন। উপযোগী সময়ৰ বাচঁনি কৰক, যেনেকৈ পুৱাৰ জলপানৰ সময়ত, নিশা আহাৰৰ পিছত বা শুবলৈ যোৱাৰ আগতে বাইবেল পঢ়ক আৰু শাস্ত্ৰবচনৰ পৰীক্ষা কৰক পুস্তিকাৰ পৰা দিনটোৰ পাঠ আলোচনা কৰক। এইটো আপোনাৰ পৰিয়ালত প্ৰত্যেক দিনৰ তালিকাৰ এটা অংশ বনাওঁক।
৩ প্ৰত্যেক সপ্তাহত একেলগে অধ্যয়ন কৰাৰ দ্বাৰা: পৰিয়াল বাইবেল অধ্যয়ন পৰিয়ালৰ সপ্তাহৰ এটা প্ৰধান বৈশিষ্ট্য হোৱা উচিত। প্ৰত্যেক সদস্যই আগ্ৰহেৰে এই অধ্যয়নত ভাগ লৈ ইয়াক সমৰ্থন কৰিবলৈ কৃতজ্ঞতা হোৱা উচিত। পৰিয়ালৰ মুখীয়ালে পৰিয়ালৰ আৱশ্যকতা অনুসৰি অধ্যয়নৰ বিষয়বস্তু, দিন, সময় আৰু অধ্যয়নৰ দীৰ্ঘতাক নিৰ্ণয় কৰিব পাৰে। সপ্তাহিক তালিকাত পৰিয়াল অধ্যয়নক শ্ৰেষ্ঠতা দিয়ক। কম গুৰুত্ব থকা বিষয়বোৰক হস্তক্ষেপ কৰিবলৈ অনুমতি নিদিব।—ফিলি. ১:১০, ১১.
৪ এজন পিতৃ, যিজনে ঘৰত ব্যৱসায়ৰ সমন্ধে টেলিফোনৰ দ্বাৰা প্ৰায়ে সংবাদ পাই থকাৰ বাবে তেওঁ পৰিয়ালৰ অধ্যয়নৰ সময়ত টেলিফোন অসংযোগ কৰে। যদি গ্ৰাহকসকল ঘৰলৈ আহে, তেন্তে তেওঁ তেওঁলোকক অধ্যয়নত যোগ দিবলৈ নিমন্ত্ৰণ জনাইছিল বা অধ্যয়ন শেষ হোৱা লৈকে অপেক্ষা কৰিবলৈ কৈছিল। সেই পিতৃজন দৃঢ়সঙ্কল্প আছিল যাতে কোনো বিষয়ে পৰিয়াল অধ্যয়নত হস্তক্ষেপ কৰিব নোৱাৰে। এইটো তেওঁৰ সন্তানসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেওঁ ব্যৱসায় ক্ষেত্ৰতো কৃতকাৰ্য্য লাভ কৰিছিল।
৫ কিমান যে আনন্দদায়ক হয় যেতিয়া পৰিয়ালৰ সদস্যসকলে আধ্যাত্মিক কাৰ্য্যকলাপত সহযোগিতা আগবঢ়ায়! পৰিয়াল বাইবেল অধ্যয়নত সম্পূৰ্ণৰূপে ভাগ লবলৈ বিশ্বাসৰে কৰা আমাৰ প্ৰচেষ্টাই যিহোৱাৰ আৰ্শীব্বাদ আনিব।—গীত. ১:৩.