সকলো বয়সৰ লোকক সুখী পৰিয়ালৰ কিতাপখন আগবঢ়াওঁক
১ কেলিফʼৰ্ণিয়াৰ এজন ১১ বছৰীয়া লʼৰাই এই সুখী পৰিয়ালৰ ৰহস্য কিতাপখনৰ বাবে তেওঁ প্ৰশংসা কৰিছিল। তেওঁ এইদৰে লিখিছিল: “মই এই কিতাপখনৰ বাবে বহু কৃতজ্ঞ আৰু মই অন্য পৰিয়ালক এইখন পঢ়িবলৈ উৎসাহিত কৰোঁ কিয়নো ইয়াত থকা কথাবোৰ সকলোতকৈ উত্তম। এই কিতাপখনে . . . মোৰ পৰিয়ালক শান্তি আৰু সুখ বিচাৰি পাবলৈ সহায় কৰিলে।” এই লʼৰাজনৰ অনুভৱে আমাক সকলো বয়সৰ লোকক সুখী পৰিয়ালৰ কিতাপখন আগবঢ়াবলৈ উৎসাহিত কৰা উচিত। ইয়াত কিছুমান পৰামৰ্শ আগবঢ়োৱা হৈছে যাতে আপুনি ফেব্ৰুৱাৰী মাহৰ পৰিচৰ্য্যা কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে।
২ যেতিয়া এজন যুৱকক লগ পাই, আপুনি কব পাৰে:
◼ “আপোনাৰ বয়সৰ বহুতো লোকে বিবাহৰ বিষয়ে চিন্তা কৰে। কিন্তু আপুনি এই বিষয়টোৰ ওপৰত নিৰ্ভৰযোগ্য সংবাদ কʼত পাব? [উত্তৰ বাবে সময় দিয়ক।] যুৱকসকলে প্ৰায়ে কয় যে তেওঁলোক বিবাহৰ বাবে উপযুক্ত হয় নে নহয় ইয়াৰ বাবে তেওঁলোক নিশ্চিত নহয়। এই কিতাপখনে সেই বিষয়টোৰ সমন্ধে কি কয় তাক আপোনাৰ সৈতে বিলাবলৈ মোক অনুমতি দিয়ক।” সুখী পৰিয়ালৰ কিতাপখনৰ ১৪ পৃষ্ঠাৰ ৩ অনুচ্ছেদটো পঢ়ক। তাৰপাছত অধ্যায়টোত থকা প্ৰত্যেক উপশীৰ্ষৰ উল্লেখ কৰক। কিতাপখন আগবঢ়াওঁক আৰু পুনৰ সাক্ষাত কৰিবলৈ ব্যৱস্থা কৰক।
৩ যেতিয়া কোনো পিতৃ-মাতৃৰ সৈতে কথা-বতৰা হয়, আপুনি কব পাৰে:
◼ “আমি পিতৃ-মাতৃৰ লগত কিছুমান ব্যৱহাৰিক নিৰ্দেশনাৰ বিষয়ে আলোচনা কৰিছো যি সচাঁকৈ সন্তানক প্ৰতিপালন কৰিবলৈ সহায় কৰে। এইবোৰ এই সুখী পৰিয়ালৰ ৰহস্য কিতাপখনত লিখা হৈছে।” ৫৫ পৃষ্ঠাৰ ১০ আৰু ১১ অনুচ্ছেদৰ সৈতে দ্বিতীয় বিবৰণ ৬:৬, ৭ পদটো পঢ়ক। আৰু ১২ পৰা ১৬ অনুচ্ছেদত থকা হেলনীয়াকৈ লিখা বাক্যবোৰ উল্লেখ কৰক। আৰু কওঁক: “পিতৃ-মাতৃৰূপে মহান সফলতা প্ৰাপ্ত কৰিবলৈ এই কিতাপখনে বহুতকে সহায় কৰিছে। যদি আপুনি পঢ়িবলৈ ইচ্ছুক, তেনেহʼলে মই এই কিতাপখন আপোনাক দিবলৈ আনন্দিত হম।”
৪ যেতিয়া এজন বয়সস্থ ব্যক্তিৰ সৈতে কথা-বতৰা হয়, আপুনি কব পাৰে:
◼ “মই এই চমু মন্তব্য পঢ়াৰ পিছত, আপুনি কি ভাৱিছে তাৰ বিষয়ে অনুগ্ৰহ কৰি মোক কওঁক।” সুখী পৰিয়ালৰ ৰহস্য কিতাপখনৰ ১৬৯ পৃষ্ঠাৰ পৰা, ১৭ অনুচ্ছেদৰ প্ৰথম দুই শাৰী পঢ়ক। আৰু উত্তৰ বাবে প্ৰশ্ন কৰক। উত্তৰৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কিতাপখন আগবঢ়োৱাৰ আগতে পৰবৰ্ত্তী উদ্ধৃতি বাক্যবোৰ পঢ়িব পাৰে।
৫ যেতিয়া সুখী পৰিয়ালৰ কিতাপখন আগবঢ়াই তেতিয়া বাইবেল অধ্যয়ন আৰম্ভ কৰা প্ৰচেষ্টাক মনত ৰাখক। বিচাৰে ব্ৰচাৰখনৰ পাঠ ৮ বা জ্ঞান কিতাপখনৰ ১৫ অধ্যায়ত হয়তো বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এটা উপযুক্ত বিষয় হব। এইধৰণে, আহঁক আমি সকলো বয়সৰ লোকক এক সুখী খ্ৰীষ্টান পৰিয়ালৰ জীৱন গঢ়ি তুলিবলৈ তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰোঁহঁক।