বিশ্বজুৰি যীচুৰ মৃত্যুক স্মৰণ কৰা
১ যিহোৱাই আমাক প্ৰচুৰ পৰিমাণে উপহাৰ দান কৰিছে। তেওঁৰ শ্ৰেষ্ঠত্বা আৰু প্ৰেম হৈছে অতুলনীয়, যাৰ বিষয়ে এইদৰে বৰ্ণনা কৰা হৈছে ‘ঈশ্বৰৰ বৰ্ণনাতীত দান।’ হয়, ‘ঈশ্বৰৰ মহৎ অনুগ্ৰহ’ ইমানে আচৰিত যে ইয়াক বৰ্ণনা কৰাটো আমাৰ ক্ষমতাৰ বাহিৰত।—২ কৰি. ৯:১৪, ১৫.
২ তেওঁৰ মহান উপহাৰ: মানৱজাতিৰ মুক্তিকৰ্তাৰূপে, যীচু সকলোৰ বাবে মহান উপহাৰ। জগতৰ মানৱজাতিৰ প্ৰতি থকা তেওঁৰ মহৎ প্ৰেমক প্ৰকাশ কৰি, যিহোৱাই তেওঁৰ একমাত্ৰ প্ৰিয়পুত্ৰক দান কৰিলে। (যোহ. ৩:১৬) ঈশ্বৰৰ পৰা পোৱা এনেধৰণৰ মহান আশীৰ্ব্বাদক গোটেই বিশ্বজুৰি স্মৰণ কৰা হয়। কেতিয়া আৰু কেনেকৈ? এপ্ৰিল ১, ১৯৯৯ চনৰ বৃহস্পতিবাৰৰ সন্ধ্যা, গোটেই বিশ্বত খ্ৰীষ্টানসকলে সকলোৰ বাবে এই মহান বলিদানক পালন কৰাৰ দ্বাৰা প্ৰভুৰ সন্ধ্যাৰ ভোজক স্মৰণ কৰিব।—১ কৰি. ১১:২০, ২৩-২৬.
৩ যদিও “আমি পাপী আছিলোঁ” খ্ৰীষ্ট আমাৰ বাবে মৰিল, আৰু আমি তেওঁৰ মৃত্যুৰ স্মৰণীয় পৰ্ব্ব পালন কৰি আৰু অন্যলোকক এই অতি মহত্বপূৰ্ণ সুযোগত আমাৰ সৈতে উপস্থিত হবলৈ আমন্ত্ৰণ দি আমাৰ ব্যক্তিগত কৃতজ্ঞতা দেখুৱাব পাৰোঁ।—ৰোম. ৫:৮.
৪ অতি মহত্বপূৰ্ণ ঘটনা: খ্ৰীষ্টৰ মৃত্যুক পালন কৰাৰ প্ৰধান বৈশিষ্যতা হৈছে, তেওঁ যে ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ দোষমুক্ত কৰিলে তাক সমৰ্থন কৰা। ই আমাক এইটোও স্মৰণ কৰাই যে যীচুৰ বলিদানত বিশ্বাস প্ৰকাশ কৰি যিহোৱাৰ সন্মূখত এক শুদ্ধ স্তৰৰ আনন্দ প্ৰাপ্ত কৰিব পাৰোঁ আৰু ইয়ে উদ্ধাৰৰ আশা দিয়ে। (পাঁচ. ৪:১২) সচাঁকৈ, এইটো হৈছে বছৰৰ অতি মহত্বপূৰ্ণ ঘটনা!
৫ আমাৰ সৈতে প্ৰভুৰ সন্ধ্যা ভোজ পালন কৰিবলৈ লোকসকলক নিমন্ত্ৰণ দিয়াৰ দ্বাৰা ওচৰ-চুবুৰীয়াৰ প্ৰতি আমাৰ প্ৰেম প্ৰকাশ হয়। মুক্তিস্বৰূপৰ লাভ সেই লাখ লাখ লোকৰ বাবে উপলব্ধ যিসকলে ইয়াৰ উত্তম মূল্যৰ বিষয়ে শিকে। (ফিলি. ৩:৮) যিসকলে খ্ৰীষ্টৰ বলিদানত নিজৰ বিশ্বাস প্ৰকাশ কৰে তেওঁলোকে অনন্ত জীৱন প্ৰাপ্ত কৰিব পাৰে।—যোহ. ১৭:৩.
৬ স্মাৰকে ঈশ্বৰৰ মহৎ অনুগ্ৰহৰ সফলতাক প্ৰশংসা কৰিবলৈ আমাৰ বাবে বিশেষ সুযোগ আগবঢ়াইছে। ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা উৎসাহেৰে প্ৰচাৰ কৰিবলৈ এইটো হৈছে এটা উপযুক্ত সময়। যিসকলে প্ৰাৰ্থনাপূৰ্বক ঈশ্বৰৰ বৰ্ণনাতীত দানক প্ৰতিফলিত কৰে আৰু এই বছৰৰ প্ৰভুৰ সন্ধ্যা ভোজ উদ্যাপনত উপস্থিত হবলৈ প্ৰস্তুত কৰে তেওঁলোকৰ বাবে মহান উপকাৰসমূহ অপেক্ষা কৰি আছে।