ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/৯৯ পৃষ্ঠা ১
  • তেওঁলোকক উপস্থিত হবলৈ নিমন্ত্ৰণ দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁলোকক উপস্থিত হবলৈ নিমন্ত্ৰণ দিয়ক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আমাৰ সভাবোৰত আপুনি কি শিকিব পাৰিব?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • ‘সঠিক মন ৰখা লোকসকলক’ সোনকালে সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মই কাক নিমন্ত্ৰণ কৰিম?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/৯৯ পৃষ্ঠা ১

তেওঁলোকক উপস্থিত হবলৈ নিমন্ত্ৰণ দিয়ক

১ শতাব্দীৰ আগতে এটা নিমন্ত্ৰণৰ বিষয়ে কৰা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি বৰ্তমান সময়ত গোটেই জগতৰ ২৩৩ দেশত সাহঁৰি জনোৱা হৈছে: “বʼলা, আমি যিহোৱাৰ পৰ্ব্বতটিলৈ . . . উঠি যাওহঁক; তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিম।” (যিচ. ২:৩) লোকসকলক যিহোৱাৰ সংগঠনলৈ বাট দেখুৱাই হৈছে এটা উত্তম পথ যাৰ দ্বাৰা আমি তেওঁলোকক আধ্যাত্মিকত উন্নতি কৰিবলৈ সহায় কৰিব পাৰোঁ যিয়ে অনন্ত জীৱনলৈ লৈ যায়।

২ কিছুমান প্ৰচাৰকে গৃহ বাইবেল অধ্যয়নত লোকসকলে যেতিয়ালৈকে গ্ৰাহ্য কৰা উন্নতিৰ প্ৰদৰ্শন নকৰে তেতিয়ালৈকে তেওঁলোকক নিমন্ত্ৰণ দিবলৈ কুণ্ঠাবোধ কৰে। যিহেতু, কেতিয়াবা লোকসকলক বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে মণ্ডলীৰ সভাবোৰত উপস্থিত হবলৈ নিমন্ত্ৰণ দিব পাৰে। আমি এই হৃদয়স্পৰ্ষী নিমন্ত্ৰণ দি লোকসকলক সভাবোৰত উপস্থিত হবলৈ উৎসাহিত কৰাত পলম কৰা উচিত নহয়।

৩ কি কৰিব পাৰি: আমাৰ স্থানীয় সভাৰ বিষয়ে লোকসকলক জনাবলৈ হেণ্ডবিলৰ প্ৰয়োগ কৰক। উল্লেখ কৰক যে এই সভাবোৰ বিনামূলীয়া আৰু কেতিয়াও একো সংগ্ৰহ কৰা নহয়। বৰ্ণনা কৰক যে কেনেকৈ সভাবোৰ পৰিচালনা কৰা হয়। উল্লেখ কৰক যে সেইবোৰ প্ৰকৃত বাইবেল অধ্যয়নৰ পদ্ধতি আৰু সকলোৱে ইয়াক অনুকৰণ কৰিবলৈ অধ্যয়নৰ বিষয়বস্তু প্ৰদান কৰা হয়। যিসকলে সভাত উপস্থিত হয় তেওঁলোক হৈছে বিভিন্ন পৃষ্ঠভূমি আৰু বিভিন্ন সমাজৰ পৰা অহা লোক, তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ক। উল্লেখ কৰক যে সকলো প্ৰকাৰৰ লোক আৰু লৰা-ছোৱালীক আমন্ত্ৰণ জনোৱা হৈছে। আমি যাৰ সৈতে বাইবেল অধ্যয়ন কৰোঁ তেওঁলোকক সভাত উপস্থিত হবলৈ বাৰে-বাৰে আমন্ত্ৰণ দিয়া আৰু ইয়াত উপস্থিত হবলৈ তেওঁলোকক সহায় কৰা উচিত।

৪ বাইবেলত থকা শেষ বাক্যৰ এটা হৈছে যিহোৱাই জীৱনৰ বাবে ব্যৱস্থা কৰা প্ৰৱন্ধত ভাগ লোৱা এক অনূভূতিৰ আমন্ত্ৰণ: “আত্মা আৰু কন্যাই কয়, আহাঁ; . . . যি আৰু পিয়াহ লাগে, তেওঁ আহক; যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন-জল গ্ৰহণ কৰক।” (প্ৰকা. ২২:১৭) আমাৰ সভাত উপস্থিত হবলৈ অন্যলোকক বাৰে বাৰে কৰা নিমন্ত্ৰণৰ কোনো বিকল্প নাই।

৫ যিচয়া ৬০:৮ পদৰ ভৱিষ্যতবাণীত ঈশ্বৰৰ লোকৰ মণ্ডলীত এতিয়া কোটি কোটি নতুন স্তুতি কৰা লোকৰ আগমনৰ চিত্ৰ অংকিত কৰিছে যিসকলে কপৌৰ দৰে ‘মেঘৰ নিচিনাকৈ আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ আহিব।’ আমি সকলোৱে নতুন ব্যক্তিক আমাৰ সভাত আমন্ত্ৰণ কৰিব আৰু তেওঁলোক আদৰণি জনাব পাৰোঁ। এইদৰে আমি, যিহোৱাৰ একগোট কৰা কাৰ্য্যক বৃদ্ধি কৰিবলৈ তেওঁৰ সৈতে সহযোগ কৰিব পাৰোঁ।​—⁠যিচ. ৬০:⁠২২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক