অধ্যয়নৰ লেখ ৩৯
গীত নং ৫৪ “এয়ে পথ”
‘সঠিক মন ৰখা লোকসকলক’ সোনকালে সহায় কৰক
“অনন্ত জীৱন পাবলৈ যিসকলৰ সঠিক মন আছে, তেওঁলোকে প্ৰভুৰ ওপৰত বিশ্বাস কৰিলে।”—পাঁচ. ১৩:৪৮.
কি শিকিম?
আমি কেতিয়া লোকসকলক বাইবেল অধ্যয়নৰ ব্যৱস্থাৰ বিষয়ে জনোৱা আৰু সভাত মতা উচিত?
১. যেতিয়া আমি লোকসকলক শুভবাৰ্তা শুনাওঁ, তেতিয়া তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱায়? (পাঁচনিৰ কৰ্ম্ম ১৩:৪৭, ৪৮; ১৬:১৪, ১৫)
প্ৰথম শতিকাত বহুতো লোকে যেতিয়া যীচুৰ বিষয়ে শুভবাৰ্তা শুনিলে, তেতিয়া তেওঁলোকে লগে লগে আগ্ৰহ দেখুৱালে আৰু খ্ৰীষ্টান হʼল। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৭, ৪৮; ১৬:১৪, ১৫ পঢ়ক।) আজিও বহুতো লোকে যেতিয়া প্ৰথমবাৰ শুভবাৰ্তা শুনে, তেতিয়া তেওঁলোকে বহুত আনন্দিত হয় আৰু তাৰ বিষয়ে বেছিকৈ জানিব বিচাৰে। আনহাতে কিছুমানে হয়তো আৰম্ভণিতে আমাৰ বাৰ্তাৰ ওপৰত ইমান আগ্ৰহ নেদেখুৱাবও পাৰে। কিন্তু পাছলৈ গৈ তেওঁলোকে আৰু বেছিকৈ জানিব বিচাৰিব পাৰে। গতিকে যেতিয়া আমি প্ৰচাৰত “সঠিক মন” থকা লোকসকলক লগ পাওঁ, তেতিয়া আমি কি কৰা উচিত?
২. প্ৰচাৰ কাম কেনেকৈ মালীৰ কামৰ দৰে হয় বুজাওক।
২ আমি প্ৰচাৰ কামক মালীৰ কামৰ লগত তুলনা কৰিব পাৰোঁ। যেতিয়া মালীয়ে চাই যে এজোপা গছৰ ফল পকি গৈছে, তেতিয়া তেওঁ সেইবোৰ ছিঙি লয়। ইয়াৰ লগতে তেওঁ সেই গছবোৰক পানী দি থাকে, যাৰ ফল এতিয়ালৈকে পকা নাই। ঠিক সেইদৰে যেতিয়া আমি এনে লোকসকলক লগ পাওঁ, যিসকলে আমাৰ শুভবাৰ্তা শুনে আৰু শিকিবলৈ সাজু হৈ থাকে, তেতিয়া আমি তেওঁলোকক ঈশ্বৰৰ সেৱক হʼবলৈ লগে লগে সহায় কৰোঁ। ইয়াৰ লগতে আমি সেই লোকসকলকো সহায় কৰোঁ, যিসকলে আমাৰ বাৰ্তাৰ ওপৰত অলপ আগ্ৰহ দেখুৱায়, কিন্তু এতিয়া শিকিবলৈ সাজু নাই। (যোহ. ৪:৩৫, ৩৬) সেইবাবে, আমি লোকসকলৰ লগত ভাবি-চিন্তি কথা পতা উচিত। তেতিয়া আমি বুজিব পাৰিম যে আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ। আহক এতিয়া চাওঁ যে আমি যেতিয়া এনে লোকক লগ পাওঁ যিজন শিকিবলৈ আগ্ৰহী হয়, তেতিয়া আমি তেওঁক কি কোৱা উচিত। আমি এয়াও চাম যে তেওঁক যিহোৱাৰ কাষ চাপিবলৈ আৰু তেওঁৰ সেৱক হʼবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ।
কোনোবাই শিকিব বিচাৰিলে কি কৰিম?
৩. যেতিয়া কোনোবাই ঈশ্বৰ বা বাইবেলৰ বিষয়ে বেছিকৈ জানিব বিচাৰে, তেতিয়া আমি কি কৰা উচিত? (১ কৰিন্থীয়া ৯:২৬)
৩ যেতিয়া আমি প্ৰচাৰত এনে লোকসকলক লগ পাওঁ, যিসকলে ঈশ্বৰ বা বাইবেলৰ বিষয়ে বেছিকৈ জানিব বিচাৰে, তেতিয়া আমি তেওঁলোকক লগে লগে জীৱনৰ পথত চলি যাবলৈ সহায় কৰা উচিত। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? প্ৰথমবাৰ লগ কৰাৰ সময়ত তেওঁলোকক বাইবেল অধ্যয়নৰ ব্যৱস্থাৰ বিষয়ে জনাওক আৰু সভালৈ মাতক।—১ কৰিন্থীয়া ৯:২৬ পঢ়ক।
৪. লগে লগে বাইবেল অধ্যয়ন কৰিবলৈ সাজু হোৱা এজনী ছোৱালীৰ অনুভৱ জনাওক।
৪ বাইবেল অধ্যয়নৰ ব্যৱস্থাৰ বিষয়ে জনাওক। কেতিয়াবা কেতিয়াবা আমি প্ৰচাৰত এনে লোকসকলক লগ পাওঁ, যিসকলে অধ্যয়ন কৰিবলৈ লগে লগে সাজু হয়। কানাডাৰ এটা অনুভৱলৈ মন কৰক। সেয়া বৃহস্পতিবাৰৰ দিন আছিল। এজনী ছোৱালীয়ে আমাৰ কাৰ্টৰ ওচৰলৈ আহে আৰু দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখন লয়। ওচৰতে থিয় হৈ থকা আমাৰ এজনী ভনীয়ে তাইক জনাই যে আমি এই ব্ৰচাৰ ব্যৱহাৰ কৰি লোকসকলৰ লগত বিনামূলীয়া বাইবেল অধ্যয়ন কৰোঁ। এই কথা শুনি তাইৰ বহুত ভাল লাগিল আৰু তাই ভনীক নিজৰ ফোন নম্বৰ দিলে আৰু ভনীৰো নম্বৰ লʼলে। অলপ দেৰিৰ পাছতে তাই ভনীক মেছেজ কৰে আৰু তাইক সোধে যে আমি কেতিয়া অধ্যয়ন কৰিব পাৰোঁ। ভনীয়ে কয় আমি শনিবাৰে লগ কৰিব পাৰোঁ। তেতিয়া তাই কয়, “আমি অহা কালি লগ কৰিব পাৰোঁ নে? কাৰণ কালি মই ফ্ৰী আছোঁ।” পাছদিনা অৰ্থা শুক্ৰবাৰে ভনীয়ে তাইক লগ কৰে আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰে। তাৰ পাছত তাই দেওবাৰে সভালৈ আহে আৰু সময় পাৰ হোৱাৰ লগে লগে তাই যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তোলে।
৫. যদি কোনোবাই লগে লগে অধ্যয়ন কৰিবলৈ সাজু নহয়, তেনেহʼলে আমি কি কৰিব পাৰোঁ? (ছবিখনো চাওক।)
৫ যিসকলে আমাৰ শুভবাৰ্তা শুনে, তেওঁলোকে সেই ছোৱালীজনীৰ নিচিনা লগে লগে বাইবেল অধ্যয়ন কৰিবলৈ সাজু হʼব বুলি আমি আশা নকৰোঁ। কিছুমান লোকক অলপ সময়ৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? তেওঁলোকে আগ্ৰহী হোৱা বিষয়বোৰত কথা পাতক। ইয়াৰ লগতে আপুনি তেওঁলোকৰ বিষয়ে চিন্তা কৰে আৰু প্ৰেম কৰে বুলি দেখুৱাওক আৰু আশা ৰাখক যে তেওঁলোকে এদন নহয় এদিন অধ্যয়ন কৰিব। যদি আমি এইদৰে কৰি থাকোঁ, তেনেহʼলে কিছু সময়ৰ ভিতৰতে আমি বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিম। কিন্তু আমি বাইবেল অধ্যয়নৰ ব্যৱস্থাৰ বিষয়ে তেওঁলোকক কেনেকৈ জনাব পাৰোঁ? বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ পাৰ্গত থকা কিছুমান ভাই-ভনীক আমি এই প্ৰশ্ন সুধিলোঁ। তেওঁলোকে ইয়াৰ বিষয়ে কি কʼলে, আহক চাওঁ।
আপুনি এই লোকসকলক কি কʼব যাতে তেওঁলোকে বাইবেল অধ্যয়ন কৰিব বিচাৰে? (অনুচ্ছেদ ৫ চাওক)a
৬. লোকসকলক পুনৰ লগ কৰিবলৈ আমি তেওঁলোকক কি কʼব পাৰোঁ?
৬ আমি বেলেগ বেলেগ দেশৰ প্ৰচাৰক আৰু অগ্ৰগামীসকলৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোকে বাইবেল অধ্যয়নৰ বিষয়ে কথা পতাৰ সময়ত এই শব্দবোৰ ব্যৱহাৰ নকৰে। যেনে, “ষ্টাডী,” “অধ্যয়ন,” বা “বাইবেল কৰ্চ।” ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কয় যে “আমি কিবা আলোচনা কৰিম,” “অলপ দেৰি কথা পাতিম,” বা “এখন পবিত্ৰ কিতাপত লিখা কিছুমান ভাল কথা শিকিম।” এইদৰে কৰাৰ বাবে তেওঁলোকে ভাল পৰিণাম পাইছে। লোকসকলক পুনৰ লগ কৰিবলৈ আপুনি বাইবেলৰ বিষয়ে এইদৰে কʼব পাৰে, “এই কিতাপত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়া আছে” বা “এই কিতাপত এনে ভাল পৰামৰ্শ দিয়া আছে, যি দৈনন্দিন জীৱনত আমাৰ কামত আহে। আপুনি ইয়াৰ বিষয়ে বৈছিকৈ জানিব বিচাৰে নে?” যেতিয়া আমি লোকসকলক সোধো যে “আমি প্ৰতিসপ্তাহে আপোনাক কোনটো সময়ত লগ কৰিব পাৰোঁ?” বা “অধ্যয়নৰ বাবে কোনটো সময় সঠিক হʼব?” তেতিয়া এই কথা শুনি কিছুমান লোকে হয়তো ভয় খাব পাৰে। তেওঁলোকে ভাবিব পাৰে যে আমি তেওঁলোকৰ বহুত সময় লৈ লʼম। সেইবাবে, আপুনি তেওঁলোকক এইদৰে কʼব পাৰে, “এই আলোচনাত আমি আপোনাৰ বেছি সময় নলʼম। আপুনি ১০-১৫ মিনিটতে কিছুমান ভাল কথা শিকিব পাৰিব।”
৭. কিছুমান লোকৰ কেতিয়া অনুভৱ হʼল যে তেওঁলোকে যি শিকি আছে, সেয়াই সত্য হয়? (১ কৰিন্থীয়া ১৪:২৩-২৫)
৭ তেওঁলোকক সভালৈ মাতক। এনে লাগে যেন পাঁচনি পৌলৰ সময়ছোৱাত কিছুমান লোকে যেতিয়া প্ৰথমবাৰ সভালৈ আহিছিল, তেতিয়া তেওঁলোকৰ অনুভৱ হʼল যে তেওঁলোকে যি শিকি আছে, সেয়াই সত্য হয়। (১ কৰিন্থীয়া ১৪:২৩-২৫ পঢ়ক।) আজি আমাৰ সময়তো এইদৰেই হয়। যেতিয়া নতুন লোকসকলে সভালৈ আহিবলৈ ধৰে, তেতিয়া তেওঁলোকে সোনকালে উন্নতি কৰে। কিন্তু আমি লোকসকলক সভাৰ বাবে কেতিয়া মাতিব পাৰোঁ? দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ১০-ত লোকসকলক সভাত আহিবলৈ উৎসাহিত কৰা হৈছে। কিন্তু লোকসকলক মাতিবলৈ আপুনি সেই পাঠৰ বাবে বাট চাই নাথাকিব। আপুনি কাৰোবাক প্ৰথমবাৰ লগ পালেও তেওঁক সপ্তাহৰ শেষত হʼবলগীয়া সভাত মাতিব পাৰে। আপুনি যদি বিচাৰে, তেনেহʼলে জন ভাষণৰ বিষয় জনাব পাৰে বা এনে কোনো এটা কথা জনাব পাৰে, যি সেই সপ্তাহত প্ৰহৰীদুৰ্গ অধ্যয়নত আলোচনা কৰা হʼব।
৮. কাৰোবাক সভাত মতাৰ সময়ত আমি তেওঁক কি কথা জনাব পাৰোঁ? (যিচয়া ৫৪:১৩)
৮ যেতিয়া আপুনি কাৰোবাক সভালৈ মাতে, তেতিয়া আপুনি তেওঁক জনাব পাৰে আমাৰ সভাবোৰ আন ধাৰ্মিক সভাবোৰতকৈ একেবাৰে বেলেগ। যেতিয়া এজন বাইবেল বিদ্যাৰ্থী প্ৰথমবাৰ সপ্তাহৰ শেষত হোৱা সভাত আহিলে, তেতিয়া তাই নিজৰ বাইবেল অধ্যয়ন কৰোৱা ভনীজনীক সুধিলে, “সভা চলোৱা ভাইজনে সকলোৰে নাম জানে নে?” তেতিয়া ভনীয়ে তাইক কʼলে যে আমি সকলোৰে নাম জানিবলৈ চেষ্টা কৰোঁ। কাৰণ আমি একেটা পৰিয়ালৰ দৰে হওঁ। এই কথা শুনি বিদ্যাৰ্থীজনীয়ে কʼলে যে আমাৰ গীৰ্জাৰ বেছিভাগ লোকে এজনে-আনজনৰ নাম নাজানে। আমি লোকসকলক এয়াও জনাব পাৰোঁ যে আমাৰ সভাবোৰ আৰু এটা কাৰণৰ বাবে বেলেগ হয়। (যিচয়া ৫৪:১৩ পঢ়ক।) আমি যিহোৱাৰ উপাসনা কৰিবলৈ, তেওঁৰ পৰা শিকিবলৈ আৰু এজনে-আনজনক উৎসাহিত কৰিবলৈ সভালৈ যাওঁ। (ইব্ৰী ২:১২; ১০:২৪, ২৫) সেইবাবে, আমাৰ সভাবোৰ পৰিপাটিকৈ চলোৱা হয় আৰু তাত আমি যিবোৰ কথা শিকোঁ, তাৰ পৰা আমাৰ বহুতো লাভ হয়। (১ কৰি. ১৪:৪০) আমি তাত কোনো ধৰণৰ ৰীতি-নাতি পালন নকৰোঁ। আমি ৰাজ্যগৃহত শিকিবলৈ যাওঁ, সেইবাবে তাত লাইটৰ ভাল ব্যৱস্থা কৰা হয়। আমি কোনো ৰাজনৈতিক পাৰ্টীক সমৰ্থন নকৰোঁ আৰু নিৰপেক্ষ হৈ থাকোঁ। ইয়াৰ উপৰিও আমি সামাজিক বিষয়বোৰত তৰ্ক নকৰোঁ বা হাই-কাজিয়া নকৰোঁ। আপুনি বিদ্যাৰ্থীক সভালৈ মতাৰ আগতে তেওঁক যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখন দেখুৱাব পাৰে। ইয়াৰ পৰা তেওঁ জানিব পাৰিব যে আমাৰ সভাবোৰ কেনেকৈ চলোৱা হয়।
৯-১০. সভাত ভাগ লʼবলৈ বা ইয়াৰ সদস্য হʼবলৈ কাকো জোৰ-জবৰদস্তি কৰা নহয় বুলি আপুনি নতুন লোকসকলক কেনেকৈ জনাব? (ছবিখনো চাওক।)
৯ কিছুমান লোকে আমাৰ সভালৈ আহিবলৈ সংকোচ কৰে, কাৰণ তেওঁলোকে মনতে ভাবে যে ‘তেওঁলোকে মোক তেওঁলোকৰ গীৰ্জাৰ সদস্য হʼবলৈ কʼব।’ সেইবাবে, নতুন লোকসকলক জনাওক যে আমাৰ সভাত যিকোনো লোকে আহিব পাৰে আৰু ইয়াত ভাগ লʼবলৈ বা ইয়াৰ সদস্য হʼবলৈ কাকো জোৰ-জবৰদস্তি কৰা নহয়। মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীকো নিজৰ লগত লৈ আহিব পাৰে। কাৰণ আমাৰ সভাবোৰত লʼৰা-ছোৱালীক বেলেগকৈ শিকোৱা নহয়। তেওঁলোকে নিজৰ মাক-দেউতাকৰ লগত বহি শুনিব পাৰে। ইয়াৰ বাবে লʼৰা-ছোৱালী নিজৰ মা-দেউতাৰ চকুৰ আগত থাকিব পাৰে আৰু তেওঁলোকে চাব পাৰে যে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে কি শিকি আছে। (দ্বিতী. ৩১:১২) আমাৰ সভাবোৰত দান বিচৰা নহয়, আনকি দান পাত্ৰও ঘূৰোৱা নহয় বা খামো দিয়া নহয়। দান দিয়াৰ ক্ষেত্ৰত আমি যীচুৰ এই আজ্ঞা পালন কৰোঁ, “তোমালোকে বিনামূল্যে পালা, বিনামূল্যে দিয়া।” (মথি ১০:৮) আপুনি নতুন লোকসকলক এয়া জনাব পাৰে যে সভালৈ আহিবলৈ তেওঁলোকে দামী দামী কাপোৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই। যিহোৱাই এয়া নাচাই যে এজন ব্যক্তি বাহিৰৰ পৰা দেখাত কেনেকুৱা, তাৰ পৰিৱৰ্তে তেওঁৰ হৃদয় চায়।—১ চমূ. ১৬:৭.
১০ যেতিয়া এজন নতুন ব্যক্তি সভালৈ আহে, তেতিয়া আমি কি কৰিব পাৰোঁ? মৰমেৰে তেওঁক আদৰণি জনাওক। প্ৰাচীন আৰু আন প্ৰচাৰকসকলৰ লগত চিনাকি কৰাই দিয়ক। যেতিয়া তেওঁ আপোন যেন অনুভৱ কৰিব, তেতিয়া তেওঁ আকৌ সভালৈ আহিব। যদি তেওঁৰ ওচৰত বাইবেল নাই, তেনেহʼলে সভাৰ সময়ছোৱাত নিজৰ বাইবেলৰ পৰা তেওঁক পদবোৰ দেখুৱাওক বা ভাষণ সময়ছোৱাত তেওঁক বাইবেল খুলিবৈল সহায় কৰক। যি প্ৰকাশনৰ পৰা আলোচনা হৈ আছে, সেয়াও তেওঁক দেখুৱাব পাৰে।
এজন ব্যক্তিয়ে যিমান সোনকালে সভালৈ আহিবলৈ আৰম্ভ কৰে, সিমানেই সোনকালে তেওঁ যিহোৱাৰ কাষ চাপিবলৈ ধৰে (অনুচ্ছেদ ৯-১০ চাওক)
বাইবেল অধ্যয়ন আৰম্ভ হʼলে কি কৰিম?
১১. আপুনি কেনেকৈ দেখুৱাব পাৰে যে আপুনি ব্যক্তিজনৰ সময়ক মূল্যৱান বুলি ভাবে?
১১ যেতিয়া আমি কাৰোবাৰ ঘৰত অধ্যয়ন কৰিবলৈ যাওঁ, তেতিয়া আমি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত? তেওঁৰ সময়ক মূল্যৱান বুলি ভাবক। যেনে, অধ্যয়নৰ বাবে সময়ত যাওক, যদিও আপোনাৰ এলেকাত লোকসকলৰ সময়ত যোৱাৰ অভ্যাস নাই, তথাপিও এইদৰে কৰক। ইয়াৰ উপৰিও যদি আপুনি প্ৰথমবাৰ অধ্যয়ন কৰিছে, তেনেহʼলে এয়া সময়ৰ আগত শেষ কৰক। অভিজ্ঞতা থকা কিছুমান প্ৰচাৰকে কয় যে যদিও ব্যক্তিজনে বেছিকৈ শিকিব বিচাৰে, কিন্তু সময়ৰ আগত অধ্যয়ন শেষ কৰিলে, ব্যক্তিজনক আৰু বেছিকৈ জানিবলৈ মন যায়। ইয়াৰ উপৰিও, অধ্যয়ন কৰাৰ সময়ত আপুনি বেছি কথা নাপাতিব, তাৰ পৰিৱৰ্তে ব্যক্তিজনক নিজৰ কথা কʼবলৈ সুযোগ দিয়ক।—হিতো. ১০:১৯.
১২. যেতিয়া আমি কাৰোবাৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ, তেতিয়াৰে পৰা আমাৰ কি লক্ষ্য হোৱা উচিত?
১২ যেতিয়া আপুনি কাৰোবাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰে, তেতিয়া আপোনাৰ লক্ষ্য হোৱা উচিত যে তেওঁ যাতে যিহোৱা আৰু যীচুৰ বিষয়ে জানে আৰু নিজৰ হৃদয়ত তেওঁলোকৰ প্ৰতি প্ৰেম বঢ়াব পাৰে। আপুনি এয়া কেনেকৈ কৰিব পাৰে? আপোনাৰ ওচৰত বাইবেলৰ কিমান জ্ঞান আছে, সেয়া দেখুৱাবলৈ চেষ্টা নকৰিব। তাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্য বাইবেলৰ ওপৰত তেওঁৰ ধ্যান আকৰ্ষিত কৰক। (পাঁচ. ১০:২৫, ২৬) এই ক্ষেত্ৰত আমি পৌলৰ পৰা বহুত কথা শিকিব পাৰোঁ। তেওঁ লোকসকলৰ ধ্যান সদায় যীচু খ্ৰীষ্টৰ ফালে আকৰ্ষিত কৰিছিল। কিয় বাৰু? কাৰণ যিহোৱাই যীচুক সেইবাবেই পঠিয়াইছিল যাতে তেওঁৰ জৰিয়তে লোকসকলে যিহোৱাক জানিব পাৰে আৰু তেওঁক প্ৰেম কৰিব পাৰে। (১ কৰি. ২:১, ২) ইয়াৰ উপৰিও পৌলে ভাই-ভনীসকলক কʼলে যে নতুন লোকসকলক ভাল গুণবোৰ বঢ়াবলৈ সহায় কৰাটো অতি গুৰুত্বপূৰ্ণ। যেনে, বিশ্বাস, বুদ্ধি, বিবেচনা শক্তি আৰু যিহোৱাৰ প্ৰতি ভয়। তেওঁ এই গুণবোৰৰ তুলনা সোণ, ৰূপ আৰু বহুমূলীয়া পাথৰৰ লগত কৰিলে। (গীত. ১৯:৯, ১০; হিতো. ৩:১৩-১৫; ১ কৰি. ৩:১১-১৫; ১ পিত. ১:৭) আপুনিও লোকসকলক শিকোৱাৰ সময়ত পৌলৰ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। এইদৰে কৰিলে বিদ্যাৰ্থীৰ বিশ্বাস বাঢ়িব আৰু যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক আৰু মজবুত হʼব।—২ কৰি. ১:২৪.
১৩. শিকোৱাৰ সময়ত আমি আমাৰ বিদ্যাৰ্থীৰ লগত কেনেকৈ ধৈৰ্য্য ধৰিব পাৰোঁ আৰু তেওঁৰ ভাৱনাক ভালদৰে বুজিব পাৰোঁ? (২ কৰিন্থীয়া ১০:৪, ৫) (ছবিখনো চাওক।)
১৩ যীচুৱে লোকসকলক শিকোৱাৰ সময়ত ধৈৰ্য্য ধৰিছিল আৰু তেওঁলোকৰ ভাৱনা বুজি পাইছিল। আমিও যীচুৰ দৰে হʼব পাৰোঁ। বিদ্যাৰ্থীক শিকোৱাৰ সময়ত আমি এনে একো প্ৰশ্ন নুসুধিম, যাৰ বাবে তেওঁ লাজ অনুভৱ কৰিব পাৰে। যদি কোনো এটা কথা বুজি পাবলৈ তেওঁক কঠিন লাগিছে, তেনেহʼলে সেই কথা তাতে এৰি দিয়ক আৰু অধ্যয়ন কৰি থাকক। আপুনি পাছত তেওঁৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। যদি কোনো এটা শিক্ষা পালন কৰিবলৈ তেওঁৰ বাবে কঠিন হৈছে, তেনেহʼলে তেওঁক সময় দিয়ক যাতে তেওঁ এই বিষয়ে চিন্তা কৰিব পাৰে। বিদ্যাৰ্থীৰ লগত কোনো ধৰণৰ জোৰ-জবৰদজস্তি নকৰিব। (যোহ. ১৬:১২; কল. ২:৬, ৭) বাইবেলত কোৱা হৈছে যে মিছা শিক্ষা “গভীৰতাত সোমাই থকা কথাবোৰৰ’ দৰে হয়। (২ কৰিন্থীয়া ১০:৪, ৫ পঢ়ক।) গ্ৰীক ভাষাত এই পদত দিয়া শিক্ষাক মজবুত দুৰ্গৰ লগত তুলনা কৰা হৈছে। আমি মনত ৰখা উচিত যে আমাৰ বিদ্যাৰ্থীয়ে বহু বছৰৰ পৰা সেই শিক্ষাবোৰ পালন কৰি আহিছে আৰু তেওঁৰ বাবে এইবোৰ মজবুত দুৰ্গৰ দৰে হয়। যদি এই দুৰ্গ খহি পৰে, তেনেহʼলে তেওঁ কʼত যাব। সেইবাবে, আমি যিহোৱাৰ প্ৰতি তেওঁৰ ভৰসা বঢ়োৱাটো ভাল হʼব যাতে তেওঁ যিহোৱাক নিজৰ দুৰ্গ বা আশ্ৰয়স্থান বনাব পাৰে। যেতিয়া তেওঁ এইদৰে কৰিব, তেতিয়া পুৰণি দুৰ্গ ভাঙিবলৈ তেওঁৰ বাবে সহজ হʼব।—গীত. ৯১:৯.
বিদ্যাৰ্থীৰ হৃদয়ত সত্যৰ বীজ বাঢ়িবলৈ সময়ৰ প্ৰয়োজন হয়, সেইবাবে তেওঁক সময় দিয়ক (অনুচ্ছেদ ১৩ চাওক)
নতুন লোকসকলে সভালৈ আহিলে কি কৰিম?
১৪. সভাত যিসকল নতুন লোক আহে, আমি তেওঁলোকৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত?
১৪ আমাৰ সভাত বেলেগ বেলেগ ধৰণৰ লোকসকল আহে। কিছুমান বেলেগ ঠাই বা বেলেগ সংস্কৃতিৰ হয়, কিছুমান ধনী হয় বা কিছুমান দুখীয়া হয়। যিয়েই নহওক কিয় আমি সকলোৰে লগত প্ৰেমেৰে ব্যৱহাৰ কৰাটো আৰু কাৰো লগত পক্ষপাত নকৰাটো যিহোৱাই বিচাৰে। (যাকো. ২:১-৪, ৯) গতিকে যেতিয়া আমাৰ সভাত কোনো নতুন ব্যক্তি আহে, তেতিয়া আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি তেওঁৰ বিষয়ে চিন্তা কৰোঁ?
১৫-১৬. আমি নতুন লোকসকলক আদৰণি জনাবলৈ কি কৰিব পাৰোঁ?
১৫ কিছুমান লোকে আমাৰ সভাত কি হয় এয়া জানিবলৈ সভাবোৰলৈ আহে। আন কিছুমানক আন ঠাইৰ সাক্ষীয়ে সভালৈ যাবলৈ কোৱাৰ বাবে সভালৈ আহে। সেইবাবে, আমি নতুনকৈ অহা লোকসকলক নিজে আগবাঢ়ি গৈ আদৰণি জনোৱা উচিত। আমি এনে কোনো কাম কৰা উচিত নহয়, যাৰ বাবে তেওঁলোকে সংকোচ অনুভৱ কৰিব পাৰে। আপুনি যদি বিচাৰে তেওঁক নিজৰ লগত বহিবলৈ কʼব পাৰে। সভাৰ সময়ছোৱাত আপুনি তেওঁক নিজৰ বাইবেল বা পত্ৰিকা দেখুৱাব পাৰে বা এখন বাইবেল বা পত্ৰিকা দিব পাৰে। কিন্তু তেওঁৰ ভাৱনাৰ প্ৰতিও ধ্যান দিব। এজন ব্যক্তি যেতিয়া প্ৰথমবাৰ ৰাজ্যগৃহলৈ আহিছিল, তেতিয়া এজন ভায়ে তেওঁক আদৰণি জনালে। তেওঁ ভাইক কয় যে আনে ইমান ভালকৈ কাপোৰ পিন্ধি আহিছে, কিন্তু মই তেওঁলোক দৰে পিন্ধি অহা নাই। সেইবাবে মোৰ লাজ লাগিছে, তেতিয়া ভায়ে কয় চিন্তা নকৰিব যদিও আমি ভাল কাপোৰ পিন্ধিছোঁ কিন্তু আমি আপোনাৰ দৰেই হওঁ। আগলৈ গৈ সেই ব্যক্তিজন উন্নতি কৰে আৰু বাপ্তিষ্মা লয় আৰু তেওঁ সেই ভাইজনৰ কথা কেতিয়াও নাপাহৰে। কিন্তু যেতিয়া আমি সভাৰ আগত বা পাছত নতুন লোকসকলক লগ কৰোঁ, তেতিয়া আমি এটা কথা মনত ৰখা উচিত। আমি কেতিয়াও তেওঁলোকৰ ব্যক্তিগত বিষয়বোৰত প্ৰশ্ন নকৰিম।—১ পিত. ৪:১৫.
১৬ নতুন লোকসকলক আদৰণি জনাবলৈ বা তেওঁলোকক ভাল অনুভৱ কৰাবলৈ আমি আৰু এটা কাম কৰিব পাৰোঁ। যেতিয়া আমি তেওঁলোকৰ লগত কথা পাতোঁ, সভাত উত্তৰ দিওঁ বা কোনো এটা ভাগ আগবঢ়াও, তেতিয়া আমি যাতে তেওঁলোকক কোনো উপায়েৰে উজুটি খোৱাৰ কাৰণ নিদিও তাৰ প্ৰতি আমি ধ্যান দিয়া উচিত। আমি এনে কোনো কথা নকʼম, যাৰ বাবে তেওঁলোকক লাগিব পাৰে যে আমি তেওঁলোকক ঠাট্টা কৰি আছোঁ বা তেওঁলোকক তল চকুৰে চাই আছোঁ। (তীত. ২:৮; ৩:২) যেনে, তেওঁলোকে যি বিশ্বাস কৰে তাৰ বিষয়ে আমি বেয়াকৈ নকʼম। (২ কৰি. ৬:৩) যিজন ভায়ে জন ভাষণ দিব তেওঁ এই কথাৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত। ইয়াৰ উপৰিও, যেতিয়া তেওঁ বাইবেলৰ পৰা কোনো এটা কথা কয় বা কোনো এটা শব্দ ব্যৱহাৰ কৰে, যি নতুন লোকসকলে বুজি পাব নোৱাৰে, তেতিয়া তেওঁ তাৰ অৰ্থ স্পষ্টকৈ বুজোৱাটো ভাল হʼব।
১৭. “সঠিক মন” মন থকা লোকসকলক লগ পালে আমি কি কৰিম?
১৭ অন্ত কাষ চাপি আহাৰ লগে লগে আমি শিষ্য বনোৱা কামত আৰু উৎসাহেৰে ভাগ লোৱা উচিত। “অনন্ত জীৱন পাবলৈ যিসকলৰ সঠিক মন আছে,” তেওঁলোকক বিচাৰিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। (পাঁচ.১৩: ৪৮) গতিকে আমি যেতিয়া তেওঁলোকক লগ পাম, তেতিয়া আমি সংকোচ নকৰাকৈ তেওঁলোকক বাইবেল অধ্যয়ন ব্যৱস্থাৰ বিষয়ে জনাম আৰু সভালৈ মাতিম। এইদৰে আমি তেওঁলোকক জীৱনৰ বাটত চলি যাবলৈ সহায় কৰিব পাৰিম।– মথি ৭:১৪.
গীত নং ৬৬ সকলোকে শুভবাৰ্তা জনাওঁ
a ছবিৰ বিষয়ে: আৰ্মীৰ পৰা ৰিটায়েৰ হোৱা এজন ব্যক্তিয়ে নিজৰ ঘৰৰ বাহিৰত বহি আছে আৰু দুজন ভায়ে তেওঁক প্ৰচাৰ কৰি আছে; বহুত ব্যস্ত থকা এগৰাকী মাতৃক দুজনী ভনীয়ে তেওঁৰ বেছি সময় নোলোৱাকৈ তেওঁক প্ৰচাৰ কৰি আছে।