ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৪ পৃষ্ঠা ১
  • “যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা”
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱা ঈশ্বৰে দেখুৱা প্ৰেমপূৰ্বক দয়াৰ বাবে আন্তৰিক ধন্যবাদ দিয়ক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৪ পৃষ্ঠা ১

“যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা”

এপ্ৰিল ৪ তাৰিখে যীচুৰ মৃত্যুৰ স্মৰণীয় দিবস উদ্‌যাপন কৰা হʼব

১ কেইবা বছৰৰ পূৰ্বে ইউক্ৰেনত কমিউনিষ্ট শাসন চলি থকাৰ সময়ত যেনেকৈ প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্‌যাপনৰ সময় কাষ চাপি আহিল, অধিকাৰীসকলে তাত থকা যিহোৱাৰ সাক্ষীসকলৰ ওপৰত নিবিড়ভাৱে চকু ৰাখিছিল যাতে তেওঁলোকৰ সভাৰ স্থান বিচাৰি উলিয়াব পাৰে। অধিকাৰীসকলে সেই উক্ত দিনটোৰ বিষয়ে জনাৰ বাবে উদ্‌যাপন কৰাটো সদায়ে এটা সমস্যাৰূপে দেখা দিছিল। গতিকে ভাই-ভনীসকলে কি কৰিলে? তেওঁলোকে এনে এটা স্থানৰ বাছনি কৰিলে যʼত অধিকাৰীসকলে লোকসকল একত্ৰিত হʼব পাৰে বুলি সহজে অনুমান কৰিব নোৱাৰে। ভাইসকলে এগৰাকী ভনীৰ ঘৰৰ নিম্ন ভাগত একাঠুঁ পানীৰে ডোঙা পাতি থকা স্থানত এটা মঞ্চ তৈয়াৰ কৰিলে। সেই মঞ্চত সকলোৱে লেপেটি কাঢ়ি বহি আনন্দেৰে স্মৰণী পৰ্ব্ব উদ্‌যাপন কৰাৰ সময়ত কোনেও তেওঁলোকক বাধা দিব নোৱাৰিলে।

২ চোকা পহৰাৰ স্বত্ত্বেও ইউক্ৰেনত থকা ভাই-ভনীসকলে যীচুৱে দিয়া আজ্ঞাৰ অনুসাৰে তেওঁৰ স্মৰণীয় দিৱস উদ্‌যাপন কৰি ঈশ্বৰৰ প্ৰতি থকা প্ৰেমক অতুলনীয়ভাৱে প্ৰকাশ কৰিলে। (লূক ২২:⁠১৯; ১ যোহ. ৫:⁠৩) আমি জীৱনত যেনেকুৱাই বাধাজনক পৰিস্থিতিৰ সম্মুখীন নহওঁ কিয় তেনে আৰ্হিবোৰ অনুকৰণ কৰি উৎসাহিত হʼব পাৰোঁ। এতেকে এপ্ৰিল ৪ তাৰিখে উদ্‌যাপন কৰিবলগীয়া প্ৰভুৰ সন্ধ্যা ভোজত উপস্থিত থাকিবলৈ দৃঢ় নিৰ্ণয় লোৱা আৱশ্যক। কিয়নো এইদৰে কৰাৰ দ্বাৰা আমি গীতমালা লিখকৰ সৈতে একেই ভাব প্ৰকাশ কৰিম, যʼত তেওঁ এইদৰে লিখিছিল: “হে যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা”​—⁠গীত ৩১:⁠২৩.

৩ ঈশ্বৰৰ প্ৰতি প্ৰেম বৃদ্ধি কৰিবলৈ আনক সহায় কৰা: ঈশ্বৰৰ প্ৰতি থকা প্ৰেমেও আমাৰ সৈতে স্মৰণীয় পৰ্ব্বৰ উদ্‌যাপনত উপস্থিত থাকিবলৈ আনক আমন্ত্ৰণ কৰাত আমাক প্ৰেৰিত কৰে। ফেব্ৰুৱাৰী মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত স্মৰণীয় পৰ্ব্বত উপস্থিত হʼবলগীয়া লোকবিলাকক আমন্ত্ৰণ কৰাৰ তালিকা বনাবলৈ আমাৰ প্ৰত্যেককে উৎসাহিত কৰা হৈছিল। আপোনাৰ তালিকাত থকা সকলোকে স্মৰণীয় পৰ্ব্বলৈ আমন্ত্ৰণ কৰিবলৈ সকলো প্ৰচেষ্টা কৰিবনে? আপুনি নিজৰ সময় উলিয়াই তেওঁলোকক সেই উপলক্ষ্যৰ মৰ্ম্মাৰ্থৰ বিষয়ে আগতীয়াকৈ বুজাই দিয়ক। সকলোকে সেই বিশেষ দিন আৰু সময়ৰ বিষয়ে সোঁৱৰাই দিয়ক আৰু যদি সম্ভৱ হয় তেন্তে আপোনাৰ সৈতে তেওঁলোকক উদ্‌যাপনৰ স্থানলৈ আহিবলৈ ব্যৱস্থা কৰিব পাৰে।

৪ যিসকলে আমাৰ আমন্ত্ৰণ পাই উপলক্ষ্যত উপস্থিত হয়, তেওঁলোকক অভিবাদন জনাবলৈ বিশেষ চেষ্টা কৰা উচিত আৰু অনুভৱ কৰিব দিয়ক যে তেওঁলোকক আন্তৰিকতাৰে তালৈ আদৰণি জনোৱা হৈছে। যিহোৱাৰ প্ৰতি প্ৰেম বৃদ্ধি কৰাত তেওঁলোকক আপুনি কেনেকৈ সহায় কৰিব পাৰে? ইয়াৰ বাবে তেওঁলোকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি সাজু থাকক। যদি উপযুক্ত হয়, তেন্তে তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সাজু থাকক। তেওঁলোকক মণ্ডলীৰ আন সভাবোৰতো উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। সেই সময়ছোৱাত প্ৰাচীনসকলে নিষ্ক্ৰিয় হৈ পৰা ভাই-ভনীসকলৰ প্ৰতি বিশেষ মনোযোগ দিব। তেনে ব্যক্তিসকল পুনৰাই সক্ৰিয় হোৱাত উৎসাহিত কৰিবলৈ সাক্ষাৎ কৰাৰ বাবে তেওঁলোকে প্ৰবন্ধ কৰিব পাৰে। সম্ভৱতঃ স্মৰণীয় পৰ্ব্বত প্ৰস্তুত কৰা বিষয়টোৰ ওপৰত আলোচনা কৰিব পাৰে।​—⁠ৰোমী. ৫:⁠৬-​৮.

৫ যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম দৃঢ় কৰক: উপহাৰস্বৰূপে পোৱা মুক্তিপণ বলিদানৰ প্ৰতি গভীৰভাৱে বিবেচনা কৰাৰ দ্বাৰা যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৰ প্ৰতি আমাৰ প্ৰেম অতি গভীৰ হʼব। (২ কৰি. ৫:⁠১৪, ১৫) বহু সময়ৰ পৰা স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা এগৰাকী সাক্ষী ভনীয়ে এইদৰে কৈছিল: “আমি স্মৰণীয় পৰ্ব্বলৈ আশাৰে অপেক্ষা কৰি আছোঁ। আমাৰ বাবে প্ৰত্যেক বছৰে সেই দিনটো এটা বিশেষ দিন। মোৰ এতিয়াও মনত আছে যে ২০ বছৰৰ পূৰ্বে মই কবৰস্থানত মোৰ প্ৰিয় দেউতাৰ মৃত শৰীৰলৈ দৃষ্টি কৰি যীচুৰ মুক্তিপণ বলিদানক আন্তৰিকতাৰে উপলব্ধি কৰিব পাৰিলোঁ। মোৰ দেউতাৰ মৃত্যুৰ আগৰলৈকে স্মৰণীয় পৰ্ব্বৰ বিষয়ে কেৱল মূল জ্ঞান আছিল, সকলো শাস্ত্ৰপদবোৰ জানিছিলোঁ আৰু সেইবোৰক বৰ্ণনা কৰিব পাৰিছিলোঁ! কিন্তু কেৱল মোৰ দেউতাৰ মৃত্যুতহে গভীৰভাৱে উপলব্ধি কৰিব পাৰিলোঁ যে সেই যীচুৰ মুক্তিপণ বলিদানে কি সম্পন্ন কৰিব আৰু ইয়ে মোৰ বাবে অধিক আনন্দ কঢ়িয়াই আনিলে।”​—⁠যোহ. ৫:⁠২৮, ২৯.

৬ এই বছৰত উদ্‌যাপন কৰিবলগীয়া যীচুৰ মৃত্যুৰ স্মৰণীয় পৰ্ব্বৰ বাবে এতিয়াৰে পৰা নিজৰ মন আৰু হৃদয়ক প্ৰস্তুত কৰক। (২ বং. ১৯:⁠৩) স্মৰণীয় পৰ্ব্বৰ সম্পৰ্কে প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক​—⁠২০০৪ চন আৰু ২০০৪ চনৰ কেলেণ্ডাৰʼত দিয়া বিশেষ শাস্ত্ৰীয় পদসমূহক ধ্যান কৰক। কিছুমানে স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত সৰ্ব্বশ্ৰেষ্ঠ মানৱ কিতাপখনৰ ১১২-১১৬ পৃষ্ঠাত থকা বিষয়বোৰক তেওঁলোকৰ পৰিয়াল অধ্যয়নত বিবেচনা কৰে। আন কিছুমানে বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰবন্ধ কৰা আন সাহিত্যবোৰক ব্যৱহাৰ কৰি অতিৰিক্ত অনুসন্ধান কৰে। (মথি ২৪:⁠৪৫-​৪৭) আমাৰ সকলোৱে উপহাৰস্বৰূপে পোৱা মুক্তিপণ বলিদানৰ বিষয়টোক আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাত উল্লেখ কৰিব পাৰোঁ। (গীত ৫০:⁠১৪, ২৩) এতেকে আঁহক আমি সকলোৱে স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত একেৰাহে যিহোৱাৰ প্ৰেম প্ৰতিফলিত আৰু তেওঁৰ প্ৰতি প্ৰেম দেখুৱাওঁহঁক।​—⁠মাৰ্ক ১২:⁠৩০; ১ যোহ. ৪:⁠১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক