পৰিচৰ্য্যা সভাৰ তালিকা
মাৰ্চ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৭
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। সকলোকে অহা সপ্তাহৰ সেৱা সভাৰ বাবে “উত্তম দেশখন চাওক” নামৰ নতুন ব্ৰচাৰখন আনিবলৈ সোঁৱৰাই দিয়ক। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু মাৰ্চ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক।
১৫ মি: ট্ৰেক্টবোৰ ব্যৱহাৰ কৰি কথোপকথন আৰম্ভ কৰক। শ্ৰোতাসকলৰ সৈতে আলোচনা। এজনক সাক্ষী দি কথোপকথন আৰম্ভ কৰাটো প্ৰায়ে অধিক কঠিন হয়। ব্যৱসায় আৰু ৰাজহুৱা স্থানবোৰত ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ প্ৰণালীক অৱলম্বন নকৰি কোনো এখন ট্ৰেক্ট দি কথোপকথন আৰম্ভ কৰিব পাৰি। স্থানীয় এলেকাত লোকসকলক আকৰ্ষণ কৰা দুখন বা তিনিখন ট্ৰেক্টৰ পৰা চমুকৈ বুজাই দিয়ক। যেতিয়া সেই ট্ৰেক্টবোৰ দিয়া হয় তেতিয়া কেনে মন্তব্য দি আৰম্ভ কৰিব পাৰে? দৃষ্টান্তবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? সতৰ্কতাৰে কেনে প্ৰশ্নবোৰ সুধিব পাৰি? যদি গৃহস্থ আগ্ৰহী হয় তেন্তে প্ৰত্যেকখন ট্ৰেক্টৰ পৰা এটা অনুচ্ছেদৰ বিষয়বস্তুক আলোকপাত কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰে। এখন ট্ৰেক্ট ব্যৱহাৰ কৰি কেনেকৈ কথোপকথন আৰম্ভ কৰিব পাৰে তাক প্ৰদৰ্শন কৰি দেখুৱাওক। প্ৰকাশকজনে চমুকৈ এখন ট্ৰেক্টৰ পৰা এটা অনুচ্ছেদ বিবেচনা কৰি গৃহস্থজনক জ্ঞান কিতাপখন দি সমাপ্ত কৰে।
২০ মি: “যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা।”a ৩ অনুচ্ছেদটোৰ পৰা আলোচনা কৰা সময়ত শ্ৰোতাসকলক নিজৰ মন্তব্য দিবলৈ কওক যে তেওঁলোকে স্মৰণীয় পৰ্ব্বত উপস্থিত হʼবলৈ কেনেকৈ লোকসকলক আমন্ত্ৰণ কৰিলে।
গীত ১৩১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২১
১০ মি: স্থানীয় ঘোষণাসমূহ। “স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী” নামৰ বক্সটোৰ পৰা কিছুমান মুখ্য বিষয়ক উল্লেখ কৰক। স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত প্ৰহৰীবুৰুজ অধ্যয়ন কেতিয়া কৰা হʼব সেই বিষয়ে ঘোষণা কৰক।
১৫ মি: স্মৰণীয় পৰ্ব্বৰ উদ্যাপনৰ সময়ছোৱাত কৰিবলগীয়া বিশেষ কাৰ্য্যৰ শেহতীয়া কথা অন্তৰ্ভুক্ত কৰক। এই ভাগটো সেৱা অধ্যক্ষই শ্ৰোতাসকলৰ সৈতে আলোচনা কৰি পৰিচালনা কৰে। কেনে বিশেষ প্ৰবন্ধ কৰা হৈছে সেই বিষয়ে উল্লেখ কৰক। কিছুমান উৎসাহজনক অনুভৱৰ বিষয়ে উল্লেখ কৰক। যিসকলে এপ্ৰিল আৰু মে’ মাহত সহযোগী অগ্ৰগামী সেৱাত ভাগ লোৱাত সক্ষম, তেওঁলোকক নিজৰ নাম দিবলৈ উৎসাহিত কৰিব পাৰে। ফেব্ৰুৱাৰী মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত দিয়া কিছুমান মুখ্য বিষয়ক উল্লেখ কৰক।
২০ মি: “উত্তম দেশখন চাওক” নামৰ ব্ৰচাৰখনৰ পৰা লাভৱান হওক। এই নতুন ব্ৰচাৰখনে ঈশ্বৰৰ বাক্যক অধিক অৰ্থপূৰ্ণভাৱে পাঠ আৰু অধ্যয়ন কৰাত সহায় কৰে। ইয়াৰ সূচীপত্ৰই কিতাপখন ব্যৱহাৰ কৰাত প্ৰধানকৈ সহায় কৰিব। যিচয়া ৬৩:১ পদটো পঢ়ক, ইয়াত বৰ্ণনা কৰা হৈছে যে যিহোৱা যেন বস্ৰাৰ পৰা আহিছে। শ্ৰোতাসকলক “উত্তম দেশ” ব্ৰচাৰখনত দিয়া সূচীপত্ৰৰ পৰা বস্ৰা নামৰ ঠাইটুকুৰা বিচাৰি উলিয়াবলৈ আমন্ত্ৰণ কৰক। “Bozrah 11 G11” অৰ্থ কি তাক বৰ্ণনা কৰক আৰু ৩৪ পৃষ্ঠাত দিয়া বক্সটো ব্যৱহাৰ কৰি মানচিত্ৰত বস্ৰা আৰু ইদোম নামৰ ঠাইখন বিচাৰি উলিয়াওক। সূচীপত্ৰ ব্যৱহাৰ কৰি যীচুৱে যিৰূচালেমৰ পৰা চুখৰলৈ যোৱাৰ সময়ত যি বাট ব্যৱহাৰ কৰিছিল তাক বিচাৰি উলিয়াওক। (যোহন ৪:৫) সেই একেইদৰে বৈথেচ্দা নামৰ পুখুৰীটো বিচাৰি উলিয়াওক। (যোহন ৫:১-৩) ঈশ্বৰশাসিত স্কুলৰ তালিকাত দিয়া সপ্তাহিক বাইবেল পাঠৰ পৰা এটা বা দুটা উদাহৰণ বিবেচনা কৰক। শ্ৰোতাসকলক ব্ৰচাৰখনৰ পৰা সেই ঠাইকেইখনক বিচাৰি উলিয়ালৈ আৰু মানচিত্ৰৰ সহায় লৈ আমি কেনেকৈ লাভৱান হʼব পাৰোঁ এই বিষয়ে মন্তব্য দিবলৈ আগ্ৰহ কৰক। ব্ৰচাৰখনত দিয়া কিছুমান মানচিত্ৰৰ সময় পৰিধিৰ বিষয়ে চমুকৈ আলোকপাত কৰক। ব্ৰচাৰখনৰ ১৮-১৯ পৃষ্ঠাত বাইবেলত উল্লেখ কৰা বহুতো ঠাইৰ নাম দিয়া হৈছে। সকলোকে “উত্তম দেশখন চাওক” নামৰ ব্ৰচাৰখন উত্তমৰূপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।
গীত ৬৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯১
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। সকলোকে প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—২০০৪ চন আৰু ২০০৪ চনৰ কেলেণ্ডাৰʼত মাৰ্চ ৩০ তাৰিখৰ পৰা এপ্ৰিল ৪ তাৰিখলৈকে দিয়া প্ৰভুৰ সন্ধ্যা ভোজৰ বিষয়ে থকা বাইবেল পদসমূহ পঢ়িবলৈ উৎসাহিত কৰক।
১৫ মি: “ঈশ্বৰৰ বিষয়ে শিকি পোৱা জ্ঞান।”b যদি সময়ে অনুমতি দিয়ে তেন্তে তাত উল্লেখ কৰা শাস্ত্ৰ পদবোৰৰ পৰা মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক।
২০ মি: “আপুনি দ্ৰুতগতিত আগবঢ়া এটা কাৰ্য্যত জড়িত আছে।”c যদি সময়ে অনুমতি দিয়ে তেন্তে তাত উল্লেখ কৰা শাস্ত্ৰ পদবোৰ পঢ়ক আৰু আলোচনা কৰক।
গীত ১৮১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২৯
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক মাৰ্চ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। এপ্ৰিল মাহত বিতৰণ কৰিবলগীয়া সাহিত্যসমূহৰ বিষয়ে উল্লেখ কৰক। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু এপ্ৰিল ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক।
১৫ মি: বাৰ্ষিক পুস্তক ২০০৪ চন কিতাপখন উত্তমভাৱে ব্যৱহাৰ কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। “প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি” নামৰ পত্ৰখনৰ আলোকপাত আৰু বিশ্বব্যাপী ৰিপোৰ্টৰ পৰা বহুতো উল্লেখনীয় সংখ্যা আৰু বিশ্বাস দৃঢ় কৰা অনুভৱৰ বিষয়ে কওক। সকলোকে বছৰটোত গোটেই কিতাপখন পঢ়িবলৈ উৎসাহিত কৰক।
২০ মি: সত্যতাই পৰিয়ালসমূহক একত্ৰিত কৰে। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। কেতিয়াবা আগ্ৰহী লোকসকলে পৰিয়ালৰ আন সদস্যসকলৰ পৰা বাধাৰ সম্মুখীন হোৱাত যিহোৱাক সেৱা কৰিবলৈ পিছুৱাই যায়। এই সম্পৰ্কে উল্লেখ কৰা কিছুমান অনুভৱৰ বিষয়ে বিবেচনা কৰক: জানুৱাৰী ১, ২০০২, প্ৰহৰীবুৰুজ ১৪-১৫ পৃষ্ঠা; ডিচেম্বৰ ১, ২০০০, প্ৰহৰীবুৰুজ ৮ পৃষ্ঠা; ছেপ্টেম্বৰ ১, ১৯৯৯, প্ৰহৰীবুৰুজ ৩২ পৃষ্ঠা; জানুৱাৰী ১, ১৯৯৯, প্ৰহৰীবুৰুজ ৪ পৃষ্ঠা; আৰু ফেব্ৰুৱাৰী ২২, ১৯৯৮, সচেতন! ৩১ পৃষ্ঠা। উল্লেখ কৰি কওক যে পৰিয়ালৰ এজন সদস্যই বাইবেলৰ সিদ্ধান্ত পালন কৰাৰ ফলস্বৰূপে প্ৰায়ে পৰিয়াল জীৱনৰ উন্নতি হোৱাটো দেখা গৈছে।
গীত ১৩০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২৬
১০ মি: স্থানীয় ঘোষণাসমূহ।
২০ মি: আমি শাৰীৰিকভাৱে শুদ্ধতা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। জুন ১, ২০০২ প্ৰহৰীবুৰুজ ১৬-১৭ পৃষ্ঠাৰ ওপৰত আধাৰিত এটা ভাষণ। এটা প্ৰদৰ্শন প্ৰস্তুত কৰক যʼত এজন প্ৰাচীনে এজন অগ্ৰগামীক বিচাৰে ব্ৰচাৰৰ ৯ নম্বৰ পাঠটোৰ ৫ অনুচ্ছেদ ব্যৱহাৰ কৰি কেনেকৈ তেওঁৰ বাইবেল বিদ্যাৰ্থীক নিজৰ ঘৰ, চোতাল আদি পৰিষ্কাৰ ৰাখাত সতৰ্কতাৰে সহায় কৰিব পাৰে।
১৫ মি: প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্যাপন আৰু মাৰ্চ মাহত প্ৰচাৰ কাৰ্য্যত ভাগ লৈ পোৱা অভিজ্ঞাতাৰ বিষয়ে কʼবলৈ সকলোকে উৎসাহিত কৰক।
গীত ২৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।