যিহোৱা ঈশ্বৰে দেখুৱা প্ৰেমপূৰ্বক দয়াৰ বাবে আন্তৰিক ধন্যবাদ দিয়ক
স্মৰণ কৰিবলগীয়া খ্ৰীষ্টৰ মৃত্যুৰ দিনৰ তাৰিখটো হৈছে মাৰ্চ ২৪
১ গীতমালাৰ লিখকে উৎসাহেৰে এইদৰে কৈছিল: “লোকবিলাকে যিহোৱাৰ দয়াৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰক, মনুষ্য-সন্তাবিলাকলৈ কৰা তেওঁৰ আচৰিত কাৰ্য্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰক।” (গীত ১০৭:৮) ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়া গুণটো মানৱজাতিৰ প্ৰতি থকা দয়া আৰু সমবেদীতকৈ অধিক শক্তিশালী। এই প্ৰেৰিত উক্তিটোত স্পষ্টকৈ প্ৰকাশ পাইছে, যʼত এইদৰে কোৱা হৈছে: “হে যিহোৱা, তোমাৰ [প্ৰেমপূৰ্বক, NW] দয়াই মোক ধৰি ৰাখিলে।” (গীত ৯৪:১৮) যিহোৱা ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক দান কৰি কিযে অসাধাৰণ প্ৰেমপূৰ্বক দয়া দেখুৱালে!—১ যোহ. ৪:৯, ১০.
২ যীচুৰ মৃত্যুৰ স্মৰণীয় দিবস পালন কৰাৰ সময় যেনেকৈ কাষ চাপি আহিছে, আমি কেনেকৈ ‘প্ৰেমপূৰ্বক দয়ালু ঈশ্বৰক’ ধন্যবাদ কৰিম? (গীত ৫৯:১৭) নিশ্চয়ে আমাৰ প্ৰত্যেকে যীচুৱে এই পৃথিৱীত অতিবাহিত কৰা শেষ দিন কেইটাৰ ওপৰত ধ্যান কৰিবলৈ সময় উলিয়াব। (গীত ১৪৩:৫) তদুপৰি স্মৰণীয় পৰ্ব্ব সময়ছোৱাৰ বাবে প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—২০০৫ নামৰ সৰু কিতাপখনত দিয়া বিশেষ বাইবেলৰ তালিকাৰ অনুসাৰে পাঠ কৰাটো লাভজনক আৰু যদি সম্ভৱ সৰ্বশ্ৰেষ্ঠ মানৱ কিতাপৰ ১১২-১১৬ অধ্যায়ৰ সৈতে আন বাইবেল আধাৰিত সাহিত্যবোৰ পঢ়ক। পঢ়া বিষয়বোৰক আপুনি যেতিয়া মনোযোগ দিব, তেতিয়া সেইবোৰত অধিককৈ নিবিষ্ট হৈ পৰিব। (১ তীম. ৪:১৫) প্ৰাৰ্থনাপূৰ্বক ঈশ্বৰৰ বাক্যক পঢ়ি কেৱল আমাৰ হৃদয়ে তৃপ্তি হʼব এনে নহয়, কিন্তু যিহোৱাৰ প্ৰতিও আমাৰ প্ৰেম প্ৰতিফলিত কৰিব পাৰিম।—মথি ২২:৩৭.
৩ ঈশ্বৰক ধন্যবাদ কৰিবলৈ আনক উৎসাহিত কৰক: যোৱা বছৰত বিশ্বজুৰি পালন কৰা স্মৰণীয় পৰ্ব্বৰ উপস্থিতিৰ সংখ্যা আছিল ১,৬৭,৬০,৬০৭ জন। লাইবেৰিয়াৰ এখন গাঁৱত থকা ভাইসকলে প্ৰভুৰ সন্ধ্যা ভোজ উদ্যাপন কৰিবলৈ অনুমতি বিচাৰি নগৰৰ মুখীয়ালজনলৈ এখন আৱেদন পত্ৰ লিখিলে। মুখীয়ালজনে এখন স্থানীয় ফুটবল খেল-পথাৰ ব্যৱহাৰ কৰিবলৈ আৰু অঞ্চলতোৰ সকলো ঠাইতে স্মৰণীয় পৰ্ব্বত উপস্থিত হʼবলৈ আমন্ত্ৰণৰ বাবে ঘোষণা কৰিবলৈ অনুমতি দিলে। যদিও সেই গাওঁখনত মাত্ৰ পাঁচজন প্ৰচাৰক আছিল, তথাপিও স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱাসকলৰ সংখ্যা আছিল ৬৩৬ জন!
৪ একেইদৰে আমিও যিমান সম্ভৱ সকলোকে স্মৰণীয় পৰ্ব্বৰ উদ্যাপনত উপস্থিত হʼবলৈ সহায় কৰিব বিচাৰোঁ। গতিকে আপুনি আমন্ত্ৰণ কৰিবলগীয়া লোকসকলৰ এখন তালিকা কিয় তৈয়াৰ নকৰে? কিদৰে আমন্ত্ৰণ কৰিব লাগে, সেই বিষয়ে আমাৰ আলোচনীবিলাকৰ শেষৰ পৃষ্ঠাত উদাহৰণ দিয়া আছে। তদুপৰি ছপা কৰা স্মৰণীয় পৰ্ব্বৰ আমন্ত্ৰণ পত্ৰও ব্যৱহাৰ কৰিব পাৰে। পত্ৰখনত স্পষ্টকৈ স্মৰণীয় পৰ্ব্ব পালন কৰা স্থান, সময় আদিৰ বিষয়ে টাইপ কৰি বা হাতেৰে লিখি প্ৰত্যেকজন গৃহস্থক দিয়ক। মাৰ্চ ২৪ তাৰিখ ওচৰ চাপি অহাত তেওঁলোকক পুনৰাই সাক্ষাৎ কৰি আহিবলৈ সোঁৱৰাই দিয়ক আৰু সেই অনুসাৰে ব্যৱস্থা কৰক।
৫ স্মৰণীয় পৰ্ব্বত উপস্থিত হৈ লাভৱান হʼবলৈ আমি এতিয়ালৈকে আমাৰ খৃষ্টান সভাত উপস্থিত নোহোৱা বাইবেল বিদ্যাৰ্থীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ? প্ৰত্যেকটো অধ্যয়নৰ সময়ত স্মৰণীয় পৰ্ব্বৰ উদ্যাপন কৰা গুৰুত্বতাৰ বিষয়ে বিদ্যাৰ্থীসকলৰ মূল্যাঙ্কন বিকশিত কৰিবলৈ অলপ সময় অতিবাহিত কৰক। এই সম্পৰ্কে মাৰ্চ ১৫, ২০০৪ চনৰ প্ৰহৰীবুৰুজ ৩-৭ পৃষ্ঠা আৰু ৰীজনিং কিতাপৰ ২৬৬-৯ পৃষ্ঠাত উত্তম পৰামৰ্শ দিয়া আছে।
৬ অতিথিসকলক আদৰণি জনোৱা: স্মৰণীয় পৰ্ব্বলৈ অহা অতিথিসকলক আদৰণি জনাওক। (ৰোমী. ১২:১৩) আপুনি আমন্ত্ৰণ কৰা লোকসকলৰ সৈতে বহিবলৈ ব্যৱস্থা কৰি বাইবেল বিদ্যাৰ্থীসকলৰ ওচৰত এখন বাইবেল আৰু এখন গীত কিতাপ থকাটো নিশ্চিত কৰক। তদুপৰি আমি বিশেষকৈ নিষ্ক্ৰিয় হৈ পৰা ভাই আৰু ভনীসকলক উপস্থিত হʼবলৈ প্ৰচেষ্টাৰ বাবে আদৰণি জনাবলৈ আগভাগ লোৱা উচিত। আমাৰ প্ৰেমপূৰ্বক আগ্ৰহকতাই তেওঁলোকক পুনৰাই সভাত নিয়মীয়াকৈ উপস্থিত আৰু ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰিবলৈ সহায় কৰিব। (লূক ১৫:৩-৭) এতেকে আঁহক আমি এই পবিত্ৰ উপলক্ষ্যত যিহোৱা আৰু তেওঁৰ ‘আচৰিত প্ৰেমপূৰ্বক দয়াৰ’ বাবে আন্তৰিক ধন্যবাদ জনাবলৈ এজনে আনজনক উৎসাহিত কৰোঁহঁক।—গীত. ৩১:২১.
[Study Questions]
১. যিহোৱাই কিদৰে আমাক প্ৰেমপূৰ্বক দয়া দেখুৱালে?
২. আমি কেনেকৈ যিহোৱাক আন্তৰিক ধন্যবাদ দিব পাৰোঁ?
৩, ৪. (ক) আমি কেনেকৈ লাইবেৰিয়াত থকা ভাইসকলৰ উৎসাহজনক মনোবৃত্তিক অনুকৰণ কৰিব পাৰোঁ? (খ) স্মৰণীয় পৰ্ব্বত আপুনি কোনসকলক আমন্ত্ৰণ কৰিবলৈ আঁচনি বনাইছে?
৫. স্মৰণীয় পৰ্ব্বত উপস্থিত হʼবলৈ বাইবেল বিদ্যাৰ্থীসকলক আমি কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?
৬. স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা অতিথিসকলক আদৰণি জনোৱাটো কিয় গুৰুত্বপূৰ্ণ?