পৰিচৰ্য্যা সভাৰ তালিকা
ফেব্ৰুৱাৰী ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৪
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি স্থানীয় এলেকাৰ বাবে উপযুক্ত) ব্যৱহাৰ কৰি কেনেকৈ ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ আৰু ফেব্ৰুৱাৰী ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। স্থানীয় এলেকাৰ আৱশ্যকতা অনুসৰি কেনেকৈ সৰল উপস্থাপন প্ৰস্তুত কৰিব পাৰে এই বিষয়ে চমুকৈ উল্লেখ কৰক। জানুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠা চাওক।
৩৫ মি: “স্মৰণীয় পৰ্ব্বৰ সময়ছোৱা হৈছে ঈশ্বৰ-শাসিত কাৰ্য্যৰ বৃদ্ধি কৰাৰ সময়।”a এই ভাগটো সেৱা অধ্যক্ষই পৰিচালনা কৰে। লেখটোৰ ৬ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত ছেপ্টেম্বৰ ৮, ২০০৪ চনৰ সচেতন! আলোচনীৰ ১২-১৩ পৃষ্ঠাত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক। সহযোগী অগ্ৰগামী সেৱাৰ বাবে যোগ দিয়া সকলৰ নাম ঘোষণা কৰক। প্ৰচাৰ সেৱাৰ বাবে ব্যৱস্থা কৰা অতিৰিক্ত সভাৰ পৰিলেখ দিয়ক। স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত আধ্যাত্মিক কাৰ্য্যবোৰ বৃদ্ধি কৰিবলৈ সকলোকে উৎসাহিত কৰক।
গীত ১৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩১
১০ মি: স্থানীয় ঘোষণাসমূহ। ৬ পৃষ্ঠাত “তেওঁলোকক আগন্তুক সাক্ষী দি সহায় কৰক,” নামৰ বক্সটোৰ পৰা মুখ্য বিষয়বোৰক উল্লেখ কৰক। সকলোকে আৱশ্যকতাৰ সময়ত প্লিজ ফল’ আপ্ (S-43) ফৰ্মখন সম্পূৰ্ণকৈ ভৰ্ত্তি কৰিবলৈ উৎসাহিত কৰক।
২০ মি: “যিহোৱা ঈশ্বৰে দেখুৱা প্ৰেমপূৰ্বক দয়াৰ বাবে আন্তৰিক ধন্যবাদ দিয়ক।”b স্মৰণীয় পৰ্ব্বৰ উদ্যাপনৰ স্থান আৰু সময়ৰ সৈতে বক্তা আৰু আন গুৰুত্বপূৰ্ণ বিষয়বোৰৰ সম্পৰ্কে ঘোষণা কৰক। ৪ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত এজন প্ৰকাশকে আলোচনী প্ৰবাহত আলোচনী দিয়াৰ সময়ত কেনেকৈ এজন ব্যক্তিক স্মৰণীয় পৰ্ব্বলৈ আমন্ত্ৰণ কৰে, সেই সম্পৰ্কে এক চমু প্ৰদৰ্শন কৰক। যদি স্মৰণীয় পৰ্ব্বৰ আমন্ত্ৰণী পত্ৰ মণ্ডলীৰ প্ৰকাশকসকলক বিতৰণ কৰা নাই, তেন্তে সভা সমাপ্ত হোৱাৰ পিছত সেইবোৰ বিতৰণ কৰক।
১৫ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা—ভাগ ৬.”c চাৰি মিনিটৰ এটা প্ৰদৰ্শন প্ৰস্তুত কৰক, যʼত এজন বাইবেল বিদ্যাৰ্থীয়ে প্ৰশ্ন কৰে যে কিয় উপস্থিত হোৱা লোকসকলৰ কম সংখ্যক লোকে স্মৰণীয় পৰ্ব্বৰ প্ৰতীক চিহ্ন অৰ্থাৎ পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে। পৰিচালকে বিদ্যাৰ্থীজনে কৰা প্ৰশ্নৰ বাবে প্ৰশংসা কৰি সেই প্ৰশ্নটো এখন কাকতত লিখি ৰাখে আৰু কয় যে অধ্যয়নৰ পিছত সেই প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিব। অধ্যয়নৰ শেষত পৰিচালকজনে বিদ্যাৰ্থীজনক ৰীজনিং কিতাপৰ ২৬৭-২৬৮ পৃষ্ঠাত “কোনসকলে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে?” নামৰ প্ৰশ্নটোৰ অন্তৰ্গত দিয়া বিষয়টো মন দিবলৈ কয়। তেওঁলোকে একেলগে বিষয়টো পঢ়ে আৰু বিদ্যাৰ্থীজনে কৰা প্ৰশ্নৰ উত্তৰ পোৱাৰ বাবে প্ৰশংসা কৰে।
গীত ২১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪২
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। সকলো প্ৰচাৰকক ফেব্ৰুৱাৰী মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি স্থানীয় এলেকাৰ বাবে উপযুক্ত) ব্যৱহাৰ কৰি কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ আৰু মাৰ্চ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। আন ব্যৱহাৰিক উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে। উপস্থাপনৰ শেষত প্ৰকাশকজনে মাৰ্চ ৮ সচেতন! আলোচনীখনৰ শেষ পৃষ্ঠাত দিয়া স্মৰণীয় পৰ্ব্বৰ উদ্যাপনৰ বিষয়টো উল্লেখ কৰি গৃহস্থজনক আমন্ত্ৰণ কৰে।
১৫ মি: দুৰ্ব্বল লোকসকলৰ প্ৰতি মনোযোগ দিয়ক। (পাঁচ. ২০:৩৫) জুলাই ১, ২০০৪ চনৰ প্ৰহৰীবুৰুজ, ১৭-১৮ পৃষ্ঠাৰ ১২-১৬ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি শ্ৰোতাসকলৰ সৈতে প্ৰহৰীবুৰুজ অধ্যয়ন কৰাৰ দৰে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা ভাগটো পৰিচালিত কৰক। সঠিককৈ পাঠ কৰা এজন উপযুক্ত ভাইৰ দ্বাৰা অনুচ্ছেদবোৰ পঢ়াওক। আগন্তুক স্মৰণীয় পৰ্ব্ব আৰু বিশেষ ৰাজহুৱা ভাষণৰ সময়ছোৱাত এই সংবাদবোৰ কেনেকৈ প্ৰযোজ্য কৰিব, সেই বিষয়ে সকলোকে মনোযোগ দিবলৈ কওক।
২০ মি: আন ভাষা কোৱা লোকসকলক কেনেকৈ সহায় কৰিব। সকলো লোকৰ বাবে শুভবাৰ্ত্তা নামৰ কিতাপখনৰ ওপৰত আধাৰিত কৰি এই ভাগটো ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনাৰূপে প্ৰস্তুত কৰক। এই নতুন কিতাপখনৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰক। যিসকলৰ ভাষা আমি নাজানো তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰি, সেই বিষয়ে তিনিটা পদ্ধতিৰ বিষয়ে আলোচনা কৰক। জুলাই ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ, ৮ পৃষ্ঠাত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক। লোকসকলে যদিও ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নহয়, তথাপিও তেওঁলোকৰ নাম, ঠিকনা প্লিজ ফল’ আপ্ (S-43) ফৰ্মখনত লিখি ৰাখা আৱশ্যক। এই নতুন কিতাপখন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে এটা উপস্থাপন প্ৰস্তুত কৰক।
গীত ৭২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২
১০ মি: স্থানীয় ঘোষণাসমূহ। “স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী” নামৰ বক্সটোত দিয়া মুখ্য বিষয়বোৰক উল্লেখ কৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “প্ৰচাৰ কাৰ্য্যত আলোচনী বিতৰণ কৰা।”d লেখটোৰ ৩ আৰু ৪ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত বিষয়টো স্থানীয়ভাৱে কেনেকৈ প্ৰযোজ্য কৰিব পাৰি, সেই বিষয়ে উল্লেখ কৰক। ব্যৱসায়, ৰাস্তা, ৰাজহুৱা স্থানত বা অনিয়মিত সাক্ষী দিয়াৰ সময়ত আলোচনী বিতৰণ কৰাৰ অভিজ্ঞতা থকা এজন বা দুজন প্ৰকাশকৰ সাক্ষাতকাৰ গ্ৰহণ কৰক। তেওঁলোকক বৰ্ণনা কৰি কʼবলৈ কওক যে এনে অৱস্থাবোৰত কেনেকৈ আলোচনী বিতৰণ কৰিলে। চমুকৈ এটা উপস্থাপন বা এটা অভিজ্ঞতাক পুনৰাই অভিনয় কৰি দেখুৱাউক।
গীত ১৯২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।