পৰিয়াল অধ্যয়নৰ বাবে পৰিয়াল তালিকা
১ খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ সৈতে যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ কৰা কাৰ্য্যত ভাগ লোৱাটো হৈছে এটা মহান উপহাৰ। এনে কৰাৰ মুখ্য পথটো হৈছে “ঘৰত বহোঁতে” অৰ্থাৎ সপ্তাহিক পৰিয়াল বাইবেল অধ্যয়নত তেনে কৰিব পাৰি। (দ্বিতী. ৬:৫-৭) আপুনি সত্যত নথকা সঙ্গী বা ধৰ্ম্মত বিভক্ত পৰিয়ালত বাস কৰা নতুবা একজনক পিতৃ বা মাতৃ নহওঁক কিয়, পৰিয়াল অধ্যয়নৰ দ্বাৰা নিজৰ লʼৰা-ছোৱালীৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখি তেওঁলোকক যিহোৱাৰ কাষ চপাত সহায় কৰিব পাৰে।
২ পৰিয়াল অধ্যয়ন আৰম্ভ কৰা: ইয়াৰ বাবে প্ৰথম পদক্ষেপটো হৈছে পৰিয়াল অধ্যয়ন কৰাটো অভ্যাসত পৰিণত কৰা। পৰিয়াল অধ্যয়ন কোনটো সময়ত ৰাখিলে ব্যৱহাৰিক হʼব, এই বিষয়ে যদি আপুনি নিশ্চিত নহয়, তেন্তে পৰিয়ালৰ সৈতে কিয় আলোচনা নকৰে? (হিতো. ১৫:২২) পৰিয়ালত যদি সৰু লʼৰা-ছোৱালী আছে, তেন্তে পৰিয়াল অধ্যয়ন সপ্তাহটোৰ ভিতৰত চমুকৈ কেইবাটাও বৈঠকত সম্পন্ন কৰিব পাৰে। পৰিয়ালটোৰ বাবে কি উত্তম হʼব, এই বিষয়ে ঠিৰাং কৰক। আপোনাৰ পৰিয়াল অধ্যয়নৰ তালিকাখন অধ্যয়ন কৰিবলৈ এক নিৰ্দিষ্ট সময় নিৰ্দ্ধাৰিত কৰক আৰু সেই অনুসাৰে কৰিবলৈ নিৰ্ণয় কৰক।
৩ আপুনি কি অধ্যয়ন কৰিব পাৰে? কিছুমান পৰিয়ালে মণ্ডলীত হʼবলগীয়া আগন্তুক পুস্তক অধ্যয়নৰ বিষয় বা প্ৰহৰীবুৰুজʼৰ লেখটো আলোচনা কৰে। আন কিছুমানে বিশেষকৈ ডেকা লোকসকলৰ বাবে তৈয়াৰ কৰা বিষয়বোৰ আলোচনা কৰি আনন্দ কৰে। কম বয়সীয়া পুতেক আৰু জীয়েক থকা এজন পিতৃয়ে, এইদৰে কয়: “লʼৰা-ছোৱালীৰ বাবে সপ্তাহিক পৰিয়াল অধ্যয়নৰ সকলোতকৈ আগ্ৰহজনক সময়খিনি হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখনʼৰ দৃশ্যবোৰ অভিনয় কৰি দেখুৱা। কিয়নো এনে কৰাৰ দ্বাৰা সেই দৃশ্যবোৰে তেওঁলোকৰ মনত আলোচনা কৰা অনুচ্ছেদবোৰতকৈ অধিক দকৈ সুমাই যাই আৰু সেইবোৰক বুজি পায়।”
৪ প্ৰত্যেক সপ্তাহে অধ্যয়ন কৰা: নিয়মীয়াকৈ পৰিয়াল অধ্যয়ন আৰু সকলো সদস্যই আনন্দেৰে ভাগ লোৱা উচিত। তথাপিও অপ্ৰত্যাশিত পৰিস্থিতিত পৰিয়াল অধ্যয়নৰ সময় আৰু দিনৰ সাল-সলনি হʼব পাৰে। তদুপৰি এনে উপলক্ষ্যবোৰ আহিব পাৰে যাৰ বাবে আৱশ্যকতাৰ অনুসাৰে আলোচনা কৰা বিষয়ৰো সলনি হʼব পাৰে। কিন্তু মনত ৰাখিব লগীয়া এই যে এনে সাল-সলনিয়ে নিৰ্দ্ধাৰিত কৰা পৰিয়াল অধ্যয়নৰ তালিকাত যেন কোনো বাধা নজন্মায়। এটা পৰিয়ালৰ এজনী জীয়েকে এইদৰে মন্তব্য দিয়ে: “যেতিয়া পৰিয়াল অধ্যয়নৰ সময়ৰ কোনো সলনি হয়, তেতিয়া দেউতাই ৰিফ্ৰিজাৰেটৰৰ দুৱাৰ ওপৰত সেই নতুন সময়ৰ তালিকাখন লগাই দিয়ে যাতে সকলোৱে সেই সময়ৰ বিষয়ে জানিব পাৰে।” নিয়মিত পৰিয়াল অধ্যয়ন বজাই ৰাখিবলৈ কৰা এনে চেষ্টা বাস্তৱতে প্ৰশংসনীয়! আপুনি নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ “শিক্ষা আৰু চেতনাত” প্ৰতিপালন কৰি প্ৰকাশ কৰে যে আপুনি সন্তান আৰু স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰক প্ৰেম কৰে।—ইফি. ৬:৪.