ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৩ পৃষ্ঠা ৩
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • পৰিয়াল অধ্যয়নৰ বাবে পৰিয়াল তালিকা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষসকলে কেনেকৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰিব পাৰে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি সঠিককৈ প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিয়েনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়ালে একেলগে হৈ নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৩ পৃষ্ঠা ৩

প্ৰশ্ন বক্স

▪ পৰিয়ালৰ সদস্যসকলৰ সৈতে কৰা বাইবেল অধ্যয়নৰ ৰিপৰ্ট মণ্ডলীত দিয়া প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্টত অন্তৰ্ভূক্ত কৰা উচিতনে?

যদি এজন খ্ৰীষ্টান পিতৃ বা মাতৃয়ে নিজৰ বাপ্তিষ্মা নোলোৱা লʼৰা-ছোৱালীৰ সৈতে বাইবেল অধ্যয়ন কৰিছে তেন্তে সপ্তাহত সৰ্ব্বোচ্চ এক ঘন্টা, এটা পুনৰ সাক্ষ্যাৎ আৰু মাহত এটা বাইবেল অধ্যয়ন বুলি ৰিপৰ্ট দিব পাৰে। এইটো সেই ক্ষেত্ৰতো প্ৰযোজ্য হয়, যদি সপ্তাহত এবাৰতকৈ অধিক সময় অধ্যয়ন, অধিক ঘন্টা বা লʼৰা-ছোৱালীৰ সৈতে ব্যক্তিগতভাৱে অধ্যয়ন পৰিচালনা কৰা হয়।​—⁠আমাৰ পৰিচৰ্য্যা কিতাপখনৰ ১০৪ পৃষ্ঠাত চাওক।

যদি পৰিয়ালত থকা সকলো সদস্য বাপ্তিষ্মা লোৱা সাক্ষী হয় তেন্তে তেওঁলোকৰ সৈতে পৰিচালিত কৰা অধ্যয়নৰ ৰিপৰ্ট দিয়াৰ কোনো আৱশ্যক নাই (যদি আপোনাৰ সন্তানটোৰ সৈতে বাপ্তিষ্মা লোৱাৰ পিছতো অধ্যয়নৰ বাবে দিয়া দ্বিতীয় কিতাপখনৰ পৰা অধ্যয়ন পৰিচালনা কৰিছে তেন্তে ৰিপৰ্ট দিব পাৰে)। কিয়নো মণ্ডলীৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্টত সাধাৰণতে বাপ্তিষ্মা নোলোৱা আৰু বাপ্তিষ্মা লোৱা যিহোৱাৰ সেৱকক শুভবাৰ্ত্তা প্ৰচাৰ কৰি সম্পন্ন কৰা বাইবেলৰ সত্যতাৰ শিক্ষাদানৰ বিষয়ে উল্লেখ কৰা হয়। (মথি ২৪:⁠১৪; ২৮:⁠১৯, ২০) গতিকে তেনেধৰণৰ এটা অধ্যয়ন নিয়মীয়াকৈ পৰিচালিত কৰাৰ গুৰুত্বতা যেন হ্ৰাস নহয় তাৰ প্ৰতি মনোযোগ দিয়া উচিত।

লʼৰা-ছোৱালীৰ সৈতে অধ্যয়ন কৰাটো তেওঁলোকৰ পিতৃ-মাতৃৰ কৰ্তব্য। যদি পৰিয়ালৰ সদস্যসকলৰ সৈতে অধ্যয়ন পৰিচালনা আৰম্ভ বা সহযোগিতা কৰাত সহায়ৰ আৱশ্যক হয় তেন্তে তেওঁলোকে প্ৰাচীনসকলৰ সহায় লʼব পাৰে। মণ্ডলীৰ সৈতে সঙ্গতি কৰা পৰিয়ালৰ বাপ্তিষ্মা নোলোৱা পুতেক বা জীয়েকৰ সৈতে অধ্যয়ন পৰিচালনা কৰিবলৈ যদি পৰিস্থিতিয়ে আন প্ৰকাশকক অনুমতি দিয়ে তেন্তে পৰিচালক অধ্যক্ষ বা সেৱা অধ্যক্ষৰ পৰামৰ্শ লোৱা আৱশ্যক। যদি তেওঁলোকে মঞ্জুৰি দিয়ে তেনেহʼলে প্ৰকাশকজনে আন বাইবেল অধ্যয়ন ৰিপৰ্ট দিয়াৰ দৰে কৰিব পাৰে।

নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ অনুসাৰে প্ৰশিক্ষণ দি প্ৰতিপালন কৰাটো প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিয়াতকৈও অধিক প্ৰচেষ্টাৰ আৱশ্যক। (দ্বিতী. ৬:⁠৬-​৯; হিতো. ২২:⁠৬) সেয়েহে খ্ৰীষ্টান পিতৃ-মাতৃক তেওঁলোকৰ লʼৰা-ছোৱালীক ‘যিহোৱাৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা’ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰাৰ বাবে তেওঁলোক বাস্তৱতে প্ৰশংসাৰ যোগ্য।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক