ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০২ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০২ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে মণ্ডলীত মজুত থকা যিকোনো পুৰণি সাহিত্য বা আলোচনী আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। যদি মণ্ডলীত এই বিকল্প সাহিত্যবোৰ নাই তেন্তে ওচৰত থকা আন মণ্ডলীত অধিকমাত্ৰত থাকিলে অনুগ্ৰহ কৰি আপোনালোকে সেই মণ্ডলীৰ পৰা সাহিত্যবোৰ বিচাৰিব পাৰে। জানুৱাৰী: মণ্ডলীত উপলব্ধ থকা যিকোনো ১৯২ পৃষ্ঠাৰ কিতাপ বিতৰণ কৰিব পাৰে। যদি আপোনাৰ মণ্ডলীত এই কিতাপবোৰ নাই তেন্তে অধিকমাত্ৰত সাহিত্য উপলব্ধ থকা ওচৰৰ মণ্ডলীত অনুসন্ধান কৰক যাতে আপুনি সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। যদি ওচৰৰ মণ্ডলীতো পুৰণি কিতাপসমূহ নাই তেন্তে মানৱজাতিৰ ঈশ্বৰ অন্বেষণ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। ফেব্ৰুৱাৰী: তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। তদুপৰি যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰেনে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে?

▪ যি মণ্ডলীবোৰত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা নতুন কিতাপখন তেওঁলোকে বুজি পোৱা ভাষাত উপলব্ধ নাই, তেওঁলোকে ২০০৩ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা তালিকাত দিয়া উদ্ধৃতি আৰু কিতাপৰ বিষয়বস্তুসমূহ অনুকৰণ কৰা উচিত। বক্তৃতাৰ বৈশিষ্ট্যৰ ওপৰত আধাৰিত থকা পাঁচ মিনিটৰ একেই বিষয়বস্তু তেওঁলোকৰ ভাষাত প্ৰকাশ কৰা আপোনাৰ কথা কোৱা আৰু শিক্ষা দিয়া অৰ্হতাক কেনেকৈ উন্নত কৰিব, নামৰ পুস্তিকাখনত পাব পাৰে।

▪ পৰিচালক অধ্যক্ষ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে ডিচেম্বৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিছাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ঘোষণা কৰক।

▪ যেতিয়া মণ্ডলীয়ে তেওঁলোকৰ প্ৰাথমিক ভাষাত সাহিত্যসমূহৰ আৱেদন কৰে তেতিয়া সাহিত্য আৱেদন ফৰ্মʼত (S-14) “প্ৰাথমিক ভাষা” বুলি উল্লেখ কৰা স্থানত আৱেদনৰ সংখ্যা লিখা আৰু ইংৰাজী ভাষাত আৱেদন কৰা সাহিত্যৰ সংখ্যা ইংৰাজী ভাষাৰ স্থানত লিখা উচিত। আৱেদন কৰা আন ভাষাৰ সাহিত্যসমূহৰ সংখ্যা ফৰ্মখনৰ ৩ পৃষ্ঠাৰ তালিকাত লিখা উচিত। অনুগ্ৰহ কৰি মনত ৰাখক যে এটা মণ্ডলীৰ প্ৰাথমিক ভাষা হৈছে যি ভাষাত বেছিভাগ সভা পৰিচালনা কৰা হয়। সেই ভাষাকেই মণ্ডলীৰ মূল ভাষা বুলি কোৱা হয়। মণ্ডলীৰ প্ৰাথমিক ভাষা মাহেকীয়া আৱেদন প্ৰাপ্তি স্বীকৃতি পত্ৰত লিখা মণ্ডলীৰ নম্বৰৰ কাষত উল্লেখ কৰা হৈছে।

▪ চাৰ্কিট সন্মিলন, এদিনীয়া বিশেষ সন্মিলন আৰু জিলা অধিৱেশনত দান-বৰঙণি চেক বা ধনাদেশৰ দ্বাৰা দিয়া চেকবোৰ শাখা কাৰ্য্যালয়লৈ পঠোৱা হয় আৰু যিবোৰ চেক স্থানীয় ৰাজ্যগৃহত থকা সংস্থাৰ বিশ্বজুৰি কাৰ্য্যৰ বাবে দান-বৰঙণি বুলি নিৰ্দ্দেশিত কৰা বাকচত দিয়া আৰু ৰাজ্যগৃহৰ সঞ্চিত ধনবোৰৰ পাওনাদাৰ হিচাবে “The Watch Tower Society” বুলি লিখা উচিত। কিয়নো শাখা কাৰ্য্যালয়ৰ আৰ্থিক সম্বন্ধে ৰেজিষ্টাৰ পত্ৰ পঠোৱা ঠিকনা হৈছে, The Watch Tower Bible and Tract Society of India, c/o Post Master, Yelahanka P. O., Bangalore 560 064 KAR.

▪ ফেব্ৰুৱাৰী মাহৰ সেৱা সভাত, চোভিয়েট গণৰাজ্যত থকা যিহোৱাৰ সাক্ষীসকলে পৰীক্ষাৰ সময়ত নিষ্ঠা বজাই ৰখা নামৰ ভিডিঅʼখনৰ পৰা আলোচনা কৰা হʼব। প্ৰত্যেক মণ্ডলীয়ে কেৱল তেওঁলোকৰ লাইব্ৰেৰীৰ বাবে কোনো পলম নকৰাকৈ একোখন কপি সাহিত্য আৱেদন ফৰ্মʼৰ (S-14) যোগেদি আৱেদন কৰা উচিত।

▪ সীমিত সংখ্যাত ইংৰাজী ভাষাত ২০০১ চনৰ ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্স, উপলব্ধ আছে। প্ৰত্যেক মণ্ডলীয়ে কেৱল তেওঁলোকৰ লাইব্ৰেৰীৰ বাবে এখন কপিৰ আৱেদন কৰিব পাৰে আৰু ইয়াৰ বাবে সাহিত্য আৱেদন ফৰ্মʼত “Cong. Use” বুলি উল্লেখ কৰা স্থানতেহে লিখি পঠোৱা আৱশ্যক।

▪ নতুন প্ৰকাশন উপলব্ধ:

ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্স ২০০১ ​—⁠ইংৰাজী

যিহোৱাৰ স্তুতি গীত গোৱা (সৰু আকাৰত) ​—⁠ইংৰাজী

যিচয়াৰ ভৱিষ্যতবাণী​—⁠সকলো মানৱজাতিৰ বাবে পোহৰ ভাগ ২ ​—⁠পঞ্জাবী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক