ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০২ পৃষ্ঠা ৭
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি স্থানান্তৰ হৈছেনে?
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০২ পৃষ্ঠা ৭

প্ৰশ্ন বক্স

▪ আমি বাস কৰা এলেকাত অৱস্থিত থকা মণ্ডলীত উপস্থিত হোৱাটো লাভদায়ক নে?

মণ্ডলীৰ ব্যৱস্থাৰ পৰা আমি “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ” অনুপ্ৰেৰণা পাওঁ। (ইব্ৰী ১০:⁠২৪, ২৫) তদুপৰি মণ্ডলীৰ পৰা আমি সত্যতা আৰু শিষ্য বনোৱা কাৰ্য্যত সুসজ্জিত হʼবলৈ শিক্ষা লাভ কৰোঁ। (মথি ২৮:⁠১৯, ২০) ইয়াৰ উপৰিও পৰীক্ষাত সহন কৰি ঈশ্বৰৰ প্ৰতি বিশ্বাসী, মানসিক আৰু অসংখ্য হেঁচাৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ প্ৰেমময় অধ্যক্ষসকলৰ পৰা সহায় লাভ কৰোঁ। ইয়াত কোনো সন্দেহ নাই যে আধ্যাত্মিকতাৰ প্ৰতিৰক্ষাৰ বাবে আমাক মণ্ডলীৰ আৱশ্যক। যিহেতু আমি বাস কৰা এলেকাত অৱস্থিত থকা মণ্ডলীত উপস্থিত হৈ আন কোনো উপকাৰ লাভ কৰিব পাৰি নে?

সকলোৰে বেলেগ বেলেগ পৰিস্থিতি হʼব পাৰে, যেনে, কিছুমানৰ বাবে চাকৰি, কিছুমানৰ সত্যত নথকা সঙ্গী আৰু মণ্ডলীৰ সভাত উপস্থিত হোৱাৰ বাবে কৰা যাতায়তৰ নিৰ্ণয়ত বাধা উৎপন্ন হোৱা। তথাপিও আমি বাস কৰা এলেকাত অৱস্থিত থকা মণ্ডলীত উপস্থিত হৈ এজন ব্যক্তিয়ে আধ্যাত্মিকৰূপে এই প্ৰকাৰে বা আন প্ৰকাৰে অৱশ্যেই উপকাৰ লাভ কৰিব পাৰে। প্ৰাচীনসকলে হয়তো গুৰুত্বৰ পৰিস্থিতিৰ সময়ত কোনো পলম নকৰাকৈ সকলো প্ৰকাশকৰ সৈতে যোগাযোগ কৰিব পাৰে। পূৰ্বৱৰ্তী প্ৰশ্ন বক্সবোৰত আন বহুতো লাভজনক বিষয়ৰ সম্পৰ্কে উল্লেখ কৰা হৈছে।​—⁠জুন ১৯৯১, এপ্ৰিল ১৯৭৬ আৰু মাৰ্চ ১৯৬৭ চন।

সাধাৰণতে, আমি থকা এলেকাত অৱস্থিত হোৱা মণ্ডলীৰ সভাত উপস্থিত হোৱাটো অধিক সুবিধাজনক হয়, যেনে, তাত সোনকালে উপস্থিত হৈ আন ভাই-ভনীৰ সৈতে কথোপকথন কৰা, আৱশ্যকীয় বিষয়বোৰৰ চোৱা-চিতা আৰু আৰম্ভণিৰ গীত আৰু প্ৰাৰ্থনাৰ আনন্দৰ লাভ কৰা। ইয়াৰ উপৰিও আমাৰ চুবুৰীয়াত বাস কৰা আগ্ৰহী ব্যক্তিসকলক বাইবেল অধ্যয়নৰ বাবে সহজে যোগাযোগ কৰিব পাৰিম। তদুপৰি আমি তেওঁলোকৰ সুবিধা অনুসাৰে সভাৰ বাবে পথ-প্ৰদৰ্শন কৰিব পাৰোঁ।

আমি নিশ্চিত যে পৰিয়ালৰ মুখিয়ালজনে প্ৰাৰ্থনাপূৰ্বক পৰিয়ালৰ আধ্যাত্মিক আৰু শাৰীৰিক কল্যাণৰ অৰ্থে কি উত্তম তাক নিৰ্ণয় লৈ তাৰ সৈতে জড়িত থকা বিষয়বোৰক মনোযোগেৰে বিবেচনা কৰিব।​—⁠১ তীম. ৫:⁠৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক