‘পিতৃহীন সন্তানৰ’ প্ৰতি প্ৰেম প্ৰকাশ কৰা
১ যিহোৱা হৈছে “পিতৃহীনৰ পিতৃ।” (গীত. ৬৮:৫) গতিকে প্ৰাচীন সময়ত ইস্ৰায়েলসকলক দিয়া আজ্ঞাত তেনে লোকসকলৰ মঙ্গলৰ অৰ্থে থকা তেওঁৰ চিন্তাধাৰা প্ৰকাশ পাইছিল। যʼত এইদৰে কোৱা হৈছিল: “তোমালোকে বিধৱাক বা পিতৃহীন সন্তানক ক্লেশ নিদিবা। সিহঁতক কেনেবাকৈ ক্লেশ দিলে, সিহঁতে যদি মোৰ আগত কাতৰোক্তি কৰে, তেন্তে মই অৱশ্যে সিহঁতৰ কাতৰোক্তি শুনিম।” (যাত্ৰা. ২২:২২, ২৩) তেনেলোকক ভৌতিকৰূপে সহায় কৰিবলৈও ঈশ্বৰে দিয়া আজ্ঞাত ব্যৱস্থা আছিল। (দ্বিতী. ২৪:১৯-২১) খ্ৰীষ্টান ব্যৱস্থাত সত্য উপাসকসকলে “মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা” আজ্ঞাক পালন কৰে। (যাকো. ১:২৭) যিসকলে একজনক পিতৃ বা মাতৃৰ সৈতে বা বিভাজিত ধৰ্ম্মত ডাঙৰ-দীঘল হৈছে যিহোৱাই তেওঁলোকৰ প্ৰতি দেখুউৱা প্ৰেমময় চিন্তাধাৰাক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?
২ আধ্যাত্মিক প্ৰশিক্ষণ: যদি আপুনি একজনক পিতৃ বা মাতৃ বা আপোনাৰ বৈবাহিক সঙ্গী সত্যত নাই, তেনেহʼলে লʼৰা-ছোৱালীৰ সৈতে নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰাটো কঠিন যেন বোধ হʼব পাৰে। কিন্তু লʼৰা-ছোৱালীক পৰিপক্ক খ্ৰীষ্টান হিচাবে ডাঙৰ-দীঘল কৰিবলৈ তেওঁলোকৰ সৈতে নিয়মীয়াকৈ অৰ্থপূৰ্ণ বাইবেল অধ্যয়ন কৰা আৱশ্যক। (হিতো. ২২:৬) তেওঁলোকৰ সৈতে নিতৌ আধ্যাত্মিক বিষয়ে কথোপকথন কৰা অতি গুৰুত্বপূৰ্ণ। (দ্বিতী. ৬:৬-৯) কোনো কোনো সময়ত আপুনি নিৰুৎসাহিত হʼব পাৰে, কিন্তু বিচলিত নহʼব। সহায় আৰু নিৰ্দেশনাৰ বাবে যিহোৱালৈ নিবেদন কৰি ‘যিহোৱাৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰক।’—ইফি. ৬:৪.
৩ যদি আপোনাক আধ্যাত্মিক দায়িত্বসমূহ বহন কৰাত কোনো সহায়ৰ প্ৰয়োজন হয় তেনেহʼলে প্ৰাচীনসকলক সেই বিষয়ে জনাওক। তেওঁলোকে আপোনাক কোনো ব্যৱহাৰিক পৰামৰ্শ বা পৰিয়ালটোৰ আধ্যাত্মিক উন্নতিৰ অৰ্থে উত্তম তালিকা বনোৱাত সহায় কৰিব পাৰে।
৪ আনে কেনেকৈ সহায় কৰিব পাৰে: প্ৰথম শতিকাত তীমথিয়ই ধৰ্ম্ম বিভক্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ স্বত্ত্বেও যিহোৱাৰ এজন উৎসাহী সেৱক হʼব পাৰিছিল। কিয়নো তেওঁৰ মাক আৰু আইতাকে ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষাদান কৰিবলৈ অধিক পৰিশ্ৰম কৰিছিল আৰু যাৰ পৰিণামস্বৰূপে আমি দেখিবলৈ পালোঁ যে সেই শিক্ষাই তীমথিয়ৰ ডেকা অৱস্থাত এক মুখ্য ভূমিকা আদায় কৰিছিল। (পাঁচ. ১৬:১, ২; ২ তীম. ১:৫; ৩:১৫) তদুপৰি তেওঁ পাঁচনি পৌল আৰু আন খ্ৰীষ্টান ভাই-ভনীসকলৰ পৰাও অধিক লাভবান হৈছিল। সেয়েহে পাঁচনি পৌলে তীমথিয়ক তেওঁৰ “প্ৰভুত মোৰ বিশ্বাসী প্ৰিয় পুত্ৰ” বুলি উল্লেখ কৰিছিল।—১ কৰি. ৪:১৭.
৫ একেইদৰে বৰ্তমান সময়টো আধ্যাত্মিক পৰিপক্ক ভাই-ভনীসকলে যেতিয়া পিতৃহীন লʼৰা-ছোৱালীক প্ৰেমেৰে চোৱা-চিতা কৰে তেতিয়া তেওঁলোকে কিমান যে লাভবান হয়! আপুনি তেনে লʼৰা-ছোৱালীবিলাকক নামৰ সৈতে চিনি পাইনে? আপুনি তেওঁলোকৰ সৈতে সভাৰ পূৰ্বে বা শেষত অথবা আন কোনো সময়ত কথোপকথন কৰেনে? আপোনাৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ তেওঁলোকক আমন্ত্ৰণ কৰক। মাজে সময়ে তেওঁলোকৰ একজনক পিতৃ বা মাতৃকো আপোনাৰ পৰিয়াল অধ্যয়ন বা আন কোনো স্ফূৰ্তিদায়ক খেল-ধেমালীত সন্মিলিত কৰিব পাৰে। যেতিয়া পিতৃ বা মাতৃহীন লʼৰা-ছোৱালীয়ে অনুভৱ কৰিব পাৰিব যে আপুনি তেওঁলোকৰ বন্ধু তেতিয়া তেওঁলোকে আপোনাৰ আৰ্হি আৰু অনুপ্ৰেৰণাক মূল্যাঙ্কন কৰিব।—ফিলি. ২:৪.
৬ যিহোৱাই পিতৃহীন লʼৰা-ছোৱালীৰ প্ৰতি অধিক আগ্ৰহী আৰু তেওঁলোকে সত্যক নিজৰ আপোন কৰিবলৈ কৰা প্ৰেমময় প্ৰচেষ্টাত আশীৰ্ব্বাদ কৰে। যিসকলে একজনক পিতৃ বা মাতৃ অথবা ধৰ্ম্ম বিভক্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছে, তেওঁলোকে তেনে অনুপ্ৰেৰণা লাভ কৰি বৰ্তমানে অগ্ৰগামী, সহায়ক সেৱক, প্ৰাচীন, পৰিব্ৰাজক অধ্যক্ষ নতুবা বেথেল পৰিয়ালৰ সদস্যৰূপে বিশ্বাসী হৈ ঈশ্বৰৰ সেৱা কৰি আছে। গতিকে আঁহক আমি সকলোৱে স্বৰ্গীয় পিতৃক অনুকৰণ কৰাৰ দ্বাৰা নিজ নিজ “হৃদয়ো বহল” কৰি পিতৃহীন লʼৰা-ছোৱালীবিলাকৰ প্ৰতি প্ৰেম প্ৰকাশ কৰোঁহঁক।—২ কৰি. ৬:১১-১৩.