ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৭/১ পৃষ্ঠা ১৮-২২
  • ঈশ্বৰৰ মণ্ডলীৰ এক অংশ হিচাবে পৰিয়ালে তেওঁৰ স্তুতি কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ মণ্ডলীৰ এক অংশ হিচাবে পৰিয়ালে তেওঁৰ স্তুতি কৰক
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • হৃদয়ক গঢ়ি তোলক
  • মণ্ডলীৰ সভাৰবিলাকৰ বাবে প্ৰস্তুতি কৰা
  • প্ৰচাৰৰ কাৰ্য্যৰ বাবে পৰিয়ালৰ প্ৰস্তুতিকৰণ
  • তেওঁলোকক যিহোৱাৰ পথৰে শিক্ষা দিয়ক
  • পৰিয়ালৰ মুখিয়ালসকল, এক উত্তম আধ্যাত্মিক তালিকা বজাই ৰাখক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়ালে একেলগে হৈ নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • কেনেকৈ পৰিয়ালৰ সদস্যসকলে—মণ্ডলীৰ সভাবোৰত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াব
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৭/১ পৃষ্ঠা ১৮-২২

ঈশ্বৰৰ মণ্ডলীৰ এক অংশ হিচাবে পৰিয়ালে তেওঁৰ স্তুতি কৰক

“মই সমাজবোৰৰ মাজত যিহোৱাৰ ধন্যবাদ কৰিম।”—গীতমালা ২৬:১২.

১. সত্য উপাসনাত অধ্যয়ন আৰু প্ৰাৰ্থনাৰ ওপৰিও আন এটা অতি আৱশ্যকীয় ভাগ কি?

যিহোৱাৰ উপাসনাত অকল মাত্ৰ তেওঁক প্ৰাৰ্থনা কৰা আৰু বাইবেলৰ অধ্যয়ন কৰাই সন্মিলীত নহয়, তাৰ উপৰিও ঈশ্বৰৰ মণ্ডলীত সক্ৰিয়ৰূপে অংশ গ্ৰহণ কৰাটো জড়িত আছে। প্ৰাচীন সময়ত ইস্ৰায়েলসকলৰ “পুৰুষ, স্ত্ৰী, আৰু লৰা-ছোৱালী আদি কৰি . . . সকলোবিলাকক গোট” খাবলৈ আজ্ঞা দিছিল, তেওঁলোক যাতে ঈশ্বৰৰ আজ্ঞা শিকি ঈশ্বৰৰ পথত চলে। (দ্বিতীয় বিবৰণ ৩১:১২; যিহোচূৱা ৮:৩৫) “যুবা আৰু যুৱতীবিলাক, বুঢ়া” এই উভয়কে ঈশ্বৰৰ নাম স্তুতি কৰিবলৈ উৎসাহিত কৰা হৈছিল। (গীতমালা ১৪৮:১২, ১৩) খ্ৰীষ্টান মণ্ডলীতো সেই একেই ব্যৱস্থা ব্যৱহাৰ হয়। গোটেই পৃথিৱীজুৰি থকা ৰাজ্য গৃহৰ সভাত পুৰুষ, স্ত্ৰী আৰু লৰা-ছোৱালী সকলোৱে গোট খাই আৰু মুক্তভাৱে সভাবিলাকত ভাগ লয়, আৰু বহুতে অংশ গ্ৰহণ কৰি আনন্দ উপভোগ কৰে।—ইব্ৰী ১০:২৩-২৫.

২. (ক) কণ-কণ লৰা-ছোৱালীক সহায় কৰি আৰু সভাত আনন্দি হবলৈ প্ৰস্তুতি কৰাটো কিয় এটা মুখ্য কাৰণ হৈছে? (খ) কাৰ আৰ্হি গুৰুত্বপূৰ্ণ?

২ অৱশ্যে, কণ-কণ লৰা-ছোৱালীক মণ্ডলীৰ সকলো কামত ভাগ লবলৈ অভ্যাস কৰোৱাটো সহজ কাম নহয়। কিছুমান লৰা-ছোৱালীয়ে নিজৰ মাক-দেউতাকৰ সৈতে সভাত আহে কিন্তু সভাত সম্পূৰ্ণ লাভৱান নহয়। ইয়াৰ কি কাৰণ হʼব পাৰে? এইটো সঁচা যে বহুতো লৰা-ছোৱালীয়ে বহুদেৰি লৈকে ধ্যান দিব নোৱাৰে, আৰু সেইবাবে তেওঁলোকে আমনি পায়। কিন্তু এই সমস্যাৰ সমাধান কৰিবলৈ সভাৰ বাবে আগৰে পৰা প্ৰস্তুত কৰা বহুত লাভজনক হʼব পাৰে। (হিতোপদেশ ১৫:২৩) যদি লৰা-ছোৱালীয়ে প্ৰস্তুতি কৰা নাই তেতিয়াহʼলে সভাত সঠিকৈ ধ্যান দিব নোৱাৰে আৰু তেওঁলোকে ভালকৈ ভাগ লব নোৱাৰে। (১ তীমথিয় ৪:১২, ১৫) কি কৰিব পৰা যায়? প্ৰথমতে মাক-দেউতাকে নিজকে সুধিব লাগে যে তেওঁলোকে সভাৰ বাবে প্ৰস্তুত কৰেনে? তেওঁলোকৰ দেখুৱা আৰ্হিয়ে হৈছে এটা শক্তিশালী প্ৰভাৱ। (লূক ৬:৪০) সাৱধানে পৰিয়াল অধ্যয়নৰ যোঁজনা তৈয়াৰ কৰাটো এটা মুখ্য কাৰণ।

হৃদয়ক গঢ়ি তোলক

৩. পৰিয়ালৰ অধ্যায়নৰ সময়ত কিয় হৃদয়ত স্পৰ্শ কৰিব লাগে, আৰু ইয়াৰ বাবে কিহৰ আৱশ্যক আছে?

৩ পৰিয়ালৰ অধ্যয়নৰ সময়ত অকল মাত্ৰ লৰা-ছোৱালীৰ মনত জ্ঞান দিয়াতোৱে নহয়, কিন্তু তেওঁলোকৰ মনত সঠিকৰূপে ভাল কথাবোৰ সুমুৱাই দিব লাগে। ইয়াৰ বাবে দুটা মুখ্য কথা আৱশ্যক আছে, সৰ্ব্বপ্ৰথমে পৰিয়ালৰ সকলো সদস্যৰ হৃদয়ৰ বিবেচনা কৰা উচিত আৰু দ্বিতীয়তে হৈছে এইটো জনা আৱশ্যক যে কি সমস্যা আছে। এই সম্পৰ্কে আমি ঠিক যিহোৱাৰ দৰে হʼব লাগিব, যিজনে “হৃদয়ৰো পৰীক্ষা কৰোঁতা।—১ বংশাৱলি ২৯:১৭.

৪. (ক) “জ্ঞানশূন্যক” শব্দৰ অৰ্থ কি? (খ) ”জ্ঞান লাভ” কৰিবলৈ কিহৰ আৱশ্যক?

৪ যেতিয়া যিহোৱাই আমাৰ লৰা-ছোৱালীৰ হৃদয় পৰীক্ষা কৰে তেতিয়া কি পাব? বহুতো পিতৃ-মাতৃয়ে কয় যে তেওঁলোকে ঈশ্বৰক প্ৰেম কৰে আৰু সেইটো শলাগ লব লগীয়া। অৱশ্যে তেতিয়াও লৰা-ছোৱালী বা যিসকলে নতুনকৈ যিহোৱাৰ বিষয়ে শিকিছে, তেওঁৰ পথত চলিবলৈ কম অনুভৱ আছে। সেই বাবে বাইবেলে কৈছে, তেওঁ হয়তো “জ্ঞানশূন্যক” হব পাৰে। হয়তো তেওঁৰ কোনো বেয়া নাই, কিন্তু এজনৰ নিজৰ হৃদয়ক পৰিৱৰ্ত্তন কৰিবলৈ অৱশ্যে সময় লাগে আৰু সেইটোৱে ঈশ্বৰৰ মন আনন্দিত কৰিব। সেই বাবে যেতিয়ালৈকে অসিদ্ধ মানুহৰ পৰা যিমান সম্ভৱ, আমি নিজৰ ভাৱধাৰা, ইচ্ছা, পচন্দ, অনুভূতি আৰু জীৱনৰ লক্ষ্যসমূহত ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে পৰিৱৰ্ত্তন কৰিম। যেতিয়া কোনো এজনে এইধৰণৰ ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে নিজৰ ভিতৰি ব্যক্তিত্বক সলনি কৰে, তেতিয়া তেওঁ “জ্ঞান লাভ কৰে।”—হিতোপদেশ ৯:৪; ১৯:৮.

৫, ৬. পিতৃ-মাতৃয়ে লৰা-ছোৱালীক “জ্ঞান লাভ” কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

৫ পিতৃ-মাতৃয়ে নিজৰ লৰা-ছোৱালীক “জ্ঞান লাভ” কৰিবলৈ সহায় কৰিব পাৰিনে? এইটো সঁচা যে কোনো মানুহে এজন ব্যক্তিৰ হৃদয়ত ভাল অৱস্থা সুমুৱাই দিব নোৱাৰে। আমাৰ প্ৰত্যেকৰে ভাৱি-চিন্তি নিজৰ নিৰ্ণয় লবলৈ স্বাধীনতা দিয়া হৈছে। বহুতো বিষয় এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি নিজৰ হৃদয়ক কেনেকুৱা বিচাৰৰে পূৰ্ণ কৰোঁ। পিতৃ-মাতৃয়ে বুদ্ধিমানেৰ নিজৰ লৰা-ছোৱালীৰ সৈতে কথা পাতি তেওঁলোকৰ মনৰ কথা বাহিৰ কৰিব পাৰে, আৰু আৱশ্যকতাৰ অনুসাৰে তেওঁলোকক সহায় কৰিব পাৰে। ইয়াৰ বাবে এইধৰণৰ প্ৰশ্ন কৰক যে ‘আপুনি এই বিষয়ে কেনেকৈ অনুভৱ কৰে?’ আৰু ‘আচলতে আপুনি কি কৰিবলৈ পছন্দ কৰে?’ তাৰ পাছত মনোযোগৰে শুনক। অধৈৰ্য্য নহব। (হিতোপদেশ ২০:৫) যদি আপুনি বিচাৰে যে আপোনাৰ লৰা-ছোৱালীৰ হৃদয়ত সুমুৱাটো, তেতিয়াহʼলে ঘৰত মৰম, বুজা-বুজি আৰু স্নেহৰ পৰিৱেশ গঢ়ি তুলিব লাগে।

৬ স্ফুৰ্তিদায়ক প্ৰবণতা গঢ়ি তুলিবলৈ, বাৰে বাৰে আত্মাৰ ফলবিলাকক আলোচনা কৰক—তাৰ প্ৰত্যেক দিশ—আৰু পৰিয়ালে একেলগ হৈ তাক অভ্যাস কৰক। (গালাতীয়া ৫:২২, ২৩) যিহোৱা আৰু যীচু খ্ৰীষ্টৰ প্ৰতি প্ৰেম বিকশিত কৰক, ইয়াত আমি প্ৰেম কৰোঁ বুলি কোৱাটোৱে যথেষ্ট নহয় কিন্তু কিয় প্ৰেম কৰোঁ তাৰ কাৰণসমূহ আৰু প্ৰেমক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ, তাক আলোচনা কৰক। (২ কৰিন্থীয়া ৫:১৪, ১৫) কাৰণসমূহ বিচাৰি উলিয়াৰ পৰিণামৰ দ্বাৰা যি সঠিক তাক কৰিবলৈ আমাৰ ইচ্ছাক শক্তিশালী কৰক। কথা-বতৰা, আৰু আচাৰ-ব্যৱহাৰত হোৱা এইধৰণৰ বেয়া প্ৰভাৱবিলাকৰ উপৰত আলোচনা কৰি আমি বেয়া চিন্তাধাৰক ত্যাগ কৰিব পাৰোঁ। (আমোচ ৫:১৫; ৩ যোহন ১১) দেখুৱাক যে কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰত প্ৰকাশ পোৱা ভাল বা বেয়া প্ৰভাৱে যিহোৱাৰ সৈতে থকা এজনৰ সম্পৰ্ক কেনেকৈ প্ৰভাৱিত কৰিব।

৭. লৰা-ছোৱালীক সমস্যাৰ সৈতে সন্মূখীন হবলৈ আৰু ঈশ্বৰৰ সৈতে গভীৰ সম্পৰ্ক বজাই ৰখাৰ নিৰ্ণয় লবলৈ কি সহায় কৰিব পৰা যায়?

৭ যেতিয়া লৰা বা ছোৱালী কোনো সমস্যাত পৰে বা এটা অতি আৱশ্যক নিৰ্ণয় কৰিব লগীয়া হয়, আমি তেওঁক সুধিব পাৰোঁ: ‘ইয়াত যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে তুমি কেনেকৈ বিবেচনা কৰিবা? যিহোৱাৰ বিষয়ে তুমি কি জানিলা যিয়ে এইদৰে কৰিবলৈ কলে? তুমি এই বিষয়ে যিহোৱাক প্ৰাৰ্থনা কৰিছিলানে? যিমান সোনকালে সম্ভৱ লৰা-ছোৱালীৰ জীৱন এক আদৰ্শৱানৰূপে গঢ়ি তুলবলৈ সহায় কৰক যাৰ দ্বাৰা তেওঁলোকে ঈশ্বৰৰ ইচ্ছা আৰু সেই মতে কাৰ্য্য কৰিবলৈ সদায় হৃদয়ৰে প্ৰচেষ্টা কৰিব। যেতিয়া তেওঁলোকে যিহোৱাৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়িব তেতিয়া তেওঁলোকে তেওঁৰ পথত চলি আনন্দিত হʼব। (গীতমালা ১১৯:৩৪, ৩৫) ইয়ে তেওঁলোকক সত্য ঈশ্বৰৰ মণ্ডলীত পোৱা বিশেষ অধিকাৰক মুল্যঙ্কান কৰিবলৈ মুতায়েম কৰিব।

মণ্ডলীৰ সভাৰবিলাকৰ বাবে প্ৰস্তুতি কৰা

৮. (ক) পৰিয়াল অধ্যয়নত সকলো বিষয়েকে অন্তৰ্ভূক্ত কৰিবলৈ আমাক কিহে সহায় কৰিব? (খ) এনেধৰণৰ অধ্যয়ন কেনেকৈ বহুত গুৰুত্বপূৰ্ণ?

৮ পৰিয়াল অধ্যয়নৰ সময়ত এনে বহুতো বিষয় আছে যাক বিবেচনা কৰিব পৰা যায়। আপুনি কেনেকৈ এইবিলাক অন্তৰ্ভূক্ত কৰিব? সকলোবিলাক একে সময়ত কৰাটো সম্ভৱ নহয়। কিন্তু যদি আপুনি তালিকা প্ৰস্তুত কৰে তেন্তে আপোনাৰ বাবে সহায়ক হʼব। (হিতোপদেশ ২১:৫) সময়ে সময়ে, আৱশ্যকতা বিলাকক পুনৰ স্মৰণ কৰক আৰু বিশেষৰূপে সেইবিলাকক বিবেচনা কৰক। পৰিয়ালৰ প্ৰত্যেক সদস্যক উন্নতি কৰিবলৈ গভীৰভাৱে মনোযোগ দিয়ক। পৰিয়াল অধ্যয়নত এইধৰণৰ ব্যৱস্থাকৰাটো খ্ৰীষ্টান শিক্ষাৰ এটা মুখ্য ভাগ হয়, ই আমাক এতিয়া আৰু অনন্ত জীৱনৰ বাবে প্ৰস্তুত কৰি তোলে।—১ তীমথিয় ৪:৮.

৯. সভাৰ প্ৰস্তুতি কৰা কথা মনত ৰাখি আমাৰ পৰিয়াল অধ্যয়নৰ সময়ত কি কি লক্ষ্যসমূহত কাৰ্য্য কৰিব পৰা যায়?

৯ আপোনাৰ পৰিয়াল অধ্যয়নত মণ্ডলীৰ সভাৰ বাবেও প্ৰস্তুতি কৰেনে? আপুনাৰ অধ্যয়নত অন্তৰ্ভূক্ত কৰিবলৈ বহুতো পৰামৰ্শ আছে যাত আপুনি লাহে লাহে উন্নতি কৰিব পাৰে। ইয়াত সফল হবলৈ হয়তো আপোনাক সপ্তাহ, মাহ বা বছৰ লাগিব পাৰে। এই লক্ষ্য সমূহক বিবেচনা কৰক: (১) পৰিয়ালৰ প্ৰত্যেকে সভাত মন্তব্য দিবলৈ প্ৰস্তুতি কৰিব; (২) প্ৰত্যেকে নিজৰ বাক্যত মন্তব্য দিব চেষ্টা কৰিব; (৩) মন্তব্যত শাস্ত্ৰৰ বচন সমূহ অন্তৰ্ভূক্ত কৰিব; আৰু (৪) ব্যক্তিগত অনুপ্ৰয়োগৰ সৈতে মন্তব্যসমূহ বাখ্যা কৰিব। এইসকলোৱে এজন ব্যক্তিক সত্যক আকোঁৱালি লোৱাত সহায় কৰিব।—গীতমালা ২৫:৪, ৫.

১০. (ক) আমাৰ প্ৰত্যেকে কেনেকৈ মণ্ডলীৰ সভাত মনোযোগ দিব পাৰে? (খ) এইটো কিয় অৰ্থপূৰ্ণ?

১০ যদি আপোনাৰ পৰিয়াল অধ্যয়ন সপ্তাহটোত প্ৰহৰীদূগ অধ্যয়ন কৰা হৈছে, তেতিয়াহʼলে ব্যক্তিগতৰূপে মণ্ডলীৰ পুস্তক অধ্যয়ন, ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল, সেৱা সভাৰ প্ৰস্তুতি কৰিবলৈ অৱহেলা নকৰিব। যিহোৱাৰ পথত চলিবলৈ শিক্ষা দিবলৈ এইবোৰো এটা মুখ্য ভাগ। আপুনি হয়তো নিবিষ্টভাৱে পৰিয়ালৰ সকলোৰে সৈতে সভাৰ প্ৰস্তুতি কৰিবলৈ সক্ষম হʼব। আপোনালোকে একেলগে কাৰ্য্য কৰাৰ ফলত পৰিয়াল অধ্যয়নৰ পদ্ধতি উন্নত হʼব। ফলাস্বৰূপে সভাবিলাকৰ পৰা তেওঁলোকে বহুতো উত্তম বস্তু শিকিব পাৰিব। আন বিষয়ৰ সৈতে, এই সভাবিলাকৰ বাবে নিতৌ কৰা প্ৰস্তুতিৰ পৰা লাভ কৰা বিষয়ৰ সম্পৰ্কে আলোচনা কৰক আৰু তাৰবাবে এক নিৰ্দ্দিষ্ট সময় উলিওৱা অতি আৱশ্যক।—ইফিচীয়া ৫:১৫-১৭.

১১, ১২. মণ্ডলীৰ সভাবিলাকৰ বাবে প্ৰস্তুতি কৰোঁতে গীত গাই কেনেকৈ লাভৱান হʼব পাৰি আৰু এইটো কেনেকৈ কৰিব পাৰি?

১১ “ঈশ্বৰীয় পথত জীৱন,” অধিবেশনত আমাক সভাৰ আন বৈশিষ্টতাত প্ৰস্তুতি কৰিবলৈ উৎসাহিত কৰা হৈছিল—গান গোৱা। আপুনি তাক অনুকৰণ কৰিছেনে? এইদৰে কৰিলে বাইবেল সত্যক আপোনাৰ মন আৰু হৃয়ত সুমুৱাবলৈ সহায় হʼব আৰু মণ্ডলীৰ সভাবিলাকৰ পৰা আনন্দ লাভ কৰিব পাৰিব।

১২ প্ৰস্তুতিকৰণত পঢ়া, আলোচনা কৰা আৰু তালিকাত দিয়া গীতবিলাকৰ অৰ্থ বুজি হৃদয়ৰে গীত গোৱা আদি অন্তৰ্ভূক্ত হৈ আছে। প্ৰাচীন ইস্ৰায়েলসকলে উপাসনাৰ বাবে বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰিছিল। (১ বংশাৱলি ২৫:১; গীতমালা ২৮:৭) আপোনাৰ পৰিয়ালৰ কোনো সদস্যই বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰেনে? যদি কৰে তেনেহʼলে সপ্তাহটোত থকা ৰাজ্যৰ গীত গোৱাৰ সময় তাক ব্যৱহাৰ কৰিব পাৰে আৰু পৰিয়ালৰ সকলোৱে একেলগে মিলি গীত গাব পাৰে। আন এটা প্ৰদ্ধতি হৈছে গীতৰ কেছেটসমূহ ব্যৱহাৰ কৰি গীত গাব পাৰে। কিছুমান দেশত আমাৰ ভাইসকলে কোনো বাদ্যযন্ত্ৰ নোহোৱাকৈ সুন্দৰ গীত গাব পাৰে। তেওঁলোকে ৰাস্তাত যাওঁতে বা একেলগে পথাৰত কাম কৰোঁতে সপ্তাহটোৰ তালিকাত দিয়া গীতবোৰ গাই আনন্দ লাভ কৰে।—ইফিচীয়া ৫:১৯.

প্ৰচাৰৰ কাৰ্য্যৰ বাবে পৰিয়ালৰ প্ৰস্তুতিকৰণ

১৩, ১৪. পৰিলয়াল অধ্যয়ন কৰাৰ সময়ত প্ৰচাৰ কাৰ্য্যৰ বাবে আমাৰ হৃদয়ক প্ৰস্তুতি কৰাটো কিয় লাভজনক?

১৩ যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ সম্পৰ্কে আনক কোৱাটো আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। (যিচয়া ৪৩:১০-১২; মথি ২৪:১৪) ডেকাই হওঁক বা বৃদ্ধই হওঁক, সকলোৱে তেতিয়া আনন্দ লাভ কৰিব পাৰে যেতিয়া তেওঁলোকে হৃদয়ৰে এই কাৰ্য্য কৰে আৰু তাৰ বাবে প্ৰস্তুতি কৰে। আপুনি নিজৰ পৰিয়ালৰ সদস্যৰ মাজত কেনেকৈ এইটো কৰিব?

১৪ আমাৰ উপাসনাত যেনেকৈ সকলোবোৰ বিষয় প্ৰস্তুত কৰা আৱশ্যক তেনেকৈ আমাৰ হৃদয়কো প্ৰস্তুত কৰা গুৰুত্বপূৰ্ণ। আমি কি কৰিবলৈ গৈ আছোঁ মাথো সিমানে আলোচনা কৰিলে শেষ নহয়, কিন্তু আমি কিয় কৰিবলৈ গৈ আছোঁ তাক আলোচনা কৰাও আৱশ্যক। ৰজা যিহোচাফটে লোকসকলক ঈশ্বৰীয়া ব্যৱস্থাৰ বিষয়ে উপদেশ দিছিল, কিন্তু বাইবেলে আমাক কৈছে যে “লোকবিলাকে . . . নিজ নিজ মন যুগুত নকৰিলে।” ইয়ে তেওঁলোকক ক্ষতিকৰণ কৰিলে পাছলৈ তেওঁলোক সত্য উপাসনাৰ পৰা বিপথগামী হʼল। (২ বংশাৱলি ২০:৩৩; ২১:১১) বহু ঘন্টা প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰা আৰু বহু প্ৰকাশন বিতৰণ কৰাটোৱে মাত্ৰ আমাৰ লক্ষ হʼব নালাগে। আমাৰ প্ৰচাৰ কাৰ্য্যত যিহোৱা আৰু যিসকলে জীৱন পাবলৈ বিচাৰে তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰকাশ কৰা উচিত। (ইব্ৰী ১৩:১৫) এইটোৱে এনে এটা কাৰ্য্য যাৰ দ্বাৰা “আমি ঈশ্বৰৰ সহকৰ্ম্মী” হৈছোঁ। কিযে মহান বিশেষ অধিকাৰ! যেনেকৈ আমি প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ, আমাৰ সৈতে স্বৰ্গদূতসকলেও কাৰ্য্য কৰে। (প্ৰকাশিত বাক্য ১৪:৬, ৭) সপ্তাহত কৰা আমাৰ পৰিয়াল অধ্যয়ন বা যেতিয়া সময় পাওঁ তেতিয়া প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপৰ পৰা সঠিক শাস্ত্ৰ বচন নিৰীক্ষণ কৰাৰ সময়ত এই বিষয়ে আলোচনা কৰাটো কিমান যে উত্তম হʼব!

১৫. পৰিয়ালৰূপে আমি কেতিয়া প্ৰচাৰ কাৰ্য্যৰ বাবে প্ৰস্তুতি কৰিব পাৰোঁ?

১৫ আপুনি আপোনাৰ পৰিয়ালৰ অধ্যয়নত অংশ লোৱা সদস্যসকলক সপ্তাহটোত হোৱা প্ৰচাৰ কাৰ্য্যৰ বাবে মাজে সময়ে সহায় কৰেনে? এইদৰে কৰিলে বহু লাভাৱান হʼব পাৰি। (২ তীমথিয় ২:১৫) ইয়াৰ দ্বাৰা তেওঁলোকে প্ৰচাৰ কাৰ্য্যত অৰ্থপূৰ্ণ ভাগ লবলৈ সহায়ক হʼব। মাজে সময়ে আপুনি এইদৰে প্ৰস্তুতি কৰিবলৈ অধ্যয়নৰ বাবে আছুটীয়াকৈ সময় উলিয়াব লাগে। পৰিয়াল অধ্যয়নৰ শেষত বা সপ্তাহৰ আন সময়ত, প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে প্ৰায়ে চমুকৈ আলোচনা কৰা উচিত।

১৬. অধ্যায়ত উল্লেখ কৰা প্ৰত্যেকটো প্ৰদ্ধতিৰ গুৰুতৰ সম্পৰ্কে আলোচনা কৰক।

১৬ পৰিয়াল অধ্যয়নৰ সময়ত এক ব্যৱস্থাৰ প্ৰণালীত ধ্যান কেন্দ্ৰিত কৰিব লাগে, যেনেকৈ তলত বৰ্ণনা কৰা হʼল: (১) যদি সময়ে অনুমতি দিয়ে তেনেহʼলে বাইবেলৰ পৰা এটা শাস্ত্ৰৰ বচন পঢ়ি উত্তমৰূপে তৈয়াৰ কৰা এক প্ৰদৰ্শনী প্ৰস্তুত কৰক। (২) নিশ্চত কৰক যে যদি সম্ভৱ প্ৰত্যেকৰে হাতত এটা প্ৰচাৰ বেগ আৰু তেওঁলোকৰ বেগত এখন বাইবেল, টোকা বহী, এটা কলম বা পেনচিল, ট্ৰেক্ট আৰু আন আলোচনীবোৰ ভাল অৱস্থাত থকা উচিত। প্ৰচাৰৰ বেগ বেছি দামী হʼব নালাগে কিন্তু ই পৰিষ্কাৰ হোৱা উচিত। (৩) কʼত আৰু কেনেকৈ অনিয়মিত সাক্ষী দিয়া কাৰ্য্য কৰিব, তাৰ বাবে আলোচনা কৰক। ইয়াৰ প্ৰত্যেক প্ৰদ্ধতিত দিয়া পৰামৰ্শবোৰ একেলগে কৰা প্ৰচাৰ কাৰ্য্যৰ সময়ত পৰিয়ালৰ সৈতে আলোচনা কৰক। উপকাৰী পৰামৰ্শ আগবঢ়াওক, কিন্তু বহুতো বিষয় জড়িত কৰি উপদেশ নিদিব।

১৭, ১৮. (ক) কি ধৰণৰ প্ৰস্তুতিয়ে পৰিয়ালক প্ৰচাৰ কাৰ্য্যত বেছি ফলদায়ক কৰিব? (খ) কি উদ্দেশ্যৰে ইয়াক প্ৰত্যেক সপ্তাহত কৰা যাব?

১৭ যীচু খ্ৰীষ্টই তেওঁৰ অনুগামীসকলক শিষ্য বনোৱা মুখ্য কাৰ্য্যত নিযুক্তি কৰিছিল। (মথি ২৮:১৯, ২০) শিষ্য বনোৱা কাৰ্য্যত প্ৰচাৰ কৰাতকৈ বহু কিছু সন্মিলীত আছে। ইয়াত শিক্ষা দিয়া আৱশ্যক। আপোনাৰ পৰিয়াল অধ্যয়নে ইয়াক কাৰ্য্যকাৰীৰূপে কৰিবলৈ কেনেকৈ সহয়া কৰিব পাৰে?

১৮ পৰিয়ালৰূপে আলোচনা কৰক যে কোন জনক পুনৰ সাক্ষাত কৰাটো ভাল হʼব। কিছুমানে হয়তো প্ৰকাশন লব পাৰে: আন কিছুমানে মাত্ৰ শুনে। তেনে ব্যক্তিসকলক ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত বা বজাৰত অনিয়মিত সাক্ষী দিয়া সময়ত লগ পাব পাৰোঁ। ঈশ্বৰৰ আত্মাক আপোনাৰ পথ-প্ৰদৰ্শন কৰিবলৈ দিয়ক। (গীতমালা ২৫:৯; যিহিষ্কেল ৯:৪) সেই সপ্তাহত আপোনালোকৰ কোনজনে তেওঁলোকক সাক্ষাত কৰিব, তাৰ বাবে নিৰ্ণয় লওঁক। কি বিষয়ে আলোচনা কৰিব? পৰিয়ালত কৰা আলোচনাই পৰিয়াল সদস্যসকলক প্ৰস্তুত কৰিবলৈ সহায় কৰিব। বিশেষ কিছুমান শাস্ত্ৰ বচনক টোকি ৰাখক যাতে আপুনি আগ্ৰহী ব্যক্তিৰ সৈতে আলোচনা কৰিব পাৰে, ঠিক তেনেদৰে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ব্ৰচাৰ আৰু জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপৰ পৰা কিছুমান আৱশ্যকীয় বিষয় টোকি ৰাখিব পাৰে। প্ৰথম সাক্ষাততে বহুত বিষয়ে আলোচনা নকৰিব। গৃহস্থলৈ এটা প্ৰশ্ন এৰি আহক যাতে আপুনি পাছৰ সাক্ষাতত উত্তৰ দিব পাৰে। পৰিয়ালৰ প্ৰত্যেকে সপ্তাহিকভাৱে সাক্ষাত কৰিবলৈ এক তালিকা বনাওক আৰু আগতীয়াকৈ আলোচনা কৰক যেনে কোনজন ব্যক্তিক সাক্ষাত কৰিব, কেতিয়া তেওঁক পুনৰ সাক্ষাত কৰিবলৈ যাব, তেওঁ কি কি বিষয়ত চৰ্চা কৰিব। এইদৰে কৰিলে পৰিয়ালৰ সকলোৱে বেছি ফল লাভ কৰিব।

তেওঁলোকক যিহোৱাৰ পথৰে শিক্ষা দিয়ক

১৯. পৰিয়ালৰ সদস্যসকলে যদি যিহোৱাৰ পথত চলিবলৈ বিচাৰে, তেতিয়াহʼলে কি আনুভৱ কৰা উচিত আৰু তেওঁলোকে কি অৱদান আগবঢ়াব লাগে?

১৯ পৰিয়ালৰ এজন মুৰব্বী হোৱাৰ বাবে এই দুষ্ট জগতখনত পৰিয়াল চলোৱাটো এক প্ৰত্যাহ্বানজনক হৈ পৰিছে। চয়তান আৰু তাৰ দুষ্ট দূতবিলাকে যিহোৱাৰ সেৱকসকলৰ আধ্যাত্মিকতাক নষ্ট কৰিবলৈ প্ৰচেষ্টা চলাই আছে। (১ পিতৰ ৫:৮) যিহেতু বৰ্তমান সময়ত আপোনাৰ পিতৃ-মাতৃৰ ওপৰত, বিশেষকৈ একোজন পিতৃ মাতৃৰ বহুতো হেচাঁ আহিছে। সেইবাবে আপুনি যি কৰিবলৈ বিচাৰে তাৰ সকলো কাম কৰিবলৈ সময় উলিয়াটো কঠিন হৈ পৰিছে। কিন্তু একেৰাহে চেষ্টা কৰিলে অন্ততঃ আপুনি এটা পৰামৰ্শ হলেও প্ৰয়োগ কৰিব পাৰিব আৰু লাহে লাহে আপোনাৰ পৰিয়াল অধ্যয়নৰ কাৰ্য্যক্ৰমত উন্নতি হʼব। তেওঁলোকৰ আৰ্হিক অনুকৰণ কৰক যি সকলৰ সৈতে আপোনাৰ অন্তৰঙ্গ সম্পৰ্কে আছে আৰু যি সকলে যিহোৱাৰ পথত চলি থাকি আশীৰ্ব্বাদ লাভ কৰিছে। যিহোৱাৰ পথত সফলভাৱে চলিবলৈ পৰিয়ালৰ সদস্যসকলে মণ্ডলীৰ সভা আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আনন্দ লাভ কৰা আৱশ্যক। তাৰ বাবে হৃদয়ৰে প্ৰস্তুতি কৰা আৱশ্যক—যি প্ৰস্তুতিয়ে প্ৰত্যেকৰে হৃদয় প্ৰফুল্লিত কৰিব আৰু সকলোকে প্ৰচাৰ কাৰ্য্যত অৰ্থপূৰ্ণ ভাগ লবলৈ সাজু কৰি তুলিব।

২০. কি কথাই পিতৃ-মাতৃ সকলক ৩ যোহন ৪ পদত বৰ্ণনা কৰা আনন্দ লাভ কৰিবলৈ সহায় কৰিব?

২০ যিসকলক আধ্যাত্মিকৰূপে সহায় কৰিছিল সেই সকলৰ বাবে চিন্তা কৰি পাঁচনি যোহনে এইদৰে লিখিছিল: “মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে; তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।” (৩ যোহন ৪) পৰিয়ালৰ মুৰব্বীজনে স্পষ্টকৈ বিষয়বোৰক মনত ৰাখি পৰিয়াল অধ্যয়ন পৰিচলনা কৰিব লাগে, তেনে কৰোঁতে তেওঁ মৰমীয়াল, পৰিয়ালৰ প্ৰত্যেক ব্যক্তিকে সহায় কৰিব লাগে যাতে পৰিয়ালে এইধৰণৰ আনন্দত ভাগ লবলৈ সক্ষম হয়। পিতৃ-মাতৃসকলে ঈশ্বৰীয় জীৱনৰ পথত তেওঁলোকৰ পৰিয়ালক সহায় কৰি আনন্দৰে জীৱনৰ পথ গঢ়ি তুলিব পাৰে।—গীতমালা ১৯:৭-১১.

আপুনি বৰ্ণনা কৰিব পাৰেনে?

◻ কণ-কণ লৰা-ছোৱালীয়ে সভাৰ বাবে প্ৰস্তুতি কৰা কিয় আৱশ্যক?

◻ পিতৃ-মাতৃয়ে লৰা-ছোৱালীক “জ্ঞান লাভ” কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

◻ আমাৰ পৰিয়াল অধ্যয়নে প্ৰত্যেক সভাৰ বাবে প্ৰস্তুতি কৰিলে কেনেকৈ লাভজনক হʼব পাৰে?

◻ আমাৰ পৰিয়ালৰ সৈতে প্ৰচাৰ কাৰ্য্যৰ বাবে কৰা প্ৰস্তুতিক কেনেকৈ অধিক প্ৰভাৱকাৰী কৰিব পাৰি?

[Picture on page 20]

আপুনি পৰিয়াল অধ্যায়নত সভাৰ বাবে প্ৰস্তুতি কৰিব পাৰে

[Picture on page 21]

সভাত গোৱা গীতসমূহক আগতীয়াকৈ আভ্যাস কৰিবলে লাভজনক হʼব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক