কেনেকৈ পৰিয়ালৰ সদস্যসকলে—মণ্ডলীৰ সভাবোৰত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াব
১ খ্ৰীষ্টান পৰিয়ালে মণ্ডলীৰ সভাবোৰত একত্ৰিত হোৱা আজ্ঞাক মনোযোগ দিয়া উচিত। (ইব্ৰী ১০:২৪, ২৫) ভাল সহযোগিতাৰে, সকলোৱে সভাৰ বাবে তৈয়াৰ কৰি, উপস্থিত থাকি আৰু তাত ভাগ লৈ কৃতকাৰ্য্য হব পাৰে। পৰিয়ালত বহুতো সমস্যা আছে, কিন্তু ইয়াত এনেবোৰ বস্তু আছে যিবোৰে এজন খ্ৰীষ্টান স্বামী, এজনী বিশ্বাসী স্ত্ৰী বা একজনক পিতৃ বা মাতৃয়ে পৰিয়ালত থকা লৰা-ছোৱালী আৰু তেওঁলোকৰ বয়সৰ লোকক আধ্যাত্মিক বিষয়ত একগোট হবলৈ উৎসাহিত কৰিবলৈ সহায় কৰে।—হিতো. ১:৮.
২ তৈয়াৰী কৰিবলৈ সময় লওঁক: মণ্ডলীৰ সভাবোৰৰ বাবে ভালদৰে তৈয়াৰ হʼল নে নাই তাক চাবলৈ পৰিয়ালৰ সদস্যই সহযোগিতা আগবঢ়ায়। বহুতে একেলগে সপ্তাহিকৰূপে প্ৰহৰীদূৰ্গ অধ্যয়নক বিবেচনা কৰে। কিছুমানে মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে তৈয়াৰ কৰে বা পৰিয়ালৰূপে সপ্তাহৰ বাইবেল পাঠ একেলগে পঢ়ে। ইয়াৰ লক্ষ্য হৈছে সভাত উপস্থিতিৰ গুৰুত্ব দিবলৈ মূখ্য বিষয়বোৰক মনত ৰখা। এইদৰে, সকলোৱে যি শুনিছে তাৰ পৰা লাভৱান হব আৰু যেতিয়া সুযোগ পাই তাত ভাগ লবলৈ সমৰ্থ হব।—১ তীম. ৪:১৫.
৩ সভাত ভাগ লবলৈ পৰিকল্পনা কৰক: পৰিয়ালৰ প্ৰত্যেকজনে সভাত মন্তব্য দিয়াৰ দ্বাৰা অন্য আগত নিজৰ বিশ্বাস প্ৰকাশ কৰিবলৈ লক্ষ্য ৰখা উচিত। (ইব্ৰী ১০:২৩) এনেদৰে কৰিবলৈ এজন পৰিয়াল সদস্যক সহায় বা উৎসাহৰ আৱশ্যক নে? ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ বাবে ভাষণ তৈয়াৰ কৰিবলৈ প্ৰত্যেকজন ব্যক্তিক কিধৰণৰ সহায়ৰ আৱশ্যক? যেতিয়া স্বামীসকলে পৰিয়ালত আগভাগ আৰু হয়তো উদাহৰণ প্ৰস্তুত কৰে বা ব্যৱহাৰিক উপদেশ দিয়ে সেইসময়ত পত্নীসকলে নিজৰ স্বামীক প্ৰশংসা কৰে। পিতৃ-মাতৃ তেওঁলোকৰ লৰা-ছোৱালীৰ ভাগ তৈয়াৰী কৰাটো উচিত নহয়। এইদৰে যদি কৰা হয় তেনেহʼলে লৰা-ছোৱালীৰ আগভাগ লোৱা প্ৰবৃত্তিক ধ্বংস কৰা হয়। কিন্তু পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক সহায় কৰিব পাৰে আৰু তেওঁলোকে যেতিয়া উচ্চকন্ঠে উচ্চাৰণ কৰে তাক শুনিব পাৰে।—ইফি. ৬:৪.
৪ উপস্থিত হবলৈ সংগঠিত হওঁক: লৰা-ছোৱালীক সৰুৰে পৰা ভালদৰে বস্ত্ৰ পৰিধান কৰিবলৈ আৰু নিযুক্ত সময়ত সভাত উপস্থিত হবলৈ শিকাব পাৰে। ঘৰৰ দৈনন্দিন কাৰ্য্য সময়মতে কৰিবলৈ পৰিয়ালৰ সদস্যসকলে সহযোগিতা কৰা উচিত যাতে সভাৰ বাবে পলম নহয়—সুখী পৰিয়াল (ইংৰাজী) কিতাপৰ ১১২ পৃষ্ঠা আৰু যুৱক-যুৱতীসকলে সোধা প্ৰশ্ন (ইংৰাজী) কিতাপৰ ৩১৬-১৭ পৃষ্ঠাত দিয়া পৰামৰ্শক চাওঁক।
৫ পিতৃ-মাতৃ আৰু সন্তান দুয়োৱে বৃদ্ধ যিহোচূৱা কোৱা কথাক প্ৰতিফলিত কৰিব পাৰে, যিজনে কৈছিল: “মই আৰু মোৰ পৰিয়ালে হলে যিহোৱাৰ আৰাধনা কৰিম।” তেনেহʼলে মণ্ডলীৰ সভাবোৰত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াবলৈ স্থিৰ কৰক।—যিহো. ২৪:১৫.