ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৫ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৫ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা তাৰিখ আৰু মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। এপ্ৰিল ১৮-মে’ ১৫: পৰ দি থাকক! নামৰ ব্ৰচাৰখন বিতৰণ কৰাৰ এক বিশেষ অভিযান। মে’ ১৬-৩১: গৃহস্থক প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি দিয়ক। স্মৰণীয় দিৱস আৰু/বা আন ঈশ্বৰশাসিত উপলক্ষ্যবোৰত আগ্ৰহী লোকবিলাকে যদিও উপস্থিত হৈছিল, কিন্তু নিয়মীয়াকৈ মণ্ডলীৰ সৈতে সঙ্গতি কৰা নাই তেনে ব্যক্তিসকলক ঈশ্বৰক উপাসনা নামৰ কিতাপখন প্ৰদান কৰক। বিশেষকৈ যিসকলে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখনৰ পৰা ইতিমধ্যেই অধ্যয়ন কৰিলে, তেওঁলোকৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখন বিতৰণ কৰক; যদি গৃহস্থই তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই বুলি কয়, তেন্তে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। জুলাই আৰু আগষ্ট: ইয়াত উল্লেখ কৰা ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়।

▪ মণ্ডলীৰ পৰিচালক অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে জুন মাহৰ ১ তাৰিখ বা তাৰ পিছত যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখসমূহৰ হিচাপ সম্পূৰ্ণ কৰি মণ্ডলীত লেখ ৰিপোৰ্ট পঢ়াৰ সময়ত একেলগে হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।

▪ অসমীয়া আৰু মাৰাঠী ভাষাৰ মণ্ডলীসমূহে জুন ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহৰ পৰা দানিয়েলৰ ভৱিষ্যতবাণী কিতাপখন মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব। বাংলা, মিজো/লুছাই আৰু তেলেগু ভাষাৰ মণ্ডলীবোৰে দানিয়েলৰ ভৱিষ্যতবাণী কিতাপখনৰ পৰিৱৰ্তে ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব।

▪ গেংটকত (নেপালী) হʼবলগীয়া “ঈশ্বৰীয় আজ্ঞাকাৰীতা” জিলা অধিৱেশনৰ তাৰিখ সংশোধন কৰা হৈছে। সেই জিলা অধিৱেশনৰ নতুন তাৰিখ হৈছে আগষ্ট ১২-⁠১৪ তাৰিখ ২০০৫ চন।

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

যিহোৱালৈ স্তুতি গীত গোৱা​—⁠ইংৰাজী ভাষাত ডাঙৰ আখৰত

অনুগ্ৰহ কৰি লক্ষ্য কৰক যে এই আৱেদন কেৱল সেইসকলৰ বাবে, যিসকলৰ দৃষ্টি দুৰ্ব্বল আৰু সৰু আখৰ পঢ়িবলৈ অসুবিধা হয়। দৃষ্টি দুৰ্ব্বল হোৱা প্ৰকাশকসকলেহে ইয়াৰ বাবে আৱেদন কৰিব পাৰে। মণ্ডলীৰ সেৱা কমিটিয়ে বাস্তৱিক আৱশ্যকতা আৰু সাহিত্য নিৱেদন পত্ৰত উল্লেখ কৰা সংখ্যা নিৰীক্ষণ কৰাৰ পিছতহে শাখা কাৰ্য্যালয়লৈ পঠোৱা আৱশ্যক।

▪ নতুন অডিঅ কম্পেক্ট ডিক্স উপলব্ধ:

আপোনাৰ চকু নিৰ্ম্মল ৰাখক ​—⁠কানাড়া, গুজৰাটী, তামিল, তেলেগু, মালায়ালম, হিন্দী

পৰিয়াল​—⁠আপোনালোকে বাইবেল পাঠ কৰাটো নিজৰ জীৱনৰ এক প্ৰধান অংশ কৰি লওক! ​—⁠কনাড়া, তামিল, মালায়ালম, হিন্দী

যিহোৱা ঈশ্বৰৰ কাষ চাপা (এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

চৌধটা বাইবেল নাটক (তিনিটা চেটৰ চিডি, এমপি-থ্ৰি ফৰমেট) ​—⁠ইংৰাজী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক