আলোচনী প্ৰবাহত লোকসকলৰ আগ্ৰহকতা জগাই তুলা
১ আমি প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা বহুতো লোকে আনন্দেৰে আমাৰ বাৰ্ত্তা শুনি আমাৰ প্ৰকাশনবোৰ গ্ৰহণ কৰে, কিন্তু নিয়মিত বাইবেল অধ্যয়ন কৰিবলৈ ইতস্ততঃ অনুভৱ কৰে। তেনে লোকবিলাকক আমি আলোচনী প্ৰবাহৰ দ্বাৰা আগ্ৰহী কৰি তুলিব পাৰোঁ। আপুনি আলোচনী দিয়া ব্যক্তিসকলৰ নাম, ঠিকনা, টেলিফোন নম্বৰ, লগ পোৱা তাৰিখ, তেওঁলোকে গ্ৰহণ কৰা আলোচনী, আলোচনা কৰা শাস্ত্ৰীয় পদ আৰু ব্যক্তিজনে আগ্ৰহী হোৱা যি কোনো বিষয়ক টোকি ৰাখক। আপুনি যেনেকৈ নতুন আলোচনীবোৰ লাভ কৰে, লোকসকলক আগ্ৰহী কৰি তুলা বিষয়বোৰ লৈ আলোচনী প্ৰবাহত সাক্ষাৎ কৰা ব্যক্তিসকলক দিয়ক। (১ কৰি. ৯:১৯-২৩) কোনোবা এটা সময়ত হয়তো আমাৰ আলোচনীবোৰত থকা কোনো এটা বিষয় পঢ়ি তেওঁলোক আগ্ৰহী হʼব আৰু সেই বিষয়ে অধিক জানিব বিচাৰিব।
২ আমি জানিব পাৰিছোঁ যে, বেছিভাগ লোকে সাধাৰণভাৱে আলোচনীবোৰ পঢ়ি আপোনা-আপুনিকৈ যিহোৱাৰ সেৱক হৈ নপৰিব। এতেকে গুৰুত্বতাৰ বিষয়ে মনত ৰাখি লোকসকলে এতিয়াই যিহোৱাক অনুসন্ধান কৰিবলৈ আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ? (চফ. ২:২, ৩; প্ৰকা. ১৪:৬, ৭) ইয়াৰ বাবে প্ৰত্যেকবাৰ আলোচনী দিওঁতে আমি সতৰ্কতাৰে বিষয়বোৰ বাছনি কৰি তেওঁলোকৰ আগ্ৰহকতা জগাই তুলিব পাৰোঁ।
৩ এটা শাস্ত্ৰীয় পদৰ আলোচনা: আলোচনী প্ৰবাহত প্ৰত্যেকবাৰে সাক্ষাৎ কৰা লোকসকলৰ বিষয়ে মনত ৰাখি প্ৰত্যেকজনৰ আৱশ্যকতা অনুসাৰে এটাকৈ শাস্ত্ৰীয় পদৰ পৰা আলোচনা কৰিবলৈ আপুনি নিজকে সাজু কৰক। (ফিলি. ২:৪) উদাহৰণস্বৰূপে, অলপতে যদি কোনোবাই নিজৰ প্ৰিয়জনক মৃত্যুত হেৰুৱাইছে, আপুনি তেওঁক কেইবাবাৰো সাক্ষাৎ কৰি, বাইবেলে মৃতজনাৰ অৱস্থাৰ বিষয়ে কি কৈছে আৰু তেওঁলোকৰ কেনে আশা আছে, সেই বিষয়ে কʼব পাৰে। ৰীজনিং কিতাপৰ মুখ্য বিষয়টোৰ অন্তৰ্গত দিয়া “মৃত্যু” আৰু “পুনৰুত্থান” বিষয়বোৰক ব্যৱহাৰ কৰি এটা শাস্ত্ৰীয় পদ আলোচনা কৰিবলৈ নিজকে সাজু কৰক। তদুপৰি সেই বিষয়টোৰ সৈতে সম্পৰ্ক থকা আন অতিৰিক্ত বিষয়বোৰো আলোচনা কৰিব পাৰে, যেনে, কেনেকৈ বেমাৰ, বৃদ্ধ অৱস্থা আৰু মৃত্যুক চিৰকালৰ বাবে আঁতৰ কৰা হʼব। ব্যক্তিজনে কেনে বিষয়বোৰৰ প্ৰতি আগ্ৰহী, সেই বিষয়বোৰ জানিবলৈ চেষ্টা কৰি ক্ৰমাগতভাৱে বাইবেলৰ পৰা বিষয়বোৰ বুজাই দিয়াটোৱেই আমাৰ লক্ষ্য হোৱা উচিত।
৪ বুজাই দিয়ক: সাধাৰণতে যদিও এনে আলোচনা সৰল আৰু চমুকৈ কৰা হয়, তথাপিও নিৰ্ব্বাচিত শাস্ত্ৰীয় পদবোৰ কেৱল পঢ়াটোৱেই যথেষ্ট নহয়। কিয়নো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি চয়তানে লোকসকলৰ জ্ঞান-চকু অন্ধ কৰি ৰাখিছে। (২ কৰি. ৪:৩, ৪) যদিও লোকসকলে বাইবেলৰ সৈতে পৰিচিত, তথাপিও এই বিষয়ে বুজাই দিয়া আৱশ্যক। (পাঁচ. ৮:৩০, ৩১) গতিকে আপুনি ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত কৰাৰ নিচিনাকৈ শাস্ত্ৰীয় পদবোৰ বৰ্ণনা কৰি দৃষ্টান্ত দাঙি ধৰিলে কাৰ্য্যকাৰী হʼব। (পাঁচ. ১৭:৩) নিশ্চিত কৰক যে ব্যক্তিজনে নিজৰ জীৱনত যেন ঈশ্বৰৰ বাক্যৰ পৰা ব্যৱহাৰিক লাভ পাব পাৰে।
৫ যদি ব্যক্তিজনে শিকা বিষয়বোৰত আনন্দিত হৈছে, তেন্তে ক্ৰমান্বয়ে আলোচনা দুটা বা তিনিটা শাস্ত্ৰীয় পদলৈ বৃদ্ধি কৰক। বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখনৰ পৰা অধ্যয়ন আৰম্ভ কৰিবলৈ সুযোগলৈ অপেক্ষা কৰক। এইদৰে আলোচনী প্ৰবাহ এটা অৰ্থপূৰ্ণ বাইবেল অধ্যয়নলৈ পৰিণত হʼব।
[Study Questions]
১. আলোচনী প্ৰবাহত লোকসকলক আগ্ৰহী কৰি তুলিবলৈ আমি কেনেকৈ এখন আলোচনী ব্যৱহাৰ কৰিব পাৰোঁ?
২. এতিয়াই লোকসকলে যিহোৱাৰ অনুসন্ধান কৰাটো কিয় আৱশ্যক আৰু আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?
৩. (ক) লেথাৰিকৈ এটা শাস্ত্ৰীয় পদ আলোচনা কৰিবলৈ আমি কেনেকৈ নিজকে সাজু কৰিব পাৰোঁ? (খ) আপোনাৰ এলেকাত থকা লোকসকলে কেনেবোৰ বিষয়ৰ প্ৰতি অধিক আগ্ৰহী?
৪. আমি কোনো এটা শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰোঁতে কিয় ইয়াক ভাঙি বুজাই দিয়াটো গুৰুত্বপূৰ্ণ আৰু আমি কেনেকৈ কৰিব পাৰোঁ?
৫. এটা আলোচনী প্ৰবাহক কেনেকৈ বাইবেল অধ্যয়নলৈ পৰিণত কৰিব পাৰি?