সম্পূৰ্ণ হৃদয়েৰে শস্য গোটোৱা কাৰ্য্যত ভাগ লওঁক
১ প্ৰাচীন সময়ৰ ভৱিষ্যতবক্তাসকলে আৰু একেইদৰে যীচুৱেও গোটোৱা কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিছিল। (যিচ. ৫৬:৮; যিহি. ৩৪:১১; যোহ. ১০:১৬) এই গোটোৱা কাৰ্য্য বৰ্তমান সময়ত গোটেই বিশ্বত শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্যৰ দ্বাৰা সম্পন্ন কৰা হৈছে। (মথি ২৪:১৪) ইয়াৰ যোগেদি কোনসকলে ঈশ্বৰক সেৱা কৰে আৰু কোনসকলে নকৰে তাৰ প্ৰভেদতা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। (মলা. ৩:১৮) আমাৰ বাবে ইয়াৰ অৰ্থ কি?
২ এক ব্যক্তিগত দায়িত্ব: এই সন্দৰ্ভত আমি পাঁচনি পৌলৰ আৰ্হিৰ পৰা বহুকিছু শিকিব পৰোঁ, যিজনে নিজেই সম্পূৰ্ণ হৃদয়েৰে গোটোৱা কাৰ্য্যত ভাগ লৈছিল। তেওঁ সকলোকে প্ৰচাৰ কৰাৰ ব্যক্তিগত দায়িত্বৰ অৰ্থ বুজি পাইছিল, কিয়নো তেওঁ জানিছিল যে সকলো লোকে সেই শুভবাৰ্ত্তা শুনি উদ্ধাৰ লাভ কৰাৰ সুযোগ আছে। সেইবাবে তেওঁ প্ৰচাৰ কাৰ্য্যৰ বাবে কঠিন পৰিশ্ৰম কৰিবলৈ প্ৰেৰিত হৈছিল। (ৰোমী. ১:১৪-১৭) গতিকে আজি মানৱজাতিৰ এই শোকাতুৰ পৰিস্থিতিৰ ওপৰত লক্ষ ৰাখি আমি প্ৰচাৰ কাৰ্য্যক আগতকৈও অধিক গম্ভীৰ দায়িত্বৰূপে স্বীকাৰ কৰি নিজৰ নিযুক্ত এলেকাত গৈ প্ৰচাৰ কৰাটো উচিত নহবনে?—১ কৰি. ৯:১৬.
৩ অতি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ সময়: আমাৰ এই প্ৰচাৰকাৰ্য্যক অনুসন্ধান কৰি উদ্ধাৰ কৰাৰ অভিযান কাৰ্য্যৰ সৈতে তুলনা কৰিব পাৰি। গতিকে অধিক পলম হোৱাৰ পূৰ্বেই লোকসকলক সুৰক্ষিত স্থানত যাবলৈ সহায় কৰা উচিত। কিয়নো সময় একেবাৰে কম আৰু মানুহবিলাকৰ জীৱন সঙ্কটপূৰ্ণ অৱস্থাত আছে! এতেকে যীচুৱে তেওঁৰ শিষ্যসকলক “নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা” কৰিবলৈ কোৱাত, আচৰিত হোৱাৰ কোনো কাৰণ নাই।—মথি ৯:৩৮.
৪ বৰ্তমান সময়ত থকা জৰুৰীকালীন অৱস্থাক বুজি বহুতো ৰাজ্যৰ প্ৰচাৰকে জীৱন-ৰক্ষক কাৰ্য্যত আগতকৈও অধিকভাৱে ভাগ লৈছে। উদাহৰণস্বৰূপে, একজনক পৰিয়ালত চাৰিজন কণ-কণ ভাই-ভনীৰ সৈতে বাস কৰা কম বয়সীয়া হিৰহিচাৰ বিষয়ে বিবেচনা কৰক। তেওঁ নিজৰ পৰিয়ালটোক চলোৱাত সহায় কৰিবলৈ পুৱা তিনি বজাতে উঠি বাতৰিকাকত বিলোৱাৰ কাৰ্য্য কৰিছিল। কিন্তু তেওঁৰ ইচ্ছা আছিল আগতকৈ অধিকৰূপে প্ৰচাৰকাৰ্য্যত ভাগ লোৱা। সেইবাবে তেওঁ নিয়মিত অগ্ৰগামী হিচাপে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিছিল। আপুনিও পুনৰাই নকৰা এই কাৰ্য্যত সম্পূৰ্ণ হৃদয়েৰে ভাগ লবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছেনে?
৫ কিয়নো “সেই কাল চুটি কৰা হৈছে।” (১ কৰি. ৭:২৯) এতেকে আঁহক আমি সকলোৱে বৰ্তমান সময়ত গোটেই পৃথিৱীত হোৱা এই গুৰুত্বপূৰ্ণ কাৰ্য্য অথাৎ প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্যত সম্পূৰ্ণ হৃদয়েৰে ভাগ লবলৈ সকলো প্ৰকাৰে চেষ্টা কৰোঁহঁক। যীচুৱে এই কাৰ্য্যক শস্য চপোৱাৰ সৈতে তুলনা কৰিছিল। (মথি ৯:৩৫-৩৮) এই শস্য চপোৱাৰ কাৰ্য্যত সম্পূৰ্ণ হৃদয়েৰে ভাগ লৈ ফল উৎপন্ন কৰি প্ৰকাশিত বাক্য ৭:৯, ১০ পদত কোৱাৰ অনুসাৰে আমি আন লোকক বৰ লোকসমূহৰ ভাগ হৈ যিহোৱাৰ উপাসক হʼবলৈ সহায় কৰিম।