“কিয়নো ঈশ্বৰৰ বাক্য . . . কাৰ্য্য-সাধক”
১ পাঁচনি পৌলে এইদৰে লিখিছিল, “কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক।” (ইব্ৰী ৪:১২) তেওঁ কোৱা কথাষাৰৰ অৰ্থ কি আছিল? তেওঁ কʼব বিচাৰিছিল যে বাইবেলত পোৱা ঈশ্বৰৰ বাক্য বা সম্বাদে মানুহক গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে। বাইবেলত যি জ্ঞান পোৱা যায়, সেই জ্ঞানে এজন ব্যক্তিৰ জীৱন সাল-সলনি কৰি সঠিক দিশ প্ৰদান কৰিব পাৰে। তদুপৰি ই মানৱক শান্ত্বনাদায়ক আশা প্ৰদান কৰি জীৱন দাতা, যিহোৱা ঈশ্বৰৰ কাষ চাপিবলৈ প্ৰেৰিত কৰে। ইয়াৰ ওপৰিও ইয়াত থকা সম্বাদে এজন নম্ৰ মনৰ ব্যক্তিক অনন্ত জীৱনৰ পথত চলিবলৈ পৰিচালিত কৰে। গতিকে ইয়াৰ প্ৰভাৱক দৃষ্টি কৰিবলৈ হʼলে আমি আনক প্ৰচাৰ কৰোঁতে বাইবেল ব্যৱহাৰ কৰা আৱশ্যক।
২ প্ৰত্যেক সুযোগতে এটাকৈ শাস্ত্ৰীয় পদ পঢ়ক: এইটো লক্ষ্য কৰা হৈছে যে বহুতো প্ৰচাৰকে প্ৰচাৰ ক্ষেত্ৰত প্ৰত্যেখন ঘৰত শাস্ত্ৰীয় পদ পঢ়ি নুশুনায়। আপুনিও তেনে কৰেনে? বৰ্তমান সময়ত লোকবিলাকৰ ওচৰত দীঘলীয়াকৈ কথা-বতৰা পাতিবলৈ সময় নোহোৱাৰ বাবে আপুনি তেনেলোকক আলোচনী দি বা মুখেৰে শাস্ত্ৰ পদত থকা বিষয়সমূহ কোৱাটো হয়তো আপোনাৰ অভ্যসত পৰিণত হʼব পাৰে। সেইবাবে আমি সকলো প্ৰচাৰককে উৎসাহিত কৰিছোঁ যে শুভবাৰ্ত্তা দিয়াৰ সময়ত অন্ততঃ এটা শাস্ত্ৰীয় পদ যেন পঢ়ে। ইয়ে আমি কোৱা সম্বাদ প্ৰকৃততে যে বাইবেলৰ ওপৰত আধাৰিত তাক বিবেচনা কৰিবলৈ গৃহস্থজনক সুযোগ দিব।
৩ যদিও মাত্ৰ কিছুমান ব্যক্তিৰহে বাইবেল পাঠ কৰাৰ অভ্যাস আছে, কিন্তু আজিও বাইবেল পাঠ কৰা কাৰ্য্যক সন্মান কৰা হয়। অত্যন্ত ব্যস্ত থকা লোকসকলেও পোনেচাটেই ঈশ্বৰ বাক্যক পাঠ কৰা শুনিবলৈ প্ৰায়ে এক বা দুই মিনিট সময় অতিবাহিত কৰে। যেতিয়া কোনো এটা যথাৰ্থ শাস্ত্ৰীয় পদ উৎসাহিতভাৱে পঢ়ি চমূকৈ বৰ্ণনা কৰা হয়, তেতিয়া শুনোঁতাজনৰ ওপৰত যিহোৱাৰ শক্তিশালী বাক্যৰ ভাল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কিন্তু কেনেকৈ আপুনি কোৱা আৰম্ভনীৰ সম্বাদৰ সৈতে বাইবেলৰ এটা পদ পঢ়াটো সংযোগ কৰিব পাৰে?
৪ আলোচনী বিতৰণ কাৰ্য্যত শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক: এজন পৰিব্ৰাজক অধক্ষ্যই যেতিয়া সাহিত্য বিতৰণ কাৰ্য্যত ভাগ লয়, তেতিয়া তেওঁ শাস্ত্ৰীয় পদসমূহক সফলৰূপে ব্যৱহাৰ কৰে। তেওঁ সদায়ে নিজৰ লগত এখন সৰু বাইবেল ৰাখে। আলোচনীসমূহ গৃহস্থক দিয়াৰ পাছত কোনো সংকোচ নকৰাকৈ বাইবেলৰ পৰা আলোচনীৰ লেখৰ সৈতে খাপ খোৱা এটা শাস্ত্ৰ পদ পঢ়ে। আপুনিও চমুকৈ এটা প্ৰশ্ন পঢ়ি এইদৰে কৰিব পাৰে। আপুনি এইদৰে সুধিব পাৰে, “আপুনি এই উৎসাহিত কৰা প্ৰতিজ্ঞাৰ বিষয়ে কি ভাবে?” আৰু তাৰ পাছত আপুনি নিৰ্ব্বাচিত কৰা শাস্ত্ৰীয় পদ পঢ়িব পাৰে।
৫ গতিকে আপুনি প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা প্ৰত্যেক ব্যক্তিসকলৰ আগত এটা বা দুটা শাস্ত্ৰৰ পদ পঢ়িবলৈ আপোনাৰ লক্ষ্য বনাওঁক। কিয়নো ইয়াৰ উৎসাজনক শক্তিয়ে বহুতো লোকক ঈশ্বৰৰ কাষ চাপিবলৈ পথ মুকলি কৰে।—যোহ. ৬:৪৪.