ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৪ পৃষ্ঠা ৪
  • বাইবেলখন কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলখন কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰক
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আপোনাৰ প্ৰচাৰকাৰ্য্যক সম্পূৰ্ণৰূপে সম্পন্ন কৰিছে নে?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাইবেল পঢ়ক আৰু সম্পূৰ্ণৰূপে লাভৱান হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • “সংক্ষেপতে বিষয়টো কওঁক!”
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৪ পৃষ্ঠা ৪

বাইবেলখন কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰক

১ প্ৰচাৰ কাৰ্য্যত আমি যিকোনো সাহিত্য ব্যৱহাৰ কৰিবলৈ বাছনি নকৰোঁ কিয়, বাইবেলৰ পৰা এটা চিন্তা-বিদাৰক পদ বাছনি কৰি আমাৰ বাৰ্ত্তা শুনাসকলক দেখুৱাটো অধিক লাভজনক হʼব। (ইব্ৰী ৪:⁠১২) আপোনাৰ বিতৰণ অধিক কাৰ্য্যকাৰী কৰিবলৈ দিবলগীয়া প্ৰকাশনৰ পৰা এটা শাস্ত্ৰীয় পদ বাছনি কৰি লোকসকলক দেখুৱাউক। এইদৰে শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰাৰ দ্বাৰা শ্ৰোতাসকলক ঈশ্বৰৰ বাক্যৰে অধিক প্ৰভাৱিত কৰিব পাৰিব। সাধাৰণতে অখ্ৰীষ্টীয় আৰু খ্ৰীষ্টান ধৰ্ম্মক ভাল নোপোৱা লোকসকলেও বাইবেলৰ প্ৰতি সন্মান দেখুৱাই।

২ এটা শাস্ত্ৰীয় পদৰ সৈতে কথোপকথন আৰম্ভ কৰক: কিছুমান প্ৰকাশকে গৃহস্থক বাইবেল আধাৰিত এটা দৃষ্টিভঙ্গীমূলক প্ৰশ্ন সুধি শাস্ত্ৰৰ পৰা এটা পদ পঢ়ে। এনে কৰাৰ দ্বাৰা শীঘ্ৰেই গৃহস্থৰ মন ঈশ্বৰৰ বাক্যৰ প্ৰতি নিৰ্দ্দেশিত কৰে। আপোনাৰ প্ৰচাৰ এলেকাত তলত দিয়া কিছুমান পাতনি কাৰ্য্যকাৰী হʼবনে?

◼“এই জগতৰ পৰিস্থিতিবোৰ পৰিৱৰ্তন কৰিবলৈ আপোনাৰ ক্ষমতা থকা হʼলে, আপুনি কি কৰিলেহেঁতেন?” প্ৰকাশিত বাক্য ২১:⁠৪ পদটো পঢ়ক।

◼“আমি কিয় ইমান কঠিন পৰিস্থিতিত জীয়াই আছোঁ, এই বিষয়ে আপুনি কেতিয়াবা চিন্তা কৰিছেনে?” ২ তীমথিয় ৩:⁠১-৫ পদবোৰ পঢ়ক।

◼“আপুনি ভাবেনে যে এই পৰামৰ্শ পালন কৰি আমাৰ সমাজৰ সকলোৱে এখন উত্তম সমাজত বাস কৰিব পাৰিব?” মথি ৭:⁠১২ পদটো পঢ়ক।

◼“বৰ্তমান সময়ৰ বিৰক্তিকৰ পৰিস্থিতিৰ বিষয়ে মনত ৰাখি, আপুনি ভাবেনে যে আপোনাৰ লʼৰা-ছোৱালীয়ে ইয়াত বৰ্ণনা কৰা অৱস্থাৰ অভিজ্ঞতা হʼব পাৰিব? গীত ৩৭:⁠১০, ১১ পদবোৰ পঢ়ক।

◼“বৰ্তমান জগতত ৰোগ আৰু বেমাৰ বৃদ্ধি হোৱা দেখি, আপুনি ভাবেনে যে ইয়াত উল্লেখ কৰা বাক্যবোৰ বাস্তৱতে সঁচা প্ৰমাণিত হʼব? যিচয়া ৩৩:⁠২৪ পদটো পঢ়ক।

◼“ইয়াত উল্লেখ কৰাৰ অনুসাৰে আপুনি কোনো চৰকাৰ সলনি হোৱাৰ বিষয়ে শুনিবলৈ পাইছেনে?” দানিয়েল ২:⁠৪৪ পদটো পঢ়ক।

◼“আপুনি কেতিয়াবা ঈশ্বৰক এই প্ৰশ্নটো সুধিব বিচাৰেনে?” ইয়োব ২১:⁠৭ পদটো পঢ়ক।

◼“মৃত ব্যক্তিসকলক পুনৰাই দেখি পোৱাটো সম্ভৱনে?” যোহন ৫:⁠২৮, ২৯ পদবোৰ পঢ়ক।

◼“জীৱিত লোকবিলাকে যি কৰিছে, সেই বিষয়ে মৃতবিলাকে জানেনে?” উপদেশক ৯:⁠৫ পদটো পঢ়ক।

৩ বৰ্ণনা, ব্যাখ্যা আৰু প্ৰযোজ্য কৰক: যেতিয়া কোনো এজন ব্যক্তিয়ে কথোপকথন কৰিবলৈ আগ্ৰহী হয় তেতিয়া খৰখেদাকৈ শাস্ত্ৰীয় পদটো আলোচনা নকৰিব। তাৰ পৰিৱৰ্তে শাস্ত্ৰীয় পদটো পঢ়ি ব্যক্তিজনক বৰ্ণনা, ব্যাখ্যা আৰু প্ৰযোজ্য কৰি ভালকৈ বুজাই দিয়ক। (নহি. ৮:⁠৮) লোকসকলে যেতিয়া ঈশ্বৰৰ বাক্যৰ শিক্ষা বুজি পায় গ্ৰহণ কৰে তেতিয়া ইয়ে তেওঁলোকৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন কৰিব পাৰে।​—⁠১ থিচ. ২:⁠১৩.

৪ বাইবেলখনক একেৰাহে উত্তমভাৱে ব্যৱহাৰ কৰি আগ্ৰহকতা বিকশিত কৰক। পুনৰ সাক্ষাৎ কৰাৰ সময়ত আপুনি সেই একেই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে: (১) এটা উপযুক্ত শাস্ত্ৰীয় পদ বাছনি কৰক। (২) শাস্ত্ৰীয় পদত উল্লেখ কৰা বিষয়টোৰ সম্পৰ্কে এটা সহজ দৃষ্টিভঙ্গীমূলক প্ৰশ্ন সোধক। তাৰ পিছত পদটো পঢ়ক। (৩) ইয়াক বৰ্ণনা, ব্যাখ্যা আৰু প্ৰযোজ্য কৰক। আপুনি প্ৰত্যেকবাৰে যেতিয়া সাক্ষাৎ কৰে তেতিয়া ঈশ্বৰৰ বাক্যৰে ব্যক্তিজনৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। আপুনি অতি শীঘ্ৰেই এটা বাইবেল অধ্যয়ন পৰিচালনা কৰাত সক্ষম হʼব!

[Study Questions]

১.প্ৰচাৰ কাৰ্য্যৰ বাবে নিজকে সাজু কৰাৰ সময়ত আপুনি কি কৰিব পাৰে?

২.(ক) এটা শাস্ত্ৰীয় পদৰ দ্বাৰা আমি কেনেকৈ কথোপকথন আৰম্ভ কৰিব পাৰোঁ? (খ) প্ৰচাৰ এলেকাত কেনে শাস্ত্ৰীয় বিষয়সমূহৰ ওপৰত লোকসকল আগ্ৰহী?

৩.আমি পঢ়া শাস্ত্ৰীয় পদটো বুজিবলৈ লোকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?

৪.আমি পুনৰ সাক্ষাতৰ সময়ত কেনেকৈ বাইবেলখন ব্যৱহাৰিকৰূপে ব্যাৱহাৰ কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক