“সংক্ষেপতে বিষয়টো কওঁক!”
১ কেতিয়াবা এনে গৃহস্থৰ সন্মূখীন হৈছেনে যিজনে আপুনি ভালদৰে প্ৰস্তুত কৰা বাৰ্ত্তাৰ মাজতে আপোনাক হয়তো কৈছিল “আপুনি যি কব বিচাৰিছে সংক্ষেপতে বিষয়টো কওঁক! আপোনাৰ উদ্দেশ্যে কি?” এইধৰণৰ অনুভৱৰ পৰা আমি কি শিকিব পাৰোঁ?
২ বৰ্তমানৰ সময়ৰ বেছিসংখ্যক মানুহে ধৈৰ্য্যশীল নহয়। তেওঁলোকে জানিব বিচাৰে আমি কোন আৰু কি কৰিবলৈ আহিছোঁ। যেতিয়া তেওঁলোকে আমি সাক্ষ্যাৎ কৰাৰ উদ্দেশ্য বিষয়ে বুজি পাই যে আমি বাইবেলৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া তেওঁলোকে শুনিব নিবিচাৰে। বহুতৰে বাবে বাইবেল পঢ়া আৰু আধ্যাত্মিক কথাসমূহ, তেওঁলোকৰ জীৱনত কম গুৰুত্বৰ বিষয়। আমি গৃহস্থক কেনেকৈ মান্তি কৰাম যে তেওঁ অলপ সময় হলেও আমাৰ সৈতে বাইবেলৰ বিষয়ে আলোচনা কৰা উচিত?
৩ কি কাৰ্য্য কৰা উত্তম: ইয়াৰ মূখ্য চাবি হৈছে গৃহস্থক কওঁক যে বাইবেলে, তেওঁ সন্মূখীন হৈ থকা পৰিস্থিতিৰ সমাধানৰ বাবে কাৰ্য্যকাৰী যুক্তি আগবঢ়াইছে আৰু যদি সম্ভৱ কিছুমান বাক্যক দেখুৱাওঁক। কাৰ্য্যকাৰীৰূপে আপোনাৰ বাৰ্ত্তাক প্ৰস্তুত কৰিবলৈ এটা নিৰ্দিষ্ট প্ৰশ্ন সোধক যিয়ে গৃহস্থক বিবেচনা কৰিব বাধ্য কৰিব আৰু শাস্ত্ৰৰ পৰা সেই প্ৰশ্নৰ উত্তৰ দিবলৈ পৰিচলনা কৰিব। আপুনি এই পৰামৰ্শৰ কিছুমানক অনুকৰণ কৰি আনন্দ প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ দ্বাৰা “আপুনি কি কব বিচাৰিছে” এই প্ৰশ্নৰ উত্তৰ দিবলৈ আৰু গৃহস্থক আগ্ৰহী কৰিবলৈ সহায় কৰিব।
৪ যি এলেকাত লোকসকলে প্ৰায়ে কয় যে তেওঁলোক আগ্ৰহী নহয়, তেওঁলোকক প্ৰশ্ন সুধি ব্যক্তিগতৰূপে তেওঁলোকক অন্তৰ্ভূক্ত কৰক:
▪ “যেনেকৈ আমি পৰৱৰ্তী হাজাৰ বছৰৰ নিকটবৰ্ত্তী হৈছোঁ, আপুনি তাত পৰিস্থিতি ভাল হʼব বুলি আশা কৰেনে বা সন্দেহ কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক] বাইবেলে বৰ্তমানৰ সময়ৰ অশান্তি পৰিস্থিতিৰ সম্পৰ্কে আৰু ইয়াৰ সমাধানৰ সম্পৰ্কে কৈছে।” ২ তীম. ৩:১, ২, ৫ আৰু হিতো. ২:২১, ২২ পদ পঢ়ক।
▪ “স্বাস্থ্যৰ বাবে দেশত বহুত তত্ত্বাৱধান লোৱা হৈছে। আপুনি জানেনে যে ঈশ্বৰে শাৰীৰিক সমস্যাক চিৰকালৰ বাবে আতঁৰ কৰিবলৈ প্ৰতিজ্ঞা কৰিছে?” প্ৰকাশিত বাক্য ২১:৩, ৪ পদ পঢ়ক।
▪ “আপুনি বিবেচনা কৰেনে যে যদি সকলো সমাজৰ লোকে যদি নিজৰ জীৱনত বাইবেলৰ সিদ্ধান্তসমূহক প্ৰয়োগ কৰে তেনেহʼলে তেওঁলোক লাভৱান হʼব?” মথি ২২:৩৭-৩৯ পদ পঢ়ক।
৫ যিহেতু আমাক ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আমাক আজ্ঞা দিয়া হৈছে, সেইবাবে যতেই সম্ভৱ তাতেই আমি ৰাজ্যই কি কি কৰিব তাক কবলৈ মনোযোগ দিয়া উচিত। আপুনি এইদৰে কব পাৰে:
▪ “পৃথিৱীৰ আটাইতকৈ পুৰণি পুস্তক বাইবেলত সমূদায় পৃথিৱীত মাত্ৰ এখন চৰকাৰ হʼব বুলি ভৱিষ্যতবাণী কৰা হৈছে তাক আপুনি জানেনে?” দানিয়েল ২:৪৪ পদ পঢ়ক।
▪ “যীচুৱে যেতিয়া শাসন কৰিব তেতিয়া কিদৰে পৰিস্থিতি হব বুলি আপুনি ভাবে?” গীতমালা ৭২:৭, ৮ পদ পঢ়ক।
৬ যি এলেকাৰ মানুহবিলাক ধৰ্ম্মীয়, তেওঁলোকক ইয়াত দিয়া যি কোনো এটা পাতনিসমূহক কব পাৰে:
▪ “বহুতে তেওঁলোকৰ জাতি, ধৰ্ম্ম বা ৰং বেলেগ হোৱাৰ বাবে পক্ষপাতীত ভূগি আছে। আপুনি ভাৱেনে যে ঈশ্বৰে এইধৰণৰ পক্ষপাতীক অনুমতি দিছে? পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পদ পঢ়ক।
▪ “আমি জানো যে যীচুৱে তেওঁ পৃথিৱীত থকা সময়ছোৱাত বহুতো আচৰিত কৰ্ম্ম কৰিছিল। যদি আপুনি তেওঁক আৰু এটা আচৰিত কৰ্ম্ম কৰিবলৈ কোৱা হলে, তেতিয়া হলে কি হলেহেতেঁন?” গীতমালা ৭২:১২-১৪, ১৬ পদ পঢ়ক।
৭ যদি গৃহস্থই দুৱাৰ খুলি দিবলৈ অনিচ্ছুক প্ৰকাশ কৰে, তেতিয়া হʼলে এইদৰে কথা আৰম্ভ কৰিব পাৰে:
▪ বহুতে আজিৰ সমস্যাবোৰৰ কথা শুনি শুনি বিৰক্ত হৈ পৰিছে। তেওঁলোকে ইয়াৰ সমাধান শুনিবলৈ বিচাৰে। অৱশ্যে এইটো আপোনাৰ ক্ষেত্ৰটো সচাঁ। কিন্তু বাস্তৱতে এই সমস্যাবোৰৰ সমাধান কʼত বিচাৰি পোৱা যাব? উত্তৰৰ বাবে অপেক্ষা কৰক। ২ তীমথিয় ৩:১৬, ১৭ পদ পঢ়ক।
৮ কিয় ইয়াৰ বাবে চেষ্টা নকৰে? প্ৰায়ে গৃহস্থৰ ইচ্ছাক জগাই তুলিবলৈ সাধাৰণ আৰু অৰ্থপূৰ্ণ প্ৰশ্নৰ আৱশ্যক। এগৰাকী মহিলা, যি গৰাকীয়ে প্ৰথমতে বিৰোধ কৰিছিল পাছলৈ দুই গৰাকী ভনীক আমন্ত্ৰণ জনাই, তেওঁলোকৰ এগৰাকী ভনীয়ে মহিলা গৰাকীক এই বুলি প্ৰশ্ন সোধে, “আপুনি প্ৰভুৰ প্ৰাৰ্থনাত উল্লেখ কৰা ৰাজ্যক চিনাক্ত কৰিব পাৰিছেনে?” সেই মহিলা গৰাকীয়ে ভনীজনীয়ে কৰা প্ৰশ্নত পাক খাই পৰে আৰু তাই বাইবেল অধ্যয়ন স্বীকাৰ কৰে। তাই এতিয়া যিহোৱালৈ সমৰ্পিত এগৰাকী সেৱক!
৯ আপুনি এজন গৃহস্থৰ সৈতে অকৃত্ৰিমভাৱে কথা-বতৰা পতা আৱশ্যক। আপুনি হৃদয়ৰ পৰা কথা কওঁক। যেতিয়া লোকসকলে দেখে যে আমি সচাঁকৈ তেওঁলোকৰ ওপৰত ইচ্ছুক তেতিয়া তেওঁলোকে আমাৰ বাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাব পাৰে।—পাঁচনিৰ কৰ্ম্ম ২:৪৬, ৪৭.
১০ বৰ্তমান সময়ত শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে। কিছুমান গৃহস্থই অচিনাক্তলোকক দেখিলে সন্দেহৰ চকুৰে দৃষ্টি কৰে। আনসকলে ব্যস্ত জীৱন অতিবাহিত কৰে আৰু তেওঁলোকৰ ওচৰত বহু কম সময় থাকে। অৱশ্যে আমি আশা ৰাখিব পাৰোঁ যে এতিয়াও বহুতো আগ্ৰহী ব্যক্তি পোৱা যাব। (মথি ১০:১১) তেওঁলোকলৈ সফলৰূপে বাৰ্ত্তা প্ৰস্তুত কৰাত চেষ্টা কৰোতে আপুনি “সংক্ষেপতে বিষয়তো কওঁক!”