এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ৩: কাৰ্য্যকাৰীৰূপে শাস্ত্ৰীয় পদসমূহৰ ব্যৱহাৰ
১ আমি ‘শিষ্য বনোৱাৰ’ উদ্দেশ্যৰে লোকসকলক বাইবেল অধ্যয়ন কৰোঁ যাতে তেওঁলোকে ঈশ্বৰৰ বাক্যৰ শিক্ষাক বুজি তাক গ্ৰহণ কৰি আৰু সেই অনুসাৰে জীৱন-যাপন কৰে। (মথি ২৮:১৯, ২০; ১ থিচ. ২:১৩) সেয়েহে আমাৰ অধ্যয়ন শাস্ত্ৰীয় পদৰ ওপৰত আধাৰিত হোৱা আৱশ্যক। সৰ্ব্বপ্ৰথমে, শাস্ত্ৰীয় পদসমূহ ব্যৱহাৰ কৰাৰ বাবে বিদ্যাৰ্থীজনক তেওঁৰ ওচৰত থকা ব্যক্তিগত বাইবেলখনৰ পৰা বিশেষ শাস্ত্ৰীয় পদটো দেখুৱালে অধিক সহায়ক হʼব পাৰে। গতিকে আমি তেনে এজনক আধ্যাত্মিকভাৱে উন্নতি কৰাত সহায় কৰিবলৈ শাস্ত্ৰীয় পদবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?
২ পঢ়িবলৈ বাক্যশাৰী বাছনি কৰক: আপুনি অধ্যয়ন পৰিচালনাৰ বাবে নিজকে সাজু কৰিবলৈ অধ্যায়ত থকা শাস্ত্ৰীয় পদবোৰ অধ্যয়নৰ সময়ছোৱাত কেনেকৈ ব্যৱহাৰিকভাৱে ব্যৱহাৰ আৰু অধ্যয়নত প্ৰযোজ্য কৰিবলগীয়া শাস্ত্ৰীয় পদৰ বাছনি কৰক। সাধাৰণতে বাছনি কৰা শাস্ত্ৰীয় পদৰবোৰ বিদ্যাৰ্থীজনক পঢ়িবলৈ দিলে উত্তম হʼব, কিয়নো তেনে কৰিলে বিদ্যাৰ্থীজনে আমাৰ বিশ্বাস যে শাস্ত্ৰীয় আধাৰিত সেই বিষয়ে স্পষ্টকৈ বুজি পাব। যিবোৰ শাস্ত্ৰীয় পদে কোনো ঘটনা বা স্থানৰ পৃষ্ঠভূমিৰ বিষয়ে সংবাদ দিয়ে সেইবোৰ নপঢ়িবও পাৰে। মনত ৰাখক যে বিদ্যাৰ্থীজনৰ পৰিস্থিতি আৰু আৱশ্যকতাৰ বিষয়ে বিবেচনা কৰি সেই অনুপাতে অধ্যয়ন পৰিচালনা কৰা উচিত।
৩ প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰক: আপুনি নিজে শাস্ত্ৰীয় পদটো বুজাই দিয়াৰ পৰিৱৰ্তে বিদ্যাৰ্থীজনক বুজাই দিবলৈ উৎসাহিত কৰক। তেনে কৰিবলৈ আপুনি দক্ষতাপূৰ্ণ প্ৰশ্নসমূহ সোধাৰ দ্বাৰা তেওঁক শাস্ত্ৰী পদবোৰ বুজাই দিবলৈ প্ৰেৰিত কৰিব পাৰে। যদি শাস্ত্ৰীয় পদটোৰ ব্যৱহাৰ স্পষ্টকৈ ওলাই থাকে, তেনেহʼলে আপুনি হয়তো সাধাৰণভাৱে সেই শাস্ত্ৰীয় পদৰ বাক্যশাৰী কেনেকৈ অনুচ্ছেদৰ সৈতে সম্পৰ্ক আছে, এই বুলি সুধিব পাৰে। আনহাতে এটা বিশেষ প্ৰশ্ন বা প্ৰশ্নসমূহৰ সঠিক সিদ্ধান্তত উপনীত হʼবলৈ পোনপটীয়াকৈ বিদ্যাৰ্থীজনক সহায় কৰিব পাৰে। যদি বিদ্যাৰ্থীজনক অতিৰিক্ত বৰ্ণনাৰ আৱশ্যক হয়, তেন্তে বিদ্যাৰ্থীজনে মন্তব্য দিয়াৰ পিছত অধ্যয়ন পৰিচালকজনে সেই বিষয়ে বুজাই দিয়া উচিত।
৪ সৰলভাৱে বুজাই দিয়ক: এজন পাকৈত ধনুৰ্ধাৰীয়ে লক্ষ্যভেদ কৰিবলৈ তেওঁৰ বাবে কেৱল এডাল শৰেই যথেষ্ট। একেইদৰে এজন দক্ষতাপূৰ্ণ শিক্ষকে কোনো এটা বিষয়ে বুজাবলৈ বহু বাক্যৰ আৱশ্যক নাই। তেওঁ সংবাদটো সৰল, স্পষ্ট আৰু সঠিকভাৱে বিদ্যাৰ্থীজনক বুজাই দিব পাৰে। কোনো সময়ত হয়তো আপুনি শাস্ত্ৰীয় পদটোক সঠিকভাৱে ব্যাখ্যা আৰু বুজাই দিবলৈ খ্ৰীষ্টান সাহিত্যবোৰক অনুসন্ধান কৰাটো আৱশ্যক হʼব পাৰে। (২ তীম. ২:১৫) কিন্তু শাস্ত্ৰীয় পদৰ প্ৰত্যেকটো দিশ বুজাই দিবলৈ চেষ্টা কৰাৰ পৰা বিৰত থাকক। কেৱল অধ্যয়নৰ বিষয়টো বুজাই দিবলৈ যিহৰ আৱশ্যক তাকে কৰা প্ৰয়োজন।
৫ ব্যৱহাৰিকভাৱে প্ৰযোজ্য কৰক: যেতিয়া উপযুক্ত হয় তেতিয়া শাস্ত্ৰীয় পদটো ব্যক্তিগতভাৱে প্ৰযোজ্য কৰিবলৈ বিদ্যাৰ্থীজনক সহায় কৰা আৱশ্যক। উদাহৰণস্বৰূপে, খ্ৰীষ্টান সভাবোৰত এতিয়ালৈকে উপস্থিত নোহোৱা বিদ্যাৰ্থীৰ সৈতে যেতিয়া ইব্ৰী ১০:২৪, ২৫ পদটো বিবেচনা কৰা হয় তেতিয়া হয়তো এখন সভাৰ বিষয়ে আলোচনা কৰি বিদ্যাৰ্থীজনক সভাত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰিব পাৰে। কিন্তু সভাত উপস্থিত হʼবলৈ তেওঁক হেঁচা নিদিব। ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ মন আনন্দিত কৰাত আৱশ্যকীয় পদক্ষেপ লʼবলৈ ঈশ্বৰৰ বাক্যক প্ৰেৰিত কৰিবলৈ দিয়ক।—ইব্ৰী ৪:১২.
৬ এতেকে আঁহক আমি শিষ্য বনোৱা আজ্ঞাক পালন কৰি শাস্ত্ৰীয় পদবোৰ কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিবলৈ ‘বিশ্বাসৰ আজ্ঞাধীনতা হওঁহঁক।’—ৰোমী. ১৬:২৫.
[Study Questions]
১. আমি বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ সময়ত কিয় শাস্ত্ৰীয় পদ উল্লেখ কৰা আৱশ্যক?
২. পঢ়া আৰু আলোচনা কৰিবলগীয়া বাইবেল পদসমূহৰ বিষয়ে কেনেকৈ বাছনি কৰা আৱশ্যক?
৩. প্ৰশ্নবোৰ ব্যৱহাৰ কৰি কেনে লাভসমূহ পোৱা যায় আৰু আমি কেনেকৈ তেনেদৰে কৰিব পাৰোঁ?
৪. আমি শাস্ত্ৰীয় পদটোৰ পৰা কিমান পৰিমাণে ব্যাখ্যা কৰা আৱশ্যক?
৫, ৬. বিদ্যাৰ্থীসকলে নিজৰ জীৱনত ঈশ্বৰৰ বাক্যক প্ৰয়োগ কৰিবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ, কিন্তু আমি কি কৰাৰ পৰা আঁতৰি থকা উচিত?