সংৰক্ষণ কৰক
প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
এই অন্তপত্ৰখনত আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত ধাৰাবাহিকৰূপে আলোচনা কৰা প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা লেখবোৰৰ মুখ্য বিষয়বোৰ দাঙি ধৰা হৈছে। গতিকে সকলোকে এই অন্তপত্ৰখন সংৰক্ষিত কৰি বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ সময়ত ইয়াৰ পৰামৰ্শসমূহ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হʼল। তদুপৰি এই অন্তপত্ৰখনত দিয়া বিষয়বোৰ পৰিচৰ্য্যা সভা আৰু সেৱা অধ্যক্ষই মণ্ডলীৰ পুস্তক অধ্যয়নৰ সমূহক সাক্ষাৎ কৰাৰ সময়ত আলোকপাত কৰিব পাৰিব।
ভাগ ১: এটা বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ অৰ্থ কি?
যদি নিয়মীয়াকৈ ব্যৱস্থিতৰূপে নিৰ্দ্দেশিত বাইবেল আধাৰিত পুস্তকৰ পৰা কোনো এজনৰ সৈতে চমুকৈ বাইবেলৰ বিষয়ে আলোচনা কৰে, তেনেহʼলে আপুনি এটা বাইবেল অধ্যয়ন কৰিছে। তদুপৰি আপুনি ব্যক্তিজনৰ ঘৰৰ দুৱাৰমুখত বা টেলিফোনৰ দ্বাৰা অধ্যয়ন কৰে, তেতিয়াও আপুনি বাইবেল অধ্যয়ন পৰিচালনা কৰিছে। আনকি আপুনি যেতিয়া প্ৰথম সাক্ষাতত অধ্যয়ন কি দৰে কৰা হয়, সেই বিষয়ে প্ৰদৰ্শন কৰাৰ পিছত যদি দুবাৰ অধ্যয়ন পৰিচালনা কৰে আৰু আগ্ৰহী ব্যক্তিজনে ভৱিষ্যতেও একেৰাহে অধ্যয়ন কৰাৰ আশা থাকে তেতিয়াও বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ ৰিপোৰ্ট কৰিব পাৰে।—km-AE ৭/০৪ ১ পৃ.
অনুমোদিত সাহিত্যসমূহ
▪ ঈশ্বৰে আমাৰ পৰা কি বিচাৰে?
▪ জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
▪ একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা
▪ আপুনি অৱশ্যেই ঈশ্বৰৰ বন্ধু হʼব পাৰে! সীমিতভাৱে লিখিব আৰু পঢ়িব জনাসকলৰ সৈতে অধ্যয়ন কৰিবলৈ এই ব্ৰচাৰখন ব্যৱহাৰ কৰিব পাৰে।
ভাগ ২: বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ প্ৰস্তুতি কৰা
আমি উল্লেখ কৰা সংবাদবোৰ বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্ষ কৰাকৈ প্ৰস্তুত কৰা আৱশ্যক। ইয়াৰ বাবে বিদ্যাৰ্থীজনৰ বিষয়ে মনত ৰাখি সম্পূৰ্ণকৈ প্ৰস্তুত কৰা প্ৰয়োজন।—km-AE ৮/০৪ ১ পৃ.
কিদৰে প্ৰস্তুতি কৰিব পাৰি
▪ বিষয়বস্তু, শিৰোনামা আৰু অধ্যয়ন বা পাঠটোত দিয়া দৃশ্যবোৰ বিবেচনা কৰক।
▪ ছপা কৰা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি কেৱল মুখ্য বিষয়বোৰত চিন দিয়ক।
▪ অধ্যয়নৰ সময়ত কোনটো উল্লেখিত শাস্ত্ৰ পদ পঢ়িব, সেই বিষয়ে নিৰ্ণয় কৰক। অধ্যয়ন কৰা প্ৰকাশনখনৰ পৃষ্ঠাৰ দাঁতিত চমুকৈ টোকা লিখক।
▪ মুখ্য বিষয়বোৰক চমুকৈ পুনৰাই নিৰীক্ষণ কৰিবলৈ তৈয়াৰ কৰক।
পাঠবোৰ ব্যক্তিগত কৰক
▪ বিদ্যাৰ্থীজন আৰু তেওঁৰ আৱশ্যকতাৰ বিষয়ে প্ৰাৰ্থনা কৰক।
▪ বিদ্যাৰ্থীজনে বুজাত কঠিন হʼব পৰা বিষয়বোৰৰ সম্পৰ্কে আগতীয়াকৈ বিবেচনা কৰক।
▪ বিবেচনা কৰক: আধ্যাত্মিক উন্নতিৰ বাবে বিদ্যাৰ্থীজনক কি কৰা বা কেনে কাৰ্য্য কৰা উচিত? মই কেনেকৈ বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্ষ কৰিব পাৰোঁ?
▪ আৱশ্যকতাৰ অনুসাৰে এটা দৃষ্টান্ত, বৰ্ণনা বা শাস্ত্ৰীয় বিষয়টোৰ সম্পৰ্কে বুজাত সহায় কৰিবলৈ ধাৰাবাহিকৰূপে প্ৰশ্ন সোধক।
ভাগ ৩: কাৰ্য্যকাৰীৰূপে শাস্ত্ৰীয় পদসমূহৰ ব্যৱহাৰ
আমি ‘শিষ্য বনোৱাৰ’ উদ্দেশ্যৰে লোকসকলক বাইবেল অধ্যয়ন কৰোঁ যাতে, তেওঁলোকে ঈশ্বৰৰ বাক্যৰ শিক্ষাক বুজি তাক গ্ৰহণ কৰি আৰু সেই অনুসাৰে জীৱন-যাপন কৰে। (মথি ২৮:১৯, ২০; ১ থিচ. ২:১৩) সেয়েহে আমাৰ অধ্যয়ন শাস্ত্ৰীয় পদৰ ওপৰত আধাৰিত হোৱা আৱশ্যক।—km-AE ১১/০৪ ৪ পৃ.
ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষাদান কৰা
▪ বিদ্যাৰ্থীজনৰ ওচৰত থকা নিজৰ ব্যক্তিগত বাইবেলখনৰ পৰা নিৰ্দ্দিষ্ট শাস্ত্ৰীয় পদটো কেনেকৈ বিচাৰি পাব, সেই বিষয়ে তেওঁক দেখুৱাউক।
▪ শাস্ত্ৰীয় আধাৰিত আমাৰ বিশ্বাসৰ সম্পৰ্কে দেখুৱাবলৈ বাইবেলৰ পদবোৰ চাওক আৰু আলোচনা কৰক।
▪ প্ৰশ্ন সোধক। বিদ্যাৰ্থীজনক বৰ্ণনা কৰাৰ পৰিৱৰ্তে বাইবেলৰ পদবোৰ নিজে বুজিবলৈ দিয়ক।
▪ সৰলভাৱে অধ্যয়ন কৰক। এটা শাস্ত্ৰীয় পদৰ সকলো দিশৰ বিষয়ে বুজাই দিবলৈ চেষ্টা নকৰিব। কোনো বিষয়ে স্পষ্টকৈ বুজি পাবলৈ যিমান আৱশ্যক, কেৱল সিমানহে বিষয় সন্মিলিত কৰক।
▪ ব্যৱহাৰিক দিশবোৰ দাঙি ধৰক। কিদৰে বাইবেলৰ পদবোৰ তেওঁৰ ওপৰত ব্যক্তিগতভাৱে প্ৰযোজ্য হৈছে, সেই বিষয়ে বুজিবলৈ বিদ্যাৰ্থীজনক সহায় কৰক।
ভাগ ৪: অধ্যয়নৰ বাবে তৈয়াৰ কৰিবলৈ বিদ্যাৰ্থীজনক প্ৰশিক্ষণ দিয়ক
এজন বিদ্যাৰ্থীয়ে আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ অধ্যয়ন কৰিবলগীয়া বিষয়টো অধ্যয়নৰ পূৰ্বে পঢ়ি উত্তৰসমূহক চিন দি সেই উত্তৰবোৰ নিজ ভাষাত কোৱা উচিত। সেইবাবে বিদ্যাৰ্থীসকলৰ সৈতে এবাৰ নিয়মীয়াকৈ অধ্যয়ন পৰিচালনা কৰাৰ পিছত, কেনেকৈ অধ্যয়নৰ বাবে তৈয়াৰ কৰিব পাৰে সেই বিষয়ে একেলগে বহি দেখুৱা আৱশ্যক। বেছিভাগ বিদ্যাৰ্থীৰ সৈতে সম্পূৰ্ণ অধ্যয়ন বা পাঠটো একেলগে বহি তৈয়াৰ কৰাত সহায় কৰাটো লাভদায়ক হʼব।—km-AE ১২/০৪ ১ পৃ.
চিন দিয়া আৰু টোকা লিখা
▪ ছপা কৰা প্ৰশ্নবোৰৰ কেনেকৈ পোনপটীয়া উত্তৰ বিচাৰি পাব পাৰে, সেই বিষয়ে বৰ্ণনা কৰক।
▪ বিদ্যাৰ্থীজনক দেখুৱাউক যে আপুনি নিজৰ অধ্যয়ন কৰা সাহিত্যখনত কেনেকৈ কেৱল মুখ্য বিষয়বোৰত চিন দিছে।
▪ উল্লেখ কৰা প্ৰত্যেকটো শাস্ত্ৰ পদ অনুচ্ছেদৰ সৈতে কেনে সম্পৰ্ক আছে, সেই বিষয়ে বিদ্যাৰ্থীজনক বুজাত সহায় আৰু কেনেকৈ অধ্যয়ন কৰা সাহিত্যখনৰ পৃষ্ঠাৰ খালী ঠাইবোৰত চমুকৈ লিখি ৰাখিব পাৰে, সেই বিষয়ে বুজাই দিয়ক।
অন্বেষণ আৰু পুনৰ নিৰীক্ষণ
▪ বিদ্যাৰ্থীজনে তৈয়াৰ কৰাৰ পূৰ্বে কেনেকৈ অধ্যায় বা পাঠৰ বিষয়বস্তু, শিৰোনামা আৰু দৃষ্টান্তসমূহ পৰীক্ষা কৰিব পাৰে, সেই বিষয়ে বুজাই দিয়ক।
▪ তৈয়াৰ কৰাৰ শেষত মুখ্য বিষয়বোৰ পুনৰাই নিৰীক্ষণ কৰিবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।
ভাগ ৫: অধ্যয়ন পৰিচালিত কৰা অধ্যায়টোৰ পৰিমাণ নিৰ্দ্ধাৰিত কৰা
কমানলৈকে বিষয়বোৰ পৰিচালিত কৰা আৱশ্যক, সেই বিষয়ে নিৰ্দ্ধাৰিত কৰাটো পৰিচালনা কৰা ব্যক্তি আৰু বিদ্যাৰ্থীজনৰ দক্ষতা আৰু অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।—km-AE ১/০৫ ১ পৃ.
দৃঢ় বিশ্বাস গঢ়ি তুলক
▪ বিদ্যাৰ্থীজনে স্পষ্টকৈ বুজি নোপোৱাকৈ খৰখেদাকৈ অধ্যয়ন পৰিচালিত কৰা উচিত নহয়।
▪ বিদ্যাৰ্থীজনে ভালদৰে বুজিব পাবলৈ আৰু তেওঁ শিকা বিষয়বোৰক গ্ৰহণ কৰিবলৈ সময় যিমানেই আৱশ্যক নহওক কিয়, সিমান সময় অতিবাহিত কৰা উচিত।
▪ শিক্ষাদানৰ আধাৰ প্ৰস্তুত কৰা উল্লেখিত মুখ্য শাস্ত্ৰীয় পদবোৰ বিবেচনা কৰাত সময় অতিবাহিত কৰক।
বিষয়বস্তুৰ অনুসাৰে অধ্যয়ন পৰিচালিত কৰক
▪ যদি বিদ্যাৰ্থীজনে ব্যক্তিগত বিষয়বোৰত অধিক কথা কোৱাৰ অভ্যাস আছে, তেন্তে আপুনি সেই বিষয়বোৰ অধ্যয়নৰ পিছত আলোচনা কৰিবলৈ ব্যৱস্থা কৰা উচিত।
▪ অধ্যয়নৰ সময়ত অধিক কথোপকথন নকৰিব। অতিৰিক্ত বিষয় আৰু অভিজ্ঞতাবোৰৰ সম্পৰ্কে আলোচনা কৰি বিদ্যাৰ্থীজনে বাইবেলৰ সঠিক জ্ঞান আৰ্জন কৰাত বাধা জন্মোৱাৰ পৰা বিৰত থাকক।
ভাগ ৬: বিদ্যাৰ্থীসকলে যেতিয়া কোনো প্ৰশ্ন সোধে
এবাৰ বাইবেল অধ্যয়ন আৰম্ভ হোৱাৰ পিছত ইটোৰ পৰা সিটো বিষয়ত জঁপিয়াই ফুৰাৰ পৰিৱৰ্তে সুশৃঙ্খলাবদ্ধভাৱে বাইবেল শিক্ষাবোৰ শিকোৱা আৱশ্যক। ইয়ে বিদ্যাৰ্থীজনক যথাৰ্থ জ্ঞানৰ বুনিয়াদ গঢ়ি আধ্যাত্মিকভাৱে উন্নতি কৰাত সহায় কৰিব।—km-AE ২/০৫ ৬ পৃ.
বিবেচক হোৱা
▪ অধ্যয়নৰ সৈতে জড়িত থকা প্ৰশ্নবোৰ সাধাৰণতে অধ্যয়নৰ সময়ত ইতিমধ্যেই উত্তৰ দিয়া হয়।
▪ অধ্যয়নৰ সৈতে সম্পৰ্ক নথকা বা অনুসন্ধান কৰিবলগীয়া বিষয়বোৰ আন এটা সময়ত বিবেচনা কৰা উচিত। তেনে ধৰণৰ প্ৰশ্নবোৰ লিখি ৰাখিলে অধিক সহায়ক হʼব।
▪ যদি বিদ্যাৰ্থীজনে কোনো এটা বিষয়ৰ শিক্ষাক গ্ৰহণ কৰিবলৈ কঠিন পাইছে, তেনেহʼলে সেই বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰা অতিৰিক্ত বিষয়বোৰ বিবেচনা কৰা আৱশ্যক।
▪ যদি বিদ্যাৰ্থীজনে তেতিয়াও বিশ্বাস কৰিব পৰা নাই, তেন্তে আন এটা সময়ত আলোচনা কৰিবলৈ সেই বিষয়টো এৰি দিয়ক।
বিনম্ৰ হওক
▪ যদি আপুনি কোনো এটা প্ৰশ্নৰ উত্তৰ নাজানে, তেন্তে নিজৰ অভিমত দাঙি নধৰিব।
▪ বিদ্যাৰ্থীজনে নিজে অনুসন্ধান কৰিবলৈ ক্ৰমান্বয়ে শিকাওক।
ভাগ ৭: অধ্যয়ন আৰম্ভ বা সমাপ্তি কৰাৰ সময়ত প্ৰাৰ্থনা কৰক
বাইবেল বিদ্যাৰ্থীসকলে আধ্যাত্মিকতাত উন্নতি কৰিবলৈ যিহোৱা ঈশ্বৰৰ আশীৰ্ব্বাদৰ আৱশ্যক। গতিকে অধ্যয়ন আৰম্ভ আৰু সমাপ্তিত প্ৰাৰ্থনা কৰাটো অতি আৱশ্যক।—km-AE ৩/০৫ ৮ পৃ.
প্ৰাৰ্থনা কেনেকৈ আৰম্ভ কৰিব
▪ ধৰ্ম্মৰ প্ৰতি আগ্ৰহী হোৱা ব্যক্তিসকলৰ সৈতে অধ্যয়ন আৰম্ভ কৰাৰ প্ৰথম দিনাৰ পৰাই প্ৰাৰ্থনা কৰা উচিত।
▪ আনসকলৰ সৈতে বিবেচক হৈ উপযুক্ত প্ৰাৰ্থনাৰে আৰম্ভ কৰা আৱশ্যক।
▪ প্ৰাৰ্থনা কিয় কৰা হয়, সেই বিষয়ে বুজাবলৈ গীত ২৫:৪, ৫ আৰু ১ যোহন ৫:১৪ পদবোৰ ব্যৱহাৰ কৰিব পাৰে।
▪ যোহন ১৫:১৬ পদটো ব্যৱহাৰ কৰি দেখুৱাউক যে আমি যীচু খ্ৰীষ্টৰ দ্বাৰা যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত।
প্ৰাৰ্থনাত কি অন্তৰ্ভুক্ত কৰিব পাৰি
▪ যিহোৱাই তেনে আধ্যাত্মিক নিৰ্দ্দেশনাৰ উৎস বা মূল হোৱাৰ বাবে তেওঁক স্তুতি কৰাটো উপযুক্ত হʼব।
▪ বিদ্যাৰ্থীজনৰ প্ৰতি থকা আন্তৰিক আগ্ৰহকতা প্ৰকাশ কৰক।
▪ যিহোৱাই ব্যৱহাৰ কৰা সংগঠনৰ প্ৰতি মূল্যাঙ্কন প্ৰকাশ কৰক।
▪ বিদ্যাৰ্থীজনে শিকা বিষয়বোৰ পালন কৰিবলৈ কৰা প্ৰচেষ্টাৰ বাবে যিহোৱাৰ আশীৰ্ব্বাদ বিচাৰক।
ভাগ ৮: বিদ্যাৰ্থীসকলক সংগঠনলৈ পৰিচালিত কৰক
আমি কেৱল বাইবেলীয় সিদ্ধান্তৰ বিষয়ে শিক্ষাদান কৰিবলৈ বাইবেল অধ্যয়ন পৰিচালনা কৰোঁ, এনে নহয়, কিন্তু বিদ্যাৰ্থীসকলক খ্ৰীষ্টান মণ্ডলীৰ ভাগ হʼবলৈও সহায় আগবঢ়াওঁ। . . . প্ৰত্যেক সপ্তাহে কৰা অধ্যয়নত এই ব্ৰচাৰখনৰ পৰা যিহোৱাৰ সংগঠনৰ বিষয়ে এটাকৈ বিষয় আলোচনা কৰক।—km-AE ৪/০৫ ৮ পৃ.
মণ্ডলীৰ সভাবোৰ
▪ প্ৰত্যেকখন সভাৰ বিষয়ে বৰ্ণনা কৰক। অধ্যয়ন আৰম্ভ কৰা প্ৰথম দিনাৰ পৰাই বিদ্যাৰ্থীজনক সভাত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক।
▪ সভাত উল্লেখ কৰা কোনো বৈশিষ্ট্যপূৰ্ণ বিষয়বোৰক বিদ্যাৰ্থীজনক কওক।
▪ স্মৰণীয় পৰ্ব, সন্মিলন আৰু চাৰ্কিট ওভাৰচিয়াৰৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থাকিবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।
▪ সভা বা সন্মিলনত কেনেদৰে পৰিচালনা কৰা হয়, সেই বিষয়ে আমাৰ প্ৰকাশনবোৰত দিয়া ছবিবোৰ দাঙি ধৰক।
▪ যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে? নামৰ ব্ৰচাৰখন পঢ়িবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।
শিক্ষাপ্ৰদ ভিডিঅʼবোৰৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰক
▪ যিহোৱাৰ সাক্ষী—এই নামৰ সৈতে জড়িত থকা সংগঠন
▪ আমাৰ সমুদায় ভাতৃত্বৰ সমাজ
▪ ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা একত্ৰিত
▪ পৃথিৱীৰ শেষ সীমালৈকে
ভাগ ৯: অনিয়মিতৰূপে সাক্ষী দিবলৈ বিদ্যাৰ্থীসকলক সাজু কৰক
বিদ্যাৰ্থীসকলে শিকা বিষয়বোৰক বিশ্বাস কৰি, সেই অনুসাৰে কাৰ্য্য কৰে আৰু ইয়াৰ বিষয়ে আনক কʼবলৈ প্ৰেৰিত হয়।—km-AE ৫/০৫ ১ পৃ.
তেওঁলোকক সাক্ষী দিবলৈ উৎসাহিত কৰক
▪ বিদ্যাৰ্থীজনৰ এনে কোনো বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্য আছেনে, যিসকলক তেওঁৰ সৈতে অধ্যয়নত বহিবলৈ আমন্ত্ৰণ কৰিব পাৰে?
▪ বাইবেলৰ বিষয়ে শিকিবলৈ তেওঁলোকৰ কোনো সহকৰ্ম্মী, সহপাঠী বা আন পৰিচিত লোকসকলে আগ্ৰহকতা প্ৰকাশ কৰিছেনে?
তেওঁলোকে কৰা বিশ্বাসৰ বিষয়ে কʼবলৈ প্ৰশিক্ষণ দিয়ক
▪ অধ্যয়নৰ উপযুক্ত সময়ত বিদ্যাৰ্থীজনক এইদৰে সোধক, “এই সত্যতাৰ বিষয়ে আপুনি নিজৰ পৰিয়ালৰ সদস্যসকলক কʼবলৈ বাইবেলখন কেনেকৈ ব্যৱহাৰ কৰিব?”
▪ ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে আনক কওঁতে নম্ৰ হৈ আনৰ অভিমতবোৰক সন্মান কৰিবলৈ বিদ্যাৰ্থীজনক সহায় কৰক।
▪ আমাৰ বাইবেল আধাৰিত কাৰ্য্য আৰু বিশ্বাসৰ বিষয়ে বিদ্যাৰ্থীজনে নিজৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱক বুজাবলৈ যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে? নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিব পাৰে।
ভাগ ১০: বিদ্যাৰ্থীসকলক ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া
যেতিয়া কোনো এজন বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ উপযুক্ত হোৱা বুলি মণ্ডলীৰ প্ৰাচীনসকলে ঠিৰাং কৰিব পাৰে, তাৰ পিছৰ পৰা তেওঁ মণ্ডলীৰ সৈতে ৰাজহুৱাভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰে।—km-AE ৬/০৫ ১ পৃ.
একেলগে তৈয়াৰ কৰক
▪ উপস্থাপনৰ বাবে দিয়া পৰামৰ্শবোৰ কʼত বিচাৰি পাব, সেই বিষয়ে নতুন প্ৰকাশকজনক সহায় কৰক।
▪ স্থানীয় এলেকাত প্ৰযোজ্য হোৱা এটা সৰল উপস্থাপনৰ বাছনি কৰিবলৈ বিদ্যাৰ্থীজনক সহায় কৰক।
▪ পৰিচৰ্য্যা কাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।
▪ একেলগে উপস্থাপনটো অভ্যাস কৰক। কিদৰে স্থানীয় এলেকাত বিবেচনাপূৰ্ণতাৰে উত্তৰ দিব পাৰে, সেই বিষয়ে বুজাই দিয়ক।
একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ লওক
▪ আপুনি বিদ্যাৰ্থীজনৰ সৈতে একেলগে অভ্যাস কৰা উপস্থাপনটোক লক্ষ্য কৰিবলৈ দিয়ক।
▪ বিদ্যাৰ্থীজনৰ ব্যক্তিত্ব আৰু সক্ষমতাৰ বিষয়ে মনত ৰাখক। কিছুমান ক্ষেত্ৰত বিদ্যাৰ্থীজনক কেৱল উপস্থাপনৰ এটা অংশ দিয়াটোৱেই উত্তম হʼব পাৰে।
▪ নতুন প্ৰকাশকজনক নিয়মীয়াকৈ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লʼবলৈ তালিকা বনোৱাত সহায় কৰক।
ভাগ ১১: বিদ্যাৰ্থীসকলক পুনৰ সাক্ষাৎ কৰিবলৈ সহায় কৰা
লোকসকলক প্ৰথম লগ পাওঁতেই পুনৰ সাক্ষাতৰ বাবে সাজু কৰা। আগ্ৰহী লোকসকলৰ সৈতে আন্তৰিকতাৰে কথোপকথন হʼবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।—km-AE ৭/০৫ ১ পৃ.
পুনৰ সাক্ষাতৰ বাবে সাজু হোৱা
▪ প্ৰথম সাক্ষাতত কিহৰ বিষয়ে আলোচনা কৰিলে, সেই বিষয়ে পুনৰ আলোচনা কৰক আৰু বিদ্যাৰ্থীজনক গৃহস্থৰ কোনো এটা বিষয় বাছনি কৰিবলৈ সহায় কৰক।
▪ কোনো প্ৰকাশনৰ পৰা শাস্ত্ৰীয় পদৰ সৈতে এটা অনুচ্ছেদ চমুকৈ প্ৰস্তুতি কৰিবলৈ সাজু কৰক।
▪ আলোচনাৰ সমাপ্তিত সুধিব লগীয়া প্ৰশ্নবোৰৰ বাবে সাজু কৰক।
পুনৰ সাক্ষাৎ কৰিবলৈ পৰিশ্ৰম কৰক
▪ আগ্ৰহ দেখুৱা লোকসকলক অনতি পলমে সাক্ষাৎ কৰিবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।
▪ সহজে লগ কৰিব নোৱাৰা লোকসকলক সাক্ষাৎ কৰিবলৈ একেৰাহে প্ৰচেষ্টা কৰাৰ আৱশ্যকতাৰ বিষয়ে বুজিবলৈ বিদ্যাৰ্থীজনক সহায় কৰক।
▪ কিদৰে সাক্ষাৎ কৰাৰ বন্দৱস্ত আৰু কোৱা অনুসাৰে সাক্ষাৎ কৰিব পাৰি, সেই বিষয়ে বিদ্যাৰ্থীজনক দেখুৱাউক।
ভাগ ১২: এটা বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰিবলৈ বাইবেল বিদ্যাৰ্থীজনক সহায় কৰক
আপুনি যীচুক অনুকৰণ কৰি নিজ পৰিচৰ্য্যা কাৰ্য্যত এক উপযুক্ত আৰ্হি ৰাখিব পাৰিব। আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে যেতিয়া আপোনাক তেনে কৰা লক্ষ্য কৰিব, তেতিয়া তেওঁ নিজে পুনৰ সাক্ষাৎ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰা বিষয়টোৰ প্ৰতি মূল্যাঙ্কন কৰিব।—km-AE ৮/০৫ ১ পৃ.
বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰা
▪ বিদ্যাৰ্থীজনক বুজাই দিয়ক যে, সাধাৰণতে অধ্যয়নৰ ব্যৱস্থাৰ বিষয়ে সম্পূৰ্ণকৈ বৰ্ণনা কৰাৰ কোনো আৱশ্যক নাই।
▪ অধ্যয়ন কৰা প্ৰকাশনৰ পৰা এটা বা দুটা অনুচ্ছেদ ব্যৱহাৰ কৰি সহজে প্ৰদৰ্শন কৰিলে উত্তম হʼব।
▪ উল্লেখিত পৰামৰ্শবোৰৰ এটাক ব্যৱহাৰ কৰি পুনৰ নিৰীক্ষণ আৰু আখৰা কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰি।—km-AE ৮/০৫; ৮ পৃ.; km-AE ১/০২; ৬ পৃ.
শিক্ষক হʼবলৈ বিদ্যাৰ্থীজনক প্ৰশিক্ষণ দিয়ক
▪ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত নাম ভৰ্ত্তি কৰিবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।
▪ নতুন প্ৰচাৰকজনে আপোনাৰ সৈতে আন বাইবেল অধ্যয়নবোৰলৈ গৈ অলপমাত্ৰাত শিক্ষাদান কৰিবলৈ ব্যৱস্থা কৰক।