ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ১
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—বাইবেল বিদ্যাৰ্থীসকলক আগতীয়াকৈ প্ৰস্তুতি কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ১

প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

ভাগ ৪: অধ্যয়নৰ বাবে তৈয়াৰ কৰিবলৈ বিদ্যাৰ্থীজনক প্ৰশিক্ষণ দিয়ক

১ এজন বিদ্যাৰ্থীয়ে আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ অধ্যয়ন কৰিবলগীয়া বিষয়টো অধ্যয়নৰ পূৰ্বে পঢ়ি উত্তৰসমূহক চিন দি সেই উত্তৰবোৰ নিজ ভাষাত কোৱা উচিত। সেইবাবে বিদ্যাৰ্থীসকলৰ সৈতে এবাৰ নিয়মীয়াকৈ অধ্যয়ন পৰিচালনা কৰাৰ পিছত, কেনেকৈ অধ্যয়নৰ বাবে তৈয়াৰ কৰিব পাৰে সেই বিষয়ে একেলগে বহি দেখুৱা আৱশ্যক। বেছিভাগ বিদ্যাৰ্থীৰ সৈতে সম্পূৰ্ণ অধ্যয়ন বা পাঠটো একেলগে বহি তৈয়াৰ কৰাত সহায় কৰাটো লাভদায়ক হʼব।

২ চিন দিয়া আৰু টোকা লিখা: ছপা কৰা প্ৰশ্নৰ কেনেকৈ পোনপটীয়া উত্তৰ বিচাৰি পাব পাৰে সেই বিষয়ে বৰ্ণনা কৰক। বিদ্যাৰ্থীজনক আপোনাৰ ব্যক্তিগত সাহিত্যখন দেখুৱাউক যʼত আপুনি কেৱল মুখ্য বাক্য বা শব্দবোৰত চিন দিছে। বিষয়টো আলোচনা কৰাৰ সময়ত বিদ্যাৰ্থীজনে হয়তো আপোনাৰ আৰ্হিক অনুকৰণ কৰি তেওঁৰ নিজৰ ব্যক্তিগত কপিখনত চিন দিব বিচাৰিব। তেতিয়া কেৱল আৱশ্যকীয় বাক্য বা শব্দবোৰত চিন দিয়াত সহায় কৰিবলৈ বিদ্যাৰ্থীজনক কেৱল উত্তৰটো বিচাৰিবলৈ কওক। (লূক ৬:⁠৪০) তাৰ পিছত নিজৰ ভাষাত উত্তৰ দিবলৈ উৎসাহিত কৰক। এনে কৰাৰ দ্বাৰা আপুনি জানিব পাৰিব যে বিদ্যাৰ্থীজনে কিমান ভালকৈ অধ্যয়ন কৰা বিষয়টো বুজি পাইছে।

৩ বিদ্যাৰ্থীজনে অধ্যয়নৰ বাবে তৈয়াৰ কৰা সময়ত উদ্ধৃত নকৰা শাস্ত্ৰ পদবোৰক মনোযোগেৰে খুলি চোৱাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। (পাঁচ. ১৭:⁠১১) উল্লেখ কৰা শাস্ত্ৰ পদবোৰ কেনেকৈ অনুচ্ছেদটোৰ সৈতে সংযোগ আছে, সেই বিষয়ে দৃষ্টি কৰাত সহায় কৰক। অধ্যয়ন কৰা সাহিত্যখনৰ মাৰ্জিনত কেনেকৈ চমুকৈ মন্তব্য লিখি ৰাখিব পাৰে সেই বিষয়ে বুজাই দিয়ক। বিদ্যাৰ্থীজনৰ আগত গুৰুত্বতাৰে দাঙি ধৰক যে তেওঁ শিকা বিষয়টো সম্পূৰ্ণকৈ বাইবেল আধাৰিত। গতিকে অধ্যয়নৰ সময়ত উল্লেখ কৰা শাস্ত্ৰ পদবোৰ মুকলিকৈ ব্যৱহাৰ কৰি মন্তব্য দিবলৈ বিদ্যাৰ্থীজনক সহায় কৰক।

৪ চমু সাৰাংশ আৰু পুনৰ নিৰীক্ষণ: অধ্যয়নৰ বিষয়টো সম্পূৰ্ণকৈ তৈয়াৰ কৰাৰ পূৰ্বে, বিষয়টোৰ চমু সাৰাংশ দিলে বিদ্যাৰ্থীজনৰ বাবে অধিক লাভজনক হʼব। বিদ্যাৰ্থীজনে বিষয়টোক চমুকৈ নিৰীক্ষণ কৰিবলৈ অধ্যায়টোৰ মূল বিষয়, শিৰোনামা আৰু দৃষ্টান্তসমূহক দেখুৱাই দিয়ক। বৰ্ণনা কৰি কওক যে বিষয়টো তৈয়াৰ কৰাৰ সমাপ্তিত বিদ্যাৰ্থীজনে লেখটোত দিয়া মুখ্য বিষয়বোৰ পুনৰ নিৰীক্ষণ কৰিলে অধিক বুদ্ধিমানৰ কাৰ্য্য হʼব আৰু যদি পুনৰ নিৰীক্ষণৰ বাবে কোনো বক্স থাকে, তেনেহʼলে বিবেচনা কৰিব পাৰে। এনেদৰে কৰা পুনৰুক্তিৰ বাবে বিদ্যাৰ্থীজনে অধ্যয়ন লেখটোৰ সংবাদবোৰ মনত ৰাখিব পাৰিব।

৫ বিদ্যাৰ্থীজনক অধ্যয়নৰ বাবে ভালকৈ তৈয়াৰ কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ দ্বাৰা মণ্ডলীৰ সভাতো অৰ্থপূৰ্ণ মন্তব্য দিয়াত তেওঁৰ বাবে সহায়ক হʼব। এনে সহায়ে বিদ্যাৰ্থীজনৰ সৈতে বাইবেল অধ্যয়ন সমাপ্ত কৰাৰ পিছতো তেওঁক অধ্যয়নৰ অভ্যাস বিকশিত কৰিবলৈ প্ৰেৰিত কৰিব আৰু বিদ্যাৰ্থীজনে লাভৱান হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক