ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ১
  • এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব পাৰি
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ১

এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা

ভাগ ২: এটা বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ অৰ্থ কি?

১ এটা বাইবেল অধ্যয়নত কাৰ্য্যকাৰীৰূপে শিক্ষা প্ৰদান কৰাত কোনো এটা বিষয়ে আলোচনা আৰু উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰ দেখুৱাটোৱেই যথেষ্ট নহয়। আমি উল্লেখ কৰা সংবাদবোৰ বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্ষ কৰাকৈ প্ৰস্তুত কৰা আৱশ্যক। ইয়াৰ বাবে বিদ্যাৰ্থীজনৰ বিষয়ে মনত ৰাখি সম্পূৰ্ণকৈ প্ৰস্তুত কৰা প্ৰয়োজন।​—⁠হিতো. ১৫:⁠২৮.

২ কিদৰে প্ৰস্তুত কৰিব পাৰি: সৰ্ব্বপ্ৰথমে আমি বিদ্যাৰ্থীজনৰ প্ৰয়োজনীয়তা আৰু তেওঁৰ বিষয়ে উল্লেখ কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা আৱশ্যক। বিদ্যাৰ্থীজনৰ হৃদয়স্পৰ্ষী কৰিবলৈ যিহোৱা ঈশ্বৰলৈ নিৱেদন কৰা আৱশ্যক। (কল. ১:⁠৯, ১০) অধ্যয়ন কৰিবলগীয়া বিষয়টোক ভালকৈ মনত ৰাখি অলপ সময়ৰ বাবে অধ্যায়ৰ বিষয়বস্তু বা পাঠ, উপশীৰোনামা আৰু উল্লেখ কৰা ছবিবোৰ বিবেচনা কৰক। নিজকে এইদৰে সোধক, ‘বিষয়টোৰ মুখ্য উদ্দেশ্য কি?’ এনেদৰে প্ৰশ্ন সোধাৰ দ্বাৰা আপুনি মুখ্য বিষয়বোৰক কেন্দ্ৰিত কৰি অধ্যয়ন পৰিচালনা কৰিব পাৰিব।

৩ মনোযোগেৰে অধ্যায়টোৰ অনুচ্ছেদবোৰ এটা এটাকৈ আলোচনা কৰক। উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই কেৱল মুখ্য শব্দবোৰ আৰু বাক্যশাৰীৰ তলত আঁচ দি চিহ্ন দিয়ক। বিশ্লেষণ দিয়ক যে উল্লেখ কৰা শাস্ত্ৰবোৰ কেনেকৈ অনুচ্ছেদৰ মুখ্য বাক্যটোৰ সৈতে সম্পৰ্ক আছে আৰু নিৰ্ণয় কৰক যে অধ্যয়নৰ সময়ছোৱাত কোনটো পদ পঢ়া আৱশ্যক। আপোনাৰ বাবে হয়তো অধ্যয়নৰ প্ৰকাশনখনৰ মাৰ্জিনৰ দাঁতিত চমুকৈ লিখি ৰাখিলে সহায়ক হʼব পাৰে। বিদ্যাৰ্থীজনে স্পষ্টকৈ বুজি পোৱা উচিত যে তেওঁ ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছে।​—⁠১ থিচ. ২:⁠১৩.

৪ আৱশ্যকতাৰ অনুসৰি পাঠটো বিকশিত কৰক: তাৰ পিছত বিশেষকৈ বিদ্যাৰ্থীজনৰ বিষয়ে মনত ৰাখি অধ্যয়নৰ পাঠতো আলোচনা কৰক। বিদ্যাৰ্থীজনে বুজি পোৱাত বা গ্ৰহণ কৰাত কঠিন হোৱা প্ৰশ্নবোৰ সহজ কৰিবলৈ চেষ্টা কৰক। নিজকে এইদৰে সোধক: ‘আধ্যাত্মিক উন্নতিৰ বাবে বিদ্যাৰ্থীজনে কি বুজি পোৱা বা কেনে পদক্ষেপ লোৱা আৱশ্যক? মই কেনেকৈ তেওঁৰ হৃদয়স্পৰ্ষী কৰিব পাৰিম?’ তাৰ পিছত সেই অনুসাৰে আপুনি শিক্ষাদান কৰক। কেতিয়াবা হয়তো আপুনি বিদ্যাৰ্থীজনক শাস্ত্ৰৰ পৰা কোনো এটা বিশেষ বিষয় বুজাবলৈ এটা উদাহৰণ, বৰ্ণনা বা কেইবাটাও প্ৰশ্ন সোধা আৱশ্যক হʼব পাৰে। (নহি. ৮:⁠৮) কিন্তু তথাপিও কোনো এটা সৰু বিষয় বুজাবলৈ অত্যধিক অতিৰিক্ত সংবাদ দিয়াৰ আৱশ্যক নাই। অধ্যয়নৰ সমাপ্তিত চমুকৈ পুনৰাই আলোচনা কৰা বিষয়বোৰক উল্লেখ কৰিলে শিকা বিষয়বোৰক বিদ্যাৰ্থীজনে মনত ৰাখিব পাৰিব।

৫ এজন নতুন বিদ্যাৰ্থীয়ে ধাৰ্ম্মিকতাৰ ফলেৰে যিহোৱা ঈশ্বৰক স্তুতি কৰা দেখিবলৈ পোৱাটো বাস্তৱতে এক আনন্দৰ বিষয় নহয়নে বাৰু! (ফিলি. ১:⁠১১) বিদ্যাৰ্থীসকলে লক্ষ্যত উপনীত হোৱাত সহায় কৰিবলৈ প্ৰত্যেকবাৰ বাইবেল অধ্যয়ন কৰাৰ পূৰ্বেই নিজেই সাজু হোৱা আৱশ্যক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক