ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • আগষ্ট ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ছেপ্টেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

টোকা: অধিৱেশনৰ মাহটোৰ প্ৰত্যেক সপ্তাহত হʼবলগীয়া পৰিচৰ্য্যা সভাৰ বাবে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত এখন তালিকা দিয়া হʼব। “ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা” জিলা অধিৱেশনত উপস্থিত হʼবলৈ আৱশ্যক অনুযায়ী সকলো মণ্ডলীয়ে তালিকাৰ সাল-সলনি কৰিব পাৰে। যদি উপযুক্ত হয়, তেনেহʼলে অধিৱেশনত উপস্থিত হোৱাৰ পূৰ্বেই শেষৰ পৰিচৰ্য্যা সভাত ১৫ মিনিট সময় উলিয়াই এই মাহৰ অন্তপত্ৰখনৰ পৰা স্থানীয়ভাৱে ব্যৱহাৰিক হোৱা পৰামৰ্শসমূহ আলোচনা কৰক। অধিৱেশনত প্ৰস্তুত কৰা মুখ্য বিষয়বোৰক পুনৰ আলোচনা কৰিবলৈ জানুৱাৰী মাহৰ সম্পূৰ্ণ পৰিচৰ্য্যা সভাত ব্যৱস্থা কৰা হʼব। সেই আলোচনাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আমাৰ সকলোৱে অধিৱেশনৰ কাৰ্য্যক্ৰমবোৰক মনোযোগে শুনা, অৰ্থপূৰ্ণ টোকা ৰাখা, বিশেষকৈ নিৰ্দ্দিষ্ট কিছুমান বিষয়ৰ লিষ্ট বনোৱা আৱশ্যক, যেনে, সেই বিষয়বোৰ কেনেকৈ আমাৰ ব্যক্তিগত জীৱন আৰু প্ৰচাৰ কাৰ্য্যত প্ৰযোজ্য হয়। তেতিয়াহে আমি অধিৱেশনত উপস্থিত হৈ সেই পৰামৰ্শসমূহ কেনেকৈ ব্যৱহাৰ কৰিলোঁ তাৰ বিষয়ে বৰ্ণনা কৰিব পাৰিম। অধিৱেশনত লাভ কৰা উত্তম পৰামৰ্শসমূহ এজনে আনজনৰ মুখৰ পৰা শুনিও উৎসাহিত হʼব পাৰিব।

আগষ্ট ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫৭

১০ মি: স্থানীয় ঘোষণাসমূহ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। যদি ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ আপোনাৰ মণ্ডলীৰ প্ৰচাৰ এলেকাৰ বাবে কাৰ্য্যকাৰী হয়, তেন্তে সেই পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন) আৰু আগষ্ট ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। ইয়াৰ বাবে আন উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে। বিতৰণৰ সৈতে দান-বৰঙণীৰ ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰক। সকলো শ্ৰোতাকে আগন্তুক সপ্তাহৰ সেৱা সভাৰ বাবে বিচাৰে ব্ৰচাৰখন আনিবলৈ সোঁৱৰাই দিয়ক।

১৫ মি: “সহনশীলতাৰ বাবে পুৰষ্কাৰ পোৱা।”a ডিচেম্বৰ ১, ২০০০, প্ৰহৰীবুৰুজ, ৩০ পৃষ্ঠা, ১৫-১৮ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি চমুকৈ মন্তব্য দিয়ক।

২০ মি: “আঁহক আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহঁক।”b ইয়াত দিয়া প্ৰশ্নবোৰ ব্যৱহাৰ কৰি এই ভাগটো মণ্ডলীৰ চেক্ৰেটাৰীয়ে পৰিচালনা কৰে। মণ্ডলীয়ে কোনখন অধিৱেশনত উপস্থিত হʼব সেই বিষয়ে উল্লেখ কৰক। দুলীয়াজান আৰু আইজলত হʼবলগীয়া জিলা অধিৱেশনৰ কাৰ্য্যক্ৰম পুৱা ৮:৩০ বজাত আৰম্ভ হʼব। বাকী অধিৱেশনৰ কাৰ্য্যক্ৰম আৰম্ভ হোৱা সময়ৰ তালিকা এপ্ৰিল ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত দিয়া হৈছে। আৱশ্যক অনুসৰি অন্তপত্ৰখনৰ পৰা আন বিষয়বোৰো আলোকপাত কৰিব পাৰে। আগন্তুক সেৱা সভাত পৰিচালিত হʼবলগীয়া “সঠিক সময়ত আধ্যাত্মিক আহাৰ,” নামৰ লেখটোৰ সম্পৰ্কে শ্ৰোতাসকলৰ সম্মুখত দুটা বা তিনটা প্ৰশ্ন দাঙি ধৰি ভাগটো সমাপ্তি কৰক।

গীত ৭৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৮৯

৮ মি: স্থানীয় ঘোষণাসমূহ।

১৭ মি: “সঠিক সময়ত আধ্যাত্মিক আহাৰ।”c লেখটোত দিয়া প্ৰশ্নবোৰ ব্যৱহাৰ কৰক। লেখটোৰ ২ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত শ্ৰোতাসকলে উপস্থিত হোৱা মনত ৰাখিবলগীয়া অধিৱেশনৰ বিষয়ে চমুকৈ মন্তব্য দিবলৈ এজন বা দুজন শ্ৰোতাক আগ্ৰহ কৰক। আগন্তুক সেৱা সভাত পৰিচালিত হʼবলগীয়া “আপোনাৰ সকলো কাৰ্য্য পবিত্ৰ হওক,” নামৰ লেখটোৰ বিষয়ে শ্ৰোতাসকলৰ সম্মুখত দুটা বা তিনিটা প্ৰশ্ন দাঙি ধৰি ভাগটো সমাপ্তি কৰক।

২০ মি: “এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা​—⁠ভাগ ২.”d পাঁচ মিনিটৰ উপস্থাপন প্ৰস্তুত কৰক। বাইবেল বিদ্যাৰ্থীৰ উন্নতিৰ বাবে কেনেকৈ সহায় কৰিব পাৰি, সেই বিষয়ে এজন প্ৰকাশকে মণ্ডলীৰ এজন প্ৰাচীনক সোধে। প্ৰাচীনজনে এনে এক সাধাৰণ কঠিনতাৰ বিষয়ে দাঙি ধৰে যাৰ বাবে আলোচনাৰ সময়ত সৰু সৰু বিষয় বুজাই দিয়াত অধিক সময় অতিবাহিত আৰু মূল বিষয়টোৰ পৰা আঁতৰি যায়। বিচাৰে ব্ৰচাৰখনৰ ৯ নম্বৰ পাঠটোৰ পৰা তেওঁ প্ৰকাশকজনক বুজাই দিয়ে যে কেনেকৈ (১) বিষয়বস্তুৰ মুখ্য ভাগটোৰ ওপৰত ধ্যান কেন্দ্ৰিত, (২) উল্লেখ কৰা শাস্ত্ৰীয়পদবোৰ কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ আৰু (৩) বিদ্যাৰ্থীজনৰ আৱশ্যকতা অনুসাৰে পাঠটোৰ বিষয়বস্তুক বিকশিত কৰা। তদুপৰি তেওঁ কয় যে বিদ্যাৰ্থীজনৰ সৈতে কৰা প্ৰত্যেকটো অধ্যয়নৰ পূৰ্বেই ভালকৈ তৈয়াৰ কৰা আৱশ্যক।

গীত ৮৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৩

১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন) আৰু ছেপ্টেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে দুটা উপস্থাপন প্ৰস্তুত কৰক। ইয়াৰ এটা উপস্থাপনত এজন স্কুল শিক্ষকক সাক্ষী দিয়াৰ বিষয়ে প্ৰদৰ্শন কৰক।

১৫ মি: ছেপ্টেম্বৰ মাহত সন্তুষ্টিদায়ক জীৱন নামৰ ব্ৰচাৰখন বিতৰণ কৰা হʼব। ভাষণ আৰু উপস্থাপন। এই ব্ৰচাৰখন তেনে লোকসকলৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ তৈয়াৰ কৰা হৈছে, যিসকলৰ ঈশ্বৰ প্ৰেৰিত পুস্তকৰ বাবে কোনো ধাৰণা নাই। ব্ৰচাৰখনৰ সূচীপত্ৰৰ পৰা সংক্ষিপ্তভাৱে বৰ্ণনা আৰু স্থানীয় প্ৰচাৰ এলেকাত লোকসকলক আকৰ্ষিত কৰা বিশেষ কিছুমান বিষয়ৰ আলোকপাত কৰক। ৰীজনিং কিতাপ বা আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া পাতনিৰ পৰা এটা উপস্থাপন তৈয়াৰ কৰি এটা শাস্ত্ৰ পদ আৰু সন্তুষ্টিদায়ক ব্ৰচাৰখনৰ এটা বিষয় অথবা অধ্যায় সন্মিলিত কৰি এটা সহজ প্ৰদৰ্শনৰ পৰিলেখ দিয়ক। এজন উপযুক্ত প্ৰকাশকৰ দ্বাৰা সেই পৰিলেখৰ উপস্থাপনটো প্ৰস্তুত কৰক।

১৮ মি: “আপোনাৰ সকলো কাৰ্য্য পবিত্ৰ হওক।”e লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। শ্ৰোতাসকলে অধিৱেশনবোৰত যিহোৱা ঈশ্বৰলৈ মহিমা কঢ়িয়াই অনা উত্তম আচাৰ-ব্যৱহাৰক লক্ষ্য কৰাৰ বিষয়ে মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক। আগন্তুক সেৱা সভাত পৰিচালিত হʼবলগীয়া “শালীন আৰু সন্মানীয় ব্যক্তিগত পৰিধান,” নামৰ লেখটোৰ বিষয়ে শ্ৰোতাসকলৰ সম্মুখত দুটা বা তিনটা প্ৰশ্ন দাঙি ধৰি ভাগটো সমাপ্তি কৰক।

গীত ২২০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯০

৮ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক আগষ্ট মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১৭ মি: আপুনি লাভৱান হৈছেনে? শ্ৰোতাসকলৰ সৈতে আলোচনা। যোৱা সেৱা বছৰৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ওপৰত আধাৰিত কৰি তলত দিয়া পৰামৰ্শবোৰ আলোচনা কৰক: প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰা নিজা পাতনিবোৰ এটা ইন্ডেক্স কাৰ্ডত (নিৰ্দেশিকা পত্ৰ) লিখক। (km-AE ১০/০৩, ৮ পৃ.) ব্যক্তিগত, নিৰ্দ্দিষ্ট আৰু আন্তৰিকতাৰে শলাগ লওক। (km-AE ১১/০৩, ১ পৃ.) ঘৰত থকা সময়ছোৱাত লোকসকলক সাক্ষী দিয়ক। (km-AE ১২/০৩, ১ পৃ.) বাইবেল পাঠ, মণ্ডলীৰ সভা আৰু পৰিচৰ্য্যাৰ বাবে তৈয়াৰ কৰিবলৈ এক নিৰ্দ্দিষ্ট সময় বাছনি কৰক। (km-AE ১/০৪, ৪ পৃ.) ব্যক্তিগত অধ্যয়ন আৰু বাইবেল পাঠ কৰাৰ সময়ত ‘উত্তম দেশখন’ নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰক। (km-AE ৩/০৪, ২ পৃ.) সম্পূৰ্ণ বাইবেলখন পাঠ কৰিবলৈ লক্ষ্য বনাওক। (km-AE ৪/০৪, ১ পৃ.) ব্যৱসায় এলেকাবোৰত সাক্ষী দিয়ক। (km-AE ৭/০৪, ৪ পৃ.) এই পৰামৰ্শবোৰ ব্যৱহাৰ কৰি পোৱা লাভসমূহৰ বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আগ্ৰহ কৰক।

২০ মি: “শালীন আৰু সন্মানীয় ব্যক্তিগত পৰিধান।”f লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। সময়ে অনুমতি দিয়া অনুসাৰে উল্লেখ কৰা শাস্ত্ৰ পদবোৰ পঢ়ক আৰু আলোচনা কৰক।

গীত ১৪৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ছেপ্টেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৯৭

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৫: মি: স্থানীয় আৱশ্যকতাসমূহ।

২৫ মি: “অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰক।”g চমুকৈ এজন বা দুজন অগ্ৰগামীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক। তেওঁলোকৰ পিতৃ-মাতৃ, প্ৰাচীন আৰু আনসকলে পূৰ্ণসময়ৰ পৰিচৰ্য্যাক নিজৰ লক্ষ্য কৰি লʼবলৈ কেনেকৈ উৎসাহিত কৰিলে, সেই বিষয়ে মন্তব্য দিবলৈ কওক।

গীত ১৪২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

f এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

g এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক