ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০১ পৃষ্ঠা ১
  • ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত নিপুণ হওঁক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত নিপুণ হওঁক
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰা’
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “কিয়নো ঈশ্বৰৰ বাক্য . . . কাৰ্য্য-সাধক”
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰচাৰ কাৰ্য্যত প্ৰস্তুত কৰা প্ৰস্তাৱনাবোৰৰ পৰামৰ্শ দিয়া হ’ল
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাইবেলখন কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০১ পৃষ্ঠা ১

ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত নিপুণ হওঁক

১ এজন চৰকাৰী বিষয়াক সাক্ষী দিয়াৰ সময়ত, “ফিলিপে মাত লগাই শাস্ত্ৰৰ এই কথাৰে পৰা আৰম্ভ কৰি, তেওঁৰ আগত যীচুৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে।” (পাঁচ. ৮:⁠৩৫) ফিলিপে “সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ” আছিল। (২ তীম. ২:⁠১৫) যিহেতু পৰিব্ৰাজক অধ্যক্ষসকলে বৰ্ত্তমান সময়ত বহুতো প্ৰচাৰক ভাই-ভনীক প্ৰচাৰ ক্ষেত্ৰত কম মাত্ৰাত বাইবেল ব্যৱহাৰ কৰাটো দেখিবলৈ পাইছে। প্ৰচাৰকাৰ্য্যত আপুনি বাইবেল ব্যৱহাৰ কৰেনে?

২ আমি বিশ্বাস কৰা সকলোবোৰ বিষয় আৰু শিক্ষাৰ উৎস হৈছে ঈশ্বৰৰ বাক্য। (২ তীম. ৩:⁠১৬, ১৭) ই লোকসকলক যিহোৱাৰ কাষ চাপিবলৈ আৰু জীৱনৰ সম্পৰ্কে শিক্ষা প্ৰদান কৰে। এতেকে আমি কেৱল আমাৰ আগ্ৰহী বিষয়ৰ ওপৰত কথোপকথন কৰাৰ পৰিৱৰ্তে প্ৰচাৰকাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰা অতি আৱশ্যক। (ইব্ৰী ৪:⁠১২) যিহেতু বাইবেলখনৰ সম্পৰ্কে বহুতো লোকৰ অলপ মাত্ৰাতহে জ্ঞান আছে। গতিকে আমি বাইবেলখনৰ পৰা পঢ়ি তেওঁলোকক ব্যৱহাৰিক মাৰ্গ-দৰ্শন আৰু ভৱিষ্যতে মানৱজাতিৰ বাবে থকা আশীৰ্ব্বাদৰ বিষয়ে বুজোৱা আৱশ্যক।

৩ পোনপটীয়াকৈ বাইবেলৰ পৰা পঢ়ি শুনাওক: আপুনি হয়তো কোনো প্ৰচাৰৰ বেগ নোলোৱাকৈ প্ৰচাৰ কাৰ্য্যলৈ যাবলৈ চেষ্টা কৰিব পাৰে। হয়তো আপুনি নিজৰ মনৰ পছন্দ আলোচনীসমূহ আৰু বাইবেলখন কোনো ব্ৰিফকেছ বা হাতত নিব পাৰে। যেতিয়া আপুনি কাৰোবাৰ সৈতে কথোপকথন কৰে, তেতিয়া ব্যক্তিজনৰ অনুভূতিত কোনো ব্যাঘাত নজন্মোৱাকৈ বাইবেলখনৰ পৰা বৰ্ণনা কৰি তেওঁক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। তেনে কৰোঁতে এনে অৱস্থাত থকা আৱশ্যক যাতে গৃহস্থজনে আপোনাৰ বাইবেলখন আপোনাৰ সৈতে চাব পাৰে। সম্ভৱতঃ আপুনি এটা বাইবেল পদ উচ্চাৰণ কৰি তেওঁক পঢ়িবলৈ আমন্ত্ৰণ কৰিব পাৰে। তেওঁক বাইবেলখন পঢ়ি শুনোৱাৰ পৰিৱৰ্তে যদি গৃহস্থজনক বাইবেলখন পঢ়িবলৈ দিয়া হয়, তেনেহʼলে ইয়ে তেওঁৰ মনত গভীৰভাৱে প্ৰভাৱিত কৰিব। অৱশ্যে, সেই পদটোক বুজি পোৱাত সহায় কৰিবলৈ হৃদয়স্পৰ্ষী বাক্য উল্লেখ কৰা আৱশ্যক।

৪ এটা শাস্ত্ৰীয় পদৰ প্ৰস্তুতিকৰণ: নিজৰ পৰিচয় দিয়াৰ পাছত আপুনি এইদৰে কʼব পাৰে: “আজি লোকসকলে জীৱনৰ মাৰ্গ-দৰ্শনৰ বাবে বিভিন্ন ধৰণৰ নিৰ্দ্দেশনালৈ বাট চাইছে। আপোনাৰ বাবে কেনে নিৰ্দ্দেশনা আটাইতকৈ উত্তম হʼব পাৰে? [উত্তৰৰ বাবে ৰওঁক।] এই বাক্যশাৰীৰ বিষয়ে আপুনি কি ভাৱে? [হিতোপদেশ ২:⁠৬, ৭ পদটো পঢ়ক আৰু উত্তৰৰ বাবে ক্ষন্তেক অপেক্ষা কৰক।] মানুহে প্ৰদান কৰা নিৰ্দ্দেশনাই মানুহক প্ৰায়ে নৈৰাশ্যতালৈ আগুৱাই নিছে। কিন্তু ঈশ্বৰে প্ৰদান কৰা বুদ্ধি সদায়ে ভাৰসাযুক্ত আৰু লাভৱান প্ৰমাণিত হৈছে।” তাৰ পাছত আপুনি তেওঁক দিবলগীয়া আলোচনীখন দিয়ক আৰু ঈশ্বৰৰ ব্যৱহাৰিক বুদ্ধিৰ অনুসাৰে চলি লাভৱান হোৱাৰ এটা উদাহৰণ দাঙি ধৰক।

৫ যীচুৱে নম্ৰ মনৰ লোকসকলক সহায় কৰিবলৈ শাস্ত্ৰীয় পদসমূহক ব্যৱহাৰ কৰিছিল। (লূক ২৪:⁠৩২) পাঁচনি পৌলেও শিকোৱাৰ সময়ত শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰিছিল। (পাঁচ. ১৭:⁠২, ৩) যেতিয়া আমি নিপুণতাৰে ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰোঁ, তেতিয়া প্ৰচাৰকাৰ্য্যৰ প্ৰতি আমাৰ ভাৰসা আৰু অধিক আনন্দ লাভ কৰিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক