ঈশ্বৰৰ বাক্যৰ সমষ্টি সত্য
১ গীতমালাৰ লিখকে এইদৰে লিখিছিল “তোমাৰ বাক্যৰ সমষ্টি সত্য।” (গীত. ১১৯:১৬০) ঈশ্বৰে তেওঁৰ বাক্যৰ দ্বাৰা জীৱনৰ সকলোতকৈ কঠিন প্ৰশ্নৰ সন্তুষ্টিজনক উত্তৰ দিয়ে। যিসকলে দুখ-কষ্টৰ সম্মুখীন হৈছে, ঈশ্বৰে তেওঁলোকক শান্ত্বনা প্ৰদান কৰিছে। তদুপৰি তেওঁ ইয়াকো দেখুৱাইছে যে কেনেকৈ তেওঁৰ কাষ চাপিব পাৰি। এগৰাকী মহিলাই এই বিষয়টোৰ প্ৰতি মূল্যাঙ্কন প্ৰকাশ কৰি এইদৰে কৈছিল: “বাইবেলৰ পৰা সত্যতা জনাটো এটা অন্ধকাৰময় কোঠাৰ পৰা পোহৰলৈ ওলাই আহি সতেজ অনুভৱ কৰাৰ সৈতে তুলনা কৰিব পাৰি।” আপুনি সকলো সুযোগতে ঈশ্বৰৰ বাক্যৰ সত্যতাক লোকসকলক জনাবলৈ প্ৰচেষ্টা কৰেনে?
২ পৰিবৰ্তন কৰা শক্তি আৰু সকলোকে প্ৰভাৱিত কৰে: বাইবেলৰ সত্যতাই লোকসকলৰ হৃদয় স্পৰ্ষ কৰি তেওঁলোকৰ জীৱন পৰিবৰ্তন কৰিবলৈ সক্ষম কৰায়। (ইব্ৰী ৪:১২) ৰোজা নামৰ এগৰাকী যুৱতীয়ে বেশ্যাবৃত্তি, মদ্যপান আৰু ড্ৰাগচ্ সেৱন কৰাত জড়িত আছিল। তাই এইদৰে কৈছিল, “এদিন মই অতিশয় নিৰাশ হৈছিলোঁ, এহাল সাক্ষী দম্পতীয়ে মোৰ ওচৰলৈ আহি কʼলে যে কেনেকৈ বাইবেলে আমাৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰিব পাৰে। মই ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু মই মনোমুগ্ধ হৈ পৰিলোঁ। এমাহৰ ভিতৰতে মই সকলোবোৰ বেয়া কাৰ্য্যৰ পৰা আঁতৰি পুনৰাই নৈতিক শুদ্ধতাৰে এক নতুন জীৱন আৰম্ভ কৰিবলৈ শক্তি পালো। এতিয়া মোৰ জীৱনত এটা উদ্দেশ্য আছে আৰু মোক সহায় কৰিবলৈ কোনো সুৰা বা ড্ৰাগচ্ৰ আৱশ্যকতা নাই। যিহেতু মই যিহোৱাৰ ঘনিষ্ঠ বন্ধু হʼবলৈ বিচাৰিছিলোঁ, সেয়েহে মই তেওঁৰ সকলো সিদ্ধান্তৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ ঠিৰাং কৰিলোঁ। মই ঈশ্বৰৰ পৰা ব্যৱহাৰিক জ্ঞান নোপোৱা হʼলে, মই নিশ্চিত যে এতিয়ালৈকে মই আত্মহত্যা কৰিলোঁহেঁতেন।”—গীত. ১১৯:৯২.
৩ বৰ্তমান উপলব্ধ থকা বহুতো কিতাপৰ বিপৰীতে বাইবেলে “সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ” ব্যক্তিসকলক প্ৰভাৱিত কৰে। (প্ৰকা. ৭:৯) ঈশ্বৰৰ ইচ্ছা এই যে, “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীম. ২:৪) গতিকে আমি কেতিয়াও এইটো নিৰ্ণয় লোৱা উচিত নহয় যে ব্যক্তিজনৰ পৃষ্ঠভূমি ভিন্ন হোৱাৰ বাবে শুভবাৰ্ত্তাৰ প্ৰতি তেওঁ সঠিক প্ৰতিক্ৰিয়া নেদেখুৱাব। ইয়াৰ বিপৰীতে যেতিয়াই সম্ভৱ সকলো সুযোগতে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক পোনপটীয়াকৈ বাইবেলৰ পৰা সকলোকে জনোৱা আৱশ্যক।
৪ শাস্ত্ৰীয় পদবোৰত গুৰুত্ব দিয়ক: প্ৰচাৰ কাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰিবলৈ বহুতো সুযোগ আছে। যেতিয়া গৃহস্থক কোনো আলোচনী দিয়ে তেতিয়া উপস্থাপনত দিয়া পৰামৰ্শৰ অনুসাৰে শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। গৃহস্থক মাহটোত উল্লেখ কৰা প্ৰকাশন দিয়াৰ সময়ত কিছুমান প্ৰকাশকৰ বাবে সতৰ্কতাৰে নিৰ্বাচিত শাস্ত্ৰীয় পদ পঢ়ি কথোপকথন আৰম্ভ কৰাটো ব্যৱহাৰিক বুলি প্ৰমাণিত হৈছে। প্ৰত্যেকবাৰ গৃহস্থজনক পুনৰ সাক্ষাৎ কৰাৰ সময়ত এটা বা তাতকৈ অধিক বাইবেল পদ পঢ়ি তেওঁক যথাৰ্থ জ্ঞান লৈ বিকাশমুখী হোৱাত সহায় কৰক। যেতিয়া বাইবেল অধ্যয়ন কৰা হয় তেতিয়া মুখ্য শাস্ত্ৰ পদবোৰৰ ওপৰত আলোচনা কেন্দ্ৰীত কৰক। অনিয়মিতৰূপে সাক্ষী দিয়া সময়ত এখন বাইবেল লগত ৰাখক, যাতে উপযুক্ত সুযোগত তাক ব্যৱহাৰ কৰি সাক্ষী দিব পাৰে।—২ তীম. ২:১৫.
৫ এতেকে আঁহক আমি ঈশ্বৰৰ বাক্যৰ অনুপ্ৰেৰিত শক্তিৰ দ্বাৰা আনক সত্যতা প্ৰদান কৰিবলৈ সকলো সুযোগতে পৰিচৰ্য্যা কাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰিবলৈ প্ৰচেষ্টা কৰোঁহঁক।—১ থিচ. ২:১৩.
[Study Questions]
১. বাইবেলত কেনে গুৰুত্বপূৰ্ণ সংবাদ দিয়া আছে?
২. বাইবেলে কেনেকৈ লোকসকলৰ জীৱন উন্নত কৰিব পাৰে?
৩. আমি কিয় বাইবেলৰ পৰা আনক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা বিষয়ে কবলৈ সংকোচ কৰা উচিত নহয়?
৪. বাইবেলখন ব্যৱহাৰ কৰি আমি কেনেকৈ সাক্ষী দিব পাৰোঁ?
৫. আমাৰ পৰিচৰ্য্যা কাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰিবলৈ আমি কিয় চেষ্টা কৰা উচিত?