ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৫ পৃষ্ঠা ১
  • বাইবেলৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছে
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘পৰ দি থকা’
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৫ পৃষ্ঠা ১

বাইবেলৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছে

১ অক্টোবৰ ১, ১৯১৯ চনত দ্য গল্ডেন এজ্‌ নামৰ আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ কৰা হয়। এই আলোচনীখন প্ৰচাৰ কাৰ্য্যৰ বাবে অধিক ব্যৱহাৰিক সঁজুলি প্ৰমাণিত হʼল। কিয় প্ৰমাণিত হʼল? কিয়নো এই আলোচনীখন বিশেষকৈ ৰাইজৰ বাবে তৈয়াৰ কৰি ছপা কৰা হৈছিল। কিন্তু প্ৰহৰীবুৰুজ আলোচনীখন তেনে ধৰণৰ আলোচনী নাছিল। সেয়েহে বহু বছৰ ধৰি এই আলোচনীখন বিশেষকৈ ‘তাকৰ জাকটিৰ’ আলোচনী বুলি দৃষ্টি কৰা হৈছিল। (লূক ১২:⁠৩২) ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰক সকলেও দ্য গল্ডেন এজ্‌ নামৰ আলোচনীখনক উৎসাহী হৈ প্ৰহৰীবুৰুজ আলোচনীখনতকৈ অধিক সংখ্যাত বিতৰণ কৰিলে।

২ মানৱজাতিৰ সকলো সমস্যা খ্ৰীষ্টৰ হাজাৰ বছৰীয়া শাসনত সমাধান কৰা হʼব বুলি সংবাদ দিবলৈ দ্য গল্ডেন এজ্‌ আলোচনীখন প্ৰকাশ কৰা হৈছিল আৰু বাস্তৱতে এই আলোচনীখন কাৰ্য্যকাৰী আছিল। কিন্তু পিছৰ দশকবোৰত সময়ৰ আৱশ্যকতাৰ অনুসৰি সেই আলোচনীখনত যথেষ্ট সাল-সলনি কৰা হʼল। ১৯৩৭ চনত আলোচনীখনৰ নাম সলনি কৰি কন্‌ছলেইশ্বন ৰাখা হʼল। কিন্তু ১৯৪৬ চনত পুনৰাই আলোচনীখনৰ নাম সলনি কৰি সচেতন! (ইংৰাজীত এৱেক্‌!) ৰাখা হʼল আৰু ই আজিলৈকে প্ৰচলিত হৈ আছে।

৩ আলোচনীখনৰ আৰম্ভণী, অৰ্থাৎ ১৯১৯ চনৰ পৰা বৃহতভাৱে সাক্ষী দিয়াত এই আলোচনীখনে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰি আহিছে। (মথি ২৪:⁠১৪) যিহেতু আমাৰ এই গুৰুত্বপূৰ্ণ সময়ৰ আৱশ্যকতাৰ বিষয়ে মনত ৰাখি সচেতন! আলোচনীখনত আগন্তুক সাল-সলনি কৰা প্ৰয়োজন।

৪ ইয়াত কোনো সন্দেহ নাই যে সচেতন! আলোচনীখনত প্ৰকাশ কৰা বিভিন্ন বিষয়ৰ জ্ঞানৰ বাবে বহুতো লোকে ইয়াক পঢ়ি ভাল পায়। তদুপৰি প্ৰত্যেক বছৰে স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা অধিক সংখ্যক লোকে নিয়মীয়াকৈ সচেতন! আলোচনীখন পঢ়ে। ইয়াৰ উপৰিও “যিহোৱাৰ ক্ৰোধৰ দিনা” লুকাই থাকিবলৈ, অৰ্থাৎ উদ্ধাৰ পাবলৈ আশা থকাজনে আগন্তুক সহায়ৰ বাবে আমাৰ আলোচনীবোৰ নিয়মীয়াকৈ পঢ়া আৱশ্যক।​—⁠চফ. ২:⁠৩; প্ৰকা. ১৪:⁠৬, ৭.

৫ সেয়েহে ২০০৬ চনৰ জানুৱাৰী মাহৰ পৰা সচেতন! আলোচনীখনত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে অধিককৈ গুৰুত্ব দি প্ৰকাশ কৰা হʼব। এই আলোচনীখনে পাঠকসকলক তেওঁলোকৰ সমস্যাসমূহৰ সমাধান পাবলৈ পোনপটীয়াকৈ বাইবেলৰ পৰামৰ্শ লʼবলৈ উৎসাহিত কৰিব আৰু বৰ্তমান সময়ত ঘটি থকা ঘটনাসমূহৰ বিষয়ে প্ৰধানকৈ বাইবেলৰ পৰা বৰ্ণনা কৰিব। এই ধৰণে পাঠকসকলে বৰ্তমানে হোৱা ঘটনাৰ বিষয়ে ভালকৈ বুজি পাব আৰু সম্ভৱতঃ আলোচনীখন পঢ়ি যিহোৱাৰ বিষয়ে অধিককৈ শিকিবলৈ প্ৰেৰিত হʼব।​—⁠জখ. ৮:⁠২৩.

৬ সচেতন! আলোচনীখনত যদিও সাধাৰণ বিষয়বোৰ একেৰাহে প্ৰকাশ পাব, কিন্তু বাইবেলৰ ওপৰত অধিককৈ গুৰুত্ব দিয়া হʼব। (১ থিচ. ২:⁠১৩) যিহেতু প্ৰহৰীবুৰুজ আলোচনীখনত বাইবেলৰ গভীৰ বিষয়বোৰৰ সংবাদ দিয়া হৈছে আৰু সচেতন! আলোচনীখনত বাইবেল আধাৰিত বিষয়বোৰৰ ওপৰত অধিককৈ জোৰ দিয়া হʼব। সেয়েহে মাহত দুবাৰকৈ এই আলোচনীখন প্ৰকাশ কৰাৰ আৱশ্যকতা নাই। গতিকে জানুৱাৰী ২০০৬ চনৰ পৰা ইংৰাজী ভাষাৰ সচেতন! আলোচনী মাহেকীয়া হিচাপে প্ৰকাশ পাব। ইয়াৰ ফলস্বৰূপে, আলোচনীখনক প্ৰস্তুতি, অনুবাদ আৰু প্ৰেৰণ কৰোঁতে ভালদৰে সৰলীকৰণ হʼব।

৭ এই সাল-সলনি সচেতন! আলোচনীখন প্ৰকাশ পোৱা ৪০ শতাংশ আন ভাষাতো প্ৰভাৱ পৰিব। বেছিভাগ ভাষাতে এই আলোচনীখন মাহেকীয়া বা তিনি মহীয়া কৈ প্ৰকাশ কৰা হৈছে। কিন্তু প্ৰহৰীবুৰুজ আলোচনীখনত কোনো পৰিৱৰ্তন নহʼব।

৮ প্ৰকাশকসকলে প্ৰত্যেক মাহৰ সচেতন! আলোচনীখন মাহেকত দুবাৰকৈ প্ৰকাশ পোৱা প্ৰহৰীবুৰুজ আলোচনীখনৰ সৈতে বিতৰণ কৰিব পাৰে। যিসকলে সচেতন! আলোচনী বিতৰণ কৰিব, তেওঁলোকে নিজৰ প্ৰস্তুতিকৰণ বৰ্তমানে কৰা নিচিনাকৈ নকৰি গোটেই মাহটোত এটা প্ৰস্তুতিকৰণৰে সচেতন! আলোচনী বিতৰণ কৰিব পাৰে।

৯ যদিও ১৯১৯ চনৰ পৰা প্ৰকাশ পোৱা আলোচনীখনৰ নাম দ্য গল্ডেন এজ্‌ আলোচনীৰ পৰা লৈ কনচলেশ্বন আৰু বৰ্তমান সচেতন! হৈছে, তথাপিও এই আলোচনীখনে প্ৰচাৰ কাৰ্য্যত এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰি আহিছে। পুনৰাই সংশোধন কৰি প্ৰকাশ কৰা এই সচেতন! আলোচনীখন যেন একেৰাহে বিতৰণ কৰি “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ” লোকে মানৱজাতিৰ একমাত্ৰ আশা, অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বুজিবলৈ সহায়ক হয়, এয়াই হৈছে যিহোৱালৈ আমাৰ আন্তৰিক প্ৰাৰ্থনা।​—⁠প্ৰকা. ৭:⁠৯.

[Study Questions]

১. মূলতে প্ৰহৰীবুৰুজ আৰু দ্য গল্ডেন এজ্‌ নামৰ আলোচনীখন কোনসকলৰ বাবে প্ৰকাশ কৰা হৈছিল?

২. বৰ্তমান দ্য গল্ডেন এজ্‌ আলোচনীখনক কি নামেৰে জনা যায় আৰু কি উদ্দেশ্যৰে ইয়াক আৰম্ভণী কৰা হৈছিল?

৩. সচেতন! আলোচনীখনে কেনে ভৱিষ্যতবাণীৰ পূৰ্ণতাত এক শক্তিশালী সঁজুলি হিচাপে প্ৰমাণিত হৈছে?

৪. (ক) “যিহোৱাৰ ক্ৰোধৰ দিনা” উদ্ধাৰ পাবলৈ এজন ব্যক্তিয়ে কি কৰা আৱশ্যক? (খ) প্ৰকা. ১৪:⁠৬, ৭ পদৰ অনুসাৰে ‘আকাশৰ মাজত এজন স্বৰ্গদূত উড়ি’ সকলোকে কি কৰিবলৈ উৎসাহিত কৰিছে?

৫. (ক) ২০০৬ চনৰ আৰম্ভণীৰ সংখ্যাৰ পৰা সচেতন! আলোচনীখনত কিহৰ বিষয়ে অধিককৈ গুৰুত্ব দিয়া হʼব? (খ) বহুতে কি কৰিবলৈ প্ৰেৰিত হʼব পাৰে আৰু কোনটো ভৱিষ্যতবাণীৰ পূৰ্ণতা হৈছে?

৬, ৭. (ক) সচেতন! আলোচনীখনে বহুতকে কেনেকৈ ১ থিচলনীকীয়া ২:⁠১৩ পদত দিয়া পৰামৰ্শক পালন কৰিবলৈ সহায় কৰিব? (খ) কিমান সঘনাই সচেতন! আলোচনীখন প্ৰকাশ কৰা হʼব আৰু এই সাল-সলনিৰ বাবে কিমান শতাংশ ভাষাত প্ৰভাৱিত কৰিব?

৮. প্ৰহৰীবুৰুজ আলোচনীখনৰ সৈতে প্ৰকাশকসকলে কেনেকৈ সচেতন! আলোচনীখন বিতৰণ কৰিব পাৰে?

৯. সচেতন! আলোচনীখনে একেৰাহে কেনে ভূমিকা আদায় কৰি আহিছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক