পৰিচৰ্য্যা সভাৰ তালিকা
মাৰ্চ ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩২
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। সকলোকে দায়ূদে ঈশ্বৰৰ ওপৰত ভাৰসা ৰাখিলে নামৰ ভিডিঅʼখন চাই এপ্ৰিল ৪ তাৰিখে হʼবলগীয়া সেৱা সভাৰ বাবে প্ৰস্তুত হৈ আহিবলৈ উৎসাহিত কৰক। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ আৰু মাৰ্চ ২২ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। এটা প্ৰদৰ্শনত আলোচনী প্ৰবাহত পুনৰ সাক্ষাৎ কৰাৰ বিষয়ে দেখুৱাওক।
২০ মি: “বাইবেলৰ প্ৰতি অধিক গুৰুত্ব দিয়া হৈছে।”a
১৫ মি: আমাক বিশ্বাসত দৃঢ় কৰি তুলা এক ব্যৱস্থা। এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি শ্ৰোতাসকলৰ সৈতে “প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি” নামৰ লেখটো আলোচনা কৰক। বৰ্তমান সময়ত যিহোৱাই তেওঁৰ আৰু বিশ্বব্যাপী ভাই-ভনীসকলৰ কাষ চাপিবলৈ আমাৰ বাবে যি মহান কাৰ্য্য কৰিলে, সেই বিষয়ে ধ্যান কৰক। (গীত ৭৭:১২-১৪) এই বৰ্ষিক পুস্তকখনে “বিশ্বাসত দৃঢ় হৈ” চয়তানক প্ৰতিৰোধ কৰিবলৈ আমাক শক্তিশালী কৰে। (১ পিত. ৫:৮, ৯) নতুন ব্যক্তিসকলে এই কিতাপখন পঢ়ি যিহোৱাৰ সংগঠনৰ প্ৰতি তেওঁলোকৰ মূল্যাঙ্কন বৃদ্ধি কৰাত সহায় পাব। ২০০৫ চনৰ বাৰ্ষিক পুস্তকʼখন পঢ়ি মূল্যাঙ্কন কৰা বিষয়বোৰ কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। বাৰ্ষিক পুস্তকʼখন পঢ়িবলৈ কেনেকৈ ব্যক্তিগত তালিকা তৈয়াৰ কৰিছে এই বিষয়ে এটা বা দুটা মন্তব্য দিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।
গীত ১৩৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪০
৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা—ভাগ ৭.”b এই ভাগটো তৈয়াৰ কৰাৰ সময়ত জুলাই ১৫, ২০০২ চনৰ প্ৰহৰীবুৰুজ ২৭ পৃষ্ঠা ৫-৬ অনুচ্ছেদটোৰ পৰামৰ্শবোৰ সন্মিলিত কৰক।
২৫ মি: “২০০৫ চনত হʼবলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে ‘ঈশ্বৰীয় আজ্ঞাকাৰীতা।’” c এই ভাগটো মণ্ডলীৰ চেক্ৰেটাৰীয়ে পৰিচালিত কৰে। লেখটোৰ ২ অনুচ্ছেদটো বিবেচনা কৰাৰ পিছত আপোনাৰ মণ্ডলীক নিযুক্ত কৰা জিলা অধিৱেশনৰ স্থান আৰু তাৰিখৰ বিষয়ে ঘোষণা কৰক। ৪ অনুচ্ছেদটো বিবেচনা কৰাৰ সময়ত ৪ পৃষ্ঠাৰ বক্সত দিয়া বিষয়বোৰ সন্মিলিত কৰক আৰু জিলা অধিৱেশনত উপস্থিত হʼবলৈ অনতিপলমে সকলো ব্যৱস্থা কৰিবলৈ সকলোকে উৎসাহিত কৰক।
গীত ৭৯ সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪৪
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান প্ৰাপ্তি স্বীকাৰ কৰা পত্ৰক পঢ়ক। সকলো প্ৰচাৰকক মাৰ্চ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। সকলোকে অহা সপ্তাহৰ সেৱা সভাত আলোচনা কৰিবলগীয়া ভাগটোৰ বাবে প্ৰস্তুতী কৰি আহিবলৈ দায়ূদে ঈশ্বৰৰ ওপৰত ভাৰসা ৰাখিলে নামৰ ভিডিঅʼখন চাবলৈ স্মৰণ কৰাই দিয়ক। এপ্ৰিল ১০ তাৰিখৰ বিশেষ ৰাজহুৱা ভাষণৰ বাবে আগ্ৰহী ব্যক্তিসকলক আমন্ত্ৰণ কৰিবলৈ সকলো প্ৰকাশকক উৎসাহিত কৰক। এপ্ৰিল আৰু মে’ মাহত বিতৰণ কৰিবলগীয়া সাহিত্যবোৰৰ বিষয়ে উল্লেখ কৰক। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ এপ্ৰিল ১ প্ৰহৰীবুৰুজ আৰু এপ্ৰিল ৮ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত আমাৰ বিশ্বব্যাপী কাৰ্য্যৰ বাবে কেনেকৈ বিত্তৰ যোগান ধৰা হয়, সেই বিষয়ে বৰ্ণনা কৰক।—প্ৰহৰীবুৰুজ, ২ পৃ. বা সচেতন! ৫ পৃ. চাওক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুল ব্যৱস্থাই এক বৃহৎ সুযোগৰ দুৱাৰ মুকলি কৰে।” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। ২০০৪ চনৰ বাৰ্ষিক পুস্তক, ২৩৯-২৪০ পৃষ্ঠাৰ পৰা মন্তব্যবোৰ সন্মিলিত কৰক। কওক যে যিসকলে মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলৰ বাবে আগ্ৰহী তেওঁলোকৰ বাবে চাৰ্কিট সন্মিলনত এক বিশেষ সভাৰ ব্যৱস্থা কৰা হৈছে। উপযুক্তসকলক এই সভাত উপস্থিত হʼবলৈ উৎসাহিত কৰক।
গীত ১১৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১৯
৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: পৰস্পৰৰ মাজত প্ৰেম ৰাখা। (যোহন ১৩:৩৫) ফেব্ৰুৱাৰী ১, ২০০৩ চনৰ, প্ৰহৰীবুৰুজ, ১৪-১৭ পৃ. ১০-২১ অনু. (w03-AE) লেখটোৰ ওপৰত আধাৰিত কৰি এজন প্ৰাচীনে ভাষণ দিয়ে। এপ্ৰিল আৰু মে’ মাহত বিতৰণ কৰিবলগীয়া সাহিত্যসমূহৰ বিষয়ে উল্লেখ কৰি যিসকলে ইতিমধ্যে জ্ঞান কিতাপ আৰু বিচাৰে ব্ৰচাৰখন অধ্যয়ন কৰিলে তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰাৰ চেষ্টা কৰিবলৈ সকলোকে উৎসাহিত কৰক। আধ্যাত্মিকত দুৰ্ব্বল ব্যক্তিসকলক সহায় কৰাত প্ৰকাশকসকলে কেনেকৈ প্ৰাচীনসকলৰ সহযোগ কৰিব পাৰে, এই বিষয়ে গুৰুত্ব দি উল্লেখ কৰক।
২৫ মি: “সকলো সময়ৰ বাবে সংবাদ দিয়া এখন ভিডিঅ’।” গীত ৯১:২ আৰু ৩১:১৪ পদটো পঢ়ি প্ৰত্যেকটো পদৰ পৰা চমুকৈ মন্তব্য দিয়ক। তাৰ পিছত শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ দায়ূদ নামৰ ভিডিঅʼখনৰ বাবে দ্বিতীয় আৰু তৃতীয় অনুচ্ছেদত দিয়া ভিডিঅ’ কুইজবোৰ আলোচনা কৰক। ইয়াৰ পিছত মণ্ডলীত থকা পৰিয়ালবৰ্গক প্ৰশ্ন কৰক যে ডিভিডিত “শিকিবলগীয়া প্ৰবন্ধৰ” পৰামৰ্শৰ পৰা কেনেকৈ লাভৱান হʼল। গীত ৫৬:১১ পদটো পঢ়ি সমাপ্তি কৰক।
গীত ৩৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।