ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০০ পৃষ্ঠা ১
  • কিশোৰ-কিশোৰীসকলৰ বাবে এক বিশেষ অধিকাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কিশোৰ-কিশোৰীসকলৰ বাবে এক বিশেষ অধিকাৰ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০০ পৃষ্ঠা ১

কিশোৰ-কিশোৰীসকলৰ বাবে এক বিশেষ অধিকাৰ

১ সত্যত ডাঙৰ-দীঘল হোৱা বহুতো পিতৃ-মাতৃয়ে নিশ্চয় তেওঁলোকৰ শিশুকালত আলোচনী বিতৰণৰ দিনত ভাগ লৈ আনন্দ লাভ কৰা বিশেষ অধিকাৰৰ কথা স্মৰণ কৰে। এই বিশেষ অধিকাৰৰ কাৰ্য্য সকলো মণ্ডলীত ১৯৪৯ চনৰ পৰাই আৰম্ভ কৰা হৈছে। সেই সময়ৰ পৰাই সকলোৱে সপ্তাহত এদিনকৈ ৰাস্তাত, ঘৰে-ঘৰে, দোকানে-দোকানে, আৰু আন আন স্থানবোৰত প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰাত মনোযোগ দি আহিছে। বিশেষকৈ কিশোৰ-কিশোৰীসকলে এই কাৰ্য্যত মণ্ডলীৰ আন বয়সস্থ লোকৰ সৈতে ভাগ লʼবলৈ ইচ্ছা কৰিছিল। আপুনিও যেতিয়া শিশু আছিল সেই একেইদৰে ভাগ লবলৈ ইচ্ছা কৰিছিলনে?

২ এই কাৰ্য্য কৰিবলৈ আপোনাৰ লʼৰা-ছোৱালীকো শিক্ষা দিয়ক: আপোনাৰ লʼৰা-ছোৱালী সৰু হোৱাৰ বাবে যদিও শাস্ত্ৰ বচনৰ আলোচনা কৰিব নোৱাৰে, তথাপিও তেওঁলোকক ঘৰে-ঘৰে আলোচনী বিতৰণ কৰিবলৈ উৎসাহিত কৰিব পাৰে। তেওঁলোকে এই কাৰ্য্য কৰিবলৈ, সংক্ষেপতে ৰাজ্যৰ শুভবাৰ্ত্তা কৈ আলোচনী দিবলৈ শিকোৱা আৱশ্যক। তদুপৰি আলোচনীখনত উল্লেখ থকা ছবিখনৰ পৰা কেনেকৈ গৃহস্থক বুজাব পাৰি তাৰ বিষয়েও শিকোৱা উচিত। বহুতো গৃহস্থই আমাৰ কিশোৰ-কিশোৰীসকলৰ পৰা বাৰে বাৰে আলোচনী লৈছে আৰু তেওঁলোকৰ ভাল আচৰণ বা সৰলতা দেখি প্ৰায়ে প্ৰশংসা কৰে। প্ৰচাৰ কাৰ্য্যত অলপমাত্ৰাত সহায় কৰাৰ যোগেদিও কিশোৰ-কিশোৰীসকলে ভালকৈ কাৰ্য্য কৰি ৰাজ্যৰ বাৰ্ত্তা সকলোকে বিলোৱাত এক উত্তম অৱদান আগবঢ়াব পাৰে। যেনেকৈ কিশোৰ-কিশোৰীয়ে ডাঙৰ হʼব, পিতৃ-মাতৃয়েও তেনেদৰে তেওঁলোকৰ সাক্ষী দিয়া দক্ষতাক বৃদ্ধি কৰাত নিশ্চয়ে সহায় কৰিব।

৩ আহঁক আমি এনে এজন সৰু লʼৰাৰ কথা বিবেচনা কৰিম যাৰ নাম হৈছে মানুৱেল যিজনে তিনি বছৰ বয়সৰ পৰাই ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ পিতৃ-মাতৃয়ে সংক্ষেপতে প্ৰচাৰ ক্ষেত্ৰত কবলগীয়া বিষয়বোৰক মুখস্থ কৰাই দিছিল। পাছত তেওঁ নিজৰ পিতৃ-মাতৃৰ সৈতে উৎসাহেৰে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ বহুতো আলোচনী, ব্ৰচাৰ, আৰু ট্ৰেক্ট বিতৰণ কৰে। তেওঁ অনিয়মিতৰূপে সাক্ষী দিয়া কাৰ্য্যও কৰিছিল। এদিন তেওঁ মাক-দেউতাকৰ সৈতে এখন উদ্যানত ফুৰিবলৈ গৈছিল, তাত অহা লোকসকলকো তেওঁ ট্ৰেক্ট বিতৰণ কৰে। যদিও মানুৱেল বয়সত অতি সৰু আছিল, কিন্তু তেওঁ উৎসাহিত হৈ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাৰ বাবে মণ্ডলী আৰু পিতৃ-মাতৃৰ কাৰণে উৎসাহৰ কাৰণ হৈ পৰিছিল।—হিতো. ২২:৬.

৪ যিহোৱা সাক্ষীসকলৰ ২০০০ চনৰ কেলেণ্ডাৰ-খনত প্ৰত্যেক শনিবাৰ দিনটো “আলোচনী বিতৰণৰ দিন” বুলি চিহ্নিত কৰা হৈছে। আমি পিতৃ-মাতৃসকলক এই বিশেষ অধিকাৰ অৰ্থাৎ প্ৰচাৰ কাৰ্য্যত নিজ লʼৰা-ছোৱালীৰ ইচ্ছুকতাক বৃদ্ধি কৰি নিয়মিতৰূপে ভাগ লোৱাত সহায় কৰিবলৈ পৰামৰ্শ দিছোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক