পৰিচৰ্য্যা সভাৰ তালিকা
মে’ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২৫
৮ মি:স্থানীয় ঘোষণাসমূহ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৭ মি:দানিয়েলৰ ভৱিষ্যতবাণী কিতাপখনৰ পুনৰ আলোচনা কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। নতুন কিতাপখনৰ মূখ্য বিষয়বিলাকৰ পুনৰ আলোচনা কৰক: যেনে, উল্লেখযোগ্য অধ্যায়ৰ শিৰোনামা, জীৱন সাদৃশ দৃষ্টান্ত, প্ৰত্যেক আলোচনাৰ শেষত বক্সত অনুসন্ধানী প্ৰশ্ন, বৰ্ণনাবোৰক স্পষ্টীকৰণ কৰা মেপ আৰু চাৰ্ট। কেনেকৈ মীখায়েলে বিশেষৰূপে “থিয় দিব” তাৰ বিষয়ে থকা উৎসাজনক বৰ্ণনাটো আলোচনা কৰক (পৃষ্ঠা ২৮৮-৯০)। ঈশ্বৰৰ বাক্যৰ শিক্ষকৰূপে আমাৰ ধৈৰ্য্যৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰক (পৃষ্ঠা ৩১১-১২)। আমি সকলোৱে সপ্তাহিক পুস্তক অধ্যয়নৰ বাবে খৰচি মাৰি তৈয়াৰ কৰা উচিত আৰু আগ্ৰহী লোককো সেইদৰে কৰিবলৈ উৎসাহিত কৰা আৱশ্যক।
২০ মি:“বাক্য পালন কৰোঁতা হোৱা” যিহোৱা সাক্ষীসকলৰ জিলা অধিৱেশন। অন্তপত্ৰখনৰ বিষয়টোৰ বিবৰণি, প্ৰশ্ন আৰু উত্তৰৰ সৈতে চেক্ৰেটাৰীয়ে এই ভাগটো প্ৰস্তুত কৰিব। তাত দিয়া শাস্ত্ৰপদবোৰ ব্যৱহাৰ কৰি দেখুৱাওঁক যে আমি সকলোৱে কিয় সংস্থাৰ নিৰ্দ্দেশনাক গভীৰভাৱে পালন কৰা আৱশ্যক। অধিৱেশনৰ গোটেই কেইদিন উপস্থিত হʼবলৈ সকলোৱে আগতীয়াকৈ ছুটিৰ ব্যৱস্থা কৰাৰ গুৰুত্বক উল্লেখ কৰক। সংস্থাই কৰা আয়োজনৰ সহযোগিতা কৰা ভাইসকলক প্ৰশংসা কৰক।
গীত ২০১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৪
১০ মি:স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
২০ মি:“টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি।” অন্তপত্ৰখনৰ প্ৰথম ১৩ অনুচ্ছেদটোৰ সৈতে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা পৰিচৰ্চ্চা কৰক। যদি সময় থাকে তেনেহʼলে নিৰ্বাচিত অনুচ্ছেদবোৰ পঢ়ক। ১২ আৰু ১৩ অনুচ্ছেদত থকা পৰিলেখটো তৈয়াৰ কৰা পদ্ধতিক প্ৰদৰ্শন কৰি দেখুৱাক। বাকী থকা সাতোটা অনুচ্ছেদ অহা সপ্তাহৰ বাবে তৈয়াৰ কৰি আহিবলৈ মণ্ডলীৰ সকলোকে স্মৰণ কৰাওঁক আৰু লগত ৰীজনিং কিতাপো আনিবলৈ কওঁক।
১৫ মি.“আপুনি নিজকে কেনেকৈ দৃষ্টি কৰে?” জানুৱাৰী ১৫, ২০০০, প্ৰহৰীদুৰ্গ, ২০-২২ পৃষ্ঠাৰ ওপৰত আধাৰ কৰি এজন প্ৰাচীনে এই ভাষণ প্ৰস্তুত কৰিব।
গীত ২০৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৬
১০ মি:স্থানীয় ঘোষণাসমূহ। প্ৰশ্ন বক্সটো পুনৰ আলোচনা কৰক।
১৫ মি:“পৰ দি থকা।” প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। যদিও আমি সেই দিন আৰু সময়ৰ বিষয়ে একো নাজানো তথাপিও আমি আধ্যাত্মিকৰূপে সজাগে থকা কিয় ইমান প্ৰয়োজন তাক বৰ্ণনা কৰক।—নৱেম্বৰ ১, ১৯৮৫, প্ৰহৰীদুৰ্গ, পৃষ্ঠা ২০ চাওঁক।
২০ মি:“টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি।” ১৪-২০ অনুচ্ছেদৰ লৈকে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা পৰিচৰ্চ্চা কৰক। যদি সময় থাকে তেনেহʼলে নিৰ্বাচিত অনুচ্ছেদবোৰ পঢ়ক। ৰীজনিং কিতাপৰ ১৬ অনুচ্ছেদত উল্লেখ কৰা বিষয়টোৰ সমন্ধে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। জুলাই ১৯৯০ আমাৰ ৰাজ্য পৰিচৰ্য্যা ৪ পৃষ্ঠাৰ পৰা কিছুমান ওপৰঞ্চি বিষয়ে উল্লেখ কৰক। ১৬ অনুচ্ছেদত থকা প্ৰস্তুতিকৰণক ব্যৱহাৰ কৰি, প্ৰকৃতৰূপে টেলিফোনৰ দ্বাৰা কৰা সাক্ষীৰ এটা উপস্থাপন প্ৰদৰ্শন কৰক। শেষত এই পদ্ধতিক ব্যৱহাৰ কৰি অধিক মাত্ৰাত সাক্ষী দিয়া কাৰ্য্যৰ বিষয়ে পুনৰ আলোচনা কৰি সকলোকে উৎসাহিত কৰক।
গীত ৮৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৫
১২ মি:স্থানীয় ঘোষণাসমূহ। সকলোকে মে’ মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। জুন মাহত দিবলগীয়া আলোচনীৰ সমন্ধে এটা চমূকৈ উপস্থাপন প্ৰস্তুত কৰক। বিচাৰে ব্ৰচাৰখনৰ ১৩ নং পাঠটো ব্যৱহাৰ কৰি দেখুৱাওঁক যে কেনেকৈ বাইবেল অধ্যয়ন কৰিব পাৰি।
১৫ মি:“ঈশ্বৰৰ পৱিত্ৰ সেৱাত আনন্দিত হওঁক।” এটা ভাষণ। প্ৰচাৰ কাৰ্য্যত কিয় আমি আনন্দ লাভ কৰিব পাৰোঁ তাৰ কাৰণসমূহ আলোচনা কৰক।—অন্তদৃষ্টি, খন্ড ২, ১২০ পৃষ্ঠা চাওঁক।
১৮ মি:বাইবেল পাঠ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰি। স্কুল নিৰ্দ্দেশনা পুস্তক, ৩৪-৫ পৃষ্ঠা, ৬-৭ অনুচ্ছেদৰ ওপৰত আধাৰিত ভাষণ আৰু উপস্থাপন। নিৰ্দ্ধাৰিত বাইবেল পাঠৰ কাৰ্য্যক্ৰম আৰু বাইবেল সাৰাংশ হৈছে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকাৰ এটা প্ৰধান ভাগ। (ডিচেম্বৰ ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা, পৃষ্ঠা ৭) এই সপ্তাহৰ স্কুলৰ পাঠক কেনেকৈ এটা পৰিয়ালে আলোচনা কৰে ইয়াৰ বিষয়ে এটা পৰিয়ালৰ সৈতে উপস্থাপন প্ৰদৰ্শন কৰক। তেওঁলোকে এটা বা দুটা বিষয়ক লৈ প্ৰহৰীদুৰ্গ প্ৰকাশন নিৰ্ঘন্ট (ইংৰাজী) বা শাস্ত্ৰপদসমূহত অন্তদৃষ্টি পৰা কিছুমান ওপৰঞ্চি অনুসন্ধান কৰে। বাইবেল পাঠক কেনেকৈ অধিক অৰ্থপূৰ্ণ আৰু আমাক ‘সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত’ নিপুণ কৰিব পাৰে তাক দেখুৱাওঁক।—২ তীম. ২:১৫.
গীত ৯৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৭
৫ মি:স্থানীয় ঘোষণাসমূহ।
১০ মি.স্থানীয় আৱশ্যকসমূহ।
১৫ মি.“কিশোৰ-কিশোৰীসকলৰ বাবে এক বিশেষ অধিকাৰ।” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। ডিচেম্বৰ ১, ১৯৯৬, প্ৰহৰীদুৰ্গ, ১৩ পৃষ্ঠা, ১৫ অনুচ্ছেদত পোৱা অনুভৱবোৰ দাঙি ধৰক। কিছুমান কিশোৰ-কিশোৰীক কবলৈ আমন্ত্ৰণ কৰক যে কেনেকৈ তেওঁলোকে আলোচনী বিতৰণ কৰি আনন্দ লাভ কৰিছে। ঘৰে-ঘৰে কেনেকৈ সৰলভাৱে আলোচনী আগবঢ়াব পাৰি তাৰ বিষয়ে কিশোৰ-কিশোৰীৰ সৈতে এটা বা দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰত্যেক সপ্তাহৰ আলোচনী বিতৰণ কাৰ্য্যৰ দিনা নিজৰ লʼৰা-ছোৱালী লগত লৈ যাবলৈ পিতৃ-মাতৃসকলক উৎসাহিত কৰা হৈছে।
১৫ মি:“‘পৰীক্ষা কৰা হওক’—কেনেকৈ?” এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। মণ্ডলীত সহায়ক সেৱকসকলৰ বাবে শাস্ত্ৰীয় ব্যৱস্থাৰ বিষয়ে পুনৰ আলোচনা কৰক। (অন্তদৃষ্টি, খণ্ড ২, ৪০৯ পৃষ্ঠা চাওঁক।) সহায় সেৱকৰ নিযুক্তিৰ বাবে কি গুণসমূহৰ প্ৰয়োজন তাক দেখুৱাওঁক। (আমাৰ পৰিচৰ্য্যা পুস্তক, ৫৫-৭ পৃষ্ঠা চাওঁক।) উল্লেখ কৰক যে মণ্ডলীৰ কোন কোন কাৰ্য্যত সহায়ক সেৱকসকলে কাৰ্য্য কৰিব পাৰে আৰু এই বিশেষ অধিকাৰ পাবলৈ ভাইসকলক উৎসাহিত কৰক।
গীত ৮২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।